সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লাওছৰ নাৰী
লাওছৰ মহিলাসকল ( Laotian Women) দীৰ্ঘদিন ধৰি তেওঁলোকৰ জাতীয় সমাজত সক্ৰিয় অংশগ্ৰহণকাৰী, ৰাজনীতিৰ সৈতে জড়িত, সামাজিক পৰিৱৰ্তন আৰু উন্নয়নক পৰিচালিত কৰা, ব্যৱসায়ৰ জগতখনত সক্ৰিয় আৰু নাৰ্ছ হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁলোক লাওছৰ সামৰিক বাহিনীৰ বাবে খাদ্য উৎপাদক।
-
লাটভিয়াৰ নাৰী
লাটভিয়াৰ মহিলাসকলক লাটভিয়াত বাস কৰা, লাটভিয়াৰ পৰা অহা আৰু জন্মগ্ৰহণ কৰা সকলো মহিলাকে বুজায়। লাটভিয়াৰ সমাজত নাৰীৰ সামাজিক আৰু আইনী মৰ্যাদা ইয়াৰ ইতিহাস, ভূ-ৰাজনৈতিক অৱস্থান আৰু সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হৈছে।
-
লাডলী লক্ষ্মী যোজনা
লাডলী লক্ষ্মী যোজনা মধ্য প্ৰদেশ চৰকাৰে প্ৰৱৰ্তন কৰা এখন আঁচনি৷ ২০০৭ চনৰ ২ মে'ত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ইয়াক উদ্বোধন কৰে, ইয়াৰ পিছত উত্তৰ প্ৰদেশ, বিহাৰ, দিল্লী, ছত্তীশগড়, ঝাৰখণ্ড আৰু গোৱাকে ধৰি অতিৰিক্ত ছখন ৰাজ্যলৈ এই আঁচনি সম্প্ৰসাৰণ কৰা হয়। এইখন আঁচনি ২০০৭ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হয়।
-
লাভলি প্ৰফেচনেল ইউনিভাৰচিটি
লাভলি প্ৰফেচনেল ইউনিভাৰচিটি (Lovely professional university) এখন বেচৰকাৰি আৰু অৰ্ধ আবাসিক বিশ্ববিদ্যালয়। লাভলি প্ৰফেচনেল ইউনিভাৰচিটিয়ে ভাৰতৰ ভিতৰত এটি চৌহদত সৰ্বোচ্চ ছাত্ৰ-ছাত্ৰী থকা বেচৰকাৰি বিশ্ববিদ্যালয়। ইয়াৰ বৰ্তমান মাটি ১০০০ একৰ। ইয়াত ২৬খন ৰাজ্য আৰু ১৬খন দেশৰ মুঠ ২৫০০০+ ছাত্ৰ-ছাত্ৰী আছে।
-
লামাকান
লামাকান (উৰ্দু: لامکاں) হৈছে বাঞ্জাৰা হিলছ, হায়দৰাবাদ, ভাৰতত অৱস্থিত এটা মুক্ত সাংস্কৃতিক কেন্দ্ৰ। এই অ-লাভজনক সংস্থাটোৱে শিল্প, সাহিত্য, নাটক, সংগীত আৰু আলোচনা আদি অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে স্থান প্ৰদান কৰে।
-
লাম্প্ৰাইচ
লাম্প্ৰাইচ (Lamprais), যাক "লামপ্ৰাইচ" বা "লাম্প্ৰাইজ" বুলিও লিখা হয়, হৈছে শ্ৰীলংকাৰ এবিধ বিশেষ ব্যঞ্জন যিটো দেশখনৰ ওলন্দাজ বা ডাটচ বাৰ্ঘাৰসকলে পৰিচয় কৰাই দিছিল। লাম্প্ৰাইচ শব্দটো ওলন্দাজ শব্দ lomprijst-ৰ পৰা অহা ইংৰাজী অপভ্ৰংশ, যাৰ অৰ্থ হৈছে এক টোপোলা বা এমুঠি ভাত।
-
লালমোহন
লালমোহন হৈছে ভাৰতীয় উপমহাদেশৰ এক গাখীৰৰ পৰা তৈয়াৰী মিঠাই। ইয়াক গুলাব জামুন নামৰেও জনা যায়। ভাৰত, নেপাল, পাকিস্তানত এই মিঠাই জনপ্ৰিয়, লগতে মালদ্বীপ, বাংলাদেশ আৰু ম্যানমাৰতো ইয়াৰ প্ৰচলন আছে।
-
লিপুতা
লিপুতা (Liputa) হৈছে কংগো গণৰাজ্যৰ মহিলাসকলে পিন্ধা এটা পাৰম্পৰিক সাজৰ ধৰণ। ‘লিপুতা’ অৰ্থ ৰং বিৰঙৰ কাপোৰ পিন্ধা। কংগো দেশৰ মহিলাসকলৰ সাজপাৰ সাধাৰণতে ৰং বিৰঙী আৰু ই দেশখনৰ সংস্কৃতিৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ৷ কংগো মহিলাই লিপুতা বিয়া-বাৰু, সবাহ, পাৰ্বনৰ লগতে দৈনন্দিন জীৱনতো পৰিধান কৰে।
-
লিলিয়ান চিয়াৰোচি
লিলিয়ান টি চিয়াৰোচি (Lillian Ciarrochi; ১৯৩০ – ১৩ এপ্ৰিল, ২০১৬) এগৰাকী আমেৰিকান নাৰীবাদী আছিল। ফ্ল’ৰিডাত সম অধিকাৰ সংশোধনী অনুমোদনৰ পোষকতা কৰি আৰু নেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ ৱমেনৰ সৈতে কাম কৰি তেওঁ পৰিচিত হৈছিল।
-
লেইৰুম ফী
লেইৰুম ফী (Leirum Phee; মেইতেই: ꯂꯩꯔꯨꯝ ꯐꯤ) হৈছে এবিধ পৰম্পৰাগত মেইতেই সাজ-পাৰ। ই এবিধ ডাঙৰ আৰু খহটা চাদৰ যিটো পৰম্পৰাগতভাৱে মেৰিয়াই লোৱা বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ এক অনন্য বোৱা ডিজাইন আছে। ইয়াৰ উৎপত্তি প্ৰাচীন কাংলেইপাকত (প্ৰাচীন মণিপুৰ ৰাজ্য) হৈছিল।
-
লেচবিয়ান ইৰেজাৰ
লেচবিয়ান ইৰেজাৰ(লেচবিয়ান নিশ্চিহ্নকাৰী) হৈছে লেচবিয়ানফ’বিয়াৰ এক প্ৰকাৰ, য’ত ইতিহাস, শিক্ষা, সংবাদ মাধ্যম আৰু অন্যান্য প্ৰাথমিক উৎসৰ পৰা লেচবিয়ান মহিলা বা সম্পৰ্কৰ প্ৰমাণক আওকাণ, আঁতৰোৱা, মিছা বা পুনৰ ব্যাখ্যা কৰাৰ প্ৰৱণতা জড়িত হৈ থাকে।
-
লেচবিয়ান ছেক্স মাফিয়া
লেচবিয়ান ছেক্স মাফিয়া (ইংৰাজী: Lesbian Sex Mafia; চমুকৈ LSM) হৈছে বিডিএছএম, যৌন ফেটিচিজম, পোছাক আদিৰ সৈতে জড়িত যৌন কাৰ্যকলাপত আগ্ৰহী উভকামী মহিলা আৰু লেচবিয়ানসকলৰ বাবে এক আমেৰিকান তথ্য আৰু সমৰ্থন গোট। ১৯৮১ চনত জো আৰ্নোন আৰু ডৰথী এলিচনে প্ৰতিষ্ঠা কৰা এই গোটটো নিউয়ৰ্ক চহৰত অৱস্থিত।
-
লেচোথোৰ নাৰী
২০১৭ চনত লেচোথোত ১১ লাখ মহিলাই বাস কৰিছিল আৰু তেওঁলোকে ৫১.৪৮% জনসংখ্যাক প্ৰতিনিধিত্ব কৰে। ৩৩% মহিলাৰ বয়স ১৫ বছৰৰ তলৰ, ৬১.৪% মহিলা ১৫ৰ পৰা ৬৪ বছৰৰ ভিতৰত আৰু ৫.৩% মহিলাৰ বয়স ৬৪ বছৰৰ ঊৰ্দ্ধৰ। ২০০৮ চনৰ লেচোথো বেংক চেভিংছ এণ্ড ডেভেলপমেণ্ট এক্ট গৃহীত হোৱাৰ লগে লগে তেওঁলোকে সম্পূৰ্ণ আইনী মৰ্যাদা লাভ কৰে।
-
লেছবিয়ানসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ
লেছবিয়ানসকলৰ বিৰুদ্ধে বৈষম্য, বা লেছব'ফ'বিয়া হৈছে লেছবিয়ানসকলৰ প্ৰতি ব্যক্তি হিচাপে, দম্পতী হিচাপে, সামাজিক গোট হিচাপে বা সাধাৰণতে লেছবিয়ানবাদৰ প্ৰতি দেখুওৱা বিভিন্ন ধৰণৰ পক্ষপাতিত্ব আৰু নেতিবাচকতা।
-
লেডী হাইদাৰী ক্লাৱ
লেডী হাইদাৰী ক্লাৱ আছিল ভাৰতৰ পূৰ্বৰ হায়দৰাবাদ ৰাজ্যৰ মহিলাসকলৰ বাবে একচেটিয়া এক অভিজাত ক্লাৱ। বচিৰবাগৰ ওচৰৰ বৰ্তমানৰ পুৰণি গান্ধী চিকিৎসা মহাবিদ্যালয়ত ই অৱস্থিত আছিল।
-
লেডীজ আলপাইন ক্লাৱ
লেডীজ আলপাইন ক্লাৱ আছিল মহিলাৰ বাবে গঠিত প্ৰথম পৰ্বতাৰোহণ ক্লাৱ। ই ১৯০৭ চনত লণ্ডনত প্ৰতিষ্ঠা হৈছিল; ১৯৭৫ চনত গ্ৰেট ব্ৰিটেইনৰ আলপাইন ক্লাৱৰ সৈতে একত্ৰিত হয়।
-
লোক সাজ-পোছাক
লোক সাজ-পোছাক, লোক পৰিধান, পৰম্পৰাগত পোছাক, ঐতিহ্যবাহী পোছাক বা জাতিগত পোছাক, বিশেষ জাতিগত গোষ্ঠী, ৰাষ্ট্ৰ বা অঞ্চলৰ সৈতে সম্পৰ্কিত বস্ত্ৰ, যি সাংস্কৃতিক পৰিচয়, ধৰ্মীয় পৰিচয় বা জাতীয় পৰিচয়ৰ প্ৰকাশ। যদি এই পোছাক কোনো জাতিগত গোষ্ঠীৰ হয়, তেন্তে ইয়াক জাতিগত বস্ত্ৰ বা জাতিগত পৰিধান বুলি কোৱা হয়।
-
লোকো মোকো
লোকো মোকো সমসাময়িক হাৱাই দ্বীপপুঞ্জৰ খাদ্যৰ বৈশিষ্ট্যযুক্ত এক খাদ্য। পৰম্পৰাগত লোকো মোকোত বগা চাউল থাকে, তাৰ ওপৰত হেমবাৰ্গাৰ পেটি, বাহিৰৰ ফালে ওপৰলৈ ভজা কণী আৰু শেষত ব্ৰাউন গ্ৰেভি দিয়া হয়। এই উপাদানবোৰ খাদ্যটোত থাকিব লাগিব যাতে ইয়াক লোকো মোকো নাম দিব পাৰি।
-
লোধা মুছলমান
লোধা মুছলমান হৈছে ভাৰতৰ পশ্চিম বংগ ৰাজ্যত পোৱা এটা জনজাতীয় বা আদিবাসী সম্প্ৰদায়। তেওঁলোক এটা মুছলমান জনগোষ্ঠী।
-
লোনিয়া
লোনিয়াসকল হৈছে হিন্দু অন্য পিছপৰা জাতি। তেওঁলোকে মূলতঃ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কাষৰীয়া অঞ্চলত বসবাস কৰে। তেওঁলোক পৰম্পৰাগতভাৱে নিমখ খন্দা আৰু নিমখ নিৰ্মাণৰ কামত জড়িত আছিল। ৰাজ্য চৰকাৰে মাল্লা, বিন্দ আৰু বেলদাৰ সম্প্ৰদায়ৰ সৈতে লোনিয়াসকলক অতি পিছপৰা জাতি হিচাপে তালিকাভুক্ত কৰে।
-
শংকৰদেৱ শিশু নিকেতন বৰদলনি
শংকৰদেৱ শিশু নিকেতন বৰদলনি ( sankardev shishu niketon, Bordoloni) বৰদলনি নগৰৰ পৰা প্ৰায় ১ কি:মি: দূৰত্বৰ পদুমণি গাঁৱত কেইজনমান বিদ্যানুৰাগীৰ সহযোগত ০১ জানুৱাৰী ১৯৯৯ চনত স্থাপিত হৈছিল। এই বিদ্যালয়খন অসম মাধ্যমিক শিক্ষা পৰিষদ ৰ অধীনস্থ।
-
শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা
শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা ১৯৯৭ চনত বিদ্যা ভাৰতীৰ অধীনত মেগামিক্স প্ৰকৃতি সংঘ, ঢকুৱাখনাত স্থাপিত হৈছিল আৰু পাছত ঢকুৱাখনাৰ নৱকাঠৰবাৰী গাঁৱলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হৈছিল।
-
শংকৰপালী
শংকৰপালী, শক্কৰপাৰা, মুৰালী, খুৰমা, লকদি মিঠাই, বা কেৱল মিঠাই হৈছে চেনি,আটা, ঘি (বা মাখন), মইদা, আৰু পিঠাগুৰিৰ পৰা তৈয়াৰী ভাৰতীয় মিঠাই। শাকৰপাৰা নামটো পাৰ্চী ভাষাৰ পৰা উদ্ভৱ হৈছে।
-
শকুন্তলা মিশ্ৰ
শকুন্তলা মিশ্ৰ ( Shakuntala Mishra) এগৰাকী ভাৰতীয় লেখিকা। নাগপুৰী ভাষাৰ এগৰাকী বিশিষ্ট সাহিত্যিক। নাগপুৰী ভাষাত নাগপুৰী সদনী ব্যাকৰণ (নাগপুৰীৰ ব্যাকৰণ গ্ৰন্থ), সদনী নাগপুৰী-হিন্দী শব্দকোষ (নাগপুৰীৰ অভিধান), সাতো নদী পাৰ এক কাহানি (সাত নদীৰ কাহিনী) আদি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।
-
শণ বস্ত্ৰ (লিনেন)
শণ বস্ত্ৰ হৈছে শণ গছৰ আঁহৰপৰা তৈয়াৰী এবিধ বস্ত্ৰ। শণ বস্ত্ৰ অতি শক্তিশালী আৰু শোষণক্ষম, আৰু ই কপাহতকৈ দ্ৰুতভাৱে শুকায়। এই বৈশিষ্ট্যসমূহৰ বাবে শণ বস্ত্ৰ গৰম বতৰত পিন্ধিবলৈ আৰামদায়ক আৰু পোশাকত ব্যৱহাৰৰ বাবে মূল্যৱান। শণ বস্ত্ৰ শণ গছৰ আঁহ, সূতা, বোৱা আৰু বুনন কৰাৰপৰা তৈয়াৰ কৰিব পাৰি।
-
শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়
শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয় (চমুকৈ শালকাটা জঃপঃউঃমাঃ বিদ্যালয়)খন ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত শালকাটা গাঁৱত অৱস্থিত। এই বিদ্যালয়খন ১৯৭৯ চনত আজগৰ আলী চাহাবৰ নেতৃত্বত স্থাপণ কৰা হৈছিল।
-
শিক্ষাদান
শিক্ষাদান বা পাঠদান (ইংৰাজী: Teaching) হৈছে এজন শিক্ষকৰ দ্বাৰা কোনো এক শিক্ষানুষ্ঠানৰ শিকাৰু, ছাত্ৰ-ছাত্ৰী বা অন্য কোনো শ্ৰোতা বা দৰ্শকক বিভিন্ন দক্ষতা (জ্ঞান, কাৰ্যকাৰী দক্ষতা আৰু আন্তঃব্যক্তিগত দক্ষতা) প্ৰদান বা হস্তান্তৰ কৰাৰ উদ্দেশ্যে চলোৱা এক প্ৰক্ৰিয়া।
-
শ্বাহী পানীৰ
শ্বাহী পানীৰ বা পানীৰ ৰাজবাড়ী বা চেনা ৰাজবাড়ী বা ৰাজসী চেনা হৈছে ভাৰতীয় উপমহাদেশৰ স্থানীয় চেনা বা পানীৰে প্ৰস্তুত কৰা এটা সুস্বাদু খাদ্য। যিটো ক্ৰীম, বিলাহী আৰু ভাৰতীয় মছলাৰ মিশ্ৰণত ডাঠ গ্ৰেভিৰে তৈয়াৰ কৰা হয়।
-
শ্বিৰাজী চালাড
শ্বিৰাজী চালাড (Shirazi salad ) হৈছে দক্ষিণ ইৰাণৰ শ্বিৰাজ চহৰত উৎপত্তি হোৱা এটা পাৰ্চী চালাড, আৰু ইয়াৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। এই চালাড তুলনামূলকভাৱে আধুনিক খাদ্য, কাজাৰ যুগত ইৰাণত বিলাহী প্ৰৱৰ্তনৰ পিছত ১৯ শতিকাৰ শেষৰফালে কোনোবা এটা সময়ত ইয়াৰ বিকাশ ঘটিছিল।
-
শ্বেমাই
শ্বেমাই বাংলাদেশ আৰু ভাৰতৰ ওড়িশা আৰু পশ্চিম বংগ ৰাজ্যৰ এটা পৰম্পৰাগত মিঠাই। ঈদৰ সময়ত শ্বেমাই অতি জনপ্ৰিয়, কিন্তু গোটেই বছৰটো ইয়াক খোৱা হয়। ই ভাৰ্মিচেলিৰ এটা ডেজাৰ্ট ৰূপ, মিঠা গাখীৰত তিয়াই লোৱা হয় আৰু প্ৰায়ে বাদামেৰে সজাই তোলা হয়।