লেছবিয়ানসকলৰ বিৰুদ্ধে বৈষম্য, বা লেছব'ফ'বিয়া হৈছে লেছবিয়ানসকলৰ প্ৰতি ব্যক্তি হিচাপে, দম্পতী হিচাপে, সামাজিক গোট হিচাপে বা সাধাৰণতে লেছবিয়ানবাদৰ প্ৰতি দেখুওৱা বিভিন্ন ধৰণৰ পক্ষপাতিত্ব আৰু নেতিবাচকতা। যৌনতা, যৌন অভিমুখিতা, পৰিচয়, আৰু লিংগ প্ৰকাশৰ শ্ৰেণীৰ ওপৰত ভিত্তি কৰি এই নেতিবাচকতাই পক্ষপাতিত্ব, বৈষম্য, ঘৃণা আৰু নিৰ্যাতনক সামৰি লয়; অৱজ্ঞাৰ পৰা শত্ৰুতামূলক মনোভাৱ আৰু অনুভূতি ইয়াৰে সংপৃৃৃক্ত হৈ থাকে। ই গেফ'বিয়াৰ সৈতে সাদৃশ্যপূৰ্ণ ৷
পৰিভাষা
অক্সফৰ্ড ইংৰাজী অভিধানত তালিকাভুক্ত লেছব’ফ’বিয়া শব্দটোৰ প্ৰথম ব্যৱহাৰ হৈছে হাৰ্পাৰছ বাজাৰৰ সম্পাদিকা নাটালি গিটেলছনৰ গ্ৰন্থ দ্য ইৰটিক লাইফ অৱ দ্য আমেৰিকান ৱাইফ (১৯৭২)ত। ১ কোনো-কোনো লোকে এই ধৰণৰ পক্ষপাতিত্ব বা আচৰণক বৰ্ণনা কৰিবলৈ সাধাৰণ ভাৱে হমফবিয়া শব্দটো ব্যৱহাৰ কৰিলেও আন কোনো-কোনোৱে বিশ্বাস কৰে যে সমকামী আৰু সমকামীতাক ঘৃণা কৰা অভিধাটোৱে লেছবিয়ানসকলৰ নিৰ্দিষ্ট চিন্তাক পৰ্যাপ্তভাৱে প্ৰতিফলিত নকৰে, কাৰণ তেওঁলোকে হমফবিয়া আৰু লিংগবাদ দুয়োটাৰে দুগুণ বৈষম্যৰ সন্মুখীন হয়। ২ ৩
লেছবিয়ানসকল বিপজ্জনক বুলি কৰা ধাৰণাটো—যদিও বিষমযৌন পাৰস্পৰিক ক্ৰিয়া-কলাপ স্বাভাৱিক, স্বাভাৱিক আৰু স্বতঃস্ফূৰ্ত—এইটো লেচবফ’বিক বিশ্বাসৰ এটা সাধাৰণ উদাহৰণ, অৱশ্যে সমকামীতাক ঘৃণাৰ দৰেই এই বিশ্বাসক হেটেৰ'নৰ্মেটিভ হিচাপে শ্ৰেণীভুক্ত কৰা হয়, কাৰণ এই ধাৰণাটোৱে বিষমযৌনতাক প্ৰধান, পূৰ্বানুমানিক আৰু স্বাভাৱিক, লগতে অন্যান্য যৌন বা সম্পৰ্কৰ ব্যৱস্থাসমূহ অস্বাভাৱিক আৰু অপ্ৰাকৃতিক বুলি ধৰি লয়।৪ লেচব’ফ’বিক বুলি চিনাক্ত কৰা এটা কু-সংস্কাৰ হ’ল মহিলা খেলুৱৈসকল সদায় বা প্ৰধানকৈ লেছবিয়ান বুলি ধাৰি লোৱা হয়। লেছবিয়ানসকলে কেৱল বিপৰীতকামী পুৰুষ-মহিলাৰ ক্ষেত্ৰতে নহয়, সমকামী পুৰুষৰ ক্ষেত্ৰতো লেচব’ফ’বিক মনোভাৱৰ সন্মুখীন হয়। সমকামী পুৰুষৰ লেচব'ফ'বিয়াক সমকামী অধিকাৰৰ অভিযানত লেছবিয়ান বিষয়সমূহৰ অনুভূত অধীনস্থতাত প্ৰকাশ পোৱা বুলি গণ্য কৰা হয়। ৫
লেছবিয়ানসকলক প্ৰায়ে পৰস্পৰ বিৰোধীভাৱে ষ্টীৰিঅ'টাইপ কৰা হৈছে। কিম এমেৰীয়ে ১৯ শতিকাৰ শেষৰ ফালে আমেৰিকাত লেছবিয়ানৰ বিষয়ে আলোচনা কৰি কয় যে:
লেছবিয়ান অস্তিত্ব আপাত দৃষ্টিত অসঙ্গতিপূৰ্ণ সামাজিক কু-সংস্কাৰৰ দ্বাৰা বিভক্ত আৰু আক্ৰান্ত হোৱাটো এটা সত্যতা [...]। লেছবিয়ানক মহিলাৰ শৰীৰত পুৰুষ আৰু শাৰীৰিক বিজুতিৰ দ্বাৰা পুৰুষসুলভ বুলি চিহ্নিত মহিলা দুয়োটা বুলি ধৰা হয়। লেছবিয়ানসকলে পুৰুষক ঘৃণা কৰা আৰু পুৰুষ হ'ব বিচৰা, যৌন-অযৌন লুণ্ঠনকাৰী আৰু অকথ্য যৌন কাৰ্য্য কৰা আৰু যিকোনো যৌন কাৰ্য্য কৰিবলৈ প্ৰয়োজনীয় এনডাউমেণ্টৰ অভাৱ থকা বুলি অভিযোগ উত্থাপন কৰা হয়।৬
লেছবিয়ান বিৰোধী হিংসা
লেচবোফ’বিয়া কেতিয়াবা কেতিয়াবা হিংসাৰ অপৰাধৰ জৰিয়তে প্ৰদৰ্শিত হয়, য’ত ধৰ্ষণ, হত্যাৰ দৰে ঘটনা অন্তৰ্ভুক্ত হৈছে। ২০০০ চনৰ শেষৰ ফালে দক্ষিণ আফ্ৰিকাত লেছবিয়ানৰ বিৰুদ্ধে কেইবাটাও ধৰ্ষণ/হত্যাৰ ঘটনা সংঘটিত হৈছে।৭ ৮ আমব্ৰেলা গ্ৰুপ জইণ্ট ৱৰ্কিং গ্ৰুপকে ধৰি দক্ষিণ আফ্ৰিকাৰ লেছবিয়ান -গে অধিকাৰ সংগঠনে ব্যক্ত কৰা তথ্য অনুসৰি লেচবোফ'বিয়াৰ পৰিপ্ৰেক্ষিতত সংঘটিত এক আক্ৰমণত ধৰ্ষণ, নিৰ্যাতনেৰ পিছত ছিজাকেলে চিগাছা (ছ’ৱেট’ত বাস কৰা এগৰাকী লেছবিয়ান কৰ্মী) আৰু তেওঁৰ সংগী ছালোম মাছ’য়াক হত্যা কৰা হৈছিল।৯ ১০ গাউটেং টাউনশ্বিপ কোৱাথেমাত ফুটবল খেলুৱৈ ইউডি চিমেলেনক দলবদ্ধ ধৰ্ষণ, প্ৰহাৰ আৰু ছুৰীৰে আঘাত কৰি হত্যা কৰা হয় আৰু এলজিবিটি কৰ্মী নক্সোলো নোগৱাজাক ধৰ্ষণ কৰি শিলগুটিৰে আক্ৰমণ কৰি হত্যা কৰাৰ পূৰ্বে ছুৰীকাঘাত কৰা হৈছিল। ১১ ১২
লেছবিয়ান অধিকাৰ গোটৰ কমিউনিটি ৰিলেচনছ ডাইৰেক্টৰ জানেলে মুহোলিয়ে যোৱা দশকত টাউনশ্বিপত কৃষ্ণাংগ লেছবিয়ানৰ সৈতে জড়িত ৫০টা ধৰ্ষণৰ গোচৰ লিপিবদ্ধ কৰা বুলি ৰিপ'ৰ্ট কৰি কয়: "সমস্যাটো মূলতঃ পিতৃতন্ত্ৰৰ সৈতে জড়িত। এনে অপৰাধ সংঘটিত কৰা পুৰুষসকলে নাৰীক সমাজত নিজৰ স্থান দেখুৱাবলৈ প্ৰয়াস কৰি ধৰ্ষণক নিৰাময়কাৰী উপায় হিচাপে গণ্য কৰে।" ১০১৩ ১৪
২০১৯ চনৰ বাৰ্ষিক প্ৰতিবেদনত এছ অ’ এছ হোমোফ’বিয়ে প্ৰকাশ কৰিছে যে ২০১৮ চনত ফ্ৰান্সত লেছবিয়ান বিৰোধী হিংসা ৪২ শতাংশ বৃদ্ধি পাইছে, ৩৬৫টা আক্ৰমণৰ বাতৰি পোৱা গৈছে। ১৫ ১৬ ১৭
লেছবিয়ান বিলুপ্তি
লেছবিয়ান ইৰেজাৰ বা বিলুপ্তিয়ে লেছবিয়ানৰ ইতিহাস আৰু সমস্যাক আওকাণ বা বাতিল কৰাৰ প্ৰক্ৰিয়াক বুজায়। ১৮ এই অভিধাটোৱে প্ৰদৰ্শন কৰে যে উল্লেখযোগ্য লেছবিয়ান মহিলাসকলৰ অৱদানসমূহৰ কাহিনীৰপৰা তেওঁলোকৰ লেছবিয়ানিজমতাক নোহোৱা কৰি পেলোৱা; ইয়াৰে কিছুমান উদাহৰণ হ'ল ষ্টৰ্মে ডিলাৰ্ভেৰী, অড্ৰে লৰ্ড, বা এঞ্জেলা ডেভিছ। ১৯
কামুক প্লাষ্টিচিটি আৰু লেছবিয়ানিজম
কোনো-কোনোৰ মতে নাৰীৰ কামুক প্লাষ্টিচিটিৰ ধাৰণাটো লেছবিয়ানৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিব বিচৰা পুৰুষৰ ইচ্ছাকৃত চিন্তাধাৰা, আৰু ইয়াক বস্তুনিষ্ঠ নহয় বুলি সমালোচনা কৰা উচিত; ২০ ২১ আনহাতে কোনো-কোনোৱে অনুমান কৰে যে পুৰুষৰ যৌন ইচ্ছাৰ বাবেই লেছবিয়ান সম্পৰ্ক গঢ় লৈ উঠে, ২২ আৰু ইয়াৰ আন এটা কাৰণ হৈছে- মহিলাসকল যৌনভাৱে অধিক তৰল। ২৩
লগতে চাওক
অধিক পঢ়ক
কিতাপ
- (1992). Hate Crimes: Confronting Violence Against Lesbians and Gay Men. SAGE Publications. ISBN 0-8039-4541-8
- Morris. (2016). The Disappearing L: Erasure of Lesbian Spaces and Culture. SUNY Press. ISBN 978-1-4384-6177-9
শৈক্ষিক
- Dopler, Tania Sharp. (1 December 1996). Lesbophobia in Feminist Organizations: An Examination of the Effect of Organizational Structure and Sociopolitical Context on the Expression of Lesbophobia
- Forbes; Stevens, Diane E.; Lathrop, Anna H. (2002). A Pervasive Silence: Lesbophobia and Team Cohesion in Sport. Canadian Woman Studies. Inanna Publications. পৃ. 32–35
- HaleyNelson. (2005). Sexualized Violence Against Lesbians. Peace Review: A Journal of Social Justice. পৃ. 163–80
- Judge, Melanie. (November 2015). Violence against lesbians and (IM) possibilities for identity and politics
- Peel. (1999). I. Violence Against Lesbians and Gay Men: Decision- Making in Reporting and Not Reporting Crime. Feminism & Psychology. পৃ. 161–167
- Waite. (October 2015). Old lesbians: Gendered histories and persistent challenges. Australasian Journal on Ageing. Wiley. পৃ. 8–13
বাহ্যিক সংযোগসমূহ
- Lesbophobia definition by the European Institute for Gender Equality
- Violence against lesbians: education, research, public campaigns (Project Number: 2000-021-W). DAPHNE project. European Commission, 2000.
- Violence Against Lesbians: Education – Research – Public Relation (Final Report). DAPHNE Programme. European Commission, 31 December 2001.
- Lesbians visibility and lesbophobia in France . SOS Homophobie, 2014.
- Breaking the Silence: Criminalisation of Lesbians and Bisexual Women and its Impacts . Human Dignity Trust, May 2016.
- In Some Countries, Being Gay Or Lesbian Can Land You In Prison...Or Worse. Radio Free Europe/Radio Liberty, 2020.
তথ্যসূত্ৰ
- ↑ Ogden. (1986). The Great American Housewife: From Helpmate to Wage Earner, 1776–1986. Greenwood Press. পৃ. 206. ISBN 0-313-24752-8
- ↑ (18 December 2006). What is "Lesbophobia"?. ILGA
- ↑ (9 July 2013). https://www.theguardian.com/commentisfree/2013/jul/09/lesbophobia-homophobia-side-order-sexism
- ↑ Jillian Todd Weiss, "The Gender Caste System – Identity, Privacy, and Heteronormativity" 10 Law & Sexuality 123 (Tulane Law School, 2001)
- ↑ Raizada. (2007). An Interview with the Guerrilla Girls, Dyke Action Machine (DAM!), and the Toxic Titties. NWSA Journal. পৃ. 39–58
- ↑ Emery, Kim. (1994). Steers, Queers, and Manifest Destiny: Representing the Lesbian Subject in Turn-of-the-Century Texas. Journal of the History of Sexuality. পৃ. 26–57
- ↑ (1 February 2012). Lesbian killers in South Africa get 18-year jail terms. BBC News
- ↑ Pithouse, Richard. (29 March 2011). Only Protected on Paper. The South African Civil Society Information Service
- ↑ Ndaba, Baldwin. (July 13, 2007). 'Hate crime' against lesbians slated. IOL News
- ↑ Bridgland, Fred. (14 July 2007). Lesbian couple killed in execution-style murder: Hate crimes increase despite equal rights law. Sunday Herald
- ↑ Kelly, Annie. Raped and killed for being a lesbian: South Africa ignores 'corrective' attacks. The Guardian
- ↑ (3 May 2011). South Africa killing of lesbian Nogwaza 'a hate crime'
- ↑ (26 July 2007). http://www.gaycitynews.com/site/news.cfm?newsid=18630253&BRD=2729&PAG=461&dept_id=585504&rfi=6
- ↑ (13 March 2009). https://www.nbcnews.com/id/wbna29676829
- ↑ (May 14, 2019). Rapport sur l'homophobie 2019: 2018, une année noire pour les personnes LGBT. SOS Homophobie
- ↑ (14 May 2019). Insultes, coups de poing, interdiction d'entrer: des lesbiennes racontent les agressions qu'elles ont subies. France Inter
- ↑ Wilkins, Anna. (August 13, 2019). Anti-Lesbian Hate Crimes Are On The Rise. Gentside
- ↑ Morris, Bonnie J. (December 22, 2016). Dyke Culture and the Disappearing L. Slate
- ↑ (3 July 2018). https://www.economist.com/open-future/2018/07/03/the-gender-identity-movement-undermines-lesbians
- ↑ Clarke; Peel, Elizabeth. (2007). Out in Psychology: Lesbian, Gay, Bisexual, Trans and Queer Perspectives. John Wiley & Sons. ISBN 978-0470012871
- ↑ Radclyffe. (1995). Lesbophobia: Gay Men and Misogyny. Cassell. ISBN 978-0304333264
- ↑ Apostolou; Shialos, Marios; Khalil, Michalis. (2017). The evolution of female same-sex attraction: The male choice hypothesis. Personality and Individual Differences. পৃ. 372–378
- ↑ Baumeister. (2000). Gender Differences in Erotic Plasticity: The Female Sex Drive as Socially Flexible and Responsive. Psychological Bulletin. পৃ. 347–374
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেছবিয়ানসকলৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ” প্ৰবন্ধৰ সংশোধন ৬৩২৫২৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।