ভ্ৰমণ কৰিব গৈ উঠা একপি ফটো ( ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসল )]]
জোনাকী জাতীয় বিদ্যালয়, শিমুলচালা (Jonaky Jatiya Bidyalaya, Shimulchala) অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নীতি আৰু আদৰ্শৰ ভেটিত প্ৰতিষ্ঠিত এইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান।১ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ বৰকলীয়া নস্কৰা নামৰ গাঁৱৰ শিমূলচালা গাঁৱত অৱস্থিত এই বিদ্যালয় খন। ২০১৩ চনৰ জানুৱাৰী মাহত এই স্কুলখন স্থাপন কৰা হয়২। স্কুলখন প্ৰতিষ্ঠা কৰিছিল Jonaky Dev. Socio (N.G.O) ই। বিদ্যালয়খন স্থাপন হোৱাৰ পৰা প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি আছে “‘হাতেম আলী সেখ”’৩ চাহাবে। যদিও ইয়াৰে মাজৰ তিনি বছৰ অইন দুজন শিক্ষকেও প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰিছিল।৪
বিদ্যালয়ৰ ঠিকনা
গাওঁ - শিমুলচালা, পোঅঃ বৰকলীয়া শেৰশো, থানাঃ ফকিৰগঞ্জ, জিলা ধুবুৰী (অসম) পিন নং ৭৮৩৩৩০৫
বিদ্যালয়ত পঢ়োৱা পাঠসমূহ
অসমীয়া, ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, উচ্চ গণিত, সমাজ বিজ্ঞান (ইতিহাস, অৰ্থনীতি, ভুগোল) আৰবী, হিন্দী, পৰিৱেশ, সাধাৰণ জ্ঞান, অসমীয়া দ্ৰুত পাঠ (বুঢ়ী আইৰ সাধু, শংকৰ দেৱ, বুঢ়া আৰু শিয়াল, ঘৰুৱা কাম কৰা মেকুৰী ইত্যাদি) ছবিঅকা, হাতৰ আখৰ (অসমীয়া, আৰবী, ইংৰাজী আদি)।৬
পাঠদান দিয়া শ্ৰেণী সমূহ
প্ৰথম অৱস্থাত অংকুৰণৰ পৰা তৃতীয় শ্ৰেণী লৈকে আছিল যদিও আজি কালি অংকুৰণৰ পৰা দশম শ্ৰেণীলৈ পাঠদান দিয়া হয়। ২০২১ চনত প্ৰথম বাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্ৰিক)ত অৱতীৰ্ণ হ'ব ছাত্ৰ-ছাত্ৰীয়ে।
শিক্ষক-শিক্ষয়য়িত্ৰী
যিহেতু এইখন এটা বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ বিদ্যালয় সেইবাবে ইয়াৰ শিক্ষক তথা শিক্ষয়িত্ৰী সকলো মাজে সময়ে বদলি হৈ থাকে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোনাকী জাতীয় বিদ্যালয়, শিমূলচালা” প্ৰবন্ধৰ সংশোধন ৬১৫৩১৭ (৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।