অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বৈশাখী

বৈশাখী (ਵਿਸਾਖੀ) শিখ সকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ। বৈশাখ মাহৰ সংক্ৰান্তি তিথিত বৈশাখী পালন কৰা হয়। বৈশাখী সাধাৰণতে ইংৰাজী কেলেণ্ডাৰৰ ১৩/১৪ এপিল তাৰিখে উদযাপিত হয়। ১৬৯৯ চনত শিখ সকলৰ দশম গৰাকী গুৰু গোবিন্দ সিঙে এইদিনা খালসা পন্থা গঠন কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

বৈশাখী (ਵਿਸਾਖੀ) শিখ সকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ। বৈশাখ মাহৰ সংক্ৰান্তি তিথিত বৈশাখী পালন কৰা হয়। বৈশাখী সাধাৰণতে ইংৰাজী কেলেণ্ডাৰৰ ১৩/১৪ এপিল তাৰিখে উদযাপিত হয়। ১৬৯৯ চনত শিখ সকলৰ দশম গৰাকী গুৰু গোবিন্দ সিঙে এইদিনা খালসা পন্থা গঠন কৰিছিল।১২৩৪৫৬ হিন্দু বিক্ৰম সংবৎ দিনপঞ্জী অনুসৰি বৈশাখী বৈশাখ সংক্ৰান্তি হিচাপে পালন কৰে। পাৰম্পৰিক ভাবে বৈশাখী বৈশাখ মাহৰ প্ৰথম দিন বাবে বহুতো ভাৰতীয়য়ে এইদিনা সৌৰ নৱবৰ্ষ পালন কৰে। এই সময়ত ভাৰতৰ ভিন ভিন অঞ্চলত বিভিন্ন বসন্ত উৎসৱৰ আয়োজন কৰা হয়।৫

বৈশাখী ভাৰতীয় উপমহাদেশৰ ঘাইকৈ পঞ্জাব অঞ্চলত সংঘটিত ভাৰত তথা শিখ ধৰ্মৰ ঐতিহাসিক ঘটনাৰ দিন।৭৮ মোগল সম্ৰাট ঔৰংজেৱৰ আদেশত ইছলামলৈ ধৰ্মান্তৰ হবলৈ অস্বীকাৰ কৰাৰ বাবে গুৰু টেগ বাহাদুৰৰ হত্যা কৰা হৈছিল। ইয়াৰ ফলত শিখ সকলৰ দশম গুৰুৰ অভিষেক আৰু একদিনয়ে গুৰু গোবিন্দ সিঙে খালসা পন্থা গঠন কৰিছিল। এই ঘটনা বৈশাখীৰ দিনা সংঘটিত হৈছিল।৯১০১১ শিখ সম্ৰাজ্যৰ সম্ৰাট ৰজা ৰঞ্জিত সিঙে ১৮০১ চনৰ ১২ এপ্ৰিল তাৰিখে বৈশাখীৰ দিনা পঞ্জাব ৰাজ্য একত্ৰিত কৰি ৰাজপাট আৰোহণ কৰিছিল। শিখ ধৰ্মৰ প্ৰৱৰ্তক তথা প্ৰথম শিখ গুৰু গুৰু নানকদেৱ জীৰ শিষ্য চাহিব সিং বেদীয়ে তেওঁৰ ৰাজ অভিষেক কৰিছিল।১২ ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে বৈশাখীৰ দিনা অবিভক্ত ভাৰতৰ পঞ্জাব প্ৰদেশৰ অমৃতসৰ চহৰত ইংৰাজ সেনানায়ক ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰৰ নিৰ্দেশত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল।৭

বৈশাখীত, গুৰুদ্বাৰাসমূহ সজোৱা হয় আৰু কীৰ্তন অনুষ্ঠিত কৰা হয়। শিখসকলে স্থানীয় গুৰুদ্বাৰালৈ যায়, মেলা আৰু 'নগৰ কীৰ্তন'ৰ লগতে নৃত্য-গীত আৰু ভোজৰ আয়োজন কৰা হয়।২৭১৩ ভাৰতৰ অন্যান্য প্ৰান্তৰ হিন্দু সকলে এইদিনা সৌৰ নৱবৰ্ষ পালন কৰে। ইয়াৰ লগতে বিভিন্ন কৃষিভিত্তিক উৎসৱো অনুষ্ঠিত হয়। এইদিনা গংগা, ঝিলাম আৰু কাবেৰী আদি পবিত্ৰ নদীত স্নান কৰা, মন্দিৰ দৰ্শন কৰা, সম্পৰ্কীয় তথা বন্ধুবৰ্গৰ সৈতে মিলন আৰু অন্যান্য উৎসৱত অংশগ্ৰহণ কৰা হয়। ভাৰতৰ অন্যান্য প্ৰান্তত বৈশাখীৰ সময়ত সমপৰ্যায়ৰ বিভিন্ন আঞ্চলিক নামৰে উৎসৱ পালন কৰা হয়।১৪

তথ্যসূত্ৰ

  1. ↑ Harjinder Singh. Vaisakhi. Akaal Publishers. পৃ. 2
  2. ↑ K.R. Gupta; Amita Gupta. (2006). Concise Encyclopaedia of India. Atlantic Publishers. পৃ. 998. ISBN 978-81-269-0639-0
  3. ↑ Bodiwala, Suresh. (November 18, 2017). Sikh Religious Society Organizes Two -day Conference in Chicago to Implement Mool Nanakshahi Calendar. Chicago Tribune
  4. ↑ Harbans Singh. (1 January 1998). The Encyclopaedia of Sikhism: S-Z. Publications Bureau. ISBN 978-81-7380-530-1
  5. ↑ BBC Religions (2009), Vaisakhi and the Khalsa
  6. ↑ Knut A. Jacobsen. (2008). South Asian Religions on Display: Religious Processions in South Asia and in the Diaspora. Routledge. পৃ. 192. ISBN 978-1-134-07459-4, Quote: "Vaisakhi is also a Hindu festival, but for the Sikhs, it celebrates the foundation of the Khalsa in 1699."
  7. ↑ S. R. Bakshi, Sita Ram Sharma, S. Gajnani (1998) Parkash Singh Badal: Chief Minister of Punjab. APH Publishing pages 208–209
  8. ↑ William Owen Cole; Piara Singh Sambhi. (1995). The Sikhs: Their Religious Beliefs and Practices. Sussex Academic Press. পৃ. 135–136. ISBN 978-1-898723-13-4
  9. ↑ Seiple, Chris. (2013). The Routledge handbook of religion and security. Routledge. পৃ. 96. ISBN 978-0-415-66744-9
  10. ↑ Pashaura Singh and Louis Fenech. (2014). The Oxford handbook of Sikh studies. Oxford University Press. পৃ. 236–237. ISBN 978-0-19-969930-8
  11. ↑ Harkirat S. Hansra. (2007). Liberty at Stake, Sikhs: the Most Visible. iUniverse. পৃ. 28–29. ISBN 978-0-595-43222-6
  12. ↑ The Encyclopaedia of Sikhism, section Sāhib Siṅgh Bedī, Bābā (1756–1834)
  13. ↑ Jonathan H. X. Lee; Kathleen M. Nadeau. (2011). Encyclopedia of Asian American Folklore and Folklife. ABC-CLIO. পৃ. 1012–1013. ISBN 978-0-313-35066-5
  14. ↑ Christian Roy. (2005). Traditional Festivals: A Multicultural Encyclopedia. ABC-CLIO. পৃ. 479–480. ISBN 978-1-57607-089-5

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ উৎসৱসমূহহিন্দুধৰ্মৰ উৎসৱসমূহশিখ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈশাখী” প্ৰবন্ধৰ সংশোধন ৩৮২২১২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।