অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

লোকো মোকো

লোকো মোকো সমসাময়িক হাৱাই দ্বীপপুঞ্জৰ খাদ্যৰ বৈশিষ্ট্যযুক্ত এক খাদ্য। পৰম্পৰাগত লোকো মোকোত বগা চাউল থাকে, তাৰ ওপৰত হেমবাৰ্গাৰ পেটি, বাহিৰৰ ফালে ওপৰলৈ ভজা কণী আৰু শেষত ব্ৰাউন গ্ৰেভি দিয়া হয়। এই উপাদানবোৰ খাদ্যটোত থাকিব লাগিব যাতে ইয়াক লোকো মোকো নাম দিব পাৰি।

হালনাগাদ: ৪ মাৰ্চ ২০২৬ ৪৩০ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

লোকো মোকো সমসাময়িক হাৱাই দ্বীপপুঞ্জৰ খাদ্যৰ বৈশিষ্ট্যযুক্ত এক খাদ্য। পৰম্পৰাগত লোকো মোকোত বগা চাউল থাকে, তাৰ ওপৰত হেমবাৰ্গাৰ পেটি, বাহিৰৰ ফালে ওপৰলৈ ভজা কণী আৰু শেষত ব্ৰাউন গ্ৰেভি দিয়া হয়। এই উপাদানবোৰ খাদ্যটোত থাকিব লাগিব যাতে ইয়াক লোকো মোকো নাম দিব পাৰি। কণীৰে ৰন্ধা আন কোনো পৃথক খাদ্যক পৰম্পৰাগত বুলি গণ্য কৰা নহয় আৰু পৰম্পৰাগত বুলি গণ্য কৰিবলৈ খাদ্যৰ ষ্টেকিং পূৰ্বতে উল্লেখ কৰা ক্ৰমত হ’ব লাগিব। কণীৰ শৈলী, মাংস আৰু ষ্টেকিঙৰ ভিন্নতাই খাদ্যৰ নামকৰণ সলনি কৰে। অন্যান্য টপিং আৰু চাইড ডিচ যেনে গ্ৰীল কৰা পিঁয়াজ আৰু মেক/আলুৰ চালাডৰ সৈতে খাব পাৰি, কিন্তু সেইবোৰো পৰম্পৰাগত নহয়।

উৎপত্তি আৰু ইতিহাস

প্ৰাপ্ত তথ্য অনুসৰি ১৯৪৯ চনত হাৱাইৰ হিলোৰ লিংকন গ্ৰীল ৰেষ্টুৰেণ্টত ইয়াৰ মালিক ৰিচাৰ্ড ইন’ৱে আৰু তেওঁৰ পত্নী নেন্সীয়ে লিংকন ৰেকাৰছ স্প’ৰ্টছ ক্লাবৰ কিশোৰ-কিশোৰীসকলৰ অনুৰোধত চেণ্ডুইচতকৈ বেলেগ কিবা এটা সস্তা দৰত পাব পৰা আৰু ততাতৈয়াকৈ প্ৰস্তুত কৰিব পৰা আৰু খাব পৰা খাদ্য বিচাৰিছিল। তেওঁলোকে নেন্সীক কৈছিল যে, এটা বাটিত ভাত অলপ দিব, ভাতৰ ওপৰত হেমবাৰ্গাৰ পেটি এটা দি তাৰ ওপৰত অলপ ব্ৰাউন গ্ৰেভি দিব। কণীটো পিছত আহিল। কিশোৰ-কিশোৰীসকলে, তেওঁলোকৰ মাজৰ এজন সদস্য জৰ্জ অকিমোটোৰ নামেৰে এই খাদ্যৰ নাম ৰাখিছিল, যাৰ ডাকনাম আছিল "ক্ৰেজি।" হিলো হাইস্কুলত স্পেনিছ ভাষা পঢ়ি থকা জৰ্জ তাকাহাছিয়ে এই খাদ্যৰ নামত লোকো ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছিল, যিটো স্পেনিছ ভাষাত পাগলৰ অৰ্থ কৰে। তেওঁলোকে "মোকো"টো ওপৰত লগাই দিছিল, যিটোৱে "লোকোৰ সৈতে অনুৰূপ শব্দ হিচাপে ছন্দময় এটা ভাল শব্দ সৃষ্টি কৰিছিল।" ১২৩৪

হনোলুলুৰ একুৱা কেফেত হামবাৰ্গাৰ লোকো মোকো
হনোলুলুৰ একুৱা কেফেত হামবাৰ্গাৰ লোকো মোকোছবি: yajico / ayako from Tokyo, Japan · CC BY 2.0

শেহতীয়া বছৰবোৰত নামৰ মোকো অংশটো তুলনামূলকভাৱে অশিষ্ট শব্দ "মোকো" বা স্নট (নাকেৰে বৈ যোৱা) শব্দটোৰ পৰা ব্যুৎপত্তি হৈছে, যিটো প্ৰায়ে হালধীয়া বা পাতল বাদামী ৰঙৰ হ'ব পাৰে। যেতিয়া কণীৰ কুহুম পপ কৰি গ্ৰেভিৰ সৈতে মিহলি কৰা হয়, তেতিয়া ই শিশুৱে বেমাৰৰ সময়ত ৰুমালত উলিয়াই দিয়া হালধীয়া শেঙুণৰ দৰে দেখা যায়।

জনপ্ৰিয়তা

ফিছ লোকো মোকো
ফিছ লোকো মোকোছবি: Andrew Semansco · CC BY 2.0

এই খাদ্য সামান্থা ব্ৰাউনে আয়োজন কৰা ট্ৰেভেল চেনেলৰ অনুষ্ঠানত গাৰ্ল মিটছ হাৱাইৰ "টেষ্ট অৱ হাৱাই" খণ্ডত প্ৰদৰ্শিত হৈছিল। এই খণ্ডটোত ৱাইমিয়াৰ জনপ্ৰিয় ৰেষ্টুৰেণ্ট হাৱাইয়ান ষ্টাইল কেফেত পৰিৱেশন কৰা খাদ্যৰ লগতে,আন এটা হাৱাইৰ বিশেষ খাদ্য প্লেট লাঞ্চৰ সৈতে দিয়া হৈছিল৷ ট্ৰেভেল চেনেলৰ হনোলুলুৰ ভিত্তিক শ্ব’ মানুহ বনাম খাদ্যত এই খাদ্যটো দেখুওৱা হৈছিল৷ (এই খণ্ডটো শ্ব’টোৰ দ্বিতীয় ছিজনত প্ৰচাৰিত হৈছিল)। উপস্থাপক এডাম ৰিচমেনে ওচৰৰ লাইত অৱস্থিত হুকিলাউ কেফেত এই খাদ্য পৰিৱেশনৰ চেষ্টা কৰিছিল। ৰিচমেনে ২০১৪ চনৰ শ্ব’ মেন ফাইণ্ডছ ফুডত ছান ফ্ৰান্সিস্কোৰ নামু গাজী নামৰ খাদ্যৰ দোকান এখনত খাদ্যৰ তালিকাত লোকো ম’কো ৰাখিছিল। ২০১৮ চনত পুনৰুজ্জীৱিত মানুহ বনাম খাদ্য, আয়োজক কেছি ৱেবে মাউইৰ ডা কিচেনত লোকো মকোৰ নতুন সংস্কৰণ এটাৰ চেষ্টা কৰিছিল।

বিভিন্ন ধৰণৰ লোকো মোকোৰ ভিতৰত বেকন, হাম, স্পেম, টোফু, কালুৱা গাহৰিৰ মাংস, পৰ্তুগীজ চচ্চেজ, টেৰিয়াকি বিফ, টেৰিয়াকি চিকেন, মাহী-মাহী, মিছা মাছ, অইষ্টাৰ আৰু অন্যান্য মাংস আদি থাকিব পাৰে। কিন্তু লোকো মকোৰ পৰম্পৰাগত নাম নিৰ্ধাৰণ কেৱল হেমবাৰ্গাৰ পেটিৰ ক্ষেত্ৰতহে প্ৰযোজ্য। প্ৰটিন সলনি হ’লে নামটোও সলনি হয়, অৰ্থাৎ স্পেম লোকো, কলুৱা লোকো, মিছা মাছৰ লোকো ইত্যাদি।

তথ্যসূত্ৰ

  1. ↑ Laudan, Rachel. (1996). The Food of Paradise: Exploring Hawaii's Culinary Heritage. University of Hawaii Press. পৃ. 20. ISBN 0824817788
  2. ↑ The Loco Moco - Cafe 100, Hilo Hawaii. Cafe100.com
  3. ↑ Loco Moco Recipe, Loco Moco History, History and Recipe of Hawaiian Loco Moco, Hawaii's Feel Good Food, Hamburger Recipes. Whatscookingamerica.net
  4. ↑ SpanishDict.com translation for 'moco'

সম্পৰ্কিত শ্ৰেণী

খাদ্যআমেৰিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোকো মোকো” প্ৰবন্ধৰ সংশোধন ৫৮৪৬৮৫ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।