অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শ্বিৰাজী চালাড

শ্বিৰাজী চালাড (Shirazi salad ) হৈছে দক্ষিণ ইৰাণৰ শ্বিৰাজ চহৰত উৎপত্তি হোৱা এটা পাৰ্চী চালাড, আৰু ইয়াৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। এই চালাড তুলনামূলকভাৱে আধুনিক খাদ্য, কাজাৰ যুগত ইৰাণত বিলাহী প্ৰৱৰ্তনৰ পিছত ১৯ শতিকাৰ শেষৰফালে কোনোবা এটা সময়ত ইয়াৰ বিকাশ ঘটিছিল।

হালনাগাদ: ২০ মে’ ২০২৬ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শ্বিৰাজী চালাড (Shirazi salad )১ হৈছে দক্ষিণ ইৰানৰ শ্বিৰাজ চহৰত উৎপত্তি হোৱা এটা পাৰ্চী চালাড, আৰু ইয়াৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।২৩৪ এই চালাড তুলনামূলকভাৱে আধুনিক খাদ্য, কাজাৰ যুগত ইৰাণত বিলাহী প্ৰৱৰ্তনৰ পিছত ১৯ শতিকাৰ শেষৰফালে কোনোবা এটা সময়ত ইয়াৰ বিকাশ ঘটিছিল। ৫ ইয়াৰ মূল উপাদানসমূহ হ'ল তিয়ঁহ, বিলাহী, পিঁয়াজ, জলফাই তেল, বনৌষধি মচলা আৰু ভাৰজুচ তথা কেঁচা আঙুৰৰ ৰস, যদিও প্ৰস্তুত কৰাত কেতিয়াবা নেমুৰ ৰসো ইয়াত ব্যৱহাৰ কৰা হয়।১৬ইৰাণত ইয়াক গ্ৰীষ্মকালত অকল পাৰ্শ্বীয় খাদ্য হিচাপে, আৰু গোটেই বছৰটো মাংসৰ খাদ্য, যেনে পাৰ্চী কাবাবৰ সৈতেও পাৰ্শ্বীয় খাদ্য হিচাপে খোৱা হয়,৬৭৮ আৰু খাদ্য খোৱাৰ আগতে আৰু পিছতো পৰিৱেশন কৰা হয়।৯ শ্বিৰাজী চালাড কেতিয়াবা ভাতৰ লগত পৰিৱেশন কৰা হয়, যেনে লুবিয়া প’লো,সেউজীয়া বীন আৰু বিলাহীৰে তৈয়াৰী ইৰাণী চাউলৰ খাদ্য। ১০ ৰন্ধন গ্ৰন্থৰ লেখিকা জিলা ডানা-হেৰীয়ে ইয়াক গ্ৰীষ্মকালীন সতেজ খাদ্য বুলি বৰ্ণনা কৰিছে। ২

ইৰাণৰ ৰাষ্ট্ৰীয় চালাড

শ্বিৰাজী চালাডক ইৰাণৰ একপ্ৰকাৰৰ জাতীয় চালাড বুলি বৰ্ণনা কৰা হৈছে আৰু ই খাদ্যৰ লগত এক সাধাৰণ ব্যঞ্জন।৩ ইয়াক মচলা হিচাপেও ব্যৱহাৰ কৰি ষ্টুৰ বনৌষধিৰ সোৱাদ কটাব পাৰি।১১ এই চালাড খাবলৈ সাধাৰণতে মচমচীয়া আৰু আৰ্দ্ৰতা থাকে। ১১২ আৰু ই পিকো ডি গালো আৰু ভূমধ্যসাগৰীয় চালাডৰ সৈতে কিছু মিল আছে।৮১৩

শ্বিৰাজী চালাডৰ মূল উপাদানসমূহ হ'ল মিহিকৈ কটা তিয়ঁহ,বিলাহী আৰু পিঁয়াজ, ভাৰ্জুছ বা কেঁচা আঙুৰৰ ৰস (প্ৰধানকৈ উত্তৰ ইৰাণৰ গিলান আৰু মাজাণ্ডাৰান আৰু আজাৰবাইজান অঞ্চলত পোৱা যায়) বা কেতিয়াবা সতেজ নেমু ৰসৰ সৈতে মিহলি কৰা হয়। ১২ এই চালাড জলফাইৰ তেল, নিমখ আৰু জালুকেৰেও জুতি ল’ব পাৰি,২৩ আৰু অতিৰিক্ত উপাদানসমূহৰ ভিতৰত কটা পদিনা পাত, পাৰ্চলি, ডেলাল চচ,১৪ কেঁচা পিঁয়াজ, সেউজীয়া শাক, ছুমাক আৰু ৰঙা ভিনেগাৰ আদি থাকিব পাৰে।৮৯ চালাড টেঙা আৰু নিমখীয়া হ'ব পাৰে, আৰু পৰিৱেশনৰ আগতে এঘণ্টা বা তাতকৈ অধিক সময় মেৰিনেট কৰিবলৈ দিলে ভাল লাগে, কাৰণ ইয়াৰ ফলত সোৱাদবোৰ গলি যোৱাত সহায় কৰে। ২ ইয়াক ৰুটিৰ সৈতে, যেনে পিটা বা লাভাছ,,৬ বা পনিৰ আৰু/বা আখৰোটৰ সৈতে পৰিৱেশন কৰিব পাৰি।

মচলা

টেঙা মচলাৰ সৈতে সিৰাজী চালাড খোৱাটো বাঞ্ছনীয় নহয়। ১৫ শ্বিৰাজী চালাডত মৃদু সোৱাদযুক্ত মচলা যোগ কৰিলে ভাল।১৫

অধিক পঢ়ক

  • Onion, Medium Spring; Sliced, Thinly. (May 5, 2013). Shirazi Salad. Bon Appétit

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Shafia, L. (2013). The New Persian Kitchen. Potter/TenSpeed/Harmony. পৃ. 59. ISBN 978-1-60774-358-3
  2. ↑ Dana-Haeri, J.; Lowe, J.; Ghorashian, S. (2011). New Persian Cooking: A Fresh Approach to the Classic Cuisine of Iran. I.B.Tauris. পৃ. 181. ISBN 978-0-85771-955-3
  3. ↑ (March 21, 2013). Shirazi salad. The Irish Times
  4. ↑ Vartanian, A.; Kubal, A.; Wolfe, L. (2014). The Paleo Foodie Cookbook: 120 Food Lover's Recipes for Healthy, Gluten-Free, Grain-Free & Delicious Meals. Page Street Publishing. পৃ. 217. ISBN 978-1-62414-049-5
  5. ↑ Chehabi, H. E. (2003-03-01). The Westernization of Iranian Culinary Culture. Iranian Studies. পৃ. 43–61
  6. ↑ Raichlen, S. (2008). The Barbecue! Bible 10th Anniversary Edition. Workman Publishing Company. পৃ. 118. ISBN 978-0-7611-5957-5
  7. ↑ (March 8, 2012). Caspian Grill's chicken kabobs with basmati rice and shirazi salad. C-J Recipes
  8. ↑ Stewart, B.; Edwards, D.; Warner, J. (2013). Paleo Fitness: A Primal Training and Nutrition Program to Get Lean, Strong and Healthy. Ulysses Press. পৃ. 251. ISBN 978-1-61243-207-6
  9. ↑ Reid, S. (2006). Fitting Into Your Genes: Healthy Living And Eating in Philadelphia. Peconic Press. পৃ. 165. ISBN 978-0-9768176-2-8
  10. ↑ Kelly, Rachel. (August 26, 2014). 18 recipes for leftover mint. the Guardian
  11. ↑ (October 15, 2015). A Persian feast. www.ajc.com
  12. ↑ (May 5, 2013). Shirazi Salad Recipe. Bon Appétit
  13. ↑ Eshghi, Abrisham. (June 30, 2013). Time for Israelis and Iranians to rediscover their similarities - Opinion. Haaretz.com
  14. ↑ (2025-05-19). دلار (سبزی). ویکی‌پدیا، دانشنامهٔ آزاد
  15. ↑ Salad-Shirazi, سالاد شیرازی

সম্পৰ্কিত শ্ৰেণী

ইৰানখাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বিৰাজী চালাড” প্ৰবন্ধৰ সংশোধন ৬০৭৪৫৮ (২০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।