অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গান্ধী জয়ন্তী

গান্ধী জয়ন্তী ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। সমগ্ৰ ভাৰতত এই দিনটো চৰকাৰী ছুটিৰ দিন। যদিও ভাৰতৰ সংবিধানত জাতিৰ পিতা বুলি কোনো উপাধি প্ৰদান কৰা হোৱা নাই, তথাপিও ভাৰতৰ জন-গণে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি গণ্য কৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

গান্ধী জয়ন্তী ভাৰতৰ জাতিৰ পিতা মোহনদাস কৰমচান্দ গান্ধীৰ জন্ম জয়ন্তী। সমগ্ৰ ভাৰতত এই দিনটো চৰকাৰী ছুটিৰ দিন। যদিও ভাৰতৰ সংবিধানত জাতিৰ পিতা বুলি কোনো উপাধি প্ৰদান কৰা হোৱা নাই, তথাপিও ভাৰতৰ জন-গণে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি গণ্য কৰে।১২

মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ২০০৭ চনৰ ১৫ জুন তাৰিখে ২ অক্টোবৰক আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে ঘোষণা কৰে।৩

কাৰ্যসূচী

প্ৰতি বছৰে ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তী পালন কৰা হয়। ভাৰতৰ প্ৰতিটো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত একত্ৰিত ভাবে পালন কৰা তিনিটা দিৱসৰ ভিতৰত গান্ধী জয়ন্তী অন্যতম। আন দুটা হৈছে ভাৰতৰ স্বাধীনতা দিৱস(১৫ আগষ্ট) আৰু গণৰাজ্য দিৱস(২৬ জানুৱাৰী)।

গান্ধী জয়ন্তীৰ দিনা ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ গান্ধী স্মৃতিক্ষেত্ৰ সমূহত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। নতুন দিল্লীৰ গান্ধীৰ সমাধি ক্ষেত্ৰ ৰাজ ঘাটত চৰকাৰী ভাবে এওঁ দিৱস পালন কৰা হয়। প্ৰাৰ্থনা সভা,আলোচনা চক্ৰ, গান্ধী বিষয়ক বিভিন্ন প্ৰতিযোগিতা পাতি পুৰস্কাৰ বিতৰণ কৰা, বিভিন্ন জনকল্যাণ মূলক চৰকাৰী আঁচনিৰ শুভ উদ্বোধন কৰা ইত্যাদি এই দিৱসৰ প্ৰধান কাৰ্যসূচী।৪ ২০১৪ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গান্ধী জয়ন্তী উপলক্ষ্যে স্বচ্ছ ভাৰত অভিযান নামৰ এলানি জনপ্ৰিয় অভিযানৰ কথা উল্লেখ কৰিছিল। ভাৰত বৰ্ষক স্বচ্ছতাৰ ক্ষেত্ৰত আগুৱাই নিয়া এই অভিযানৰ মূল উদ্দেশ্য। গান্ধী জয়ন্তীত বিভিন্ন দল-সংগঠনে বিভিন্ন ৰাজহুৱা স্থানত চাফাই অভিযানত অংশ লোৱা দেখা গৈছে।

এই দিনটোত কিছুমান সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। বিভিন্ন দেশপ্ৰেম মূলক গীত, নাটক আদি পৰিবেশনৰ লগতে গান্ধীজীৰ প্ৰিয় ভজন যেনে: ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, বৈষ্ণৱ জন তো তেনে কাহিয়ে, আদি এই অনুষ্ঠান সমূহৰ মূল বৈশিষ্ট।৫

তথ্যসূত্ৰ

  1. ↑ Gandhi not formally conferred 'Father of the Nation' title: Govt. indianexpress.com
  2. ↑ Constitution doesn't permit 'Father of the Nation' title: Government. The Times of India
  3. ↑ Introduction of the draft resolution on International Day of Non-Violence. United Nations
  4. ↑ Gandhi Jayanti. Simon Fraser University
  5. ↑ Several programmes mark Gandhi Jayanti celebrations in Mysore. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গান্ধী জয়ন্তী” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৭০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।