অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গগনা

গগনা অসমীয়া মানুহৰ এবিধ ফু দি বজোৱা সুৰাশ্ৰয়ী বাদ্যযন্ত্ৰ। অসমৰ বিহুগীত আৰু বিহুনৃত্যত গগনা বজোৱা হয়৷ ই এক বাঁহেৰে নিৰ্মিত জৱ'চ হাৰ্প। অসমৰ লোক-সংস্কৃতিত গগনাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। গগনাক ওঁঠেৰে চেপি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়। গগনাৰ মাত বৰ মিঠা আৰু মিহি।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৭১১ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গগনা অসমীয়া মানুহৰ এবিধ ফু দি বজোৱা সুৰাশ্ৰয়ী বাদ্য। অসমৰ বিহুগীত আৰু বিহু নৃত্যত গগনা বজোৱা হয়৷১ ই এক বাঁহেৰে নিৰ্মিত জৱ'চ হাৰ্প। অসমীয়া লোক-সংস্কৃতিত গগনাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। গগনাক ওঁঠেৰে চেপি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়। গগনাৰ মাত বৰ মিঠা আৰু মিহি। যিহেতু এই বাদ্য নেপালৰ জনজাতি সমূহকে ধৰি চীনৰ অন্য তিব্বতীয়-বাৰ্মীয় জনগোষ্ঠী সমূহৰ মাজতো দেখা যায়, গতিকে সহজে ধৰিব পাৰি যে এই বাদ্য অসমৰ একেই তিব্বতীয়-বাৰ্মীয় বড়ো-কছাৰী মূলীয় জনগোষ্ঠী যেনে চুতীয়া, মৰাণ, বড়ো, ইত্যাদিৰ পৰা অসমীয়া সমাজলৈ বিয়পি পৰিছিল। উজনি অসমৰ মিচিং ভাষাত গগনাক ‘গুংগাং’ বোলা হয়।

বৈশিষ্ট্য

গগনা বজাই থকা বিহু নাচনী
গগনা বজাই থকা বিহু নাচনীছবি: Jugal Bharali · CC BY-SA 3.0

গগনাৰ ফ্ৰেমটো পৰিবেশকৰ বিভাজিত দাঁত বা ওঁঠৰ ওপৰত সুদৃঢ়ভাৱে ধৰি ৰখা হয়, ইয়াত মুখখনক অনুনাদক হিচাপে ব্যৱহাৰ কৰা হয়, যাৰ ফলত বাদ্যযন্ত্ৰৰ আয়তন বহু পৰিমাণে বৃদ্ধি পায়। দাঁতদুপাৰি যথেষ্ট বহলকৈ বিভাজিত কৰিব লাগে যাতে গগনাৰ নলখনে মুক্তভাৱে কম্পন সৃষ্টি কৰিব পাৰে, আৰু মুখৰ মাঙহাল অংশবোৰ নলৰ সংস্পৰ্শলৈ আহিব নালাগে যাতে কম্পনবোৰত সম্ভাৱ্য বাধাৰ সৃষ্টি কৰিব নোৱাৰে। এইদৰে উৎপন্ন হোৱা সুৰটো পিচত স্থিৰ হয় যদিও মুখৰ আকৃতি, আৰু ইয়াত থকা বায়ুৰ পৰিমাণ সলনি কৰি কৌশলগতভাৱে পৰিবেশকে বিভিন্ন সুৰ সৃষ্টি কৰিব পাৰে৷২

ষ্ট্ৰিং হাৰমনিক হিচাপে ৰেঞ্জ বজাওক}}
ষ্ট্ৰিং হাৰমনিক হিচাপে ৰেঞ্জ বজাওক}}ছবি: Kathleen Schlesinger · Public domain

ইতিহাস

প্ৰাচীন চিত্ৰণ হিচাপে খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ চীনা ছবি আৰু চীনৰ ছানছিৰ শ্বিমাও দুৰ্গত আৱিষ্কাৰ হোৱা বক্ৰাকৃতিৰ হাড়বোৰেই জ হাৰ্পৰ অস্তিত্বৰ আটাইতকৈ প্ৰাচীন প্ৰমাণ বুলি বিশ্বাস কৰা হয়। সেই দিশেৰে গগনাৰ আদিম স্বৰূপটো ১৮০০ খ্ৰীষ্টপূৰ্বৰো আগৰ।৩৪ চীনৰ সংখ্যাগৰিষ্ঠ হান জনগোষ্ঠীৰ বাদেও এই বাদ্য তিব্বতীয় আৰু তিব্বতীয়-বাৰ্মীয় য়ি, নাশি, ইত্যাদি জনগোষ্ঠীৰ মাজত পোৱা যায়। অসমলৈ প্ৰাচীন কালত প্ৰব্ৰজন কৰা তিব্বতীয়-বাৰ্মীয় বড়ো-কছাৰী মূলীয় জনগোষ্ঠী যেনে চুতীয়া, মৰাণ, বড়ো, ইত্যাদি লোকে এই বাদ্য অসমলৈ আনিছিল বুলি ধৰিব পাৰি।

প্ৰকাৰ

বাওঁফালৰ পৰা ক্ৰমে বৰ গগনা, চুঙা গগনা, লাহৰী গগনা, ৰামধন গগনা আৰু শালিকী ঠুটিয়া গগনা।
বাওঁফালৰ পৰা ক্ৰমে বৰ গগনা, চুঙা গগনা, লাহৰী গগনা, ৰামধন গগনা আৰু শালিকী ঠুটিয়া গগনা।ছবি: Nayan j Nath · CC BY-SA 4.0

অসমত বিভিন্ন প্ৰকাৰৰ গগনাৰ অস্তিত্ব পোৱা যায়। যেনেঃ বৰ গগনা, চুঙা গগনা, লাহৰী বা ৰূপহী গগনা, ৰামধন গগনা, শালিকী ঠুঁটিয়া গগনা আদি। অৱশ্যে বৰ্তমান বহুল ব্যৱহৃত গগনা দুই প্ৰকাৰৰ- গাভৰুৱে বজোৱা গগনা বিধক কোৱা হয় লাহৰী বা ৰূপহী গগনা আৰু ডেকাই বজোৱা বিধক কোৱা হয় ৰামধন গগনা৫।

ৰামধন গগনা

ৰামধন গগনা সাধাৰণতে পুৰুষে বজাই। সাধাৰণ মানুহৰ হাতত সঠিকভাৱে সোমাব পৰাকৈ ই লাহৰী গগনাতকৈ চুটি, বহল আৰু অলপ গধুৰ। এই বাদ্যযন্ত্ৰটো প্ৰায়ে পৰিবেশকৰ কঁকালত বান্ধি থোৱা টঙালিত বা বাঁহী, সুতুলি আদি আন বাদ্যযন্ত্ৰৰ দৰে মূৰত বান্ধি থোৱা গামোচাত গুজি লোৱা হয়।

লাহৰী গগনা

মহিলাৰ হাতৰ সৈতে খাপ খোৱাকৈ তৈয়াৰ কৰা হয়, গতিকে ই ৰামধন গগনাতকৈ অলপ চিকন আৰু দীঘল। সাধাৰণতে বিহু নৃত্য পৰিৱেশন কৰাৰ সময়ত ইয়াক নাচনীৰ খোপাত গুজি থোৱা থাকে।

নিৰ্মাণ প্ৰণালী

গগনা তিনি/চাৰি বছৰীয়া পকা জাতি বাঁহৰ পৰা চাঁচি উলিওৱা হয়৬। শব্দৰ ভিন্নতাৰ বাবে ইয়াৰ আকাৰ ডাঙৰ-সৰু কৰা হয়। বাঁ‌হৰ মিহিকৈ চাঁ‌চিলোৱা চেপেটা গগনাৰ মাজ অংশত কঁপিব পৰাকৈ মিহি নল এডাল বনোৱা হয়, ইয়াক জিভা বুলি কোৱা হয় আৰু হাতেৰে কোবোৱা অংশক মেখেলা বোলে৷

লোক বিশ্বাস

লোক বিশ্বাস মতে মুখচোকা তিৰোতাৰ তাঁতশালৰ পৰা ‘ব’ তোলা চুঙা চুৰ কৰি আনি গগনা সাজিলে তাৰ মাত ভাল হয়। যিমানে তিৰোতা গৰাকীয়ে গালি পাৰে সিমানে হেনো গগনাৰ মাত ওলায়।

সদৃশ বাদ্য

চাইবেৰিয়াৰ ধাতুৰে নিৰ্মিত জৱ'চ হাৰ্প পৰিয়ালৰ ভিতৰত ভাৰতবৰ্ষত প্ৰচলিত নাম মৰচেং, ইয়াৰে অসমত গগনা বা অন্যান্য জনজাতিৰ নিজাকৈ থকা নামৰ উপৰি ফিলিপাইনত আছে 'কুবিং', ইণ্ডোনেচিয়াৰ 'কাৰিণ্ডিং', চীনৰ 'খউ চিয়াং' আৰু জাপানৰ 'মুক্কুৰি', ৰাছিয়াত 'ভাৰগান', হাংগেৰীত 'মুনহাৰপা', জাৰ্মানীত 'মউল্টট্ৰমেল', ফ্ৰান্সত 'গুইম বাৰদে' ইত্যাদি উল্লেখযোগ্য।

জৱ'চ হাৰ্প

ধাতুৰ এপাত জৱ'চ হাৰ্প
ধাতুৰ এপাত জৱ'চ হাৰ্পছবি: Tosha · Public domain

জৱ'চ হাৰ্প হৈছে এক লেমেলোফোন বাদ্য। এই বাদ্যবিধ এটা ফ্ৰেমত সংলগ্ন নমনীয় ধাতু বা বাঁহৰ জিভা বা নলৰে গঠিত। গগনাও একপ্ৰকাৰৰ বাঁহেৰে নিৰ্মিত জ হাৰ্প। কথিত নামৰ বিপৰীতে এই বাদ্যৰ উৎপত্তি সম্ভৱতঃ চাইবেৰিয়াত, বিশেষকৈ আলটাই পৰ্বতমালাত বা ইয়াৰ আশে-পাশে আৰু ইহুদী জনসাধাৰণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।৭

কুবিং

কুবিং
কুবিংছবি: Philippine Postal Corporation · Public domain

কুবিং হৈছে ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াৰ মাগুইণ্ডানান আৰু অন্যান্য মুছলমান আৰু অমুছলমান জনগোষ্ঠীৰ মাজত প্ৰচলিত বাঁহৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ ফিলিপাইনছৰ জৱ'চ হাৰ্প। ইয়াক কোবিং, কলিবাউ ৮ আৰোডিং,৯ কুলাইং ইত্যাদি বিভিন্ন নামেৰে জনা যায়। তাল পাতৰে তৈয়াৰীবোৰক কৰিণ্টা (মুনানিজ), অ'ৰে-অ'ৰে ম্বণ্ডো বা অ'ৰ অ'ৰে ঙকালে বোলা হয়।১০

পৰম্পৰাগতভাৱে কুবিংক এক অন্তৰংগতা প্ৰকাশক বাদ্যযন্ত্ৰ বুলি গণ্য কৰা হয়, সাধাৰণতে পৰিয়াল বা আপোনজনৰ মাজত ঘনিষ্ঠভাৱে যোগাযোগ হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। পুৰুষ মহিলা উভয়েই এই বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে।১১

কাৰিণ্ডিং

কাৰিণ্ডিং
কাৰিণ্ডিংছবি: Tropenmuseum · CC BY-SA 3.0

কাৰিণ্ডিং হৈছে ইণ্ডোনেছিয়াৰ পশ্চিম জাভাৰ চুণ্ডানীজ পৰম্পৰাগত বাদ্যযন্ত্ৰ। ই জ হাৰ্পৰ সৈতে মিল থকা আৰু সাধাৰণতে বাঁহ আৰু তাল পাতৰ মধ্যশিৰাৰ পৰা তৈয়াৰ কৰা হয়। তাল পাতৰ মধ্যশিৰাৰ পৰা তৈয়াৰী কাৰিণ্ডিং পৰম্পৰাগতভাৱে পুৰুষে ব্যৱহাৰ কৰে আৰু বাঁহৰ বাদ্যবিধ মহিলাই ব্যৱহাৰ কৰে।

প্ৰথম অৱস্থাত পূৰ্বপুৰুষসকলে ধাননি পথাৰত কীট-পতংগৰ অনিষ্ট সাধিবলৈ এই বাদ্য ব্যৱহাৰ কৰিছিল, কাৰণ কাৰিণ্ডিঙৰ পৰা নিৰ্গত হোৱা কম ডেচিবেল যুক্ত শব্দই পোক-পৰুৱাৰ শ্ৰৱণ ক্ষমতাত ব্যাঘাত জন্মাব পাৰে।১২

দন মই

দন মই
দন মইছবি: Codell · Public domain

হমং জনগোষ্ঠীৰ জ হাৰ্পৰ পৰা উদ্ভৱ হোৱা১৩ দন মই হৈছে ভিয়েটনামৰ সংখ্যালঘু জনগোষ্ঠীসমূহে বহুলভাৱে ব্যৱহাৰ কৰা পৰম্পৰাগত বাদ্যযন্ত্ৰ। ইয়াক ভিয়েটনামী ভাষাত "ৰং লেহ" বুলিও কোৱা হয়১৪। এই বাদ্যবিধ ভিতৰলৈ অভিমুখী।১৫ দন মই, বজাই থকাৰ সময়ত দাঁতৰ ওপৰত ধৰি ৰখাতকৈ, গগনাৰ দৰে ওঁঠতহে ধৰি ৰখা হয়।

তথ্যসূত্ৰ

  1. ↑ Bihu Dance - Bihu Dance of Assam. Festivals.iloveindia.com
  2. ↑ Schlesinger 1911
  3. ↑ (2007-08-10). Sicilian Item of the day:Marranzano. Siciliamo (blog)
  4. ↑ Larmer, Brook. (2020). Mysterious carvings and evidence of human sacrifice uncovered in ancient city. National Geographic
  5. ↑ Musical Instruments. এনাজৰী
  6. ↑ Home. Anvesha.co.in
  7. ↑ This Recently Discovered 1,700-Year-Old Mouth Harp Can Still Hold a Tune. www.smithsonianmag.com/
  8. ↑ Hila, Antonio C. (2006). Indigenous Music - Tuklas Sining: Essays on the Philippine Arts. Filipino Heritage.com. Tatak Pilipino
  9. ↑ de Leon Jr., Felipe M. (2006). Gawad sa Manlilikha ng Bayan - 1993 Awardee - MASINO INTARAY and the Basal and Kulilal Ensemble. National Commission For Culture and the Arts. 2002. National Commission For Culture and the Arts
  10. ↑ Amin, Mohammad. (2005). A Comparison of Music of the Philippines and Sulawesi. Sulawesi Studies
  11. ↑ Mercurio, Philip Dominguez. (2006). Traditional Music of the Southern Philippines. PnoyAndTheCity: A center for Kulintang - A home for Pasikings
  12. ↑ irvansetiawan. (2019-05-13). Rampak Karinding. Balai Pelestarian Nilai Budaya Jawa Barat
  13. ↑ "Word Instrument Gallery: Dan Moi", ASZA.com. Accessed: 5 June 2020
  14. ↑ Đào, Huy Quyền (1998). Musical Instruments of the Jrai and Bahnar, p.255. Nhà xuá̂t bản Trẻ
  15. ↑ Wright, Michael (2017). The Jews-Harp in Britain and Ireland, unpaginated. Taylor & Francis. . Cites John Wright (1972) regarding "outward" versus "inward" lamellophones. "Another Look into the Organology of the Jew's Harp", Bulletin due Musée Instrumental de Bruxelles, II, p.55

সম্পৰ্কিত শ্ৰেণী

অসমৰ বাদ্যযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গগনা” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৭৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।