চুঙা পিঠা কেঁচা পিঠাগুড়ি আৰু গুড় মিহলাই কোমল বাঁহৰ চুঙাত পুৰি ভজা এবিধ পিঠা। দক্ষিণ এছিয়াৰ অসম আৰু বাংলাদেশৰ ছিলেট অঞ্চল এই পিঠাৰ উৎপত্তিস্থল। চুঙা পিঠা কৰিবলৈ জাতি বা মকাল বাঁহ এফালে গাঁঠি ৰাখি কটা হয়। পিঠাগুড়ি গুড় মিহলোৱা পানীৰে সানি বাঁহৰ চুঙাটোত ভৰাই মুখখনত কলপাত বা পৰিষ্কাৰ ধান খেৰেৰে মুখখন টানকৈ বন্ধ কৰি জুইত পোৰা হয়। সোপাটো ওলাই আহিলেই পিঠা সিজিছে বুলি জনা যায়। চুঙাত পিঠা তৈয়াৰ কৰা বাবে ই দেখাত চুঙাৰ দৰেই হয়, সেয়ে ইয়াক চুঙা পিঠা বোলা হয়।১২৩
চুঙা পিঠা অসমীয়া সমাজৰ মাঘ বিহুৰ জলপানৰ অবিচ্ছেদ্য অংগ।৪৫
প্ৰয়োজনীয় সামগ্ৰী
প্ৰস্তুতকৰণ
প্ৰথমে বৰা চাউলৰ গুড়িখিনি কিছুসময় পানীত তিয়াই ৰখা হয়। ইয়াৰ লগে লগে গাঁঠি থকা কেইটামান বাঁহ কাটি ভালকৈ ধুই চুঙা বনাই লোৱা হয়। তাৰপিছত চাউলৰ গুড়িখিনি গুৰ মিশ্ৰিত পানী বা গাখীৰৰ সৈতে মিহলি কৰি লোৱা হয়। ইয়াৰ লগতে প্ৰয়োজন অনুসৰি নাৰিকলৰ গুৰি মিহলি কৰা হয়। এতিয়া চাউলৰ গুড়িখিনি চুঙাকেইটাৰ আধালৈকে পূৰ কৰি চুঙাকেইটাৰ মুখখন কলপাতেৰে ভালকৈ বান্ধি দিয়া হয় যাতে চাউল আৰু গুৰৰ মিশ্ৰণখিনি নাযায়। চুঙা পিঠা বনাবলৈ প্ৰায় এঘণ্টা সময় লাগে আৰু কম জুইৰ প্ৰয়োজন হয়। প্ৰথমে চাউলভৰ্তি চুঙাকেইটাৰ তলৰ ভাগটো পুৰিব লাগে। তাৰপিছত তলৰ ভাগটো পুৰা হ’লে চুঙাকেইটা ওলোটা কৰি ওপৰৰ ভাগটো তলত কৰি দিব লাগে। বাহিৰৰ ফালে বাঁহৰ ৰং ক’লা হ'লে চুঙাকেইটা জুইৰ পৰা আতঁৰাই আনিব লাগে। এতিয়া কিছুসময় চুঙাকেইটা তেনেকৈয়ে থৈ দিয়াৰ পাছত দাৰ সহায়েৰে অতি সাৱধানতাৰে চুঙাকেইটা ফালি পিঠাখিনি উলিয়াব লাগে। এই পিঠাখিনি গুৰ আৰু দৈৰ সৈতে পৰিবেশন কৰা হয়।
ঠাই ভেদে চুঙা পিঠা প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়া বেলেগ আৰু সামগ্ৰীৰো তাৰতম্য দেখা যায়।
তথ্যসূত্ৰ
- ↑ Mohammed Al-Khusaibi. Traditional Foods: History, Preparation, Processing and Safety. পৃ. 132
- ↑ (21 December 2017). The Beckoning Beauty of Barak. BIT MESRAr
- ↑ (February 24, 2017). Food for thought: Understanding Bangladeshi cuisine. The Daily Star
- ↑ Sunga Pitha. শব্দ (অভিধান)
- ↑ Sunga Pitha. Alamy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুঙা পিঠা” প্ৰবন্ধৰ সংশোধন ৪৫৪০৪৭ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।