গীটাৰ এবিধ তাঁৰযুক্ত বাদ্য য'ত তাঁৰৰ সহায়ত সংগীত সৃষ্টি কৰা হয়।১
ইতিহাস
যদিও গীটাৰ ৪০০০ বছৰ পুৰণি বাদ্য যন্ত্ৰ 'কিথাৰা'ৰ পৰা অহা বুলি কোৱা হয়, এই তথ্যৰ প্ৰমাণ মাথোঁ এই যে কিথাৰা আৰু স্পেনীয় ভাষাৰ শব্দ 'quitarra' শুনিবলৈ একে।২ পৃথিৱীৰ আতাইতকৈ পুৰণি তাঁৰযুক্ত বাদ্য যন্ত্ৰ bowl harps আৰু tanburs বুলি জানিব পৰা যায়। এই যন্ত্ৰৰ ক্ৰমাৎ বিবৰ্তন ঘটে। আৰবৰ ফালে এই যন্ত্ৰত ফ্ৰেট ব্যৱহাৰ হোৱা নাছিল যদিও ইউৰোপীয়সকলে ইয়াত ফ্ৰেট লগাই ইয়াক 'লুট' নাম দিলে। এই লুটেই গৈ গীটাৰ হ'লগৈ।৩
নাম
গীটাৰৰ নাম সংস্কৃত শব্দ 'তাৰ'ৰ পৰা অহা। এছিয়াত বিভিন্ন এনে তাৰ ব্যৱহাৰ কৰা বাদ্য আছে যাৰ নামতো 'তাৰ' আছে, যেনে দুতাৰ, চিতাৰ, চাৰতাৰ আদি।৪
অংগ

তলত গীটাৰৰ কিছু মূল অংগৰ বিষয়ে দিয়া হৈছে:
- হে'ড্ ষ্টক্ - হেড্ ষ্টক হ'ল গিটাৰ টিউন কৰা পেগ্ছ ধৰি ৰখা অংগ।
- টিউনিং পেগ্ছ - টিউনিং পেগ্ছ তাৰ ধৰি ৰখাত আৰু গিটাৰ টিউন কৰাত ব্যৱহাৰ হয়।
- নাট - নাটে তাঁৰসমূহ নিজৰ নিজৰ ঠাইত ধৰি ৰাখে।
- নে'ক - হে'ড্ ষ্টককে ধৰি ব'ডিৰ ওপৰৰ সকলো নেক।
- ফ্ৰেট ব'ৰ্ড - ফ্ৰেট ব'ৰ্ডে ফ্ৰেটসমূহ নিজৰ নিজৰ ঠাইত ধৰি ৰাখে।
- ফ্ৰেট সমোহ - ফ্ৰেটসমূহ ফ্ৰেট ব'ৰ্ডত পথালিকৈ থাকে।
- ব'ডি - এজন সোঁহতীয়াই গীটাৰ ধৰিলে সোঁফালে যি বৃহৎ অংশ থাকে, সেয়েই ব'ডি।
- ব্ৰিজ - ব্ৰিজে তাঁৰসমূহ ব'ডিত ধৰি ৰাখে।৫
তাৰ সমূহ
গীটাৰত ৬ ডাল তাঁৰ থাকে যাক 'ষ্ট্ৰিংছ্' বুলি কোৱা যায়। প্ৰতিডাল তাঁৰৰে স্বৰ বেলেগ বেলেগ। তাঁৰ কেইডালৰ নাম হ'ল- ই,বি,জি,ডি,এ,ই। এই ক্ৰম গীটাৰৰ আতাইতকৈ ক্ষীণ তাঁৰৰ পৰা আতাইতকৈ মোটা তাঁৰলৈকে।৬
প্ৰকাৰ
মূলত গীটাৰ তিনি প্ৰকাৰৰ। যেনে-
- স্পেনিছ গীটাৰ
- হাৱাইন গীটাৰ
- বেছ্ গীটাৰ
ইয়াৰ বাদেও স্পেনিছ গীটাৰক ক্লাছিকেল, একাউষ্টিক আৰু ইলেকট্ৰিক আদি ভাগত ভাগ কৰা হয়।
লগতে চাওক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীটাৰ” প্ৰবন্ধৰ সংশোধন ৩৮৪৯৭৯ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।