সেন্দূৰ (Sendur) ১৯৮৪ চনত মুক্তি পোৱা প্ৰাগ ফিল্মচৰ বেনাৰত নিৰ্মিত, পুলক গগৈ পৰিচালিত এখন অসমীয়া ৰঙীন ড্ৰামা চলচ্চিত্ৰ। ছবিৰ মূল ভূমিকাত অভিনয় কৰিছে তপন দাস, ব্ৰজেন বৰা আৰু বিদ্যা ৰাৱে।১ ছবিখন চুপাৰ-ডুপাৰ হিট হৈছিল।২
কাহিনীৰ সাৰাংশ
অশেষ কষ্টেৰে নিজহাতে প্ৰতিষ্ঠা কৰা হাইস্কুলখনৰ হেডমাষ্টৰ বৰুৱা। ককায়েকৰ সপোন সাকাৰ কৰিবলৈ তেওঁৰ মেধাৱী ভায়েক ৰাজীৱেও অন্য কতো চাকৰি-বাকৰি নিবিচাৰি সেই স্কুলখনতে শিক্ষকতাৰ কামত সোমায়। স্কুলৰ মাটিটুকুৰা দান দিছিল জগত ঠিকাদাৰৰ ককায়েকে। কিন্তু মাটিখিনিত শেনচকু জগত ঠিকাদাৰৰ। মাটিখিনি হস্তগত কৰি তেওঁ তাত ধানকল আৰু সৰিয়হ পেৰা কল স্থাপন কৰিব বিচাৰে। জগত ঠিকাদাৰে এটা চৰ্ত দিয়ে যে যদি তেওঁৰ জীয়েক ঊষাক ৰাজীৱে বিয়া কৰাবলৈ সন্মত হব, তেন্তে মাটিটুকুৰা স্কুলক এৰি দিয়াত আপত্তি নাই। হেডমাষ্টৰ সেই চৰ্তত সন্মত নহয়।
ৰাজীৱে ভাল পায় মালাক। মালাৰ মাকে হেডমাষ্টৰৰ ঘৰত লাচনি-পাচনি কৰি কোনোমতে টুকটাককৈ চলি আছে। হেডমাষ্টৰৰ পত্নী অৰ্থাৎ ৰাজীৱৰ বৌয়েকৰ প্ৰথমে সেইখন ঘৰলৈ মালাক বোৱাৰী কৰি নিয়াত আপত্তি নাছিল যদিও টুটুকীয়া মন্থৰা বুঢ়ীৰ কুমন্ত্ৰণাত মন ঘূৰিল। ৰাজীৱে বৌৱেকৰ অসন্মতি সত্ত্বেও মালাক বিয়া কৰাই ঘৰলৈ আনিলে। যুগ্মজীৱনৰ সাক্ষী স্বৰূপে তেওঁলোকৰ ল'ৰা এটাও উপজিল।
জগত ঠিকাদাৰে হেডমাষ্টৰৰ কথাৰ পৰা গম পাইছিল যে স্কুলৰ মাটি দান কৰা চুক্তিত্ৰখন স্কুলৰ আলমাৰীত সংৰক্ষিত আছে। সেয়েহে চুক্তিপত্ৰখন নষ্ট কৰিবলৈ ঠিকাদাৰৰ মানুহে এদিন ৰাতি স্কুলঘৰটো জ্বলাই দিলে; যাতে পিছলৈ স্কুল কমিটি আদালতৰ কাষ চাপিব নোৱাৰে। দাওদাও জ্বলি উঠা স্কুলঘৰৰ আলমাৰীত থকা দানপত্ৰখন উদ্ধাৰ কৰিবলৈ গৈ ৰাজীৱ নিহত হ’ল। অকাল বৈধব্যক আকোৱালী লোৱা মালাৰ জীৱনত দুখ-যন্ত্ৰণাৰ অন্ত নোহোৱা হ’ল।
জগত ঠিকাদাৰে কৰি থকা চৰকাৰী ঠিকাৰ কাম পৰিদৰ্শন কৰিবলৈ ৰাজীৱৰ বন্ধু ইঞ্জিনিয়াৰ সত্যজিৎ আহি হেডমাষ্টৰৰ ঘৰত কেইদিনমানৰ বাবে থকাৰ বন্দোৱস্ত কৰিলে। সত্যজিতে ঠিকাদাৰৰ কামত অসন্তুষ্ট হোৱাত বিভিন্ন উপায়ে তেওঁক প্ৰলোভিত কৰাৰ চেষ্টা কৰিলে। কিন্তু কোনো প্ৰকাৰে সৈমান কৰিব নোৱাৰি মালাৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্ক থকা বুলি ঠিকাদাৰৰ পুতেক গৌতমে ৰাইজ গোটাই সত্যজিতক আক্ৰমণ কৰিলে। কপাল ফাটি তেজে তুমৰলি হ'ল। মিছা অপবাদৰ পৰা মালাক ৰক্ষা কৰিবলৈ তাইৰ শিৰত তেজৰ সেন্দূৰৰে ৰেঘা আঁকি দিবলৈ সত্যজিৎ আগবাঢ়ি আহিল। কিন্তু বাধা দিলে মালাই। স্কুলখন পুনৰ্নিমাণ কৰিবলৈ তাই অনুৰোধ জনালে। এই স্কুলখনৰ মাজতে চিৰদিন জীয়াই থাকিব তাইৰ স্বামী ৰাজীৱ।৩
অভিনয় শিল্পী
- বিদ্যা ৰাও (অভিনেত্ৰী) (মালা)
- তপন দাস (ৰাজীৱ)
- ব্ৰজেন বৰা (সত্যজিৎ)
- বীণা গোস্বামী (ৰাজীৱৰ বৌয়েক)
- আব্দুল মজিদ (ঠিকাদাৰ জগত বৰুৱা)
- দীনেশ দাস (শ্ৰমিকৰ চৰ্দাৰ সোমনাথ)
- সাধন হাজৰিকা (হেডমাষ্টৰ বৰুৱা- ৰাজীৱৰ ককায়েক)
- মিৰেল কুদ্দুছ (ঠিকাদাৰৰ মহৰী)
- বিদ্যুৎ চক্ৰৱৰ্তী (ঠিকাদাৰ বৰুৱাৰ পুত্ৰ গৌতম)
- জীমণি চৌধুৰী (অঞ্জনা)
- জ্যোৎস্না হাতীবৰুৱা
- ৰেণু বৰুৱা
- পূৰৱী দাস
- ৰীতা মহলীয়া
- গৌৰাঙ্গ ঘোষ
- হীৰা দাস
- সাগৰ বৰুৱা
- জয়ন্ত দাস
- ইন্দ্ৰ বণিয়া (অতিথিশিল্পী)
- অমিতাভ গগৈ (শিশুশিল্পী-মালাৰ ভায়েক দেউতি)
- বেবী লুনা (শিশুশিল্পী)১
কলা-কুশলী
- ৰূপসজ্জা- যোগেন দাস
- কলা- ফটিক বৰুৱা, যোগেন শীল
- কাহিনী-ৰেণু গগৈ
- চিত্ৰনাট্য, সংলাপ- হেমন্ত দত্ত
- সহকাৰী পৰিচালনা- সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী
- নৃত্য- গৰিমা হাজৰিকা
- শব্দগ্ৰহণ- যতীন শৰ্মা
সঙ্গীত
সেন্দূৰৰ সঙ্গীত পৰিচালনা কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ আগশাৰীৰ সঙ্গীত পৰিচালক দশৰথ দাসে। আবহ সঙ্গীত ৰচনা কৰিছিল নয়নে।১৪
তথ্যসূত্ৰ
- ↑ Sendur. www.boxofficeassam.com/
- ↑ চন্দন কুমাৰ. পুলক গগৈৰ সৈতে মুক্তচিন্তাৰ সাক্ষাৎকাৰ. muktosinta.org/
- ↑ Sendur (1984): Assamese Movie. Youtube
- ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 423
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সেন্দূৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৯৭৯৬৯ (১৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।