অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

হলধৰ (চলচ্চিত্ৰ)

হলধৰ (Haladhar) এখন মধুৰ হাস্যৰসাত্মক অসমীয়া চলচ্চিত্ৰ। ১৯৯৩ চনত চিত্ৰগৃহত মুক্তি পোৱা ছবিখন ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ 'পৰিচালৰ প্ৰথম ছবি'ৰ ইন্দিৰা গান্ধী বঁটা লাভ কৰিছিল।

হালনাগাদ: ২৪ জুলাই ২০২৬ ৪৭৬ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

হলধৰ (Haladhar) এখন মধুৰ হাস্যৰসাত্মক অসমৰ চলচ্চিত্ৰ। ১৯৯৩ চনত চিত্ৰগৃহত মুক্তি পোৱা ছবিখন ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ 'পৰিচালৰ প্ৰথম ছবি'ৰ ইন্দিৰা গান্ধী বঁটা লাভ কৰিছিল। গল্পকাৰ অপূৰ্ব শৰ্মাৰ এটি চুটিগল্পৰ আধাৰত সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী আৰু অজান বৰুৱাই ছবিৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল। পৰিচালনা কৰিছিল সঞ্জীৱ হাজৰিকাই।১২

কাহিনী

বলোৰাম এজন খেতিয়ক, গাঁৱৰ বায়ন। পামৰ পৰা তেওঁ নাঙল তৈয়াৰ কৰিবলৈ মজকাঠ দুটুকুৰা আনে। এখন নিজৰ বাবে, আনখন ভিনিহিয়েকৰ বাবে। দুখীয়া-দৰিদ্ৰক ঠগিমেলি চহকী হোৱা গাঁৱৰে মাঘী মহাজনে তাৰে নাঙল এখন বিচাৰে। বলোৰামে দিবলৈ অস্বীকাৰ কৰাত মহাজনৰ অহঙত লাগিল। খঙেৰে কৈ থৈ গ’ল যে এই নাঙলৰ খেতি বলোৰামেও খাবলৈ নাপায়।১২

ধোৰোকা গাঁৱৰে এজন উৎসাহী ডেকা। বলোৰামৰ পামত কাম কৰি দিয়াৰ উপৰিও গাঁৱৰ কাৰোবাৰ কিবা কামত প্ৰয়োজন হ’লে কৰি দিয়ে। বলোৰামৰ কিশোৰী জীয়েক লিলিক ভাল পাব বিচাৰে। ইতিমধ্যে এখন নাঙল চাঁচি সম্পূৰ্ণ হোৱাত ধোৰোকাৰ হাতত ভিনিহিয়েকৰ ঘৰলৈ পঠিয়াই দিলে। আনখন আধাচঁচা নাঙল ভৰাঁলৰ গাধৈত থৈ তেওঁ পামলৈ গ’ল। সেই সুযোগতে মাঘী মহাজনে আধাচঁচা নাঙলখন সোমেশ্বৰৰ হতুৱাই চুৰ কৰাই নিলে। বিভিন্ন সময়ত বলোৰামৰ পৰা উপকাৰ পাই থোৱা সোমেশ্বৰে প্ৰথমে নাঙলখন চুৰ কৰি কৰিব মান্তি হোৱা নাছিল যদিও ভেটীমাটি কাঢ়ি নিয়াৰ ভয় দেখুৱাই মহাজনে তাৰ দ্বাৰা এই গৰ্হিত কাম কৰালে।১২

ইফালে লিলিয়ে ধোৰোকাকে এই চুৰি কাৰ্যৰ বাবে দোষাৰোপ কৰিলে। ভালপোৱা ছোৱালীজনীয়ে এনে মিছা সন্দেহ কৰাত ধোৰোকাই শপত খালে যে সি প্ৰকৃত নাঙল চোৰক বিচাৰি উলিয়াবই। অনুসন্ধান কৰি সি নিশ্চিত হ’ল যে সোমেশ্বৰৰ হতুৱাই মহাজনে এই কাম কৰাইছে। আনকি সি নাঙলখন মহাজনৰ ঘৰত লুকুৱাই থোৱা অৱস্থাতো চাই আহিল।১২

মহাজন ধনী, ক্ষমতাশালী মানুহ। সেয়েহে বলোৰামে থানাত গৈ মহাজনৰ বিপক্ষে গোচৰ দিয়া যুগুত নহব বুলি শুভাকাঙ্ক্ষীয়ে উনুকিয়াই দিলে। গাঁৱত অনুষ্ঠিত হবলগীয়া ভাওনাৰ দিনাই ৰাইজৰ আগত মহাজনৰ কু-কীৰ্তিৰ বিষয়ে গোচৰ দিয়াৰ মনস্থ কৰিলে। ভাওনাৰ দিনা নাঙলখন আগৰ ঠাইতে আছে নে নিশ্চিত হবলৈ ধোৰোকাক পুনৰ অনুসন্ধান কৰিবলৈ পঠিওৱা হ’ল। পিছে সি আহি জনালে যে নাঙলখন আগৰ ঠাইত নাই। গতিকে সিদিনা আৰু গোচৰ দিয়া নহ’ল।১২

ভাওনা হৈ যোৱাৰ পিছত গাঁৱৰ দোকানখনতে বলোৰামে সোমেশ্বৰক লগ পায়। সেইসময়ত গাঁৱৰে আৰু দুই-চাৰিজন লোক তাত আছিল। কথাৰ বলোৰাম সোমেশ্বৰৰ কথাৰ কটাকটি হয়। যিজনে সদায় বিপদে-আপদে সহায় কৰি আহিছে, সেইজনৰ ঘৰতে সোমেশ্বৰে চুৰ কৰিলে আৰু চুৰি-কাৰ্য সংঘটিত কৰিলে সেইজনৰ কথা মতে, যিজনে তাক শোষণ কৰি কৰি ভেটী-মাটিও কাঢ়িলোৱাৰ উপক্ৰম হৈছে। সোমেশ্বৰে নিজৰ ভুল বুজি পালে আৰু এটা কালভাৰ্টৰ তলৰ পৰা নাঙলখন উলিয়াই আনিলে। এজাক সৰু ল’ৰা-ছোৱালীয়ে ‘ধৰ ধৰ ধৰ, নাঙল চোৰক ধৰ’ বুলি চিঞৰি তাৰ পিছেপিছে সমদল যাত্ৰা কৰিলে। সেই সমদলত মাঘী মহাজনৰ কণমানি ল’ৰাটোৱেও যোগ দিলে।১২

অভিনয়-শিল্পী

কলা-কুশলী

(তথ্যছ’কত নথকা)

  • বেনাৰ- প্ৰহৰ চিত্ৰম
  • শব্দ গ্ৰহণ- যতীন শৰ্মা১২

বঁটা

১৯৯২ত অনুষ্ঠিত হোৱা ৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হলধৰে শ্ৰেষ্ঠ 'পৰিচালকৰ প্ৰথম ছবি'ৰ ইন্দিৰা গান্ধী বঁটা লাভ কৰিছিল। বঁটা স্বৰূপে প্ৰযোজকদ্বয় গীতি বৰুৱা আৰু দ্বিজেন হাজৰিকালৈ স্বৰ্ণকমল আৰু নগদ ২৫,০০০টকা আগবঢ়োৱা হৈছিল। একেই পৰিমাণৰ ধন আৰু স্বৰ্ণকমল পৰিচালক সঞ্জীৱ হাজৰিকালৈও আগবঢ়োৱা হৈছিল।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 384
  2. ↑ 39th National Film Festivl. Directorate of Film Festivals, Govt. of India. পৃ. 20, 142

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হলধৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬১৯১৪৪ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।