শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা১ ১৯৯৭ চনত বিদ্যা ভাৰতীৰ অধীনত মেগামিক্স প্ৰকৃতি সংঘ, ঢকুৱাখনাত স্থাপিত হৈছিল আৰু পাছত ঢকুৱাখনাৰ নৱকাঠৰবাৰী গাঁৱলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হৈছিল। এই বিদ্যালয়খনে ইতিমধ্যে ২০১৪ চনলৈকে একাধাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০% উত্তীৰ্ণৰ হাৰ অটুট ৰখাৰ লগতে ২০০৯ চনত অষ্টম স্থান আৰু ২০১১ চনত একাদশ স্থান দখলেৰে ঢকুৱাখনাৰ ৬৫ বছৰীয়া ইতিহাস ভংগ কৰে।২.
অৱস্থিতি
নৱকাঠৰবাৰী গাঁও, ঢকুৱাখনা, লখিমপুৰ জিলা অসম
শিক্ষক আৰু কৰ্মচাৰী
৩৫জন শিক্ষক, ৪জন সহায়ক, ৯০০ ৰো অধিক ছাত্ৰ ছাত্ৰী
শংকৰদেৱ শিশু কুঞ্জ
প্ৰাক প্ৰাথমিক শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিদ্যালয়খনত পৃথককৈ "শংকৰদেৱ শিশু কুঞ্জ" নামেৰে এটি চৌহদৰ ব্যৱস্থা আছে। এই চৌহদটি ২০১৪ চনৰ ১০ জানুৱাৰী তাৰিখে শুভ উদ্বোধন কৰা হৈছিল।৩
সুবিধাসমূহ
ডিজিটেল শ্ৰেণীকোঠা, সাংগণনিক ব্যৱহাৰিক কোঠা, গ্ৰন্থাগাৰ, বিজ্ঞান ব্যৱহাৰিক কোঠা, প্ৰাক প্ৰাথমিক শাখাৰ বাবে সংগ্ৰহালয়, শিশু উদ্যান, VIPNET বিজ্ঞান সংঘ, বাৰ্ষিক মুখপত্ৰ "ভাৰতী"
ডিজিটেল শ্ৰেণীকোঠা
বিদ্যালয়খনত বিজ্ঞানৰ বিভিন্নধৰণৰ ভিডিঅ তথা বিশিষ্ট ব্যক্তিসকলৰ ভাষণ প্ৰদৰ্শন কৰিবলৈ এটি ডিজিটেল শ্ৰেণীকোঠাৰ সুব্যৱস্থা আছে।
গ্ৰন্থাগাৰ
কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতিত বিদ্যালয়খনত থকা পুথিভঁৰালটিত প্ৰায় ৪০০০ ৰো অধিক গ্ৰন্থ, সংবাদ পত্ৰ, হাতে লিখা আলোচনী উপলব্ধ।
Vipnet বিজ্ঞান সংঘ
বিদ্যালয়খনত Vipnet বিজ্ঞান সংঘ শীৰ্ষক এটি বিজ্ঞান সংঘ আছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ প্ৰকল্প, আলোচনা ইত্যাদি অনুষ্ঠিত কৰা হয়।৪
বাৰ্ষিক মুখপত্ৰ ভাৰতী
বিদ্যালয়খনৰ বাৰ্ষিক মুখপত্ৰখন হৈছে "ভাৰতী' যত ছাত্ৰ ছাত্ৰীসকলৰ চিন্তা প্ৰকাশ পায়। ইয়াৰোপৰিও প্ৰত্যেকটো শ্ৰেণীৰ পৰা প্ৰত্যেক বছৰে একোখনকৈ হাতেলিখা আলোচনী প্ৰকাশ পায় আৰু বছৰি দুবাৰকৈ প্ৰাচীৰ পত্ৰিকা " ঋক্ষ" প্ৰকাশ কৰা হয়।
ৱেবছাইট
শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনাৰ ৱেবছাইট www.ssndk.com ২০১৪ চনৰ ১০ জানুৱাৰী তাৰিখে উন্মোচন কৰা হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Govt. of Assam permitted and registered institution Reg. No AS 07/HS/29 under Non-Govt. Education regulation and management Act – 2006
- ↑ Lakhimpur Online: HSLC and AHM Toppers 2011
- ↑ SSNDK News. Sankardev Shishhu Niketon Dhakuakhana
- ↑ www.vigyanprasar.gov.in/vipnet/vipnetnew/State.a
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা” প্ৰবন্ধৰ সংশোধন ৪৪৬১১৬ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।