অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)

ছিৰাজ ১৯৪৮ চনত মুক্তি পোৱা ষষ্ঠ অসমীয়া কথাছবি। ছবিখন যুটীয়াভাবে পৰিচালনা কৰিছিল বিষ্ণু ৰাভা আৰু ফণী শৰ্মাই। প্ৰযোজনা কৰিছিল তেজপুৰৰ চিত্ৰাৱলী পিকচাৰ্চে। লক্ষ্মীধৰ শৰ্মাৰ চুটিগল্প, সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন 'ছিৰাজ'ৰ আধাৰত পৰিচালকদ্বয়ে চিত্ৰনাট্য ৰচনা কৰিছিল।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২২ ৩৯৩ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

ছিৰাজ ১৯৪৮ চনত মুক্তি পোৱা ষষ্ঠ অসমীয়া কথাছবি। ছবিখন যুটীয়াভাবে পৰিচালনা কৰিছিল বিষ্ণু ৰাভা আৰু ফণী শৰ্মাই। প্ৰযোজনা কৰিছিল তেজপুৰৰ চিত্ৰাৱলী পিকচাৰ্চে। লক্ষ্মীধৰ শৰ্মাৰ চুটিগল্প, সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন 'ছিৰাজ'ৰ আধাৰত পৰিচালকদ্বয়ে চিত্ৰনাট্য ৰচনা কৰিছিল।১ ছবিখনে সেই সময়ৰ অসমীয়া সমাজত ছাপ বহুৱাবলৈ সক্ষম হৈছিল। অসমৰ শিল্প-কলা জগতৰ কেবাগৰাকীও অগ্ৰণী ব্যক্তিৰ অৱদানেৰে পুষ্ট এই ছবিখনে প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰিছিল। বৰ্তমান এই ছবিখনৰ প্ৰিণ্ট পাবলৈ নাই। ষাঠী দশকত কলিকতাৰ ষ্টুডিঅ'ৰপৰা ছবিখনৰ নিগেটিভখিনিও হেৰাই যায়।২

নিৰ্মাণৰ আঁৰৰ কাহিনী

১৯৪৬ চনত ফণী শৰ্মাই ফিল্ম শিল্পৰ এটা স্থায়ী বুনিয়াদ ৰচনাৰ অৰ্থে এটা ৰাজহুৱা চিত্ৰ নিৰ্মাণ উদ্যোগ গঢ়াৰ পৰিকল্পনা কৰে। 'চিত্ৰাৱলী পিকচাৰ্চ লিমিটেড' নাম দি গঠন কৰা এই উদ্যোগৰ বাবে ৰাইজৰ মাজত কোম্পানীৰ অংশ বিক্ৰী কৰি টকা সংগ্ৰহ কৰিছিল। ছবিৰ নিৰ্মাণৰ কাম ধন সংগ্ৰহৰ গতিৰ সমান্তৰাল ভাৱে চলিছিল। দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ 'ছিৰাজ' নামৰ গল্পৰ আধাৰত চিত্ৰনাট্য প্ৰস্তুত কৰে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই। তেওঁলোককে ছবি পৰিচালনাৰো ভাৰ দিয়া হয়। ছবিখনৰ বহিৰ্দৃশ্যৰ অংশগ্ৰহণ কৰা হৈছিল তেজপুৰৰ দাঁতি-কাষৰীয়া ঠাইত। অন্তৰ্দৃশ্যৰ শ্বুটিং হৈছিল কলিকতাৰ 'কালী ফিল্ম ষ্টুডিঅ'ত। ছবিৰ সংগীতৰ দায়িত্ব দিয়া হৈছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ হাতত। কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই দিয়া সুৰ স্ক্ৰীপ্টৰ লগত সংগতি নথকা বাবে শেষ মুহূৰ্তত ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচাৰ্য্যৰ সুৰ দিয়া দুটাকৈ গান ছবিত অন্তৰ্ভুক্ত কৰা হয়। এওঁলোক দুয়োকে সহকাৰী সংগীত পৰিচালক কৰি দিয়া হয়। ছবিখন নিৰ্মাণৰ কালত টকাৰ নাটনি হোৱাত চন্দ্ৰধৰ গোস্বামীয়ে নিজৰ 'নিপন' নামৰ জাহাজখন বিক্ৰী কৰি ২০,০০০ টকা যোগ দিয়ে। তাতো ছবিখন সম্পূৰ্ণ নোহোৱাত নগাঁৱৰ কাশীপ্ৰসাদ বিহানীৰপৰা টকা লৈ ছবিখন সম্পূৰ্ণ কৰা হয়।২ ভাৰত স্বাধীন হোৱাৰ ঠিক আগমুহূৰ্তত কলিকতা, নোৱাখালিত সাম্প্ৰদায়িক সংঘৰ্ষ হৈ থকাৰ সময়চোৱাতে কলিকতাত ছবিখনৰ কাম চলি আছিল। সেয়েহে নানা বেমেজালীৰ মাজৰে ছবিৰ কাম কৰিবলগীয়া হৈছিল।১

কাহিনী

দুখীয়া পৰিয়ালৰ ছোৱালী সাবিত্ৰীৰ লগত ভাল পোৱা গঢ়ি উঠে ধনীৰ দুলাল কন্দৰ্পৰ। কিন্তু কন্দৰ্পৰ পৰিয়ালে কথা বেছি আগ নাবাঢ়োঁতেই কন্দৰ্পক কলিকতালৈ পঠিয়াই দি সাৱিত্ৰীৰ বিয়া ঠিক কৰি দিয়ে আন এজনৰ লগত। বিয়াৰ দিনা ৰাতি সাৱিত্ৰী পলাই যায়। সাৱিত্ৰীয়ে আশ্ৰয় পায় এগৰাকী ইছলাম ধৰ্মী মানুহ ছিৰাজৰ ঘৰত। ছিৰাজৰ ভনী ফাতেমাই গম পায় যে সাৱিত্ৰী অন্ত:সত্তা। এটা সময়ত এগৰাকী কন্যা সন্তানৰ জন্ম দি সাৱিত্ৰীৰ মৃত্যু হয়। ফাতেমাই ছোৱালীজনীৰ নাম দিয়ে নুৰ, ছিৰাজে নাম দিয়ে সীতা।

আনহাতে কন্দৰ্পৰ মাকে সাৱিত্ৰীৰ বিষয়ে মিছা কন্দৰ্পৰ আগত মিছা কথা কয়। কন্দৰ্পই ধনী ঘৰৰ জীয়ৰী সৰযুৰ লগত বিয়াত বহে। ঘটনাক্ৰমে কন্দৰ্পই সীতাক লগ পায় আৰু সাৱিত্ৰীৰ বিষয়ে প্ৰকৃত সত্য জানিবলৈ পায়। কন্দৰ্পই সীতাক ছিৰাজৰ ওচৰৰপৰা আনি কলিকতাত থকা বন্ধু সুবিমল ফুকনৰ ওচৰত ৰাখে। সুবিমল ফুকনৰ ভাগিনীয়েক অনিলৰ লগত সীতাৰ বিয়াৰ দিন ঠিৰ কৰা হয়। তেনেতে কন্দৰ্পৰ পত্নী সৰযুৱে সীতাৰ প্ৰকৃত পৰিচয় জানিবলৈ পায় আৰু কন্দৰ্পৰ প্ৰতি বিদ্ৰোহী হৈ উঠে। সুবিমল ফুকনেও অনিলৰ বাবে সীতাক বিয়া কৰাবলৈ অমান্তি হয়। ছিৰাজে জাতি, ধৰ্মৰ ওপৰৰ এখন সমাজৰ স্বাৰ্থত সীতাক বিয়া কৰাবলৈ অনুৰোধ কৰে। কিন্তু ফুকন নিজৰ মতত অবিচল হৈ থাকে। ছিৰাজে সীতাক আকৌ নিজৰ ঘৰলৈ লৈ যাবলৈ ওলায়, কিন্তু নতুন প্ৰজন্মৰ নৱ চিন্তাৰ বাহক অনিলে সমাজৰ বিপৰীতে ওলাই আহি সীতাক গ্ৰহণ কৰে। এই ন-দম্পতীক প্ৰথমে আশীৰ্বাদ দিবলৈ আগবাঢ়ি আহে সৰযু।২

ৰাইজৰ সঁহাৰি

ছিৰাজে দৰ্শকৰপৰা প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। গৰুগাড়ীৰে ছিৰাজ চাবলৈ আহি ভীৰৰ বাবে টিকট নাপাই দূৰ-দূৰণিৰ দৰ্শকসকলে চিনেমাহলৰ ওচৰতে ৰাতিটো কটাই পিছদিনাহে ছবি চাই ঘৰলৈ উভতিছিল।৩ দুখজনক ভাৱে ৰাইজৰ সঁহাৰি সত্ত্বেও ছবিখনৰ নিৰ্মাতা 'চিত্ৰাৱলী পিকচাৰ্চে' লাভৰ মুখ দেখা নাপালে। ছবিখনৰ পৰিবেশনাৰ দায়িত্ব অন্যৰ হাতত থকা বাবে লাভৰ টকা মূল প্ৰযোজকৰ ওচৰলৈ অহা নাছিল।২

অভিনয়ত

  • ফণী শৰ্মা (ছিৰাজ)
  • ভৱ হাজৰিকা (কন্দৰ্প)
  • চন্দ্ৰধৰ গোস্বামী (বৰুৱা)
  • ভূপেন হাজৰিকা (অনিল)
  • অম্বিকা পাটোৱাৰী (আঘোণা)
  • কল্পনা ভট্টাচাৰ্য তেৱাৰী (সাৱিত্ৰী)
  • অনুপমা ভট্টাচাৰ্য (ফাতেমা)
  • প্ৰীতিধাৰা (ডাঙৰ সীতা)
  • ৰাণী পাঠক (সৰু সীতা)
  • কিৰণবালা (সৰযু)
  • নিৰূপমা (বৰুৱানী)
  • বিষ্ণুপ্ৰসাদ ৰাভা
  • সত্যেন শৰ্মা
  • হৰেন শৰ্মা
  • সুৰেন শৰ্মা
  • ভবেন দাস
  • চামচুল হুদা
  • শিৱ ভট্টাচাৰ্য্য
  • মোচলেহ উদ্দিন আহমেদ
  • তুলসী দাস
  • হিতেশ্বৰ মহন্ত
  • হৰেন ভট্টাচাৰ্য্য
  • বীৰেন বৰবৰা
  • অৱন্তী
  • মাইনী আদি৩

কলা-কুশলী

(তথ্যছকত উল্লেখ নথকা)

  • সহকাৰী সংগীত পৰিচালক: ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচাৰ্য
  • সহকাৰী চিত্ৰগ্ৰহণকাৰী: নিৰ্মল মুখাৰ্জী আৰু বিভূতি চক্ৰৱৰ্তী
  • শব্দ: সমৰ বসু আৰু গোবিন্দ মল্লিক
  • সহকাৰী শব্দগ্ৰহণকাৰী: ৰমাপদ পুৰকায়ষ্ঠ আৰু জগন্নাথ চেটাৰ্জী
  • গীতিকাৰ: ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচাৰ্য
  • নৃত্য পৰিকল্পনা: বিষ্ণুপ্ৰসাদ ৰাভা
  • কলা নিৰ্দেশনা: গোপী সেন৩

সংগীত

ছিৰাজৰ সংগীত পৰিচালক আছিল বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁৰ সহকাৰী ৰূপে দায়িত্ব পালন কৰিছিল ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচাৰ্যই। সহকাৰী সংগীত পৰিচালক দুগৰাকীয়ে গীত আৰু সুৰ ৰচনা কৰাৰ উপৰিও কণ্ঠদানো কৰিছিল।৪

নাট্যৰূপ

লক্ষ্মীধৰ শৰ্মাৰ ’চিৰাজ’ নামৰ গল্পটোৰ আধাৰত নিৰ্মিত ছবিখনৰ প্ৰতি ৰাইজৰ প্ৰবল সঁহাৰি দেখি ফণী শৰ্মাই এই গল্পটোৰ একাংকিকা নাট্য ৰূপ দিয়ে। চিৰাজ নাটকৰ কাহিনীভাগ লক্ষ্মীধৰ শৰ্মাৰ কাহিনীতকৈ কিছু বেলেগ৷ নতুনত্ব দিয়া এই নাটখনো দৰ্শকে আঁকোৱালি লয়। ফণী শৰ্মাৰ ’চিৰাজ’ত ভুৱা আভিজাত্য আৰু জাত-পাতৰ বিচাৰ আমাৰ সমাজৰ প্ৰগতিৰ অন্তৰায়- এই দুই সমস্যাক মূলতঃ ফুটাই তোলা হৈছে৷ আৰ্থিক দীনতাই সমাজৰ সাধাৰণ মানুহক ইমানেই দুৰ্বল কৰি পেলায় যে তেওঁলোকে সপোন দেখিবলৈয়ো ভয় কৰে৷ ধনী আৰু দুখীয়াৰ মাজত যে এটা সাংঘাতিক তফাৎ সেই কথাটো ফণী শৰ্মাৰ ’চিৰাজ’ নাটকত ফুটি উঠিছে৷৫ নামভূমিকাত ফণী শৰ্মাৰ অভিনয় বৰ্তমান এক কিংবদন্তী স্বৰূপ হৈ পৰিছে।

পুনৰ্নিমাণ

১৯৮৮ চনত ভূপেন হাজৰিকাই 'ছিৰাজ' পুনৰ্নিমান কৰে।৬ ভূপেন হাজৰিকাই ফণী শৰ্মাক লৈ 'ছিৰাজ' আকৌ নিৰ্মাণ কৰাৰ আশা কৰিছিল যদিও, তেখেতৰ মৃত্যু হোৱাত 'ছিৰাজ'ৰ ৰিমেক-ত নাম ভূমিকাত অভিনয় কৰে নিপন গোস্বামীয়ে। এইখন ছবিয়ে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ'ল।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (১৯৯৫). মঞ্চলেখা, পৃঃ ৩০৮, ((অতুল চন্দ্ৰ হাজৰিকা)), লয়াৰ্চ বুক ষ্টল, গুৱাহাটী
  2. ↑ অৰুণলোচন দাস. (২০০১). এবাৰ উভতি চাওঁ. শিশুসাৰথি প্ৰকাশন, গুৱাহাটী
  3. ↑ অৰুণলোচন দাস. (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. শশী শিশু প্ৰকাশন, গুৱাহাটী
  4. ↑ Babul Das. (1985). Asomiya Bolchabir Geetor Sankalan. Bani Prakash, ডিব্ৰুগড়. পৃ. 14
  5. ↑ নটসূৰ্য ফণী শৰ্মাৰ ’চিৰাজ’: এক আপুৰুগীয়া বৈভৱ, ড° জগদীশ পাটগিৰি, কলা-সাহিত্য পৃষ্ঠা, অসমীয়া প্ৰতিদিন, ৩১ জুলাই, ২০২২
  6. ↑ Siraj (1988)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৪০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৪৮ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৪০৪৫৩ (১৫ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।