অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ (Girijananda Chowdhury Institute of Management and Technology, Tezpur, চমুকৈ জি আই এম টি, তেজপুৰ) ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অসমৰ এখন অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান।

হালনাগাদ: ২০ মে’ ২০২৫ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ (Girijananda Chowdhury Institute of Management and Technology, Tezpur, চমুকৈ জি আই এম টি, তেজপুৰ) ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অসমৰ এখন অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান। ২০১১ চনত শোণিতপুৰ জিলাৰ তেজপুৰ চহৰৰ সমীপত ডেকাৰগাঁও কুন্দাৰবাৰী অঞ্চলত ইয়াক প্ৰতিষ্ঠা কৰা হয়।

অৱস্থিতি

জি আই এম টি তেজপুৰ হৈছে শ্ৰীমন্ত শংকৰ একাডেমী ছ’ছাইটিৰ অধীনস্থ দ্বিতীয় অভিযান্ত্ৰিক মহাবিদ্যালয়। এই মহাবিদ্যালয় শোণিতপুৰ জিলাৰ তেজপুৰৰ ডেকাৰগাৱৰ কুন্দাৰবাৰী ৰাজহ গাঁৱৰ ঔদ্যোগিক অঞ্চলত অৱস্থিত। ডেকাৰগাৱ ৰেলৱে স্টেচনৰ সমীপতে এই প্ৰতিষ্ঠানটি অৱস্থিত।

অন্তৰ্ভুক্তি

অল ইণ্ডিয়া কাউন্সিল অৱ টেকনিকেল এডুকেশ্যন (চমুকৈ AICTE) ৰ অনুমোদন ক্ৰমে তিনিটা অভিযান্ত্ৰিক বিভাগ: চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেলৰ বাবে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি ৰাজ্যিক ভিত্তিত অনুষ্ঠিত Common Entrance Examination ৰ ফলাফলৰ ভিত্তিত আৰম্ভ কৰা হয়। প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তভুক্ত প্ৰতিষ্ঠানটি বৰ্তমানে অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অন্তভুক্ত। ১

পাঠ্যক্ৰম

গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অধিনত এই প্ৰতিষ্ঠানখনে স্নাতক পৰ্যায়ত পাঠ্যক্ৰম আগবঢ়ায়। অভিযান্ত্ৰিক বিষয়ত চাৰিবছৰীয়া স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম আগবঢ়োৱা বিভাগসমূহ হৈছে:

বিভাগসমুহ

পাঠ্যক্ৰমৰ বিভিন্ন দিশ পুৰ্ণ কৰিবৰ বাবে প্ৰতিষ্ঠানটিত বিভিন্ন বিভাগ আছে।বিভিন্ন বিভাগৰ অধীনত প্ৰায় ২৩টা পৰীক্ষাগাৰ আছে।

অভিযান্ত্ৰিক বিভাগ

  • যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ
  • অসামৰিক অভিযান্ত্ৰিক বিভাগ
  • বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগ
  • সু়ক্ষ্ম বৈদ্যুতিক ও যোগাযোগ অভিযান্ত্ৰিক বিভাগ

অন্যান্য বিভাগ

  • ভৌতিক বিজ্ঞান বিভাগ
  • গণিত বিভাগ
  • ৰসায়ণ বিজ্ঞান বিভাগ
  • মানৱিকী ও সমাজ বিজ্ঞান বিভাগ

প্ৰশিক্ষণ ও নিয়োগ কোষ

প্ৰতিষ্ঠানটিৰ প্ৰশিক্ষণ ও নিয়োগ কোষৰ কাম গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ সৈতে যুটীয়া ভাৱে পৰিচালিত হয়। সৌৰভ মজিন্দাৰ বৰুৱা দুয়োটি প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ ও নিয়োগ বিষয়া।তেজপুৰ প্ৰতিষ্ঠানৰ নিয়োগকাৰী বিভিন্ন কোম্পানী তথা প্ৰতিষ্ঠান সমূহ হৈছে -

    • KEC International Ltd.
  • ভাৰতীয় সেনা
  • Wipro BPS
  • Shriram Transport Finance Co. Ltd.
  • Autometers Alliance Ltd.
  • Ericsson India Pvt. Ltd.
  • XL Dynamics India Pvt. Ltd.
  • Ceasefire Industries Ltd.
  • Genpact
  • I Serve Communication Pvt Ltd.
  • Fanuc India Ltd.
  • Cummins India Ltd.
  • Godrej Consumer Products Ltd.
  • Horizon Telecom*

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ দীপাংকৰ কলিতা. জি আই এম টি, তেজপুৰ প্ৰতিষ্ঠাৰ আঁৰৰ কাহিনী. জিমচিয়ান (জি আইএম টি তেজপুৰৰ বাৰ্ষিক মুখপত্ৰ,প্ৰথম সংখ্যা). পৃ. ১,২ পৃষ্ঠা

সম্পৰ্কিত শ্ৰেণী

অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ” প্ৰবন্ধৰ সংশোধন ৫১০৭৭৩ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।