লোক সাজ-পোছাক, লোক পৰিধান, পৰম্পৰাগত পোছাক, ঐতিহ্যবাহী পোছাক বা জাতিগত পোছাক, বিশেষ জাতিগত গোষ্ঠী, ৰাষ্ট্ৰ বা অঞ্চলৰ সৈতে সম্পৰ্কিত বস্ত্ৰ, যি সাংস্কৃতিক পৰিচয়, ধৰ্মীয় পৰিচয় বা জাতীয় পৰিচয়ৰ প্ৰকাশ। যদি এই পোছাক কোনো জাতিগত গোষ্ঠীৰ হয়, তেন্তে ইয়াক জাতিগত বস্ত্ৰ বা জাতিগত পৰিধান বুলি কোৱা হয়। পৰম্পৰাগত পোছাক সাধাৰণতে দুটা ৰূপত পোৱা যায়: দৈনন্দিন ব্যৱহাৰৰ বাবে আৰু আনুষ্ঠানিক পৰিধান হিচাপে।
কষ্টিউম শব্দটো এই প্ৰসংগত কেতিয়াবা নিন্দাসূচক ধৰা হয়, কাৰণ ইয়াৰ একাধিক অৰ্থ আছে, সেইবাবে "বস্ত্ৰ", "পোছাক", "পৰিধান" বা "ঐতিহ্য" শব্দ ব্যৱহাৰ কৰাটো অধিক সমীচীন বুলি বিবেচনা কৰা হয়।১২
ৰোমাণ্টিক জাতীয়তাবাদৰ৩ উত্থানৰ লগে লগে, আগতীয়াকৈ শিল্প-পূৰ্ব যুগৰ কৃষিজীৱী সমাজক খাঁটি আৰু আকৰ্ষণীয় হিচাপে গণ্য কৰা হৈছিল। এই সময়ত, প্ৰচলিত প্ৰাক-শিল্প বস্ত্ৰ ব্যৱহাৰ কৰি লোক পৰিধান প্ৰস্তুত কৰা হৈছিল।
যিসকল অঞ্চলত পাশ্চাত্য পোছাক প্ৰচলিত, সেই ঠাইত পৰম্পৰাগত পৰিধান সাধাৰণতে উৎসৱ, আনুষ্ঠানিক অনুষ্ঠান বা ঐতিহ্যগত কাৰ্যসূচীত পৰিধান কৰা হয়। কিছুমান আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত, পশ্চিমা দেশৰ বাহিৰৰ লোকৰ সুবিধাৰ বাবে "ব্যৱসায়িক পোছাক বা জাতীয় পৰিধান" ধৰণৰ পোছাক কোড নিৰ্ধাৰণ কৰা হয়।
কিছুমান দেশত আইনৰে পৰম্পৰাগত পোছাক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। উদাহৰণস্বৰূপে, ভূটানত ড্ৰিগলাম নামঝা অনুযায়ী, নাগৰিকসকলে ঘো আৰু কেৰা (পুৰুষৰ বাবে) আৰু কিৰা আৰু ৱঞ্জু (মহিলাৰ বাবে)৪ বিশেষকৈ চৰকাৰী কাৰ্যকালত, বিদ্যালয়ত, আৰু ধৰ্মীয় স্থানত পৰিধান কৰিব লাগিব।
ফটো গেলাৰী
তথ্যসূত্ৰ
- ↑ costume#Usage notes
- ↑ Reese, Debbie. (15 May 2007). The word "costume" and American Indians. American Indians in Children's Literature
- ↑ Martinez, Gimeno; Leerssen, Joep. (2022). Dress, design: Introductory survey essay. Encyclopedia of Romantic Nationalism in Europe. Study Platform on Interlocking Nationalisms
- ↑ Lhamo, Passang. (April 2, 2019). Driglam Namzha: Why The Bhutanese Do What They Do. Daily Bhutan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোক সাজ-পোছাক” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৯৬ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।