অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

লাভলি প্ৰফেচনেল ইউনিভাৰচিটি

লাভলি প্ৰফেচনেল ইউনিভাৰচিটি (Lovely professional university) এখন বেচৰকাৰি আৰু অৰ্ধ আবাসিক বিশ্ববিদ্যালয়। লাভলি প্ৰফেচনেল ইউনিভাৰচিটিয়ে ভাৰতৰ ভিতৰত এটি চৌহদত সৰ্বোচ্চ ছাত্ৰ-ছাত্ৰী থকা বেচৰকাৰি বিশ্ববিদ্যালয়। ইয়াৰ বৰ্তমান মাটি ১০০০ একৰ। ইয়াত ২৬খন ৰাজ্য আৰু ১৬খন দেশৰ মুঠ ২৫০০০+ ছাত্ৰ-ছাত্ৰী আছে।

হালনাগাদ: ৮ মে’ ২০২৫ ২৯৩ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

লাভলি প্ৰফেচনেল ইউনিভাৰচিটি (Lovely professional university) এখন বেচৰকাৰি আৰু অৰ্ধ আবাসিক বিশ্ববিদ্যালয়। লাভলি প্ৰফেচনেল ইউনিভাৰচিটিয়ে ভাৰতৰ ভিতৰত এটি চৌহদত সৰ্বোচ্চ ছাত্ৰ-ছাত্ৰী থকা বেচৰকাৰি বিশ্ববিদ্যালয়। ইয়াৰ বৰ্তমান মাটি ১০০০ একৰ। ইয়াত ২৬খন ৰাজ্য আৰু ১৬খন দেশৰ মুঠ ২৫০০০+ ছাত্ৰ-ছাত্ৰী আছে। বিশ্ববিদ্যালয়খন বিশ্ববিদ্যালয় অনুদান আয়োগ আইনৰ ২(এফ) ১৯৫৬ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত। ইয়াত ল'ৰা আৰু ছোৱালীৰ ববে পৃথক আবাসনৰ ব্যাৱস্থা আছে। এচি আৰু ন'ন এচিৰ ও ব্যাৱস্থা আছে। লাভলি প্ৰফেচনেল ইউনিভাৰচিটিয়ে ডক্টৰেট, স্নাতকোত্তৰ, স্নাতক আৰু ডিপ্ল'মা প্ৰ'গ্ৰামৰে নতুন নতুন প্ৰযুক্তিবিদ্যাৰে শিক্ষা দিয়ে। লাভলি প্ৰফেচনেল বিশ্ববিদ্যালয়য়ে twinning প্ৰ'গ্ৰাম আৰু আন্তৰ্জাতিক এক্সপ'জাৰ প্ৰ'গ্ৰামৰ বাবে কেবাখনো বিদেশী বিশ্ববিদ্যালয়ৰ লগত সন্নিবদ্ধ হৈছে।

ক্ৰম

CSR-GHRDCৰ ২০১১চনৰ চাৰ্ভে১ অনুসৰি লাভলি ফেকাল্টি অফ টেকন'লজিৰ ক্ৰম ২৯তম। ভাৰত চৰকাৰৰ কমিউনিকেচন আৰু আই.টি বিভাগৰ পৰা শ্ৰেষ্ঠ সন্মান লাভলি প্ৰফেচনেল ইউনিভাৰচিটিয়ে লাভ কৰিছে। ভাৰতৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় মেনেজমেণ্টৰ পুৰস্কাৰ লাভলি প্ৰফেচনেল ইউনিভাৰচিটিয়ে লাভ কৰিছে।

ট্ৰাম চলোৱাৰ পৰিকল্পনা

বৈদ্যুৎ চালিত ট্ৰাম অতি সোনকালে বিশ্ববিদ্যালয়ৰ চৌহদত চলিব। বিশ্ববিদ্যালয়য়ে ইতিমধ্যে পঞ্জাব চৰকাৰৰ পৰা সেউজ সংকেত পাইছে, আৰু ই ভাৰতৰ কলিকতাৰ পিছত দ্বিতীয় ঠাই যত এই eco-friendly সেৱা আছে। ইয়াৰ আচাৰ্য অশোক কে মিট্টালে জনোৱা অনুসৰি কলিকতাৰ CTCৰ লগত আলোচনা কৰিছে আৰু ২০১৪ চনৰ ভিতৰত এই ট্ৰাম বিশ্ববিদ্যালয়ৰ চৌহদত চলিব। লগতে তেখতে জনায় যে বিশ্ববিদ্যালয়ৰ বিশাল বিদ্যায়তনত ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ যোগাযোগৰ ব্যাৱস্থা ভাল কৰিবলৈ এই পৰিকল্পনা হাতত লোৱা হৈছে।

শ্বপিং মল

বিশ্ববিদ্যালয়ৰ বিদ্যায়তনৰ ভিতৰত এখন শ্বপিং মল মুকলি কৰিছে। ইয়াত খাদ্য, ব্ৰেণ্ডেত আইটেম, সাজ-পোচাক, লাইফষ্টাইল নিহত, ইলেকট্ৰনিক গেজেট (মোবাইল, কম্পিউটাৰ, লেপটপ, ইত্যাদি), Opticals, ফটো ষ্টুডিও, ক্ৰীড়াসামগ্ৰী, সঙ্গীত আৰু বিনোদন, সৌন্দৰ্য পাৰ্লাৰ সংক্ৰান্ত, চেলুন, সৰ্বাধুনিক ফেশনৰ ব্ৰেণ্ডেত দোকান আদি আছে।

স্বীকৃতি আৰু অনুমোদন

তলত দিয়া স্বীকৃতি আৰু অনুমোদন লাভলি প্ৰফেচনেল ইউনিভাৰচিটিৰ আছে:

  • বিশ্ববিদ্যালয় অনুদান আয়োগ
  • ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা
  • দূৰবৰ্তী শিক্ষা কাউন্সিল
  • শিক্ষকৰ শিক্ষাৰ জাতীয় কাউন্সিল
  • ভাৰতীয় ঔষধালয় কাউন্সিল
  • ভাৰতীয় ফিজিওথেৰাপিষ্ট সথহা
  • স্থাপত্য কাউন্সিল
  • ভাৰতীয় বাৰ কাউন্সিল
  • অভিযান্ত্ৰিক প্ৰতিষ্ঠান

দূৰৱৰ্তী শিক্ষা

এল.পি.ইউ য়ে সমগ্ৰ ভাৰতত দূৰবৰ্তী শিক্ষা প্ৰৱৰ্তন কৰিছে যিটো এল.পি.ইউ ৰ পৰিচালকবৰ্গই পৰিচালনা কৰে। এল.পি.ইউ ৰ দূৰবৰ্তী শিক্ষা দূৰবৰ্তী শিক্ষা কাউন্সিলৰ স্বীকৃতি প্ৰাপ্ত।

তথ্যসূত্ৰ

  1. ↑ (2011). CSR-GHRDC Engineering Colleges Survey 2011. Competition Success Review. পৃ. 1–6

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাভলি প্ৰফেচনেল ইউনিভাৰচিটি” প্ৰবন্ধৰ সংশোধন ৫০৬৫৮৪ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।