অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ছিক্কিম বিশ্ববিদ্যালয়

ছিক্কিম বিশ্ববিদ্যালয় (Sikkim University) হʼল ভাৰতীয় সংসদৰ এক আইনৰ অধীনত প্ৰতিষ্ঠিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ই গেংটকত অৱস্থিত। ইয়াৰ চৌহদটো গেংটকৰ পৰা প্ৰায় ৫৬ কিলোমিটাৰ (৩৫ মাইল) দূৰত্বত থকা নামচি জিলাৰ ইয়াংগাঙত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ প্ৰথমগৰাকী আচাৰ্য আছিল এম. এছ.

হালনাগাদ: ৩০ জানুৱাৰী ২০২৬ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

ছিক্কিম বিশ্ববিদ্যালয়১ (Sikkim University) হʼল ভাৰতীয় সংসদৰ এক আইনৰ অধীনত প্ৰতিষ্ঠিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়।২ ই গেংটকত অৱস্থিত। ইয়াৰ চৌহদটো গেংটকৰ পৰা প্ৰায় ৫৬ কিলোমিটাৰ (৩৫ মাইল) দূৰত্বত থকা নামচি জিলাৰ ইয়াংগাঙত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে।৩ ইয়াৰ প্ৰথমগৰাকী আচাৰ্য আছিল এম. এছ. স্বামীনাথন আৰু প্ৰথমগৰাকী উপাচাৰ্য আছিল মহেন্দ্ৰ পি. লামা।

২০০৮ চনত বিশ্ববিদ্যালয়খনে চাৰিটা বিভাগেৰে যাত্ৰা আৰম্ভ কৰিছিল — সমাজ ব্যৱস্থা আৰু নৃতত্ত্ব; শান্তি আৰু সংঘাত অধ্যয়ন আৰু ব্যৱস্থাপনা; আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক/ৰাজনীতি; আৰু অণুজীৱ বিজ্ঞান। বিশ্ববিদ্যালয়খনে মানৱীয় শাখা, ভৌতিক আৰু জীৱবিজ্ঞান আৰু বনবিজ্ঞানৰ দৰে পৰম্পৰাগত পাঠ্যক্ৰমৰ লগতে ৰাজ্যখনৰ সৈতে জড়িত কিছুমান অনন্য আৰু অপৰম্পৰাগত পাঠ্যক্ৰমো আগবঢ়ায়। ইয়াৰ ভিতৰত নৃগোষ্ঠীয় ইতিহাস, পৰ্বত অধ্যয়ন, সীমান্ত অধ্যয়ন আৰু পাৰ্বত্য সংগীত আৰু সংস্কৃতিৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত।৪

ছিক্কিম ৰাজ্যৰ সকলো মহাবিদ্যালয় এই বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত।

অধিভুক্ত মহাবিদ্যালয়

  • ডাম্বাৰ সিং কলেজ ৬ নং মাইল চামদুৰ, টাডং, পূব ছিক্কিম
  • চৰকাৰী মহাবিদ্যালয় ৰেনক ইষ্ট ছিক্কিম
  • চৰকাৰী বৃত্তিমূলক মহাবিদ্যালয়, ডেণ্টাম, পশ্চিম ছিক্কিম
  • নামচি চৰকাৰী মহাবিদ্যালয় দক্ষিণ ছিক্কিম
  • উত্তৰ ছিক্কিম মাংচিলা চৰকাৰী কলা মহাবিদ্যালয়
  • নৰ বাহাদূৰ ভাণ্ডাৰী চৰকাৰী মহাবিদ্যালয়, তাডং, পূব ছিক্কিম
  • ছিক্কিম চৰকাৰী আইন মহাবিদ্যালয় বুৰ্টুক, পূব ছিক্কিম
  • ছিক্কিম চৰকাৰী মহাবিদ্যালয় বুৰ্টুক, পূব ছিক্কিম
  • ছিকিম চৰকাৰী মহাবিদ্যালয়, গ্যালশ্বিং, পশ্চিম ছিক্কিম
  • ছিক্কিম চৰকাৰী বিজ্ঞান মহাবিদ্যালয় চাকুং, পশ্চিম ছিক্কিম
  • হৰকামায়া শিক্ষা মহাবিদ্যালয়
  • লয়লা কলেজ অৱ এডুকেচন
  • ছিক্কিম চৰকাৰী বি.এড কলেজ
  • চৰকাৰী ফাৰ্মাচী মহাবিদ্যালয়
  • হিমালয়ান ফাৰ্মাচী ইনষ্টিটিউট, মাঝিৰ, পূব ছিক্কিম
  • ছিক্কিম চৰকাৰী নাৰ্চিং মহাবিদ্যালয়
  • নামগ্যাল ইনষ্টিটিউট অৱ তিব্বত বিজ্ঞান
  • ছিক্কিম ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন’লজি

অনুষদ

বিশ্ববিদ্যালয়খনত নিম্নোল্লিখিত অনুষদ, বিভাগ আৰু অধ্যয়ন কেন্দ্ৰ আছে:৫

  • স্কুল অৱ ছ’চিয়েল ছায়েন্স
    • অৰ্থনীতি বিভাগ
    • ইতিহাস বিভাগ
    • আইন বিভাগ
    • আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিভাগ
    • ৰাজনীতি বিজ্ঞান বিভাগ
    • সমাজবিজ্ঞান বিভাগ
    • শান্তি আৰু সংঘাত অধ্যয়ন আৰু ব্যৱস্থাপনা বিভাগ
  • স্কুল অৱ লাইফ ছায়েন্স
    • উদ্ভিদ বিজ্ঞান বিভাগ
    • উদ্যান শস্য বিভাগ
    • অণুজীৱবিজ্ঞান বিভাগ
    • প্ৰাণীবিজ্ঞান বিভাগ
  • স্কুল অৱ ফিজিকেল ছায়েন্স
    • ৰসায়ন বিজ্ঞান বিভাগ
    • কম্পিউটাৰ প্ৰয়োগ বিভাগ
    • ভূতত্ত্ব বিভাগ
    • গণিত বিভাগ
    • পদাৰ্থ বিজ্ঞান বিভাগ
  • স্কুল অৱ লেংগুৱেজেছ এণ্ড লিটাৰেচাৰ
    • ছিক্কিমী বিভাগ
    • চীন বিভাগ
    • ইংৰাজী বিভাগ
    • হিন্দী বিভাগ
    • লেপচা বিভাগ
    • লিম্বু বিভাগ
    • নেপালী বিভাগ
  • স্কুল অৱ হিউমেন ছায়েন্সেছ
    • নৃতত্ত্ব বিভাগ
    • ভূগোল বিভাগ
    • মনোবিজ্ঞান বিভাগ
  • স্কুল অৱ প্ৰফেচনেল ষ্টাডিজ
    • বাণিজ্য বিভাগ
    • শিক্ষা বিভাগ
    • পৰিচালনা বিভাগ
    • সংগীত বিভাগ
    • গণসংযোগ বিভাগ
    • পৰ্যটন বিভাগ
    • পুথিভঁৰাল আৰু তথ্য বিজ্ঞান বিভাগ

তথ্যসূত্ৰ

  1. ↑ cus.ac.in/index.php/en/
  2. ↑ The Sikkim University Act, 2006, No. 10 of 2007
  3. ↑ (29 December 2011). Sikkim VC swipe at government on land. The Telegraph
  4. ↑ (26 September 2012). Prof Tanka Bahadur Subba, New VC of Sikkim University. Northeast Today
  5. ↑ Schools of study. cus.ac.in

সম্পৰ্কিত শ্ৰেণী

বিশ্ববিদ্যালয়ছিক্কিম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিক্কিম বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৭২৪৮২ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।