অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শংকৰদেৱ শিশু নিকেতন বৰদলনি

শংকৰদেৱ শিশু নিকেতন বৰদলনি ( sankardev shishu niketon, Bordoloni) বৰদলনি নগৰৰ পৰা প্ৰায় ১ কি:মি: দূৰত্বৰ পদুমণি গাঁৱত কেইজনমান বিদ্যানুৰাগীৰ সহযোগত ০১ জানুৱাৰী ১৯৯৯ চনত স্থাপিত হৈছিল। এই বিদ্যালয়খন অসম মাধ্যমিক শিক্ষা পৰিষদ ৰ অধীনস্থ।

হালনাগাদ: ১৭ জুন ২০২৫ ২৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শংকৰদেৱ শিশু নিকেতন বৰদলনি ( sankardev shishu niketon, Bordoloni) বৰদলনি নগৰৰ পৰা প্ৰায় ১ কি:মি: দূৰত্বৰ পদুমণি গাঁৱত কেইজনমান বিদ্যানুৰাগীৰ সহযোগত ০১ জানুৱাৰী ১৯৯৯ চনত স্থাপিত হৈছিল। এই বিদ্যালয়খন অসম মাধ্যমিক শিক্ষা পৰিষদ ৰ অধীনস্থ। বিদ্যাল়য়খন বিদ্যা ভাৰতী ৰ সংবদ্ধ শিশু শিক্ষা সমিতি,অসম ৰ অন্তৰ্গত আৰু বৰ্তমানৰ প্ৰধান শিক্ষকৰ নাম জিতেন দত্ত। বিদ্যালয়খনত বৰ্তমান ২১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে সেৱা আগবঢ়াই আছে। বৰ্তমান বিদ্যালয়খনত প্ৰাক-প্ৰাথমিকৰ (অংকুৰ শ্ৰেণী) ৰ পৰা দশম শ্ৰেণীলৈকে প্ৰায় ৪৩৮ গৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে।

ইতিহাস

১৯৯৯ চনত বৰদলনি অঞ্চলৰ কেইগৰাকী মান সমাজ সচেতকৰ পৃষ্ঠপোষকতাত বিদ্যাল়য় প্ৰতিষ্ঠাৰ পাৰম্ভিক কাৰ্যাৱলী আৰম্ভ হয়।

শিক্ষা ব্যৱস্থা

যোৱা ২৫টা বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০% (শতাংশ) উত্তীৰ্ণ হাৰেৰে ছাত্ৰ-ছাত্ৰী সমূহ উত্তীৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে।

ছাত্ৰ-ছাত্ৰী

বৰ্তমান বিদ্যালয় খনত প্ৰায় ৪৩৮ গৰাকী ছাত্ৰ ছাত্ৰী আছে।

আন্ত:গাঁথনি

বিদ্যালয় খনত বৰ্তমানলৈকে তিনিটা অসম আৰ্হিৰ দীঘলীয়া ঘৰ আছে আৰু লগতে এটা আৰ চি চি ঘৰ আছে। তাৰ লগতে ১৭টা শ্ৰেণীকোঠা আৰু এটা শিক্ষকৰ বাবে উপযুক্ত কোঠা আছে।

বিদ্যালয়ৰ পৰা প্ৰকাশিত আলোচনী

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিষ্ঠাকালৰে পৰা শিশু শিক্ষা সমিতি, অসম ৰ দ্বাৰা প্ৰকাশিত আলোচনী- ভাৰতী ত লেখা প্ৰকাশ কৰি আহিছে। তাৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলৰ নিজা উদ্যোগত বিদ্যালয় খনত ৰূপালী জয়ন্তী বৰ্ষত কৌমুদী নামে এখন আলোচনী প্ৰকাশিত হয়।

সা-সুবিধা

ৰূপালী জয়ন্তীৰ ক্ষণতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে পুঁজিৰ ব্যবস্থা কৰি বিদ্যালয় খনলৈ এটি কম্পিউটাৰ কোঠা আৰু কেইবাটাও উন্নত মানৰ কম্পিউটাৰ আগবঢ়াই।

যোগ-ব্যায়াম, সংগীত, নৈতিকতা, আধ্যাত্মিকতা ইত্যাদি বিষয় সমূহো ইয়াত শিকোৱা হয়।

ৰূপালী জয়ন্তী উদযাপন

২০২৪ বৰ্ষৰ ১, ২, ৩ ডিচেম্বৰৰ কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়।

তথ্য সংগ্ৰহ

১.দত্ত জিতেন (প্ৰ:আ) শংকৰদেৱ শিশু নিকেতন বৰদলনি

২. বৰুৱা বিপুল (সম্পা)--- স্মৃতি গ্ৰন্থ ৰূপালী জয়ন্তী বৰ্ষ ২০২৪ শংকৰদেৱ শিশু নিকেতন বৰদলনি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শংকৰদেৱ শিশু নিকেতন বৰদলনি” প্ৰবন্ধৰ সংশোধন ৫১৮৮৯৬ (১৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।