অদাহ্য (Adajya; ভাবানুবাদ: The Flight) হৈছে অসমীয়া ভাষাত নিৰ্মিত মামণি ৰয়ছম গোস্বামীৰ ৰচিত উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ আধাৰত নিৰ্মিত১ সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত অসমৰ চলচ্চিত্ৰ। ১৯৯৬ চনত এই চলচ্চিত্ৰখন অসমৰ প্ৰেক্ষাগৃহত মুক্তি দিয়া হয়।২
কাহিনী
৯৩ মিনিট দৈৰ্ঘ্যৰ চলচ্চিত্ৰখনত ১৯৪০ দশকৰ অসমীয়া সমাজৰ পৰিস্থিতিৰ এক সূক্ষ্ম আভাস দিয়া হৈছে।৩ তিনিগৰাকী বিধৱা তিৰোতাই সেইসময়ৰ সমাজৰ নীতি নিয়মবোৰৰ মাজেদি কেনেদৰে দুৰ্বিষহ জীৱন যাপন কৰিছে সেয়া বৰ্ণনা কৰা হৈছে।২
অভিনয়ত
- টম অল্টাৰ (মাৰ্ক চাহাব)
- তৃষা শইকীয়া (গিৰিবালা)
- বিষ্ণু খাৰঘৰীয়া
- ত্ৰিবেণী বৰা
- ভগীৰথী
- চেতনা দাস
- ইন্দিৰা দাস
- মিণ্টু বৰুৱা
- নীলু চক্ৰৱৰ্তী
বঁটা/স্বীকৃতি
- অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- বিচাৰকৰ বিশেষ বঁটা (১৯৯৭) ৪
- অৰবিন্দন বঁটা, ১৯৯৬ ৫
- এছিয়ান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠা মহিলা পৰিচালক হিচাপে ড॰ সান্ত্বনা বৰদলৈ "Silver Peacock" বঁটা (১৯৯৭)৫
- চলচ্চিত্ৰৰ চিত্ৰগ্ৰহণকাৰী মৃণাল কান্তি দাসলৈ "শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ বঁটা", ১৯৯৭৫
- 'অদাহ্য' কথাছবিৰ বাবে শ্বেৰ চৌধুৰীলৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাজ্যিক বঁটা, ১৯৯৭৬
সমালোচনা
সাহিত্যৰ বিকৃতিকৰণ
অদাহ্য– আচৰিত এক সাৰ্বিক অনুপম সৃষ্টিৰ কেনে এক সৰলীকৰণ তথা একমুখী যাত্ৰাৰ অৱলোকনত সেই সৃষ্টিৰ এক নিম্ন স্তৰৰখনৰ বিকৃতি ৰূপে বিবেচিত হৈছে।৭
নাৰীবাদী প্ৰকাশভংগী
অদাহ্য সান্ত্বনা বৰদলৈৰ নিজস্ব কোনো গল্প বা উপন্যাসৰ ভিত্তিত নিৰ্মাণ কৰা চলচ্চিত্ৰ নহয়। পৰিচালক সান্ত্বনা বৰদলৈয়ে এই চলচ্চিত্ৰখনৰ আধাৰ হিচাপে লৈছিল মামণি ৰয়ছম গোস্বামীৰ ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ নামৰ উপন্যাসখন। কিন্তু চলচ্চিত্ৰখনত মূল উপন্যাসখনৰ সমান্তৰাল পুৰুষ চৰিত্ৰসমূহক উপেক্ষা কৰি, কেৱল নাৰী চৰিত্ৰসমূহৰ ওপৰতে আধাৰিত এক নাৰীবাদী দৃষ্টিভংগীৰে চিত্ৰায়ণ কৰা হৈছে। ফলত, ছবিখনত পুৰুষ চৰিত্ৰসমূহ নিয়ন্ত্ৰিত ৰূপত উপস্থিত থাকিলেও, মূল বিষয়বস্তুৰ পৰা আঁতৰি এটা একমুখী চিত্ৰায়ন দেখা যায়।৭৮
ভাষাৰ বিকৃতি
চলচ্চিত্ৰখন ভাষাগত বিকৃতিতো সমালোচনাৰ পাত্ৰ হৈছে। নামনি আৰু উজনি অসমৰ কথিত ভাষা একেলগে মিলাই এক খিচিৰি ভাষা সৃষ্টি কৰা হৈছে, যিয়ে কোনো অঞ্চলৰেই স্বাভাৱিক ভাষাৰূপৰ প্ৰতিনিধিত্ব নকৰে। বিশেষকৈ নামনি অসমৰ জনবহুল ভাষাৰ বিকৃতিকৰণ ঘটাই, তাক কৌতুকৰ ভাষা হিচাপে প্ৰচাৰ কৰা হৈছে বুলি সমালোচকসকলে উল্লেখ কৰিছে।৭৮
লগতে চাওক
বাহ্যিক সংযোগ
- Adajya (1998) at ovguide.com.
- The Hills Have Eyes at outlookindia.com.
- Embers from the East, at hindu.com
তথ্যসূত্ৰ
- ↑ Delhi to host first festival of films from Assam, ৱেবছাইট: indiaglitz.com, আহৰণ: ১৪-১০-২০১২
- ↑ (২৩ আগষ্ট ২০১৯). স্মৃতিৰ টোপোলাৰ পৰাঃ "বিধৱা" ৰ দূৰ্ৱিসহ কাহিনীৰে ছবি "অদাহ্য". Rupaliparda.com
- ↑ Santwana Bardoloi Filmography at chaosmag.in
- ↑ IFFI '98, Some bright spots, ফ্ৰণ্টলাইন আলোচনী, আহৰণ: ১৪-১০-২০১২
- ↑ Assam Film Awards at joiaaiaxom, আহৰণ: ১৪-১০-২০১২
- ↑ প্ৰমোদ শৰ্মা, মাণিক ৰায়; নি:সংগতা, অলপ মনোবেদনা আৰু সংগীত পৰিচালক শ্বেৰ চৌধুৰী; বহুমুখ, 'আমাৰ অসম' কাকতৰ বুধবৰীয়া বিশেষ প্ৰকাশ, ২৩ মে', ২০১২
- ↑ এটা নষ্ট সপোন: অদাহ্য চলচ্চিত্ৰ. সাহিত্য.অৰ্গ
- ↑ Eta Nosto Xopun: Odajya. মুক্তচিন্তা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অদাহ্য (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৪৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।