বিধাতা (Bidhata) ২০০৩ চনত মুক্তিপ্ৰাপ্ত মুনিন বৰুৱা পৰিচালিত এখন অসমীয়া ৰঙীন ড্ৰামা চলচ্চিত্ৰ। সংগম পিকচাৰ্ছ (প্ৰডাকচনছ্)ৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে চি এছ নাৰায়ণ আৰু স্বৰাজ দাসে। সংগীত পৰিচালনা জুবিন গাৰ্গৰ। মূল চৰিত্ৰত অভিনয় কৰিছে যতীন বৰা, বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা আৰু বৰষা ৰাণী বিষয়াই।১২
'বিধাতা'ৰ কাহিনীত ১৯৭১ চনত মুক্তিপ্ৰাপ্ত হৃষিকেষ মুখাৰ্জী পৰিচালিত হিন্দী ছবি আনন্দৰ প্ৰভাৱ পৰিছে।
কাহিনীৰ সাৰাংশ
ৰুদ্ৰপ্ৰসাদ বৰুৱা বাহিৰত কঠোৰ, কিন্তু ভিতৰত কোমল প্ৰকৃতিৰ লোক। অতীতৰ বংশগৌৰৱক লৈ তেওঁ অতি সচেতন। ঘৰৰ কোনোৱে তেওঁৰ মতৰ বিৰুদ্ধে যাব নোৱাৰে। তুলনামূলকভাবে বংশ মৰ্যাদাত অলপ তলখাপৰ ছোৱালী বিয়া কৰোঁৱাৰ বাবে ভায়েক হেমন্ত ঘৰৰ পৰা ওলাই গৈ ভাৰঘৰত থাকিবলগীয়া হ’ল। তেনেকৈ বৰপুত্ৰ জয়ন্তয়ো প্ৰতিমাক বিয়া কৰোঁৱাত বৰুৱা বাধা হৈ থিয় দিলে।
এনেতে ঘৰখনত আহি উপস্থিত হ’ল বিজু। বিজু ৰুদ্ৰপ্ৰসাদ আৰু হেমন্তৰ ভাগিনীয়েক। বাহিৰত সি চিনেমাৰ কোৰ্চ এটা কৰিবলৈ গৈছিল। যথেষ্ঠ ৰঙিয়াল, হৈ-হুলস্থুল কৰি ভাল পোৱা ল’ৰা। তাৰ মাক সৰুতে মৰাত মোমায়েক-মামীয়েকৰ মৰম স্নেহতে ডাঙৰ-দীঘল হৈছে। সি আহিয়ে কঠোৰ প্ৰকৃতিৰ মোমায়েকক সৈমান কৰাই জয়ন্তলৈ প্ৰতিমাক বিয়া কৰোৱাই অনালে। সৰু মোমায়েক হেমন্তক ভাৰাঘৰৰ পৰা মূল ঘৰলৈ লৈ আনিবলৈ ৰুদ্ৰপ্ৰসাদ বৰুৱাক বাধ্য কৰালে। বৰুৱাৰ সৰু পুত্ৰ দিগন্তকো ড্ৰাগছ মাফিয়াৰ কবলৰ পৰা কৌশলেৰে বচাই আনিলে।
ঘৰখনত এটা সুখ-শান্তিৰ পৰিৱেশ বিৰাজ কৰাৰ সময়তে ঘৰৰ মানুহবোৰে গম পালে যে বিজু দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত। এই পৃথিৱীত মাত্ৰ কেইদিনমানৰ আলহী। নিজৰ ৰোগৰ বিষয়ে জানিও বিজুয়ে কাকো কষ্ট নিদিয়াৰ উদ্দেশ্যে ৰোগৰ কথা সংগোপনে ৰাখি ঘৰৰ পৰা আঁতৰত জীৱনৰ শেষ দিনকেইটা কটোৱাৰ পৰিকল্পনা কৰিছিল। এদিন বিজুৰ মৃত্যু হ’ল যদিও তেওঁ জীয়াই থাকিল তেওঁৰ ঘনিষ্ঠসকলৰ অন্তৰত।২
অভিনয় শিল্পী
- বিষ্ণু খাৰঘৰীয়া (ৰুদ্ৰপ্ৰসাদ বৰুৱা)
- যতীন বৰা (বিজু, বৰুৱাৰ ভাগিনীয়েক)
- মৃদুলা বৰুৱা (মৃণাল, বৰুৱাৰ পত্নী)
- বৰষা ৰাণী বিষয়া (সুনীতা)
- অৰুণ নাথ (হেমন্ত, বৰুৱাৰ ভাতৃ)
- মাধুৰীমা চৌধুৰী(মাধুৰী, হেমন্তৰ পত্নী)
- ৰাজীৱ গোস্বামী(অসমীয়া অভিনেতা) (জয়ন্ত, বৰুৱাৰ বৰপুত্ৰ)
- পূৰবী শৰ্মা (প্ৰতিমা, জয়ন্তৰ পত্নী)
- প্ৰাঞ্জল শইকীয়া
- হিৰণ্য ডেকা
- ঋতুপৰ্ণা কাকতি
- ভাস্কৰ বৰা
- লোপামুদ্ৰা (অভিনেত্ৰী)
- নাতাশা ফুকন
- বৰ্ষা ভট্ট (শিশুশিল্পী, জয়ন্তী)
- ডা হাদি আলম(অতিথি শিল্পী)
- অৰ্পনা দত্ত চৌধুৰী(অতিথি শিল্পী)
- কপিল বৰা(অতিথি শিল্পী)২
কলা-কুশলী
(তথ্যছকত নথকা)
- ৰুপসজ্জা- যোগেন দাস
- সাজ-সজ্জা-মঞ্জুলা বৰুৱা
- কলা নিৰ্দেশনা- মঞ্জুলা বৰুৱা
- শব্দ- যতীন শৰ্মা
- মুখ্য সহকাৰী পৰিচালক- ৰাজেশ ভূঞা২
সংগীত
বোলছবিখনৰ সংগীত পৰিচালনা জুবিন গাৰ্গৰ। গীত লিখিছিল জুবিন গাৰ্গ, মানস ৰবীন আৰু দিগন্ত ভাৰতীয়ে। কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গ, শাশ্বতী ফুকন, পৰিণীতা আৰু সৌৰিণে।৩৪
তথ্যসূত্ৰ
- ↑ Released Assamese Feature Films. enajori.com
- ↑ Full Movie Bidhata Part-I. youtube.com
- ↑ Songs From Bidhata. geetsankalan.com
- ↑ Bidhata Assamese Movie Songs. youtube.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিধাতা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৫৭২০ (১৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।