যৌৱনে আমনি কৰে (Joubane Amoni Kore) ১৯৯৮ চনৰ ১৯ মেত মুক্তি পোৱা, অশোক কুমাৰ বিষয়া পৰিচালিত আৰু প্ৰযোজিত এখন ৰঙীন ৰোমাণ্টিক অসমীয়া ছবি। বহুদিন ধৰি অসমীয়া ছবি জগতত চলা এক মণ্ডাৱস্থাৰ অন্তত এই ছবিখন অতি জনপ্ৰিয় হৈছিল আৰু অসমীয়া দৰ্শকসকলক অসমীয়া ছবিৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। ছবিৰ নামটো পৰিচালক-প্ৰযোজক অশোক বিষয়াৰ পিতৃ ক্ষীৰদাকান্ত বিষয়াই লাচিত বৰফুকন ছবিৰ বাবে লিখা 'আবেগৰ বোকোচা বব মই নোৱাৰো, যৌৱনে আমনি কৰে' শীৰ্ষক এটা গীতৰ পৰা লোৱা হৈছিল আৰু এই গীতটো পুনঃৰেকৰ্ডিং কৰি এই ছবিখনত টাইটেল চং হিচাপে ব্যৱহাৰ কৰা হৈছিল। অশ্লীল নামকৰণ কৰা বুলি ছবিৰ নামটোক লৈ ছবিখনৰ নিৰ্মাণৰ সময়ত এক বিতৰ্ক হৈছিল। অশোক কুমাৰ বিষয়াই এটা টিভি সাক্ষাৎকাৰত কৈছিল যে এই বিতৰ্ক চলাত প্ৰযোজকপক্ষও পৰিকল্পিতভাৱে জড়িত হৈ পৰিছিল।১২
কাহিনী
মালতী নামৰ এজনী দুখীয়া তিৰোতাৰ বদান্যতাত চহৰত থাকি পঢ়া-শুনা কৰা দীপুৱে ধনীঘৰৰ জীয়ৰী মানসীক বিয়া কৰায়। তেওঁলোকৰ এজনীয়ে ছোৱালী পূজা। পূজা কলেজ পালে আৰু ঘটনাক্ৰমে সেই কলেজতে পঢ়িবলৈ অহা মালতীৰ পুতেক অঙ্কুৰৰ সৈতে তাইৰ প্ৰেম হ'ল। কিন্তু পূজাক ভাল পাব বিচৰা আন এজনৰ সৈতে অঙ্কুৰৰ সংঘাত হয়।২
আনহাতে পূজাৰ দেউতাক দীপুও সেই প্ৰেমৰ বাধাস্বৰূপ হৈ উঠিল। এসময়ত অঙ্কুৰৰ মাকে কৰি থোৱা উপকাৰৰ কথা দীপুৱে পাহৰি গ'ল। লগতে পাহৰি গ'ল যে তেৱোঁ যে এদিন সাধাৰণ মধ্যবিত্ত লোক আছিল আৰু বিভিন্ন বাধা অতিক্ৰমিহে মানসীক পাবলৈ সক্ষম হৈছিল। পিছে মানসী আছিল এই প্ৰেমৰ সপক্ষে। দুয়োৰো মাজত যুক্তি-তৰ্ক চলে আৰু অৱশেষত দীপুৰ মনৰ পৰিবৰ্তন হয়।২
পূজা আৰু অঙ্কুৰ পলাই যায়। দীপুৱে সিহঁতক বিচাৰি মালতীৰ গাঁৱৰ ঘৰলৈ যাত্ৰা কৰিলে। ইফালে অঙ্কুৰৰ প্ৰতিদ্বন্দ্বীজনে তাক মাৰিবৰ বাবে পিছ লয়। পূজা আৰু অঙ্কুৰে জীয়াই থকাৰ আশা নেদেখি দুয়ো এথন পাহাৰৰ পৰা জঁপিয়াই মৰিবলৈ লওঁতে দীপুৱে বাধা দিয়ে। এনেতে প্ৰতিদ্বন্দ্ব্বী পক্ষই চলোৱা এটা গুলী দীপুৰ গাত লাগে যদিও তেওঁৰ প্ৰাণৰক্ষা পৰে। অৱশেষত সকলোৰে সন্মতিত পূজা আৰু অঙ্কুৰৰ বিয়াখন হৈ যায়।২
অভিনয়
- প্ৰাঞ্জল শইকীয়া (দীপু)
- নিকুমণি বৰুৱা (মানসী)
- অঙ্কুৰ বিষয়া (অঙ্কুৰ)
- বৰ্ণালী পূজাৰী (পূজা)
- শিৱ প্ৰসাদ ঠাকুৰ,
- শৈল বৰুৱা,
- বাদল দাস,
- নিৰেণ বৰুৱা,
- ইনু বৰুৱা,
- হিৰণ্য দাস,
- বৰষা ৰাণী বিষয়া,
- নিলয় শঙ্কৰ গুপ্তা,
- অসীম বৈশ্য আদি।
গীত
ছবিখনত মুঠ সাতটা গীত আছে। তাৰে টাইটেল চংটো লাচিত বৰফুকন ছবিখনৰ পৰা লোৱা। কথা আৰু সুৰ ক্ষীৰদাকান্ত বিষয়াৰ। মূল গীতটো গাইছিল দীপালী বৰঠাকুৰে। পুনঃৰেকৰ্ডিঙত কণ্ঠ দিছে সংগীতা বৰঠাকুৰে। বাকী ছটা গীত লিখিছে প্ৰশান্ত বৰদলৈ, হেমন্ত দত্ত, প্ৰতিমা দাস আৰু বংকিম শৰ্মাই। গীতসমূহ জিতুল সোণোৱাল, জুবিন গাৰ্গ, শান্তা উজীৰ, মনচুমী ৰাজখোৱা, মিতালী চৌধুৰীয়ে গোৱাৰ উপৰিও সেইসময়ৰ বলিউদৰ শীৰ্ষস্থানীয় গায়ক কুমাৰ চানু আৰু উদিত নাৰায়ণেও গাইছে। জুবিন গাৰ্গ আৰু বলিউদৰ গায়িকা সাগৰিকা মুখাৰ্জীক নেপথ্য কণ্ঠশিল্পী হিচাপে আত্মপ্ৰকাশ কৰা হৈছিল।৩
| ক্ৰমিক নং | গীতৰ শীৰ্ষক | গীতিকাৰ | কণ্ঠ |
|---|---|---|---|
| ১ | যৌৱনে আমনি কৰে | ক্ষীৰদাকান্ত বিষয়া | সংগীতা বৰঠাকুৰ |
| ২ | মন উৰণীয়া জোনাক ভৰে মনত | প্ৰশান্ত বৰদলৈ | কুমাৰ চানু, মনচুমী ৰাজখোৱা |
| ৩ | আই ঐ দেহী যাওঁঅ' মৰি | হেমন্ত দত্ত | জিতুল সোণোৱাল, শান্তা উজীৰ |
| ৪ | আগলী বাহৰে গগণা বজায় | প্ৰতিমা দাস | উদিত নাৰায়ণ, মিতালী চৌধুৰী |
| ৫ | উমলি থাকোঁতে কলিজা হেৰালে (সংস্কৰণ ১) | হেমন্ত দত্ত, বংকিম শৰ্মা | শান্তা উজীৰ |
| ৬ | বুকু দুৰু দুৰু | হেমন্ত দত্ত | জুবিন গাৰ্গ |
| ৭ | উমলি থাকোঁতে কলিজা হেৰালে (সংস্কৰণ ২) | হেমন্ত দত্ত, বংকিম শৰ্মা | সাগৰিকা মুখাৰ্জী |
ব্যৱসায়
যৌৱনে আমনি কৰে এখন জনপ্ৰিয় ছবি আছিল আৰু ছবিগৃহত ই ৰূপালী জয়ন্তী সপ্তাহ পালন কৰিছিল। এইখনে হ'ল বৰ্তমান সময়লৈ (২০১৯) সৰ্বাধিক ভিউৱাৰশ্বিপ পোৱা অসমীয়া ছবি। সেই সময়ৰ হিচাপত ছবিখনে ১.৮৫ কোটি টকাৰ ব্যৱসায় কৰিছিল; যিসময়ত টিকটৰ দাম ৭টকা আৰু ১৫টকা আছিল।১
তথ্যসূত্ৰ
- ↑ দৰবাৰ অনুষ্ঠানৰ বাবে প্ৰণয় বৰদলৈৰ সৈতে অশোক বিষয়া আৰু বৰষা বিষয়াৰ সাক্ষাৎকাৰ
- ↑ ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত, পৃঃ ৪৩২-৪৩৮, অৰুণলোচন দাস, শশী-শিশু প্ৰকাশ, গুৱাহাটী, ২০১৩
- ↑ যৌৱনে আমনি কৰে (১৯৯৮) - অসমীয়া চলচ্চিত্ৰ, ট্ৰেকলিষ্ট, সম্পূৰ্ণ এলবাম চাউণ্ডট্ৰেক বিৱৰণ আৰু অধিক. জেডজি ডিস্কোগ্ৰাফী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যৌৱনে আমনি কৰে (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৪৬০১৯ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।