অজেয় (Invincible) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমৰ চলচ্চিত্ৰ। ২০১৪ চনৰ ৩ জানুৱাৰীত এই ছবিখনে মুক্তি পায়।১ শিৱেন আৰ্টছৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক শংকৰ লাল গোৱেংকা। এই কথাছবিখনৰ কাহিনী অৰুণ শৰ্মাৰ ১৯৯৭ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী আশীৰ্বাদৰ ৰং নামৰ উপন্যাসখনৰ পৰা লোৱা হৈছে।২
কাহিনী
অৰুণ শৰ্মাৰ ১৯৯৭ চনৰ সাহিত্য অকাডেমি বঁটা বিজয়ী উপন্যাস আশীৰ্বাদৰ ৰং-ৰ ভিত্তিত এই চলচ্চিত্ৰৰ কাহিনীভাগ ৰচনা কৰা হৈছে।২৩ অজেয়ৰ কাহিনী বৰ্তমানৰ ভাৰত-বাংলাদেশ সীমান্তৰ এখন ভিতৰুৱা গাঁৱৰ প্ৰাক-স্বাধীনতাৰ পৰিস্থিতিৰ ওপৰত কেন্দ্ৰীভূত। সেই গাঁৱৰ হিন্দু আৰু মুছলমান ধৰ্মৰ লোকসকলে নিজৰ মাজতে ভিন্ন জীৱন নিৰ্বাহ কৰে। ছবিখনৰ মূল চৰিত্ৰ গজেন কেওট (ৰূপম চেতিয়া) এজন খঙাল যুৱক। পঢ়া-শুনা আধাতে সাং কৰিছিল যদিও তেওঁ মুছলমান সম্প্ৰদায়ৰ এগৰাকী ছোৱালী হাচিনা (জুপিতৰা ভূঞা)-ক পঢ়াইছিল।৪ তেওঁ মোহনদাস কৰমচান্দ গান্ধীক সমৰ্থন দিয়াৰ লগতে সমাজৰ বৰ্ণবৈষম্য আৰু বাল্য বিবাহৰ বিৰুদ্ধে আছিল। তেওঁ বিশ্বাস কৰিছিল যে ভাৰত এসময়ত স্বাধীন হোৱাৰ পাছত এই সামাজিক ব্যাধিসমূহ দূৰ হ’ব।২
চিত্ৰগ্ৰহণ
অজেয় চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ উজনি অসমৰ ঢলা আৰু তিনিচুকীয়া জিলাত হৈছিল।১
প্ৰডাকশ্যন
অজেয় কথাছবিখন প্ৰযোজনা কৰিছে শংকৰ লাল গোৱেংকাই। তেখেতৰ নতুনকৈ গঠিত ফিল্ম প্ৰডাকশ্যন হাউচ শিৱেন আৰ্টছৰ বেনাৰত এই কথাছবিখন নিৰ্মাণ কৰা হৈছে। মাইনা গোৱেংকা, পূজা গোৱেংকা আৰু সিদ্ধাৰ্থ গোৱেংকা হৈছে কথাছবিখনৰ সহ-প্ৰযোজক। ২০১২ চনৰ ৩০ নৱেম্বৰৰ দিনা প্ৰযোজকৰ নিজা কেলভিন চিনেমা কম্পাউণ্ড (Kelvin Cinema Compound)ত ছবিখনৰ মহুৰত অনুষ্ঠিত হৈছিল।১
অভিনয়ত
| + | ক্ৰম | অভিনেতা / অভিনেত্ৰীৰ নাম | চৰিত্ৰ |
| ১ | বিষ্ণু খাৰঘৰীয়া | বয়সিয়াল গজেন | |
| ২ | ৰূপম চেতিয়া | গজেন কেওঁট | |
| ৩ | কপিল বৰা | মদন | |
| ৪ | জুপিতৰা ভূঞা | হাচিনা | |
| ৫ | ৰিম্পী দাস | ||
| ৬ | মুনমী কলিতা | জবা |
ইয়াৰ উপৰিও অজেয়ত সৌৰভ হাজৰিকা, ৰুবী মহন্ত, ৰূপম চেতিয়া, লক্ষ্মী বৰঠাকুৰ, সঞ্জীৱ খাৰঘৰীয়া, প্ৰতিভা চৌধুৰী, মহেশ বৰা, প্ৰধান দেউৰী আদি ন-পুৰণি অসমীয়া অভিনেতাই অভিনয় কৰিছে। কপিল বৰাই মুক্তিযুদ্ধা মদন শৰ্মাৰ চৰিত্ৰত অভিনয় কৰিছে।১
কলা-কুশলী
অজেয় কথাছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে সুমন দুৱৰাই। সংগীত সংযোজন কৰিছে ধ্ৰুৱজ্যোতি ফুকনে। ছবিখন সম্পাদনা কৰিছে হিউ এন বৰুৱাই।১
- চাউণ্ড ডিজাইন: যতীন শৰ্মা
- প্ৰডাকশ্যন ডিজাইনাৰ: ফতিক বৰুৱা
- মেক-আপ: অচিতাভ বৰুৱা
- সাজ-সজ্জা (costume): গীতাৰাণী গোস্বামী।
প্ৰদৰ্শন
২০১৩ চনৰ ১৭-২৪ অক্টোবৰলৈ অনুষ্ঠিত পঞ্চদশ মুম্বাই চলচ্চিত্ৰ মহোৎসৱত অজেয় প্ৰদৰ্শিত হয়।৫৬ ২০১৩ চনৰ ২৬ ডিচেম্বৰৰ পৰা ২০১৪ চনৰ ২ জানুৱাৰীলৈ অনুষ্ঠিত বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো ছবিখন প্ৰদৰ্শিত হৈছিল।৭
বঁটা-সন্মান
৬১-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অজেয়-লৈ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজতকমল বঁটা আগবঢ়োৱা হয়।৮৯১০১১১২
তথ্যসূত্ৰ
- ↑ ছেণ্টিনেলত অজেয়
- ↑ PRANJAL BORAH. (MONDAY, 23 DECEMBER 2013). Ajeyo (Invincible), A New Fim by Jahnu Barua. Assam Online Portal
- ↑ মিড-ডে'.কমত অজেয়
- ↑ অজেয়ৰ সমালোচনা- হলিউড ৰিপটাৰ্ছত
- ↑ মুম্বাই চলচ্চিত্ৰ মহোৎসৱৰ ৱেবছাইটত মহোৎসৱৰ কাৰ্যসূচী
- ↑ মুম্বাই চলচ্চিত্ৰ মহোৎসৱৰ অফিচিয়েল ব্লগ
- ↑ বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ কাৰ্যসূচী
- ↑ অজেয়লৈ ৰজত কমল, আমাৰ অসম-১
- ↑ অজেয়লৈ ৰজত কমল, আমাৰ অসম-২
- ↑ অজেয়লৈ ৰজত কমল, দ্য আসাম ট্ৰিবিউন
- ↑ অজেয়লৈ ৰজত কমল, দৈনিক অসম-১
- ↑ অজেয়লৈ ৰজত কমল, দৈনিক অসম-২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অজেয়” প্ৰবন্ধৰ সংশোধন ৬০৪৭১৮ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।