জয়নগৰৰ মোৱা (জয়নগৰেৰ মোয়া) এবিধ খেজুৰৰ গুড় আৰু আখৈৰে তৈয়াৰ কৰা বাঙালী মিঠাই। এইপ্ৰকাৰৰ "মোৱা" প্ৰথমে পশ্চিমবংগৰ জয়নগৰ মজিলপুৰত তৈয়াৰ কৰা হৈছিল। কলিকতাৰ লগতে আন ঠাইসমূহতো সমানে জনপ্ৰিয় মিঠাইবিধ কেতিয়াবা সস্তীয়া সামগ্ৰী আৰু ৰাসায়নিক গোন্ধৰে তৈয়াৰ কৰা হয়।১
পৰিচয় আৰু সামগ্ৰীসমূহ
বহুতো সামগ্ৰী ব্যৱহাৰ কৰি "জয়নগৰৰ মোৱা" তৈয়াৰ কৰা হয়। সেইবোৰ হল নলেন গুড় (খেজুৰৰ গুড়), কণকচুৰ আখৈ (এবিধ সুগন্ধিত চাউলৰ আখৈ), দেশী ঘিউ, ইলাচি, আৰু পষ্ট' দানা। নলেন গুড় আৰু কণকচূড় ঘাইকৈ শীতকালৰ সামগ্ৰী হোৱাৰ বাবে "জয়নগৰৰ মোৱা" শীতকালত উপলব্ধ হয়।১ সাধাৰণ মোৱাবিধ মুৰি আৰু গুড়েৰে তৈয়াৰ কৰা কুৰকুৰীয়া লাৰু। এইবিধ মোৱা গোটেই বছৰধৰি তৈয়াৰ কৰা হয় আনকি সৰু সৰু প্লাষ্টিকৰ পেকেটত দোকানত পোৱা যায়।
জয়নগৰ মজিলপুৰ আচল সামগ্ৰীৰে তৈয়াৰ কৰা "জয়নগৰৰ মোৱা"ৰ ১৫০খনতকৈ বেছি মিঠাইৰ দোকান আছে। ১৯২৯ চনত স্থাপন হোৱা "শ্ৰীকৃষ্ণ মিষ্টান্ন ভাণ্ডাৰ" এই মোৱা তৈয়াৰ কৰা এখন পুৰণি দোকান। এই মোৱায়ে ভাৰতৰ "ভৌগোলিক পৰিচায়ক"ৰ মৰ্যাদা লাভ কৰিছে।২৩
প্ৰত্যাহ্বান
বৰ্তমান সময়ত "জয়নগৰৰ মোৱা"ৰ জনপ্ৰিয়তা আৰু প্ৰচুৰ চাহিদাৰ বাবে গোটেই পশ্চিমবংগ, বিশেষকৈ কলিকতাত সস্তীয়া সামগ্ৰী আৰু ৰাসায়নিক সুগন্ধিৰে বৃহৎ পৰিমাণৰ মোৱা তৈয়াৰ কৰি "জয়নগৰৰ মোৱা"ৰ নামত বাণিজ্যিকীকৰণ কৰা হৈছে। ইয়াৰ ফলত "জয়নগৰৰ মোৱা" প্ৰস্তুতকৰ্তাসকল লোকচানৰ সন্মুখীন হৈছে। তেওঁলোকে দাবী কৰিছে যে সস্তীয়া সামগ্ৰীৰে প্ৰস্তুত কৰা মোৱা খাঁটি নহয়, যিহেতু "জয়নগৰৰ মোৱা" কেৱল কণকচুৰৰ আখৈ আৰু খেজুৰৰ গুড়েৰে তৈয়াৰ কৰা উচিত। এই দুইবিধ সামগ্ৰীৰ উপস্থিতিৰ উপৰি এই মোৱা কেৱল জয়নগৰ মজিলপুৰত উৎপাদন কৰিলে হে খাঁটি মোৱা হ’ব বুলি প্ৰস্তুতকৰ্তাসকলে কৈছে।২
আজি কালি খেজুৰ গছৰ সংখ্যা কমাৰ বাবে খেজুৰৰ গুড়ৰ উপলব্ধতা কমি গৈছে আৰু পাৰম্পাৰিক পদ্ধতিৰে নলেণ গুড় তৈয়াৰ কৰা শিউলীসকলে আন বৃত্তিত যোগ দিছে। সেইদৰে কণকচুৰ চাউল এক স্থানীয় প্ৰজাতি আৰু কেৱল সাৰ নিদিয়া পাৰম্পাৰিক পদ্ধতিৰে শীতকালত হে খেতি কৰিব পাৰি।২
তথ্যসূত্ৰ
- ↑ Chakraborty, Monotosh. Don't go by flavour, it's not Joynagarer moa. The Times of India, 14 January 2013
- ↑ Mukherji, Udit Prasanna. Joynagar moa may be patented. The Times of India, 15 March 2009
- ↑ Application for registration of a geographical indication by Joynagar Moa Nirmankari Society
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়নগৰৰ মোৱা” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৮৭ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।