সোণ মইনা (Son Moina) ১৯৮৫ত মুক্তি পোৱা এখন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। পৰিচালনা কৰিছে শিৱ প্ৰসাদ ঠাকুৰে। আৰ বি প্ৰডাকচন্সৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে আৰ বি মেহতা, এন পি এন নায়াৰ, শিৱ প্ৰসাদ ঠাকুৰে১ ২ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰঞ্জন ৰয়ৰ এখন বাংলা অঁনাতাৰ নাটৰ আধাৰত ৰচনা কৰা হৈছে।৩ উল্লেখযোগ্য যে এটা নাটখনৰ আধাৰত বাংলা আৰু হিন্দী ভাষাত ক্ৰমে ১৯৮১ আৰু ১৯৮৫ চনত সাহেব শীৰ্ষক দুখন ছবিও নিৰ্মাণ হৈছে।৩৪
কাহিনী
সোণ মইনা এটা মধ্যমবৰ্গীয় পৰিয়ালৰ আটাইতকৈ সৰু ল’ৰা সন্তান; নিবনুৱা আৰু পঢ়া-শুনাত সিমান ভাল নহয়। সকলোকে সহায় কৰাৰ মানসিকতাৰ বাবে ওচৰ-চুবুৰীয়াৰ মাজত জনপ্ৰিয়। সি ভাল ক্ৰিকেট খেলে আৰু এজন শ্ৰেষ্ঠ খেলুৱৈ হিচাপে খ্যাতি লাভ কৰিবলৈ ইচ্ছা কৰে।১
মইনাৰ ভনীয়েকৰ বিয়া ঠিক হয়। বাপেকে সংস্থাপন থকা পুতেককেইটাক মাতি আৰ্থিক সহায় বিচাৰে যদিও তেওঁলোক অমান্তি হয়। পুতেকহঁতে টকা নিদিলে বাপেকে ঘৰটো বেছি হ’লেও বিয়াৰ টকাৰ যোগাৰ কৰিব।১
বাতৰি কাকতত মইনাই পঢ়িব পালে যে কোনোবা এজন ধনী ব্যক্তিৰ ছোৱালীৰ দুয়োটা কিডনীয়ে নষ্ট হৈ গৈছে আৰু ছোৱালীজনীৰ বাবে এটা কিডনী লাগে। বিনিময়ত বহুত টকা দিব। মইনাই তুৰন্তে তেওঁৰ চিনাকী ডাক্তৰজনৰ ওচৰলৈ গৈ খবৰ ল’লে যে মানুহে এটা কিডনী লৈয়ো সাধাৰণ জীৱন-যাপন কৰিব পাৰে; কেবল কঠোৰ পৰিশ্ৰম কৰিব নোৱাৰিব।১
এতিয়া মইনাৰ সন্মুখত দুটাই পথ খোলা থাকিল, হয় তেওঁ এজন শ্ৰেষ্ঠ খেলুৱৈ হ’ব, নহয়তো এটা কিডনী দি ঘৰখনক সহায় কৰিব। অৱশেষত মইনাই ঘৰখনৰ অ়জ্ঞাতেই নিজৰ কিডনী এটা দান দি নিজৰ কেৰিয়াৰৰ সপোন সমূলঞ্চে ত্যাগ কৰিলে।১
অভিনয় শিল্পী
- প্ৰাঞ্জল শইকীয়া(সোণ মইনা)
- মঞ্জুলা বৰুৱা(ডাঙৰ বৌৱেক)
- সুৰেণ মহন্ত(সোণ মইনাৰ দেউতাক)
- পূৰবী শৰ্মা(সোণ মইনাৰ ভনীয়েক)
- জৱা ভূঞা(সোণ মইনাৰ প্ৰেমিকা)
- সমুদ্ৰগুপ্ত দত্ত(শিশুশিল্পী- সোণ মইনাৰ ভতিজাক)
- অংশুমান বিজয় ফুকন(শিশুশিল্পী)
- অঞ্জলি ভূঞা
- অপূৰ্বা দত্ত
- বিজু ভঁড়ালী
- মৰমী বৈশ্য
- শিৱপ্ৰসাদ ঠাকুৰ
- মিৰেল কুদ্দুছ
- ৰাণা তামূলী
- বিজয়শঙ্কৰ(অতিথি শিল্পী)
- মহানন্দ শৰ্মা( অতিথি শিল্পী)
- ৰূপজ্যোতি দাস(অতিথি শিল্পী)
- পূৰ্ণিমা পাঠক শইকীয়া ( অতিথি শিল্পী )
- গীৰিজা দাস( অতিথি শিল্পী)১
কলা-কুশলী
- কেমেৰা- ইন্দুকল্প হাজৰিকা
- শব্দ- ষতীন শৰ্মা
- সম্পাদক- ৰাস বিহাৰী সিনহা
- সঙ্গীত- বসন্ত বৰদলৈ, মানিক বৰা
- কলা- অজান
- বেশভূষা- গৰিমা হাজৰিকা
- গীতিকাৰ- বসন্ত বৰদলৈ, এলি আহমেদ, হেমন্ত দত্ত
গীত
ছবিখনত ছটা গীত আছে। সঙ্গীত বসন্ত-মাণিক নামেৰে জনাজাত বসন্ত বৰদলৈ আৰু মাণিক বড়াই। গীত লিখিছে বসন্ত বৰদলৈ, এলি আহমেদ আৰু হেমন্ত দত্তই। কণ্ঠদান কৰিছে বসন্ত বৰদলৈ, অৰুণ দাস, সমৰ হাজৰিকা, শান্তা শৰ্মা আৰু নমিতা গোস্বামীয়ে। এটা গীতত কণ্ঠ দিছে অভিনেতা বিজু ফুকনে।৫
বঁটা আৰু সন্মান
‘এক প্ৰেৰণাদায়ী কাহিনীৰ মাজেদি বিবৃত হোৱা এজন নিবনুৱা যুৱকৰ নিষ্ঠাক ব্যক্ত কৰাৰ যি প্ৰয়াস’ তাৰ বাবে সোণ মইনা ছবিখনক ৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৮৫) অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটাৰে সন্মানিত কৰা হয়। প্ৰযোজনক আৰ বি মেহতা, এন পি এন নায়াৰ আৰু শিৱ প্ৰসাদ ঠাকুৰলৈ ৰজত কমল আৰু নগদ বিশ হাজাৰ টকা; লগতে পৰিচালক ঠাকুৰলৈ ৰজত কমল আৰু নগদ দহহাজাৰ টকা আগবঢ়োৱা হয়।১
তথ্যসূত্ৰ
- ↑ (1985). 32th National Film Festival
- ↑ Son Moina
- ↑ Saheb (1981) Full Cast and Crew
- ↑ Saaheb (1985)
- ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 428-432
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণ মইনা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬১৯১১৮ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।