শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয় (চমুকৈ শালকাটা জঃপঃউঃমাঃ বিদ্যালয়)খন ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত শালকাটা গাঁৱত অৱস্থিত। এই বিদ্যালয়খন ১৯৭৯ চনত আজগৰ আলী চাহাবৰ নেতৃত্বত স্থাপণ কৰা হৈছিল।১
ঠিকনা

শালকাটা গাঁৱৰ পৰা ০ কিঃমিঃ দূৰৈত, বৰকলীয়া নস্কৰা গাঁৱৰ পৰা প্ৰায় ৪ কিঃমিঃ পশ্চিমত, ফুলবাৰী (মেঘালয়)ৰ পৰা প্ৰায় ১০ কিঃমিঃ উত্তৰ-পূৱ অঞ্চলত অৱস্থিত।২
ইতিহাস

ধুবুৰী জিলাৰ দক্ষিণ পাৰত অৱস্থিত শালকাটা অঞ্চলটো এসময়ত অতিকৈ পিছপৰা আৰু বন্যভূমি আছিল। পিছে ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াত প্ৰব্ৰজন হৈ আহি বসবাস কৰিবলৈ লোৱা প্ৰয়াত আজগৰ আলী (B.Sc) মহোদয়ৰ নেতৃত্বত আৰু শিক্ষানুৰাগী সহযোগী সকলৰ সহায়ত এইখন মাধ্যমিক শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। এই শিক্ষানুষ্ঠানখন গঢ়াত বিশেষভাৱে সহায় কৰিছিল নাছেৰ আলী সেখ (অধিবক্তা), আঃ গণি জোদ্দাৰ, ৰমজান আলী সৰকাৰ, হোছেন আলী দেওৱানী, আবুল হোছেন, আঃ কাশেম মণ্ডল, আব্দুল হক, হাজি মিনহাজ উদ্দিন আহমেদ, আঃ গণি দেওৱানী, ডাঃ বুজৰক আলী মণ্ডল, তামিজ উদ্দিন জোদ্দাৰ, আমজাদ হোসেন ভূঞা, আলহাজ আঃ আজিজ আনছাৰী আদি ব্যক্তিৰ প্ৰচেষ্টাত শালকাটা জনপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। যিখন বিদ্যালয় আজি তেখেত সকলৰ প্ৰেৰণাৰে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নত কৰা হৈছে।৩ ১৯৭৯ চনত স্থাপিত হোৱা উচ্চ মাধ্যমিক বিদ্যালয়খন অতি কম সময়ৰ ভিতৰত দোপতদোপে চৰকাৰৰ অনুমতি তথা স্বীকৃতি পাই ১৯৯১ চনত চৰকাৰীকৰণ হৈছে আৰু বৰ্তমান বিদ্যালয়খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হৈছে যদিও এতিয়ালৈকে চৰকাৰীকৰণ হোৱা নাই।৪৫ বিদ্যালয়খনৰ আৰম্ভণিৰ পৰাই উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰতিবছৰে ১০/১১ টাকৈ লেটাৰ মাৰ্ক, ষ্টাৰ মাৰ্ক পাই প্ৰায় এশ শতাংশ ছাত্ৰী-ছাত্ৰী উত্তীৰ্ণ হৈ আহিছে।
পাঠদান দিয়া বিষয়সমূহ
উচ্চ মাধ্যমিক
ইংৰাজী, অসমীয়া, হিন্দী, আৰবী, গণিত, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞান, উচ্চ গণিত, ভূগোল, কাঠমিস্ত্ৰী-শিল্প ইত্যাদি।
উচ্চতৰ মাধ্যমিক
বিদ্যালয়খনত কেৱল কলাশাখাৰ বিষয়সমূহ পঢ়ুৱা হয়। বৰ্তমান বিজ্ঞান শাখাৰ কোনো পাঠ্য পঢ়ুৱা হৈ থকা নাই।

অসমীয়া, ইংৰাজী, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, বুৰঞ্জী, আৰবী, শিক্ষা, দৰ্শন আৰু তৰ্কবিজ্ঞান।
সুবিধা সমূহ
বিদ্যালয়খনত পাঠদানৰ বাবে ৮টা শ্ৰেণীকোঠা, এখন কম্পিউটাৰ কোঠা (য'ত ১৫টা কম্পিউটাৰ উপলব্ধ) এটা ছোৱালীৰ জিৰণীকোঠা, প্ৰধান শিক্ষকৰ কাৰ্যালয়, শিক্ষকসকলৰ জিৰণী কোঠা, ল'ৰা আৰু ছোৱালীৰ বাবে সুকীয়া শৌচালয়, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা আৰু এখন সুবিশাল খেলপথাৰ আছে।৬
তথ্যসূত্ৰ
- ↑ আখেৰ আলী. (২০১২-১৩). বিদ্যালয়ৰ নেতৃত্বত আজগৰ আলী (শুভেচ্ছা বাণী. অসম চৰকাৰ বিত্তীয় অনুদানেৰে. পৃ. J
- ↑ Address of Salkata Janapria Higher Secondary School. Google Map
- ↑ আব্দুৰ ৰেজ্জাক মোল্ল্যা (প্ৰধান শিক্ষকৰ কলমৰ পৰা). (2012-13). জ্ঞান জ্যোতি. অসম চৰকাৰৰ বিত্তীয় অনুদানৰ সহায়ত প্ৰকাশিত. পৃ. D-E
- ↑ SALKATA JANAPRIYA H.S. SCHOO. VIDHYANT
- ↑ শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়. (2012-13). HSLC আৰু HSSLC ৰ ফলাফল. অসম চৰকাৰৰ বিত্তীয় অনুদানৰ সহায়ত প্ৰকাশিত. পৃ. 52
- ↑ About SALKATA JANAPRIYA H.S. SCHOOL. schools.org.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শালকাটা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫১৮৭০৩ (১৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।