কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ওচমান টাকাৰ নৃত্য
ওচমান টাকাৰ নৃত্য(Dance of Osman Taka) (Οσμαντάκας or Σαμαντάκας)আলবেনিয়া আৰু গ্ৰীচত প্ৰচলিত এক পৰম্পৰাগত নৃত্য। আলবেনিয়াত ইয়াক মূলতঃ চাম আলবেনিয়ানসকলে পৰিৱেশন কৰে।
-
ওড়িশাৰ সংস্কৃতি
ওড়িশাৰ সংস্কৃতি হৈছে ভাৰতৰ ২৮খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য, ভাৰতৰ পূৱ উপকূলত অৱস্থিত। ৰাজ্যখনৰ চাৰিওফালে উত্তৰ-পূবৰ পশ্চিম বংগ, উত্তৰে ঝাৰখণ্ড, পশ্চিম আৰু উত্তৰ-পশ্চিমে ছত্তীশগড় আৰু দক্ষিণ আৰু দক্ষিণ-পশ্চিমে অন্ধ্ৰ প্ৰদেশ ৰাজ্য আছে। ওড়িয়া হৈছে চৰকাৰী আৰু সৰ্বাধিক কথিত ভাষা।
-
ওম জয় জগদীশ হৰে
ওম জয় জগদীশ হৰে (ॐ जय जगदीश हरे) শ্বৰ্ধা ৰাম ফিলাউৰীৰদ্বাৰা ৰচিত এটা হিন্দু ধৰ্মীয় গীত। ই বিষ্ণু দেৱতাৰ প্ৰতি উৎসৰ্গিত হিন্দী ভাষাৰ ৰচনা, জনপ্ৰিয়ভাৱে আৰতি অনুষ্ঠানৰ সময়ত গোৱা হয়।
-
ওয়েগো দে মানি (নৃত্য)
ওয়েগো দে মানি ('বাদামৰ খেল')ক প্ৰায়ে সৰলভাৱে মানি বা মনি বুলি কোৱা হয় আৰু কেতিয়াবা বেইলে দি মানি ('বাদামৰ নৃত্য') বা বাম্বোচা বুলিও কোৱা হয়, ই হৈছে আফ্ৰিকান দাসসকলে কিউবাত সৃষ্টি কৰা লাঠিৰে যুঁজ দিয়া এক যুদ্ধ কলা আৰু নৃত্য। আজিও ইয়াক কিউবাত খিলঞ্জীয়া জনগোষ্ঠীয়ে জীয়াই ৰাখিছে।
-
ওলাভুম তীৰাভুম
ওলাভুম তীৰাভুম হৈছে ১৯৭০ চনৰ এখন ভাৰতীয় মালায়ালম ড্ৰামা চলচ্চিত্ৰ। পি. এন. মেননে চলচ্চিত্ৰখন পৰিচালনা কৰিছিল। এম. টি. বাসুদেৱন নায়াৰে ইয়াৰ কাহিনী লিখিছিল আৰু পি. এ. বক্কাৰে প্ৰযোজনা কৰিছিল। ইয়াত মধু আৰু ঊষা নন্দিনীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
-
ওৰু নল্লা নাল পাথু সোলৰেন
ওৰু নল্লা নাল পাথু সোলৰেন (এটা শুভ দিনত জনাম) ২০১৮ চনৰ ভাৰতীয় তামিল ভাষাৰ ক'লা কমেডী চলচ্চিত্ৰ। ইয়াৰ লেখক আৰু পৰিচালক পি অৰুমুগা কুমাৰ। ছবিখনত অভিনয় কৰিছে বিজয় সেঠুপতি, গৌতম কাৰ্তিক, গায়ত্ৰী আৰু নিহাৰিকা কনিডেলাই৷ ভিজি চন্দ্ৰশেখৰ, ৰমেশ থিলাক, ডেনিয়েল এনি পোপ আৰু ৰাজকুমাৰে সহযোগী চৰিত্ৰত…
-
ঔৰত (১৯৪০ চলচ্চিত্ৰ)
ঔৰত ( Aurat ) ১৯৪০ চনত মেহবুব খানৰ পৰিচালনাত নিৰ্মিত আৰু চৰ্দাৰ আখতাৰ, সুৰেন্দ্ৰ, ইয়াকুব, কানহাইয়ালাল আৰু অৰুণ কুমাৰ আহুজাই অভিনয় কৰা এখন ভাৰতীয় ছবি। ছবিখনৰ ইংৰাজী শিৰোনাম “Woman” বুলিও পৰিচিত। ঔৰত ছবিখনৰ সংগীত অনিল বিশ্বাস আৰু সংলাপ ৱাজাহত মিৰ্জাৰ।
-
ক'লীবুঢ়ী নাচ
ক’লীবুঢ়ী নাচ বা ক'লী বুঢ়ীৰ নাচ মাঘ বিহুৰ সৈতে জড়িত আৰু কলিয়াবৰৰ ঠাইবিশেষে অনুষ্ঠিত এক লোকানুষ্ঠান। ই কেৱল মহিলাৰ মাজত প্ৰচলিত। ক্ৰমে লুপ্ত হৈ যাব ধৰা এই নাচৰ অনুষ্ঠানে আদিম কৃষিজীৱি অসমীয়া সমাজৰ সৃষ্টিশীল মনক প্ৰকাশ কৰে।
-
ক'লো (নৃত্য)
ক'লো ( kolo) হৈছে দক্ষিণ স্লাভিক বৃত্ত নৃত্য, এই নামেৰে বছনিয়া আৰু হাৰ্জেগোভিনা, ক্ৰ'ৱেচিয়া আৰু ছাৰ্বিয়াত পোৱা যায়। ইয়াক ইউনেস্ক'ৰ ছাৰ্বিয়াৰ বাবে অস্পষ্ট সাংস্কৃতিক ঐতিহ্যৰ তালিকাত সন্নিবিষ্ট কৰা হৈছে।
-
কʼলাট্টম নৃত্য
ক'লাট্টম হৈছে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, আৰু তামিলনাডু ৰাজ্যৰ এক পৰম্পৰাগত লোকনৃত্য। কেৰালাত এই নৃত্য কুম্মী (Kummi) নামেৰে জনজাত। গুজৰাট ৰাজ্যৰ দাণ্ডিয়া ৰাসৰ দৰে, ৰঙীন লাঠি হাতত লৈ এই নৃত্য প্ৰদৰ্শন কৰা হয়।
-
ককাদেউতা নাতি আৰু হাতী ২
ককাদেউতা নাতি আৰু হাতী ২ (Koka Deuta Nati Aru Hati 2) হৈছে বিশ্বজিৎ বৰা পৰিচালিত, ২০২৬ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ এখন নাট্যধৰ্মী চলচ্চিত্ৰ। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ বেনাৰৰ অধীনত ৰিণিকি ভূঞা শৰ্মাই এই ছবিখনৰ প্ৰযোজনা কৰিছে।
-
কচ্ছী ঘোড়ী নৃত্য
কচ্ছী ঘোড়ী নৃত্য (Kachchhi Ghodi dance) ৰাজস্থানৰ শ্বেখাৱতী অঞ্চলত উদ্ভৱ হোৱা এক ভাৰতীয় লোক নৃত্য। ই কেৱল ৰাজস্থানতে নহয়, ভাৰতৰ অন্যান্য প্ৰান্ত যেনে মহাৰাষ্ট্ৰ, গুজৰাট আদিতো বিখ্যাত।
-
কণী নৃত্য
কণী নৃত্য ( Egg dance) খৃষ্টান ধৰ্মাৱলম্বীসকলৰ ইষ্টাৰৰ সময়ৰ এক পৰম্পৰাগত খেল, য'ত কিছুমান কণী মাটি বা মজিয়াত থৈ দিয়া হয় আৰু ইয়াৰ মাজত নৃত্য কৰা হয় আৰু লক্ষ্য কৰা হয় যাতে নৃত্যৰ ফলত কণীৰ যিমান পাৰি কম ক্ষতি হয়।
-
কণ্ডোটি নেৰচা
কণ্ডোটী নেৰচা হ'ল ভাৰতৰ কেৰালাৰ মালাপ্পুৰম জিলাৰ কণ্ডোট্টীৰ দৰগাহত প্ৰতি বছৰে সাধু মহম্মদ শ্বাহৰ স্মৃতিত অনুষ্ঠিত হোৱা এক উৎসৱ।
-
কতি পতঙ্গ
কতি পতঙ্গ (Kati Patang) হ'ল শক্তি সামন্তৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত ১৯৭১ চনৰ ভাৰতীয় হিন্দী ভাষাৰ বোলছবি। ছবিখনত আশা পাৰেখে এগৰাকী বিধৱাৰ চৰিত্ৰত অভিনয় কৰিছে আৰু ৰাজেশ খান্নাই তেওঁৰ প্ৰতিৱেশীজনৰ ৰূপত অভিনয় কৰিছে।
-
কনজুৱেল ভিজিট
কনজুৱেল ভিজিট (ফাৰ্চী:ملاقات خصوصی) হৈছে ২০২২ চনত নিৰ্মিত এখন ইৰানী ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। এই ছবিখন ওমিদ শ্বামছে পৰিচালনা কৰিছে আৰু ওমিদ শ্বামছ, বাহমান আৰ্ক তথা আলী ছাৰাহাঙ্গে যুটীয়াভাৱে ইয়াৰ কাহিনী লিখিছে।
-
কনাই
হেমকোষৰ মতে কনাই হৈছে ডিমৰু গুটি, আৰৈ চাউল আৰু দুৰ্বাৰ টোপোলা; তাক তোলনি বিয়াত সন্তান স্বৰূপ ছোৱালীৰ কোলাত দিয়া যায় আৰু শান্তি বিয়াৰ অন্তত দৰা- কন্যা দুয়ো দুইৰ কোলাত দিয়া দি কৰে। '
-
কবিতা (বাংলা চলচ্চিত্ৰ)
কবিতা হৈছে শমশেৰ জং বাহাদূৰ ৰাণাৰ সহ-লেখক আৰু পৰিচালিত ১৯৭৭ চনত নিৰ্মিত ভাৰতীয় বাংলা ভাষাৰ নাট্য চলচ্চিত্ৰ। ভেনাছ কম্বিনছৰ বেনাৰত কৃষ্ণমূৰ্তি আৰু গোবিন্দৰাজনে প্ৰযোজনা কৰা এই ছবিখন কে বালাচন্দৰৰ তামিল ছবি আৱল অৰু থোদৰ কথাই (১৯৭৪)ৰ আধাৰত নিৰ্মিত হৈছে।
-
কমলা (১৯৮৪ চলচ্চিত্ৰ)
কমলা (Kamla ) ১৯৮৪ৰ চনত জগমোহন মুন্ধ্ৰে প্ৰযোজিত আৰু পৰিচালিত এখন হিন্দী ছবি, য'ত দীপ্তি নাভাল, শাবানা আজমী, মাৰ্ক জুবেৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। নাভালৰ চৰিত্ৰৰ নামেৰে ছবিখনৰ নামকৰণ কৰা হৈছে। বিজয় তেণ্ডুলকাৰে ১৯৮১ চনত তেওঁৰে ৰচিত একে নামৰ নাটকৰ আধাৰত কমলাৰ চিত্ৰনাট্য ৰচনা কৰে।
-
কম্পিউটাৰ ক্ৰনিকল্চ
কম্পিউটাৰ ক্ৰনিকল্চ হ'ল এলানী আধা-ঘণ্টীয়া আমেৰিকাৰ দূৰদৰ্শন অনুষ্ঠান, যি ১৯৮৩ৰ পৰা ২০০২লৈ সম্প্ৰচাৰিত হৈছিল, 'পাব্লিক্ ব্ৰডকাষ্টিং চাৰ্ভিচ ৰাজহুৱা দূৰদৰ্শনত,ই ব্যক্তিগত গণক যন্ত্ৰৰ উত্থানক আৰম্ভণিৰ পৰা ২১শতিকাৰ আৰম্ভণিত বিশাল বজাৰলৈকে দাঙি ধৰি প্ৰদৰ্শন কৰিছিল।
-
কম্বু (বাদ্য)
কম্বু ( তামিল: கொம்பு; মালয়ালম: കൊമ്പ് ) বা কম্পু, যাক কম্বু পট্টু বুলিও কোৱা হয়, মূলতঃ দক্ষিণ ভাৰতৰ তামিলনাডু আৰু কেৰালা ৰাজ্যত ব্যৱহাৰ কৰা এটা পিতলৰ প্ৰাকৃতিক শিং সদৃশ বাদ্য। সাধাৰণতে পঞ্চবাদ্যম, পাণ্ডী মেলাম, পাঞ্চৰী মেলাম আদিৰ লগত এই বাদ্য বজোৱা হয়।
-
কাঁচা বাদাম (গীত)
বাদাম বাদাম দাদা কাঁচা বাদাম হ'ল সামাজিক মাধ্যমযোগে আলোড়ন সৃষ্টি কৰা এটি গীত। গীতটি ভুৱন বাদ্যকৰ নামৰ হকাৰ এজনৰ যোগেদি ভাইৰেল হৈছিল। গ্ৰাহকক আকৰ্ষণ কৰিবলৈ প্ৰথমে বাদামৱালা ভুৱন বাদ্যকৰে এই গীতটি ৰচনা কৰিছিল।
-
কাঁথা
কেঁথা (Kantha) হ'ল বাংলাদেশ আৰু ভাৰতৰ পূব অঞ্চল বিশেষকৈ ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰা আৰু ওড়িশাৰ এক প্ৰকাৰৰ এম্ব্ৰয়ডাৰী শিল্প, যাক কান্তা বা কোৱান্তা বুলিও উচ্চাৰণ কৰা হয়। ওড়িশাত পুৰণি শাৰীবোৰ ইটো সিটোৰ ওপৰত থুপ খােৱাই হাতেৰে চিলাই কৰি কুশ্বনৰ পাতল টুকুৰা এটা তৈয়াৰ কৰা হয়।
-
কাংগিনা
কাংগিনা বা কংগিনা বোকামাটি আৰু খেৰেৰে নিৰ্মিত বায়ুপ্ৰতিৰোধী বাচনত ৰখা সতেজ ফল, বিশেষকৈ আঙুৰ সংৰক্ষণ কৰাৰ পৰম্পৰাগত আফগান কৌশল। শতিকা পুৰণি এই কৌশল আফগানিস্তানৰ গ্ৰাম্য কেন্দ্ৰ আৰু উত্তৰৰ থলুৱা, য’ত সতেজ ফল আমদানি কৰিব নোৱাৰা দূৰৱৰ্তী ঠাইৰ লোক-সম্প্ৰদায়ে গোটেই শীতকালত কাংগিনাত সংৰক্ষিত সতেজ আঙুৰ…
-
কাংগিলু
কাংগিলু বা কাংগীলু ( Kangilu) দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ উড়ুপি আৰু দক্ষিণ কানাড়া অঞ্চলৰ এক পৰম্পৰাগত লোকনৃত্য। তুলু পঞ্জিকাৰ মে’ মাহৰ পূৰ্ণিমাৰ দিনা পৰিৱেশন কৰা ই এক আধ্যাত্মিক নৃত্য।
-
কাই চিলাম্বত্তম
কাই চিলাম্বত্তম ( Kai silambattam ) হৈছে প্ৰধানকৈ তামিলনাডুত পৰিবেশিত এক প্ৰাচীন লোকনৃত্য। সাধাৰণতে মহিলাসকলে হাতত ছিলাম্বু (এবিধ ভৰিৰ গোৰোহা) লৈ ইয়াক সম্পন্ন কৰে। নৃত্যশিল্পীসকলে সাধাৰণতে নিৰ্দিষ্ট ছন্দ সৃষ্টি কৰিবলৈ ভৰিৰ গোৰোহা ব্যৱহাৰ কৰে।
-
কাক তিহাৰ
কাক তিহাৰ ৰদ্বাৰা নেপালৰ এক উল্লেখযোগ্য উদ্যাপন পাঁচদিনীয়া তিহাৰ উৎসৱ আৰম্ভ হয়। এই দিনটো হিন্দু পৌৰাণিক কাহিনীত মৃত্যুৰ দেৱতা যমৰ দূত হিচাপে গণ্য কৰা কাউৰীক পূজাৰ বাবে উৎসৰ্গিত কৰা হয়।
-
কাক্কাৰিচ্ছি নাটকম
কাক্কাৰিচ্ছি নাটকম দক্ষিণ ভাৰতৰ এবিধ পৰম্পৰাগত লোকনাট্য বা নৃত্য-নাটিকা। ইয়াত সংগীতৰ প্ৰয়োগ অতি গুৰুত্বপূৰ্ণ। এই শিল্পৰ উৎপত্তি ঘাইকৈ কেৰালা আৰু তামিলনাডু ৰাজ্যৰপৰা হৈছিল। ই মূলত কেৰালা ৰাজ্যৰ সৈতে আটাইতকৈ বেছি জড়িত।
-
কাছাক্ নৃত্য
কাছাক্, ইণ্ডোনেছিয়ান ভাষাত Tari kecak নামেৰে জনাজাত, বালিৰ হিন্দু নৃত্য আৰু সংগীত নাটকৰ এটা প্ৰকাৰ, যি ১৯৩০ চনত ইণ্ডোনেছিয়াৰ বালিত বিকশিত হৈছিল। সৃষ্টিৰ পিছৰে পৰা ইয়াক প্ৰধানকৈ পুৰুষে পৰিবেশন কৰি আহিছিল, ২০০৬ চনত প্ৰথম মহিলা কাছাক্ গোট আৰম্ভ হয়।
-
কাণ বিন্ধনী
কাণ বিন্ধনী বা “কৰ্ণ বেধ’’ ( Karnabedha) নামনি অসমৰ এক সংস্কাৰমূলক অনুষ্ঠান৷ এই অনুষ্ঠান কেৱল নাৰীকেন্দ্ৰিক৷ এই অনুষ্ঠানত ছোৱালীৰ কাণৰ লতিত অলংকাৰ পৰিধান কৰিবলৈ ফুটা কৰা হয়৷ নামনি অসমৰ ঠাইবিশেষে যদিও ই কেৱল মহিলাকেন্দ্ৰিক অনুষ্ঠান; হিন্দু ধৰ্মৰ “ষোড়শ সংস্কাৰ’’ৰ ভিতৰত “কৰ্ণবেধ’’ পুৰুষৰ কাণ বিন্ধা…