লামাকান (উৰ্দু ভাষা: لامکاں) হৈছে বাঞ্জাৰা হিলছ, হাইদৰাবাদ, ভাৰতত অৱস্থিত এটা মুক্ত সাংস্কৃতিক কেন্দ্ৰ।১ এই অ-লাভজনক সংস্থাটোৱে কলা, সাহিত্য, নাটক, সংগীত আৰু আলোচনা আদি অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে স্থান প্ৰদান কৰে।২
ইতিহাস
লামাকানে মাৰ্চ ২০১০ মাহৰপৰা অনুষ্ঠান আয়োজন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ প্ৰতিষ্থাপক আছিল আশাৰ ফাৰহান, হুমেৰা আহমেদ, বিজু মাথিউ আৰু এলাহে হিপতুলা।৩
কেন্দ্ৰটো
লামাকানে পেচা কুচা, ৱাৰ্ছি ব্ৰাদাৰ্ছ, বিত্তল ৰাও, আতিক হুছেইন খান আদিৰ দৰে বিখ্যাত শিল্পীৰ কনচাৰ্ট আয়োজন কৰে। ইয়াৰদ্বাৰা গ্ৰন্থ উন্মোচন, নাটক আৰু আলোচনা-চক্ৰ অনুষ্ঠিত হয়। ইয়াত ৱিকিপিডিয়া মিটআপৰ দৰে অনুষ্ঠান আয়োজন কৰা হয়। সমহাৰা, সূত্ৰধৰ, মঞ্চ থিয়েটাৰ, নিশুম্বিতা, এভাম, শূদ্ৰকা, তাহেৰ আলী বাইগ প্ৰডাকচন৪ আদি নাট্যদলসমূহে লামকানত অভিনয় কৰিছে।৫
বন্ধ হোৱাৰ ভাবুকি
২৩ ডিচেম্বৰ ২০১৫ তাৰিখে গ্ৰেটাৰ হায়দৰাবাদ মিউনিচিপাল কৰ্পোৰেশ্যন (GHMC)-এ লামাকানক তিনিদিনৰ ভিতৰত বন্ধ কৰিবলৈ জাননী প্ৰদান কৰে। জাননীত চাৰিওফালৰ বাসিন্দা আৰু সাধাৰণ জনতাৰ বাবে উপদ্ৰৱ সৃষ্টি কৰাৰ অভিযোগ তোলা হৈছিল। লামাকানে এই জাননীৰ উত্তৰ দিছিল যদিও GHMC-এ সেই উত্তৰ সন্তোষজনক নহয় বুলি কৈ বন্ধ কৰাৰ জাননী জাৰি কৰে।
GHMC-ৰ উপ-কমিছনাৰ পি. মহেন্দ্ৰই কৈছিল যে প্ৰতি দেওবাৰে লেনটোত যান-জঁটৰ সমস্যা হয়, যদিও তেওঁ উপদ্ৰৱৰ কথা স্পষ্টকৈ উল্লেখ কৰা নাছিল। এটা অভিযোগ আছিল যে মহিলাসকলে চৌহদৰ ভিতৰত ধূমপান কৰিছিল।৬
পিছত এই জাননী প্ৰত্যাহাৰ কৰা হয়। প্ৰায় ৩,০০০ লোকৰদ্বাৰা change.org-ত স্বাক্ষৰ কৰা অনলাইন আবেদন আৰু ব্যাপক প্ৰতিবাদৰ পাছত তেতিয়াৰ আইটি মন্ত্ৰী কে. টি. ৰামা ৰাওৰ দৃষ্টি এই বিষয়টোত পৰে। অৱশেষত বিষয়টো সমাধান হয় আৰু জালাগাম ভেংগালৰাও পাৰ্কৰ পাৰ্কিং স্থান চাৰিচকীয়া বাহনৰ বাবে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা হয়।৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (২৫ মে ২০১০). Space that inspires. The Hindu
- ↑ (৭ ছেপ্টেম্বৰ ২০১০). Where myth meets reality - Hyderabad. The Hindu
- ↑ A home for progressive art: How 'Lamakaan' became one of Hyderabad’s iconic cultural spaces. The News Minute
- ↑ (৩০ জুন ২০১৪). Director Taher Ali is a hit man. Deccan Chronicle
- ↑ Lamakaan, Banjara Hills, Hyderabad. Buzzintown
- ↑ (২৯ ডিচেম্বৰ ২০১৫). Lamakaan faces closure threat. The Hindu
- ↑ (১ জানুৱাৰী ২০১৬). Lamakaan Closure Notice Withdrawn. The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লামাকান” প্ৰবন্ধৰ সংশোধন ৬৪০২০১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।