টোকাৰী আঙুলিৰ মূৰেৰে আঘাত কৰি বজোৱা এবিধ গুণা লগোৱা অসমৰ থলুৱা বাদ্যযন্ত্ৰ১। অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত তাঁৰজাতীয় বাদ্যযন্ত্ৰ সমূহৰ ভিতৰত টোকাৰীৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাই অধিক বুলি শুনা যায়। ই অসমৰ প্ৰাচীন লোকবাদ্য৷ আম বা চাম কাঠৰ খোলা এটাত সাধাৰণতে গুঁইৰ ছালেৰে ছোৱাই এই বাদ্য তৈয়াৰ কৰা হয়৷২ নামনি অসমত প্ৰচলিত আন এক এনেধৰণৰ লোকবাদ্য দোতোৰাৰ সৈতে ইয়াৰ বহুখিনি মিল দেখা পোৱা যায়৩। টোকাৰীৰ আকাৰ দোতোৰাতকৈ কিছু ডাঙৰ আৰু বহল হয়। চীনৰ এক বাদ্যযন্ত্ৰ ৰুৱান ৰ সৈতেও ইয়াৰ বহুখিনি সাদৃশ্য আছে৩। অনুমান কৰা হয় যে টোকাৰী নামৰ উত্পত্তি "টোকৰ" শব্দৰ পৰা হৈছে, অৰ্থাত্ টোকৰ দিয়াৰ ফলত শব্দ সৃষ্টি হোৱা বাবেই এই বাদ্যৰ নাম টোকাৰী ৰখা হয়৩।
ব্যৱহাৰ
অসমৰ লোকসংগীতৰ এক প্ৰকাৰ টোকাৰী গীতৰ লগতেই টোকাৰী বাদ্য সাধাৰণতে ব্যৱহাৰ কৰা হয়। ইয়াৰ বাহিৰেও দেহ বিচাৰ গীত, বৈৰাগী গীত, ফুল কোৱঁৰ আৰু মণি কোঁৱৰ গীত, মনিৰাম দেৱানৰ গীত, ধৰ্মমূলক গীত, জিকিৰ আৰু জাৰী ইত্যাদিত টোকাৰী ব্যৱহাৰ কৰা দেখা যায়৪।
গঠন
এই বাদ্যটি আম, চাম বা তেনে জাতীয় কাঠৰ ৬০ ছে:মি:ৰ পৰা ৯০ ছে:মি: মান দীঘল টুকুৰা এটাৰ এপিনে খোলনি দি আৰু আনপিনে হাতৰ তলুৱাত ৰাখি বজাব পৰাকৈ মিহি আৰু ক্ৰমানয়ে লাহী কৰি নি তৈয়াৰ কৰা হয়১। খোলনি দি অৰ্ধবৃত্তাকাৰ ৰূপ দিয়া মূৰৰ অংশটো সাধাৰণতে গুঁইৰ ছলেৰে চোওৱা হয় আৰু আনপিনৰ মূৰটোৰ আগলৈ কেইঞ্চিমান কাঠ ৰাখি খোলা কৰা হয়। সৌন্ধৈৰ্য্য বৃদ্ধিৰ কাৰণে খোলটোৰ পৰা আগবাঢ়ি থকা কাঠৰ অংশটিত পক্ষী আদিৰ সাঁচ কাটি দিয়া হয়। সাধাৰণতে আয়তাকৃতিৰ খোলটোৰ আকাৰ অলপ ডাঙৰ, বাঁহ বা কাঠেৰে সজা চাৰিডাল শলা বা শলখা ভৰাব পৰা ব্যৱস্থা থকা। ছালেৰে চোৱাই থোৱা অৰ্ধবৃত্তাকাৰ খোলাটোৰ শেষ অংশৰ মাজ ভাগৰ পৰা চাৰিডাল মুগা সূতাৰ গুণাজৰী খোলাটোৰ চাউনি আৰু কাঠডোখৰৰ ওপৰেৰে নি খোলটোত সুমুৱাই ৰখা শলা চাৰিডালত বান্ধি ৰখা হয়। আজিকালি মুগা সূতাৰ উপৰি আন সূতা বা ধাতু আদিৰে তৈয়াৰী তাঁৰো তন্ত্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। এই সূতা বা তাঁৰ চাৰিডালক ইংগলা, পিংগলা,চিত্ৰা আৰু সুষুম্না নামেৰে জনা যায়৪৩। টোকাৰীৰ ছাউনিখন আৰু কাঠডোখৰত লিপিট খাই ধৰি নথকা কৰিবৰ বাবে এই তাঁৰকেইডালক এটা কাঠৰ দুঠেঙীয়া ঘোঁৰাৰে দাঙি ৰখা হয়। শলাকেইডাল পকাই সূতা বা তাঁৰকেইডাল টান-ঢিলা কৰি আৱশ্যকমতে টোকাৰীৰ সুৰ বন্ধা হয়। পহু, ছাগলী আদি জন্তুৰ শিং অথবা খুব মিহিকৈ চাঁচি কলডিল এটাৰ গঢ়ৰ কৰি লোৱা বাঁহ বা কাঠৰ টুকুৰা এটাৰ সহায়ত এখন হাতেৰে তাঁৰকেইডালত টোকৰ দি আৰু একে সময়তে আনটো হাতৰ আঙুলিৰে কাঠচটাৰ ওপৰেৰে বৈ যোৱা সূতা কেইডালত বুলনি দি ধ্বনিৰ সৃষ্টি কৰা হয়১।
লগতে চাওক
- টোকাৰী গীত বা টোকাৰী নাম
বাহ্যিক সংযোগ
- সংজ্ঞা আৰু চমু বিৱৰণ, শব্দ (অভিধান)ত চাওক।
- Sankardeva Tokari Geet, at folkways.si.edu.
তথ্যসূত্ৰ
- ↑ সাদিন, লোকবাদ্য তুমি নাথাকিলে বসন্তক আদৰিম কিদৰে, তাৰিখ: ৬ এপ্ৰিল, ২০১২, আহৰণ: ১০ এপ্ৰিল, ২০১২, পৃষ্ঠা: ৯
- ↑ ধৰ্মেশ্বৰ বৰুৱা. (২০০৫). টোকাৰী. বীণা মন্দিৰ. পৃ. ৪৪
- ↑ Dilip Ranjan Barthakur. (2003). The Music And Musical Instruments Of North Eastern India. Mittal Publications. পৃ. 131–. ISBN 978-81-7099-881-5
- ↑ Tokari. Anvesha.co.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টোকাৰী” প্ৰবন্ধৰ সংশোধন ৪২৪৮৩৭ (৫ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।