কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
গান্ধী জয়ন্তী
গান্ধী জয়ন্তী ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। সমগ্ৰ ভাৰতত এই দিনটো চৰকাৰী ছুটিৰ দিন। যদিও ভাৰতৰ সংবিধানত জাতিৰ পিতা বুলি কোনো উপাধি প্ৰদান কৰা হোৱা নাই, তথাপিও ভাৰতৰ জন-গণে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি গণ্য কৰে।
-
গৰু বিহু
বিহু অসমৰ জাতীয় উৎসৱ। ব'হাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰা হয়। চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়।
-
ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)
ছিৰাজ ১৯৪৮ চনত মুক্তি পোৱা ষষ্ঠ অসমীয়া কথাছবি। ছবিখন যুটীয়াভাবে পৰিচালনা কৰিছিল বিষ্ণু ৰাভা আৰু ফণী শৰ্মাই। প্ৰযোজনা কৰিছিল তেজপুৰৰ চিত্ৰাৱলী পিকচাৰ্চে। লক্ষ্মীধৰ শৰ্মাৰ চুটিগল্প, সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন 'ছিৰাজ'ৰ আধাৰত পৰিচালকদ্বয়ে চিত্ৰনাট্য ৰচনা কৰিছিল।
-
বিয়া নাম
বিয়ানাম অসমীয়া বিবাহ অনুষ্ঠানত বিভিন্ন সময়ত আয়তী সকলে গোৱা মাংগলিক গীত। এই বিয়া নামবোৰ অসমীয়া লোক সাহিত্যৰ এক অমূল্য সম্পদ। এই বিয়া নামবোৰ বিবাহ অনুষ্ঠানৰ বিভিন্ন সময়ত গোৱা হয়।
-
মাদল
মাদল (Madal) ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ পাৰম্পৰিক তালাশ্ৰয়ী আনদ্ধ লোকবাদ্য। ভাৰতীয় আদিবাসী সকলৰ মাজত আৰু নেপালত মাদল অতি জনপ্ৰিয় তালবাদ্য। মাদল বহুতো লোকসংগীতৰ মূল বাদ্য।
-
যৌৱনে আমনি কৰে (চলচ্চিত্ৰ)
যৌৱনে আমনি কৰে (Joubane Amoni Kore) ১৯৯৮ চনৰ ১৯ মেত মুক্তি পোৱা, অশোক কুমাৰ বিষয়া পৰিচালিত আৰু প্ৰযোজিত এখন ৰঙীন ৰোমাণ্টিক অসমীয়া ছবি। বহুদিন ধৰি অসমীয়া ছবি জগতত চলা এক মণ্ডাৱস্থাৰ অন্তত এই ছবিখন অতি জনপ্ৰিয় হৈছিল আৰু অসমীয়া দৰ্শকসকলক অসমীয়া ছবিৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল।
-
সাগৰলৈ বহু দূৰ
সাগৰলৈ বহুদূৰ (Xagoroloi Bohudoor, It's a Long Way to the Sea) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯৫ চনত এই ছবিখন মুক্তি দিয়া হয়।
-
অজেয়
অজেয় (Invincible) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ২০১৪ চনৰ ৩ জানুৱাৰীত এই ছবিখনে মুক্তি পায়। শিৱেন আৰ্টছৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক শংকৰ লাল গোৱেংকা। এই কথাছবিখনৰ কাহিনী অৰুণ শৰ্মাৰ ১৯৯৭ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী আশীৰ্বাদৰ ৰং নামৰ উপন্যাসখনৰ পৰা লোৱা হৈছে।
-
অসমৰ তামোল-পাণ সংস্কৃতি
তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা অপৰিহাৰ্য অংগ। বিয়া, সবাহ, অন্নপ্ৰাসন আদিকে ধৰি সকলো মাংগলিক তথা ৰাজহুৱা কাম সকামত ইয়াৰ ব্যৱহাৰ হয়। সাধাৰণতে অসমৰ গাঁওবোৰত ইয়াৰ অধিকতম প্ৰচলন দেখা পোৱা যায় যদিও চহৰ অঞ্চলতো ইয়াৰ ব্যৱহাৰ কম নহয়।
-
গগনা
গগনা অসমীয়া মানুহৰ এবিধ ফু দি বজোৱা সুৰাশ্ৰয়ী বাদ্যযন্ত্ৰ। অসমৰ বিহুগীত আৰু বিহুনৃত্যত গগনা বজোৱা হয়৷ ই এক বাঁহেৰে নিৰ্মিত জৱ'চ হাৰ্প। অসমৰ লোক-সংস্কৃতিত গগনাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। গগনাক ওঁঠেৰে চেপি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়। গগনাৰ মাত বৰ মিঠা আৰু মিহি।
-
টোকাৰী
টোকাৰী আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰ। অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰজাতীয় বাদ্যযন্ত্ৰ সমূহৰ ভিতৰত টোকাৰীৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাই অধিক বুলি শুনা যায়।
-
তথ্যচিত্ৰ
তথ্যচিত্ৰ (Documentary Film) হৈছে "বাস্তৱক নথিভুক্ত কৰা, প্ৰধানকৈ নিৰ্দেশনা, শিক্ষা বা ঐতিহাসিক অভিলেখ বৰ্তাই ৰখা"ৰ উদ্দেশ্যে নিৰ্মিত অকাহিনীমূলক বা অ-কাল্পনিক চলচ্চিত্ৰ।
-
বিধাতা (চলচ্চিত্ৰ)
বিধাতা (Bidhata) ২০০৩ চনত মুক্তিপ্ৰাপ্ত মুনীন বৰুৱা পৰিচালিত এখন অসমীয়া ৰঙীন ড্ৰামা চলচ্চিত্ৰ। সংগম পিকচাৰ্ছ (প্ৰডাকচনছ্)ৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে চি এছ নাৰায়ণ আৰু স্বৰাজ দাসে। সংগীত পৰিচালনা জুবিন গাৰ্গৰ। মূল চৰিত্ৰত অভিনয় কৰিছে যতীন বৰা, বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা আৰু বৰষা ৰাণী বিষয়াই।
-
মণিৰাম দেৱান (চলচ্চিত্ৰ)
মণিৰাম দেৱান (Maniram Dewan) ১৯৬৪ চনৰ ১০ জানুৱাৰীত মুক্তি পোৱা এখন বুৰঞ্জীমূলক ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনাত আছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তী। নাম ভূমিকাত অভিনয় কৰিছিল ফণী শৰ্মাই। ছবিখনৰ নিৰ্মাণত খৰচ হৈছিল ২,০৫,০০০ টকা। 'চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠান'ৰ হৈ অপূৰ্ব চৌধুৰীয়ে চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল।
-
হলধৰ (চলচ্চিত্ৰ)
হলধৰ (Haladhar) এখন মধুৰ হাস্যৰসাত্মক অসমীয়া চলচ্চিত্ৰ। ১৯৯৩ চনত চিত্ৰগৃহত মুক্তি পোৱা ছবিখন ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ 'পৰিচালৰ প্ৰথম ছবি'ৰ ইন্দিৰা গান্ধী বঁটা লাভ কৰিছিল।
-
ৰং (দূৰদৰ্শন কেন্দ্ৰ)
ৰং (Rang) (দূৰদৰ্শন কেন্দ্ৰ) এটা অসমীয়া ভাষাৰ বিনোদন দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড। ইয়াৰ ভগ্নী চেনেলসমূহ হৈছে: নিউজ লাইভ, ৰামধেনু, ইন্দ্ৰধনু আৰু নৰ্থ ইষ্ট লাইভ।
-
ৰাসোৎসৱ
ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদ্যাপিত হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয়।
-
ৰবীন্দ্ৰ সংগীত
ৰবীন্দ্ৰ সংগীত হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনা আৰু সংগীতৰ সুৰ কৰা গীতৰ সংকলন। ভাৰত আৰু বাংলাদেশত জনপ্ৰিয় বংগৰ সংগীতত এই গীতসমূহৰ সুকীয়া বৈশিষ্ট্য আছে আৰু এই গীতসমূহে বাংলা সংগীতৰ জগতখনত এক বিশেষ স্থান দখল কৰিছে।
-
অদাহ্য (চলচ্চিত্ৰ)
অদাহ্য (Adajya; ভাবানুবাদ: The Flight) হৈছে অসমীয়া ভাষাত নিৰ্মিত মামণি ৰয়ছম গোস্বামীৰ ৰচিত উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ আধাৰত নিৰ্মিত সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ। ১৯৯৬ চনত এই চলচ্চিত্ৰখন অসমৰ প্ৰেক্ষাগৃহত মুক্তি দিয়া হয়।
-
কনফুচিয়াছ ধৰ্ম
কনফুচিয়াছ ধৰ্ম (সৰলীকৃত চীনা: 儒学) বা ৰুই ধৰ্ম হৈছে বিখ্যাত চীনা দাৰ্শনিক কনফুচিয়াছৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্মিত চীনা নৈতিক আৰু দাৰ্শনিক বিশ্বাস ব্যৱস্থা। ই প্ৰাচীন চীনত উৎপত্তি হোৱা চিন্তা আৰু আচৰণৰ এক ব্যৱস্থা।
-
গীটাৰ
গীটাৰ এবিধ তাঁৰযুক্ত বাদ্য য'ত তাঁৰৰ সহায়ত সংগীত সৃষ্টি কৰা হয়।
-
চেহনাই
চেহনাই (Shehnai) ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ পাৰম্পৰিক সুষিৰ বাদ্য। ইয়াক সাধাৰণতে কাঠৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ এটা মুৰত দুডাল দুটা ৰিডযুক্ত আৰু আনটো মুৰত ধাতু বা কাঠৰ চুপিৰ দৰে অংশ থাকে। চেহনাই ধ্বনিয়ে শুভ আৰু পবিত্ৰতাৰ অনুভূতি সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়।
-
জ্যাজ সংগীত
জ্যাজ (Jazz) হৈছে ১৯ শতিকাৰ শেষৰ ফালে আৰু ২০ শতিকাৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ, লুইজিয়ানা ৰাজ্যৰ নিউ অৰলিন্স চহৰৰ আফ্ৰিকান-আমেৰিকান সম্প্ৰদায়ৰ পৰা উৎপত্তি হোৱা এটা সংগীত ধাৰা আৰু ব্লুজ, ৰেগটাইম, ইউৰোপীয় সমন্বয় আৰু আফ্ৰিকান ছন্দময় আচাৰ-অনুষ্ঠান আদি হৈছে ইয়াৰ শাখা।
-
ঠুমৰী
ঠুমৰী হৈছে ভাৰতীয় সংগীতৰ এক কণ্ঠসংগীত ধাৰা বা শৈলী। "ঠুমৰী" শব্দটো হিন্দী ক্ৰিয়া থুমুকনাৰপৰা আহিছে, যাৰ অৰ্থ হৈছে "নূপুৰৰ ৰিংকাৰ শব্দৰ সৈতে নৃত্যৰ ভংগিমাত খোজ কঢ়া।" এই ৰূপটো এনেদৰে নৃত্য, নাটকীয় ভংগিমা, মৃদু কামুকতা, আৱেগপূৰ্ণ প্ৰেমৰ কবিতা আৰু লোকগীতৰ সৈতে জড়িত, বিশেষকৈ উত্তৰ প্ৰদেশৰ, যদিও…
-
থেয়্যাম
থেয়্যাম ( Theyyam) হৈছে কেৰালাৰ উত্তৰ মালাবাৰ অঞ্চল আৰু কৰ্ণাটকৰ কিছুমান অঞ্চলত প্ৰচলিত হিন্দু ধৰ্মীয় অনুষ্ঠান। থেয়্যাম মালাবাৰৰ মন্দিৰ আৰু পবিত্ৰ বাগিচাৰ সৈতে জড়িত পৰম্পৰা, আচাৰ-ব্যৱহাৰ আৰু ৰীতি-নীতিৰে গঠিত।
-
পথেৰ পাঁচালী
পথেৰ পাঁচালী (Pather Panchali)) ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত পশ্চিমবঙ্গ চৰকাৰ প্ৰযোজিত আৰু সত্যজিৎ ৰায় পৰিচালিত এখন বাংলা ভাষাৰ চলচ্চিত্ৰ। বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ দ্বাৰা ৰচিত পথেৰ পাঁচালী নামৰ উপন্যাসখনৰ অৱলম্বনত নিৰ্মিত এই বোলছবিখন সত্যজিৎ ৰায় পৰিচালিত প্ৰথম চলচ্চিত্ৰ।
-
প্ৰভাতী পখীৰ গান
প্ৰভাতী পখীৰ গান (Prabhati Pokhir Gaan) ১৯৯২ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক মুনিন বৰুৱা। কাহিনী- অমূল্য কাকতিৰ। ৰাজকুমাৰ পিকচাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছিল বিজয় নাৰায়ণ তিৱাৰী আৰু অমৰ নাথ তিৱাৰীয়ে। সংগীত জে পি দাসৰ।
-
বৈশাখী
বৈশাখী (ਵਿਸਾਖੀ) শিখ সকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ। বৈশাখ মাহৰ সংক্ৰান্তি তিথিত বৈশাখী পালন কৰা হয়। বৈশাখী সাধাৰণতে ইংৰাজী কেলেণ্ডাৰৰ ১৩/১৪ এপিল তাৰিখে উদযাপিত হয়। ১৬৯৯ চনত শিখ সকলৰ দশম গৰাকী গুৰু গোবিন্দ সিঙে এইদিনা খালসা পন্থা গঠন কৰিছিল।
-
সেন্দূৰ (চলচ্চিত্ৰ)
সেন্দূৰ (Sendur) ১৯৮৪ চনত মুক্তি পোৱা প্ৰাগ ফিল্মচৰ বেনাৰত নিৰ্মিত, পুলক গগৈ পৰিচালিত এখন অসমীয়া ৰঙীন ড্ৰামা চলচ্চিত্ৰ। ছবিৰ মূল ভূমিকাত অভিনয় কৰিছে তপন দাস, ব্ৰজেন বৰা আৰু বিদ্যা ৰাৱে। ছবিখন চুপাৰ-ডুপাৰ হিট হৈছিল।
-
সোণ মইনা (চলচ্চিত্ৰ)
সোণ মইনা (Son Moina) ১৯৮৫ত মুক্তি পোৱা এখন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। পৰিচালনা কৰিছে শিৱ প্ৰসাদ ঠাকুৰে। আৰ বি প্ৰডাকচন্সৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে আৰ বি মেহতা, এন পি এন নায়াৰ, শিৱ প্ৰসাদ ঠাকুৰে ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰঞ্জন ৰয়ৰ এখন বাংলা অঁনাতাৰ নাটৰ আধাৰত ৰচনা কৰা হৈছে।