প্ৰভাতী পখীৰ গান (Prabhati Pokhir Gaan) ১৯৯২ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক মুনিন বৰুৱা। কাহিনী- অমূল্য কাকতিৰ। ৰাজকুমাৰ পিকচাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছিল বিজয় নাৰায়ণ তিৱাৰী আৰু অমৰ নাথ তিৱাৰীয়ে। সংগীত জে পি দাসৰ। প্ৰভাতী পখীৰ গানৰ মাজেৰে নিবনুৱা সমস্যা, দুৰ্নীতি আদি সামাজিক বিষয়ক কেন্দ্ৰ কৰি গঢ় লৈ উঠা যুৱপ্ৰজন্মৰ হতাশা আৰু আশাৰ এখন নিৰ্মোহ ছবি অংকন কৰা হৈছে।১২
কাহিনীৰ সাৰাংশ
‘সেউজপুৰ মিলন সংঘ’- এসময়ৰ কলা-সংস্কৃতিৰ চৰ্চা হৈছিল। কিন্তু এতিয়া সংঘৰ ঘৰটো উৱলি গৈছে। তথাপি তাতেই ডেকা ল’ৰাজাকে আড্ডা মাৰে। কোনোবাই কেৰম খেলে। কেইজনমানে আকৌ গীটাৰত টুংটুঙাই সংগীতৰো চৰ্চা কৰে। চাকৰিৰ দৰ্খাস্ত দি দি ভাগৰি পৰা কোনোবাই আকৌ তাতে আহি অলপ জিৰায়। ছবি পৰিচালক হোৱাৰ সপোন দেখা কোনোবাই আকৌ পেটৰ তাড়নাত ধনী ঠিকাদাৰৰ সহকাৰী ৰূপে কাম কৰে আৰু সংঘলৈ আহি মনৰ দুখখিনি উজাৰি দিয়ে। কেতিয়াবা নিৰাশ হয় তেওঁলোক। কিন্তু তাৰ মাজতে তেওঁলোকে পোহৰৰ সপোন দেখে।২১
অভিনয় শিল্পী
- প্ৰাঞ্জল শইকীয়া
- তপন দাস
- মৃদুলা বৰুৱা
- সঞ্জীৱ হাজৰিকা
- বিদ্যুৎ চক্ৰৱৰ্তী
- পূৰবী শৰ্মা
- জয়ন্ত দাস
- মিৰেল কুদ্দুছ
- কুলদা কুমাৰ ভট্টাচাৰ্য
- অৰুণ নাথ
- ডাঃ হাদি আলম বৰা
- ধীৰু ভূঞা
- বাদল দাস
- হেমন্ত দত্ত
- অৰুণ বৰুৱা
- বিউতি সভাপণ্ডিত
- ডাঃ হেমেন বৰ্মণ
- সাধন হাজৰিকা
- ভবেশ দাস
- মীনা কুমাৰী বৰ্মন
- ৰাণা তামুলী
- মঞ্জুলা বৰুৱা
- শম্ভু গুপ্তা
- চাকিৰ হাজৰিকা১
সঙ্গীত
সংগীত পৰিচালনা জ্যোতি প্ৰকাশ দাসৰ।১
তথ্যসূত্ৰ
- ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 379
- ↑ Borgohain, Dimpul. (28 October 2018). ‘ক্ষমতাৰ স্বাৰ্থত ৰাজনীতিত মৰাশত শগুণ পৰা দি নপৰিব…’. Asomiya Pratidin
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰভাতী পখীৰ গান” প্ৰবন্ধৰ সংশোধন ৬১৮৩০২ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।