অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ঘানাৰ নাৰী

যোৱা কেইটামান দশকত ঘানাৰ মহিলাসকলৰ মৰ্যাদা আৰু ঘানাৰ সমাজত তেওঁলোকৰ ভূমিকা সলনি হৈছে।ইতিহাসৰ পাতত ঘানাৰ মহিলাসকলৰ ৰাজনৈতিক অংশগ্ৰহণ লাহে লাহে বৃদ্ধি পোৱা দেখা গৈছে। ঘানাৰ সংবিধানৰ অধীনত মহিলাসকলক সমান অধিকাৰ দিয়া হৈছে যদিও মহিলাসকলৰ শিক্ষা, নিয়োগ আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বৈষম্য মাৰ যোৱা নাই।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

যোৱা কেইটামান দশকত ঘানাৰ মহিলাসকলৰ মৰ্যাদা আৰু ঘানাৰ সমাজত তেওঁলোকৰ ভূমিকা সলনি হৈছে।১ইতিহাসৰ পাতত ঘানাৰ মহিলাসকলৰ ৰাজনৈতিক অংশগ্ৰহণ লাহে লাহে বৃদ্ধি পোৱা দেখা গৈছে।২ ঘানাৰ সংবিধানৰ অধীনত মহিলাসকলক সমান অধিকাৰ দিয়া হৈছে যদিও মহিলাসকলৰ শিক্ষা, নিয়োগ আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বৈষম্য মাৰ যোৱা নাই।৩৪ ইয়াৰ উপৰি ঘানাৰ পুৰুষতকৈ মহিলাৰ সম্পদৰ সুবিধা বহু কম।৪ গ্ৰাম্য আৰু চহৰ অঞ্চলৰ ঘানাৰ মহিলাসকলে সামান্য বেলেগ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। সমগ্ৰ ঘানাত মহিলাৰ নেতৃত্বত পৰিয়াল বৃদ্ধি পাইছে।৫

ঘানাত এতিয়াও নাৰীৰ ওপৰত একাধিক ধৰণৰ হিংসা দৃশ্যমান।৬ শেহতীয়া বছৰবোৰত নাৰীবাদী সংগঠন আৰু নাৰী অধিকাৰ সংগঠনসমূহো বৃদ্ধি পাইছে। ৬৭২ ঘানাত লিংগ সমতা অনাৰ প্ৰচেষ্টা বৃদ্ধি পাইছে। ঘানা চৰকাৰে ঘানাত মহিলাৰ অধিকাৰ বৃদ্ধিৰ বাবে অসংখ্য আন্তঃৰাষ্ট্ৰীয় লক্ষ্য আৰু চুক্তিত স্বাক্ষৰ কৰিছে।

১৯৯২ চনৰ ঘানা সংবিধানৰ অধীনত মহিলাসকলক ৰাজনৈতিক অংশগ্ৰহণৰ অধিকাৰ নিশ্চিত কৰা হৈছে যদিও চৰকাৰত মহিলাৰ প্ৰতিনিধিত্বৰ অভাৱ। ঘানাত কেতিয়াও মহিলা এগৰাকী ৰাষ্ট্ৰপতিৰ পদত বহা নাই। ২০১২ চনত সংসদত ১৯ গৰাকী মহিলাই আসন দখল কৰাৰ বিপৰীতে বাকী আসনসমূহ ২৪৬ গৰাকী পুৰুষে দখল কৰিছিল।১ ২০১৭ চনত সংসদলৈ নিৰ্বাচিত হোৱা মহিলাৰ সংখ্যা বৃদ্ধি পায় আৰু ৩৭ গৰাকী মহিলা নিৰ্বাচিত হয়।৮ কিন্তু এতিয়াও সংসদৰ ১৩.৫%হে ঘানাৰ মহিলা।৮ আদালতত মুখ্য ন্যায়াধীশ ছফিয়া আকুফো-এই পদত নিযুক্তি পোৱা দ্বিতীয়গৰাকী মহিলা। মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা আছিল জৰ্জিনা উড। ইয়াৰ উপৰিও উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ মুঠ ন্যায়াধীশৰ ভিতৰত মহিলাসকলে মাত্ৰ এটা সৰু শতাংশহে প্ৰতিনিধিত্ব কৰে।২ ২০০৯ চনত উচ্চতম ন্যায়ালয়ৰ ২৩% ন্যায়াধীশ মহিলা আছিল।১

১৯৯২ চনত বহুদলীয় ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত সংসদত মহিলাৰ সংখ্যা লাহে লাহে বৃদ্ধি পাইছে।৯ ৰাজনৈতিক ক্ষেত্ৰত সমতা বৃদ্ধিৰ বাবে ঘানাই একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে, চৰকাৰে সকলো ধৰণৰ বৈষম্য দূৰীকৰণৰ চুক্তি (CEDAW)ত স্বাক্ষৰ কৰি অনুমোদন জনায়। ঘানাত মহিলাৰ অধিকাৰ আৰু কল্যাণমূলক বিষয়ক আগুৱাই নিবলৈ কাম কৰি থকা বহুতো প্ৰতিষ্ঠান আছে। ঘানাৰ মহিলা গোট আৰু কৰ্মীসকলে মহিলাসকলৰ জীৱিকা উন্নত কৰাৰ বাবে লিংগ নীতি আৰু কাৰ্যসূচীৰ দাবী জনাইছে।৯ ইয়াৰ উপৰিও চৰকাৰৰ মহিলাৰ বাবে সমৰ্পিত মন্ত্ৰালয় আছে। লিংগ, শিশু আৰু সামাজিক সুৰক্ষা মন্ত্ৰালয়ে বিশেষভাৱে মহিলা আৰু শিশুৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত নীতি গঠনত গুৰুত্ব আৰোপ কৰে। পিছে এন জি অ’ আৰু ৰাজনৈতিক দলৰ প্ৰচেষ্টা সত্ত্বেও ঘানাৰ ৰাজনীতিত মহিলাৰ অংশগ্ৰহণ কম হৈয়ে আছে।৮

তথ্যসূত্ৰ

  1. ↑ Dzorgbo, Dan-Bright. (2016). Exploratory Study of the Current Status of the Rights and Welfare of Ghanaian Women: Taking Stock and Mapping Gaps for New Actions. African Journal of Reproductive Health. পৃ. 136–141
  2. ↑ Apusigah, Agnes Atia; Adatuu, Roland. (1 January 2017). Enhancing Women's Political Fortunes in Ghana: Is a 50/50 Campaign Realistic?. Ghana Journal of Development Studies. পৃ. 43–62
  3. ↑ Mahama, Tia Abdul-Kabiru; Nkegbe, Paul Kwame. (2017-01-01). Gender Preference in Primary School Enrolment among Households in Northern Region, Ghana. Ghana Journal of Development Studies. পৃ. 60–78
  4. ↑ Awumbila, Mariama. (2006). Gender equality and poverty in Ghana: implications for poverty reduction strategies. GeoJournal. পৃ. 149–161
  5. ↑ Owusu Ashah & Agbemafle. (2016). Determinants of Domestic Violence Against Women in Ghana. BMC Public Health. পৃ. 368
  6. ↑ Amoakohene, Margaret Ivy. (2004-12-01). Violence against women in Ghana: a look at women's perceptions and review of policy and social responses. Social Science & Medicine. পৃ. 2373–2385
  7. ↑ Lawrance, Benjamin N. (2010). From Child Labor "Problem" to Human Trafficking "Crisis": Child Advocacy and Anti-Trafficking Legislation in Ghana. International Labor and Working-Class History. পৃ. 63–88
  8. ↑ Apusigah, Agnes Atia; Adatuu, Roland. (2017-01-01). Enhancing Women's Political Fortunes in Ghana: Is a 50/50 Campaign Realistic?. Ghana Journal of Development Studies. পৃ. 43–62
  9. ↑ Musah, Baba Iddrisu. (2013). Women and Political Decision Making: Perspectives from Ghana's Parliament. Journal of Alternative Perspectives in the Social Sciences. পৃ. 443–476

সম্পৰ্কিত শ্ৰেণী

দেশভেদে নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘানাৰ নাৰী” প্ৰবন্ধৰ সংশোধন ৬২৪৫৩০ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।