চেণ্টিনেলী জনগোষ্ঠী,(Sentinelese) বা চেণ্টিনেলিজ হৈছে উত্তৰ-পূব ভাৰত মহাসাগৰৰ বংগোপসাগৰৰ উত্তৰ চেণ্টিনেল দ্বীপত বাস কৰা এক থলুৱা জনগোষ্ঠী। এই জনগোষ্ঠী বিচ্ছিন্ন খিলঞ্জীয়া জনসংখ্যাৰ অন্তৰ্গত দক্ষিণ এছিয়াৰ এক অন্যতম জনগোষ্ঠী। এইটোৱেই হয়তো, আজিৰ পৃথিৱীত বিদ্যমান একমাত্ৰ বিচ্ছিন্ন চিকাৰী-সংগ্ৰাহক সম্প্ৰদায়।১ আন্দামান দ্বীপপুঞ্জৰ মূল ১৩টা সুকীয়া সাংস্কৃতিক গোটৰ ভিতৰত আজি মাত্ৰ ৩টাহে জীয়াই আছে – জাৰাৱা, অংগে আৰু চেণ্টিনেলী ২॥ মূল ১০টা সুকীয়া বৃহত্তৰ আন্দামানৰ ভাষিক গোটৰ (জাৰাৱা বাদ দি) ৫৩ জনতকৈও কম স্থানীয়-ভাষী জীয়াই আছে। গৰিষ্ঠসংখ্যকে হিন্দী কয় ২। কৱল চেণ্টিনেলী জনগোষ্ঠীটোৱেহে চৰম বিচ্ছিন্নতাৰ জৰিয়তে তেওঁলোকৰ নিজৰ পৰম্পৰা, ভাষা, আৰু জীৱন-ধাৰণৰ পদ্ধতি আনৰ প্ৰভাৱিত হʼব দিয়া নাই। ৩ এই জনগোষ্ঠীটোৰ বাহিৰৰ লোকৰ সৈতে ন্যূনতম সংস্পৰ্শ। সাধাৰণতে চেণ্টিনেলী দ্বীপটোৰ কাষ চাপি অহা বা অৱতৰণ কৰা অচিনাকি লোকসকলৰ প্ৰতি চেণ্টিনেলী সকলে শত্ৰুতাপূৰ্ণ মনোভাৱ প্ৰদৰ্শন কৰে। ১৯৯০ চনৰ আৰম্ভণিতে কেৱল এটা বন্ধুত্বপূৰ্ণ যোগাযোগৰ বাতৰি পোৱা গৈছিল যদিও এনে দৃষ্টান্ত বিৰল।৪ বৰ্তমানৰ পৃথিৱীৰ একমাত্ৰ জনগোষ্ঠীটোৱেই হৈছে চেণ্টিনেলী যিসকল নৃতত্ত্ববিদ আৰু অন্যান্য গৱেষণাৰ সংস্পৰ্শৰ পৰা আঁতৰি আছে। ৩
১৯৫৬ চনত ভাৰত চৰকাৰে উত্তৰ চেণ্টিনেল দ্বীপক জনজাতীয় সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰি তাৰ পৰা ৩ নটিকেল মাইল (৫.৬ কিলোমিটাৰ) ভিতৰৰ যাত্ৰা নিষিদ্ধ কৰে। ইয়াৰ উপৰিও বাহিৰৰ লোকৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ চৰকাৰে চাৰিওফালৰ পানীত অহৰহ সশস্ত্ৰ বাহিনীৰ টহল বজাই ৰখা হৈছে।৫ এই জনগোষ্ঠীৰ ফটোগ্ৰাফীও নিষিদ্ধ।
অৱলোকন
ভূগোল
চেণ্টিনেলীসকল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উত্তৰ চেণ্টিনেল দ্বীপত বাস কৰে। এই দ্বীপ বংগোপসাগৰৰ এক ভাৰতীয় দ্বীপপুঞ্জ।৬৭ আন্দামানৰ ৰাজধানী প'ৰ্ট ব্লেয়াৰৰ পৰা প্ৰায় ৬৪ কিলোমিটাৰ (৩৫ এনমাইল) পশ্চিমে এই দ্বীপটো অৱস্থিত।৮}}. ইয়াৰ আয়তন প্ৰায় ৫৯.৬৭ কিলোমিটাৰ (১৪,৭৪০ একৰ) আৰু ইয়াৰ ৰূপৰেখা মোটামুটি বৰ্গক্ষেত্ৰ। ৯৮ সাগৰৰ পাৰ প্ৰায় ৪৫ মিটাৰ (৫০ গজ) বহল, ইয়াৰ সীমাত আছে উপকূলীয় অৰণ্য আৰু ঘন গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ অৰণ্য।৮ এই দ্বীপটোৰ চাৰিওফালে প্ৰবাল প্ৰাচীৰ আৰু ইয়াৰ জলবায়ু গ্ৰীষ্মমণ্ডলীয়।
অবয়ব
১৯৭৭ চনৰ হাইনৰিখ হাৰাৰৰ এক প্ৰতিবেদনত এজন চেণ্টাইনেলী মানুহ ১.৬০ মিটাৰ (৫ ফুট ৩ ইঞ্চি)ওখ বুলি বৰ্ণনা কৰা হৈছে, সম্ভৱতঃ দ্বীপপুঞ্জীয় বামনত্ব (তথাকথিত "দ্বীপ প্ৰভাৱ"), পুষ্টি বা কেৱল আনুবংশিক ঐতিহ্যৰ বাবে।১০ ২০১৪ চনত তেওঁলোকৰ দ্বীপটোৰ বাহ্যিক প্ৰদক্ষিণৰ সময়ত গৱেষকসকলে তেওঁলোকৰ উচ্চতা ১.৬০ৰ পৰা ১.৬৫ মিটাৰ (৫ ফুট ৩ ইঞ্চি আৰু ৫ ফুট ৫ ইঞ্চি)ৰ ভিতৰত ধৰি লৈছিল। আৰু তেওঁলোকৰ ছালৰ ৰং "গাঢ়, জিলিকি থকা ক'লা" বুলি লিপিবদ্ধ কৰিছিল। তেওঁলোকৰ মেদবহুলতাৰ কোনো লক্ষণ দেখা পোৱা নাছিল আৰু পেশীও অতি উল্লেখযোগ্য আছিল।১১
জনসংখ্যা
সামাজিক-জনগাঁথনিৰ ক্ষেত্ৰত, ১৯১১ চনৰ লোকপিয়ল প্ৰতিবেদনত, প্ৰথমবাৰৰ বাবে, চেণ্টিনেলী জনগোষ্ঠীৰ জনসংখ্যাৰ সংখ্যাক এক পৃথক গোট হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল ১২। এই জনগোষ্ঠীৰ জনসংখ্যা বেছিভাগ অনুমান ৫০ৰ পৰা ২০০ৰ ভিতৰত।৭১৩১৪১৫ তেতিয়া মাত্ৰ এটা আনুমানিক পৰিসংখ্যা আছিল ১১৭। পৰৱৰ্তী লোকপিয়লৰ প্ৰতিবেদনসমূহত এই ধাৰা অব্যাহত ৰখা হৈছিল। ১৯৫১ চনৰ লোকপিয়লে তেওঁলোকৰ জনসংখ্যাৰ কোনো টোকা বা পৰিসংখ্যা প্ৰদান কৰা হোৱা নাছিল, সেয়েহে ১৯১৩ চনৰ সংখ্যাৰ ইয়াত পুনৰাবৃত্তি কৰা হৈছিল। ১৯৬১ চনৰ লোকপিয়লৰ পুনৰাবৃত্তি চুটি টোকাৰ সৈতে সংখ্যা দিয়া হৈছিল ১০২-১০৫।১৬ ১৯৭১ চনৰ লোকপিয়লত ইয়াৰ জনসংখ্যা প্ৰায় ৮২, আৰু ১৯৮১ চনৰ লোকপিয়লত ১০০ জন।৮ ১৯৮৬ চনৰ এটা অভিযানত সৰ্বাধিক ৯৮ জন লোকৰ সংখ্যা পোৱা গৈছিল।৮ ২০০১ চনত ভাৰতৰ লোকপিয়লত আনুষ্ঠানিকভাৱে ২১ জন পুৰুষ আৰু ১৮ জন মহিলা বুলি লিপিবদ্ধ কৰা হৈছে।১৭ এই জৰীপটো দূৰৰ পৰা কৰা হৈছিল, সেয়ে ই প্ৰকৃত গণনা নহয়, কেৱল অনুমানহে।১৮ প্ৰকৃত সংখ্যা দুশৰ ওচৰত হ'ব পাৰে বুলি কিছু প্ৰতিবেদনে কয়।১৯ ২০ ২০০৪ চনৰ ছুনামিৰ পিছৰ অভিযানত ২০০৪ আৰু ২০০৫ চনত ক্ৰমে ৩২ আৰু ১৩ জন ব্যক্তিৰ জনসংখ্যা পোৱা গৈছিল।২১২২ ২০১৪ চনৰ এক দুৰৈৰ প্ৰদক্ষিণৰ দ্বাৰা, গৱেষকসকলে ছয়গৰাকী মহিলা, সাতজন পুৰুষ (আটাইকেইজনৰ বয়স ৪০ বছৰৰ তলৰ) আৰু চাৰিবছৰতকৈ কম বয়সৰ তিনিটা শিশু নথিভুক্ত কৰিছিল।২৩ ভাৰতীয় নৃতত্ত্ব জৰীপে ২০১৬ চনত প্ৰকাশ কৰা "দুৰ্বল জনজাতি গোট"ৰ ওপৰত এখন হাতপুথিত জনসংখ্যা ১০০ৰ পৰা ১৫০ৰ ভিতৰত বুলি অনুমান কৰা হৈছে। ৮ কিছুমান গৱেষকৰ মতে প্ৰকৃত সংখ্যা দুশৰ ওচৰত হ'ব পাৰে।২৪ ২৫
সামাজিক অনুশীলন
চেণ্টিনেলীসকল চিকাৰী-সংগ্ৰাহক। তেওঁলোকে স্থলজ বন্যপ্ৰাণী চিকাৰ কৰিবলৈ ধনু-কাঁড়ৰ সৈতে বৰশী আৰু স্থানীয় সাগৰীয় খাদ্য ব্যৱহাৰ কৰে।তেওঁলোকে বোকা কেঁকোৰা আৰু মলাস্কান খোলা ধৰিবলৈ অধিক আদিম পদ্ধতি ব্যৱহাৰ কৰে। তেওঁলোকৰ বসতিস্থলত পোৱা পোৰা খোলাৰ প্ৰাচুৰ্য্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে মোলাস্ক খায় বুলি বিশ্বাস কৰা হয়।৮ তেওঁলোকে কৃষিৰ সৈতে জড়িত বুলি জনা নাযায়। ২৬২৭২৮ মতা মানুহবোৰে কঁকালৰ বেল্টত ডেগাৰ গুঁজি থয়।৮ তেওঁলোকে যদিও কিছুমান অলংকাৰ যেনে নেকলেস আৰু মুকুট পিন্ধে, কিন্তু মূলতঃ তেওঁলোক নগ্ন। ২৯৩০৩১ তেওঁলোকৰ বাসস্থানবোৰ চাৰিটা খুঁটাত স্থাপন কৰা সৰু সৰু অস্থায়ী জুপুৰি আৰু ঘৰৰ চাল হেলনীয়া পাতেৰে আবৃত।৩২
চেণ্টিনেলীসকলে ধাতুৰ মূল্যৰ শলাগ লয়, তেওঁলোকে ইয়াক গুড়ি কৰি সঁজুলি আৰু অস্ত্ৰ সৃষ্টি কৰে আৰু ১৯৭৪ চনত নেচনেল জিঅ'গ্ৰাফিক ছ'চাইটিয়ে এৰি থৈ যোৱা এলুমিনিয়ামৰ ৰন্ধন সামগ্ৰী তেওঁলোকে গ্ৰহণ কৰে।১৩ কাঁড়ৰ মূৰৰ দৰে সঁজুলি তৈয়াৰ কৰাৰ বাহিৰে তেওঁলোকৰ ধাতুবিজ্ঞানৰ জ্ঞান থকাৰ কোনো প্ৰমাণ পোৱা নাযায়,৩৩ যদিও আন্দামানৰ পণ্ডিত বিশ্বজিৎ পাণ্ডিয়াই লক্ষ্য কৰে যে অংগে জনগোষ্ঠীৰ আখ্যানসমূহে প্ৰায়ে তেওঁলোকৰ পূৰ্বপুৰুষসকলে ধাতু ক্ৰয়ৰ বাবে উত্তৰ চেণ্টিনেললৈ কৰা যাত্ৰাৰ কথা মনত পেলায়।৩৪ নাওবোৰ মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু পেডেলৰ সলনি দীঘল খুটা বঠা হিচাপে ব্যৱহাৰ কৰা হয়।৮৩৫ দ্বীপ পাৰ হৈ যাতায়তৰ বাবে তেওঁলোকে এই নাওবোৰ খুব কমেইহে ব্যৱহাৰ কৰে।৩৬ তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰত সৰল জ্যামিতিৰ ডিজাইন দেখা যায়।৮ মহিলাসকলক দুয়োখন হাতৰ তলুৱাৰে উৰুত চাপৰ মাৰি নাচি থকা দেখা যায় আৰু একেসময়তে বেঁকা আঁঠুৰ স্থিতিত ভৰিদুখন ছন্দবদ্ধভাৱে টুকৰ মৰা দেখা যায়।৮

ভাষা
তেওঁলোকৰ সম্পূৰ্ণ বিচ্ছিন্নতাৰ বাবে, চেণ্টিনেলী জনগোষ্ঠীৰ ভাষাৰ বিষয়ে প্ৰায় একো জনা নাযায়, সেয়েহে এই ভাষা অশ্ৰেণীবদ্ধ। ৩৭৩৮৩৯ এইটো লিপিবদ্ধ কৰা হৈছে যে জাৰাৱা ভাষা চেণ্টিনেলীসকলৰ ভাষাৰ সৈতে পাৰস্পৰিকভাৱে বোধগম্য নহয়। ১৭৩৭ অংগে ভাষাৰ সৈতে সাদৃশ্যৰ পৰিসৰ অজ্ঞাত;৪০ অসুৰক্ষিত জনজাতি গোটৰ ওপৰত ভাৰতৰ ২০১৬ চনৰ নৃতাত্ত্বিক জৰীপ পুস্তিকাখনে তেওঁলোকক পাৰস্পৰিকভাৱে বোধগম্য নহয় বুলি বিবেচনা কৰে। ৮
বিচ্ছিন্নতা আৰু যোগাযোগহীন অৱস্থা
১৯৫৭ চনত ভাৰত চৰকাৰে উত্তৰ চেণ্টিনেল দ্বীপক জনজাতীয় সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে আৰু ৩ নটিকেল মাইল (৫.৬ কিলোমিটাৰ)ৰ ভিতৰত যাত্ৰা নিষিদ্ধ কৰে।২৮৪১৪২ ফটো লোৱাও নিষিদ্ধ।৪৩ অহৰহ সশস্ত্ৰ বাহিনীৰ টহলদাৰীয়ে বাহিৰৰ লোকৰ অনুপ্ৰৱেশ ৰোধ কৰে।৪৪
চেণ্টিনেলী হৈছে স্বেচ্ছামূলক বিচ্ছিন্নতাত থকা খিলঞ্জীয়া জনগোষ্ঠীৰ এটা সম্প্ৰদায়। বিশেষভাৱে ই এক দুৰ্বল জনজাতীয় গোট৪৫ আৰু অনুসূচীত জনজাতি৪৬ বুলি অভিহিত কৰা এই গোট আন্দামান জনগোষ্ঠীৰ বহল শ্ৰেণীত অন্তৰ্গত।
গ্ৰেট আন্দামানী, জাৰাৱা, অংগে, শ্বোম্পেন আৰু নিকোবাৰেছৰ লগতে চেণ্টিনেলী আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ছয়টা থলুৱা আৰু প্ৰায়ে একাকী জনগোষ্ঠীৰ ভিতৰত অন্যতম।৪৫ আনসকলৰ দৰে নহয়, চেণ্টিনেলীসকলে বাহিৰৰ জগতখনৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিবলৈ ধাৰাবাহিকভাৱে অস্বীকাৰ কৰি আহিছে। ইহঁতে বাহিৰৰ মানুহৰ প্ৰতি শত্ৰুতা মনোভাব প্ৰকাশ কৰে আৰু দ্বীপটোৰ কাষ চাপি অহা বা অৱতৰণ কৰা লোকক হত্যা কৰে।৪৭৪৮
তথ্যসূত্ৰ
- ↑ Sasikumar, M. U. N. D. A. Y. A. T. (2018). The Sentinelese of the north Sentinel Island: Concerns and perceptions. Journal of the Anthropological Survey of India, 67(1), 37-44
- ↑ Endicott, P., Gilbert, M., Stringer, C., Lalueza-Fox, C., Willerslev, E., Hansen, A., & Cooper, A. 2003. The Genetic Origins of the Andaman Islanders. The American Journal of Human Genetics, 178-184
- ↑ Segil, M. The Sentinelese: To contact or not to contact... The Consequences of Colonialism
- ↑ McGirk, Tim (10 January 1993). "Islanders running out of isolation: Tim McGirk in the Andaman Islands reports on the fate of the Sentinelese". The Independent. London. Archived from the original on 8 December 2017. Retrieved 15 April 2020
- ↑ Chatterjee, Tanmay. Month after American youth was killed by Sentinelese tribe, Andaman police launches new helpline for tourists. Hindustan Times
- ↑ Foster, Peter. (8 February 2011). Stone Age tribe kills fishermen who strayed on to island. The Daily Telegraph
- ↑ Dobson, Jim. (21 November 2018). A Human Zoo on the World's Most Dangerous Island? The Shocking Future of North Sentinel. Forbes
- ↑ (2016). The Particularly Vulnerable Tribal Groups in India: Privileges and Predicaments. Anthropological Survey of India. পৃ. 659–668. ISBN 978-93-5098106-1
- ↑ (1887). The Bay of Bengal Pilot. Admiralty. United Kingdom Hydrographic Office. পৃ. 257
- ↑ Harrer, Heinrich. (1977). Die letzten Fünfhundert: Expedition zu d. Zwergvölkern auf d. Andamanen. Ullstein. ISBN 978-3-550-06574-3
- ↑ The Most Isolated Tribe in the World: The Sentinelese
- ↑ Pandit TN (1990) The sentinelese. Seagull Books
- ↑ Pandya, Vishvajit. (2009a). Through Lens and Text: Constructions of a 'Stone Age' Tribe in the Andaman Islands. History Workshop Journal. পৃ. 173–193
- ↑ (21 November 2018). American 'killed by arrow-wielding tribe'. BBC News
- ↑ Bagla, Pallava; Stone, Richard. (2006). After the Tsunami: A Scientist's Dilemma. Science. পৃ. 32–35
- ↑ Paul, S., Justin, A., & Chatterjee, S. (2024). Sentinelese contacts: anthropologically revisiting the most reclusive masters of the terra incognita North Sentinel Island. Humanities and Social Sciences Communications, 11(1), 1-10
- ↑ Enumeration of Primitive Tribes in A&N Islands: A Challenge
- ↑ (2013). Forest Statistics – Department of Environment & Forests, Andaman & Nicobar Islands
- ↑ Srivastava VK, Kumar U, Sasikumar M, Pulamaghatta VN, Patel SK, Goyal PA (2020) Draft of the policies for great Andamanese and Sentinelese. J Anthropol Surv India 69(1):165–176
- ↑ Sasikumar M (2023) The Sentinel Islanders: The Most Isolated Tribe In the World. Anthropological Survey of India, Manohar
- ↑ (2011). Census of India 2011 Andaman & Nicobar Islands. censusindia.gov.in
- ↑ Government of India, Ministry of Tribal Affairs. (24 February 2016). Tribals in A & N Islands. Press Information Bureau
- ↑ (2020-12-12). The Forbidden North Sentinel Island. KD's Stolen History Blog
- ↑ Srivastava VK, Kumar U, Sasikumar M, Pulamaghatta VN, Patel SK, Goyal PA (2020) Draft of the policies for great Andamanese and Sentinelese. J Anthropol Surv India 69(1):165–176
- ↑ Sasikumar M (2023) The Sentinel Islanders: The Most Isolated Tribe In the World. Anthropological Survey of India, Manohar
- ↑ Burman. (1990). Cartography for Development of Outlying States and Islands of India: Short Papers Submitted at NATMO Seminar, Calcutta, December 3–6, 1990. National Atlas and Thematic Mapping Organisation, Ministry of Science and Technology, Government of India. পৃ. 203
- ↑ Weber, George. The Tribes: Chapter 8. andaman.org
- ↑ Burton, Adrian. (2012). A world of their own. Frontiers in Ecology and the Environment. পৃ. 396
- ↑ Goodhart, Adam. (2000). The Last Island of the Savages. The American Scholar. পৃ. 13–44
- ↑ Shammas, John. (22 April 2015). Mysterious island is home to 60,000-year-old community who KILL outsiders. Daily Mirror
- ↑ The Forbidden Island. Neatorama
- ↑ Pandit 1990, পৃ. 16
- ↑ Gettleman, Jeffrey; Kumar, Hari; Schultz, Kai. (21 November 2018). Isolated Tribe Kills American With Bow and Arrow on Remote Indian Island. The New York Times
- ↑ Pandya 2009, পৃ. 41
- ↑ Pandya 2009, পৃ. 346
- ↑ Pandya 2009, পৃ. 346
- ↑ Zide, Norman; Pandya, Vishvajit. (1989). A Bibliographical Introduction to Andamanese Linguistics. Journal of the American Oriental Society. পৃ. 639–651
- ↑ Moseley, Christopher. (2007). Encyclopedia of the World's Endangered Languages. Routledge. পৃ. 342. ISBN 978-0-7007-1197-0
- ↑ (5 July 2013). Chapter 8: The Tribes
- ↑ Pandit 1990, পৃ. 21–22
- ↑ Whiteside, Philip. (21 November 2018). US man killed by tribe after ignoring ban on visiting remote North Sentinel island. Sky News
- ↑ Sengar, Resham. Know how 60,000-year-old human tribe of secluded North Sentinel Island behaves with outsiders. দ্য টাইম্ছ অৱ ইণ্ডিয়া Travel
- ↑ Bhatnagar, Gaurav Vivek. (23 November 2018). Centre Ignored ST Panel Advice on Protecting Vulnerable Andaman Tribes. The Wire
- ↑ Pandya 2009, পৃ. 334
- ↑ Dutta, Prabhash K. (21 November 2018). Beyond killing of American national: Sovereign citizens of India. ইণ্ডিয়া টুডে
- ↑ List of notified Scheduled Tribes. Census India. পৃ. 27
- ↑ Gettleman, Jeffrey. (21 November 2018). American Is Killed by Bow and Arrow on Remote Indian Island. The New York Times
- ↑ Westmass, Reuben. North Sentinel Island Is Home to the Last Uncontacted People on Earth. curiosity.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেণ্টিনেলী জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৬২৪৭১৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।