অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

লেচবিয়ান ইৰেজাৰ

লেচবিয়ান ইৰেজাৰ(লেচবিয়ান নিশ্চিহ্নকাৰী) হৈছে লেচবিয়ানফ’বিয়াৰ এক প্ৰকাৰ, য’ত ইতিহাস, শিক্ষা, সংবাদ মাধ্যম আৰু অন্যান্য প্ৰাথমিক উৎসৰ পৰা লেচবিয়ান মহিলা বা সম্পৰ্কৰ প্ৰমাণক আওকাণ, আঁতৰোৱা, মিছা বা পুনৰ ব্যাখ্যা কৰাৰ প্ৰৱণতা জড়িত হৈ থাকে।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

লেচবিয়ান ইৰেজাৰ(লেচবিয়ান নিশ্চিহ্নকাৰী) হৈছে লেচবিয়ানফ’বিয়াৰ এক প্ৰকাৰ, য’ত ইতিহাস, শিক্ষা, সংবাদ মাধ্যম আৰু অন্যান্য প্ৰাথমিক উৎসৰ পৰা লেচবিয়ান মহিলা বা সম্পৰ্কৰ প্ৰমাণক আওকাণ, আঁতৰোৱা, মিছা বা পুনৰ ব্যাখ্যা কৰাৰ প্ৰৱণতা জড়িত হৈ থাকে।১২ লেচবিয়ান মচি পেলোৱাটোৱে এনে কাণ্ডকো বুজায় য'ত নাৰীবাদী গোটৰ ভিতৰত বা এলজিবিটিকিউ সম্প্ৰদায়ৰ ভিতৰত লেচবিয়ান বিষয়, সক্ৰিয়তা আৰু পৰিচয়ক তুচ্ছজ্ঞান বা আওকাণ কৰা হয়।৩১২

বিজ্ঞাপনত

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ক্লেমেন ইনষ্টিটিউট ফৰ জেণ্ডাৰ ৰিচাৰ্চৰ মাৰ্চি বিয়াংকোৱে কয় যে বিজ্ঞাপনত লেচবিয়ানসকলক প্ৰান্তীয়কৰণ কৰা হৈছে। বিজ্ঞাপনদাতাই যেতিয়া এলজিবিটি দৰ্শকৰ আগত সামগ্ৰীৰ প্ৰচাৰ কৰে তেতিয়া তেওঁলোকে লেচবিয়ানক লক্ষ্য কৰি লোৱা নাই। উদাহৰণস্বৰূপে তেওঁ ২০০২ চনত প্ৰতিষ্ঠা হোৱা আমেৰিকান সংস্কৃতিৰ ৱেবছাইট আফটাৰএলেনৰ অৱনতিৰ উদাহৰণ দিছিল; যিয়ে মনোৰঞ্জন, সাক্ষাৎকাৰ, পৰ্যালোচনা, আৰু লেচবিয়ান আৰু উভয়লিংগী মহিলা সম্প্ৰদায়ৰ বাবে আগ্ৰহৰ বাতৰিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল - যিটো বিজ্ঞাপনদাতাৰ অভাৱৰ বাবেই হোৱা বুলি তেওঁ কয়। "আফটাৰ এলেন"ৰ প্ৰাক্তন মুখ্য সম্পাদিকা কাৰ্মেন ক্ৰেগ্লোৱে কয় যে, বিজ্ঞাপনদাতাসকলে লেচবিয়ানক মহিলা বুলি নাভাবে আৰু ট্ৰিছ বেণ্ডিক্সে লক্ষ্য কৰিছে যে লেচবিয়ানসকলে সমকামী যিকোনো বস্তু ভাল পোৱা বুলি ধৰা হয়, যদিও সেয়া পুৰুষকেন্দ্ৰিক।৪

ইতিহাসত

সাংবাদিক আৰু লেখিকা ভিক্টোৰিয়া ব্ৰাউনৱৰ্থে লিখিছে যে ঐতিহাসিক অভিলেখৰ পৰা লেচবিয়ান যৌনতাক মচি পেলোৱাটো "সকলো স্বায়ত্তশাসিত নাৰী যৌনতাক মচি পেলোৱাৰ দৰেই: নাৰীৰ যৌন ইচ্ছাক সদায় পুৰুষৰ দৃষ্টিৰ নিৰ্মাণ আৰু পৰিসৰৰ ভিতৰত চোৱা, আলোচনা কৰা আৰু চিত্ৰিত কৰা হৈছে।"৫ কেতিয়াবা যেতিয়া এলজিবিটি সংগঠনসমূহে লেচবিয়ানসকলৰ অৱদানক স্বীকৃতি দিব নোৱাৰে, তেতিয়া লেচবিয়ানসকলক মচি পেলোৱাটো সম্ভৱ হয়। উদাহৰণস্বৰূপে, ২০১৮ চনত ষ্টোনৱাল দাঙ্গা সম্পৰ্কে দিয়া এক বিবৃতিত আমেৰিকাৰ নেচনেল লেচবিয়ান ৰাইটছ চেণ্টাৰে ষ্টৰ্মি ডেনিয়েলছৰ বিদ্ৰোহত জড়িত থকাৰ কথা স্বীকাৰ কৰা নাছিল।৬

১৯১৬ চনত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আয়াৰলেণ্ডত অনুষ্ঠিত হোৱা ইষ্টাৰ ৰাইজিঙত কেথলিন লিন, মেডেলিন ফ্ৰেঞ্চ-মুলেন, মাৰ্গাৰেট শ্বনাইডাৰ, এলিজাবেথ অ’ফেৰেল, জুলিয়া গ্ৰেনান আদি বহুতো লেচবিয়ানে অংশগ্ৰহণ কৰে। তেওঁলোকৰ অৱদান আৰু যৌনতাক বহুদিনৰ পৰা আওকাণ কৰা হৈছিল বা দেখিও নেদেখাৰ ভাও জুৰিছিল।৭ ইউনিভাৰ্চিটি কলেজ ডাবলিনৰ মেৰী মেকঅলিফে লক্ষ্য কৰিছে যে, বছৰ বছৰ ধৰি জীৱনীকাৰসকলে লিন আৰু ফ্ৰেঞ্চ-মুলেনক দম্পতী হিচাপে বৰ্ণনা কৰাৰ ধাৰণাটোৰ প্ৰতি "প্ৰতিৰোধী" আছিল, যদিও সেয়া আছিল বুলি প্ৰমাণিত সত্য।৮

আমেৰিকাত কেথী কোজাচেংকো ১৯৭৪ চনত নিৰ্বাচনত জয়ী হোৱা প্ৰথমগৰাকী মুকলিকৈ সমকামী ৰাজনৈতিক প্ৰাৰ্থী হিচাপে পৰিগণিত হয়। কিন্তু এলজিবিটি ইতিহাসত এই কৃতিত্বৰ কাৰণ ভুলকৈ ছান ফ্ৰান্সিস্কোৰ ৰাজনীতিবিদ হাৰ্ভি মিল্ক বুলি কোৱা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ (2002). Lesbian Studies: Setting an Agenda. Routledge. পৃ. 60–65. ISBN 1134883447
  2. ↑ Morris, Bonnie J. (2016). The Disappearing L: Erasure of Lesbian Spaces and Culture. State University of New York Press. পৃ. 1–203. ISBN 978-1438461779
  3. ↑ Eloit, Ilana. (21 October 2019). American lesbians are not French women: heterosexual French feminism and the Americanisation of lesbianism in the 1970s. পৃ. 381–404
  4. ↑ Bianco, Marcie. (October 6, 2016). Lesbian culture is being erased because investors think only gay men (and straight people) have money. Quartz
  5. ↑ Brownworth, Victoria A. (October 19, 2018). Lesbian Erasure. Echo Magazine
  6. ↑ Heuchan, Claire. (July 9, 2018). We Need to Talk About Misogyny and the LGBT Community's Erasure of Black Lesbian History. AfterEllen
  7. ↑ McGreevy, Ronan. (21 June 2018). The gay patriots who helped found the Irish State. Irish Times
  8. ↑ Kelleher, Patrick. (9 April 2023). How a lesbian couple's contribution to Ireland's Easter Rising was scrubbed from history. PinkNews

সম্পৰ্কিত শ্ৰেণী

এলজিবিটিনাৰীবাদনাৰীবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেচবিয়ান ইৰেজাৰ” প্ৰবন্ধৰ সংশোধন ৪৮৭৬১০ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।