ঔৰত ( Aurat ) ১৯৪০ চনত মেহবুব খানৰ পৰিচালনাত নিৰ্মিত আৰু চৰ্দাৰ আখতাৰ, সুৰেন্দ্ৰ, ইয়াকুব, কানহাইয়ালাল আৰু অৰুণ কুমাৰ আহুজাই অভিনয় কৰা এখন ভাৰতীয় ছবি। ছবিখনৰ ইংৰাজী শিৰোনাম “Woman” বুলিও পৰিচিত। ঔৰত ছবিখনৰ সংগীত অনিল বিশ্বাস আৰু সংলাপ ৱাজাহত মিৰ্জাৰ। পিছলৈ মেহবুব খানে এই ছবিখন মাদাৰ ইণ্ডিয়া (১৯৫৭) নামেৰে পুনৰ নিৰ্মাণ কৰে,১ যিখন ছবি ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বকালৰ অন্যতম হিট ছবি বুলি গণ্য কৰা হয়।
কাহিনী
ৰাধা (চৰ্দাৰ আখতাৰ) এগৰাকী অদম্য মহিলা, তিনিজন পুত্ৰক খুৱাবলৈ আৰু গাঁৱৰ লুণ্ঠনকাৰী সুদখোৰ মহাজন সুখীলালাৰ (কানহাইয়ালাল) ধন পৰিশোধ কৰিবলৈ কষ্ট কৰি আছে। যেতিয়া তেওঁ আকৌ গৰ্ভৱতী হোৱাৰ কথা গম পায়, তেতিয়া তেওঁৰ স্বামী শমু (অৰুণ কুমাৰ আহুজা) পলাই যায়। পিছলৈ ডাঙৰ সন্তান দুটাৰ মৃত্যু হয় আৰু তেওঁৰ মাত্ৰ দুজন পুত্ৰ জী থাকে- ৰামু আৰু বিৰজু। বিৰজু পিছলৈ ডকাইতলৈ পৰিবৰ্তন হয়; যিয়ে সুখীলালাক হত্যা কৰি শৈশৱৰ প্ৰেয়সীক অপহৰণ কৰি লৈ যায়। ফলত গাঁওবাসীয়ে ৰাধা আৰু ৰামুক গাঁৱৰ পৰা বাহিৰ কৰি দিয়ে। অৱশেষত ৰাধাই বীৰজুক তেওঁক অপমান কৰাৰ বাবে হত্যা কৰে।
তথ্যসূত্ৰ
- ↑ Gulzar, Govind Nihalani; Chatterjee, Saibal. (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. পৃ. 55. ISBN 81-7991-066-0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঔৰত (১৯৪০ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৮৫৮৩৩ (৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।