অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কণী নৃত্য

কণী নৃত্য ( Egg dance) খৃষ্টান ধৰ্মাৱলম্বীসকলৰ ইষ্টাৰৰ সময়ৰ এক পৰম্পৰাগত খেল, য'ত কিছুমান কণী মাটি বা মজিয়াত থৈ দিয়া হয় আৰু ইয়াৰ মাজত নৃত্য কৰা হয় আৰু লক্ষ্য কৰা হয় যাতে নৃত্যৰ ফলত কণীৰ যিমান পাৰি কম ক্ষতি হয়।

হালনাগাদ: ৪ মাৰ্চ ২০২৪ ৪৮৩ শব্দ · ৩ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

কণী নৃত্য ( Egg dance) খৃষ্টান ধৰ্মাৱলম্বীসকলৰ ইষ্টাৰৰ সময়ৰ এক পৰম্পৰাগত খেল, য'ত কিছুমান কণী মাটি বা মজিয়াত থৈ দিয়া হয় আৰু ইয়াৰ মাজত নৃত্য কৰা হয় আৰু লক্ষ্য কৰা হয় যাতে নৃত্যৰ ফলত কণীৰ যিমান পাৰি কম ক্ষতি হয়।১ জনবিশ্বাসমতে, বসন্ত উৎসৱ উদযাপনৰ সময়ত পৃথিৱীৰ পুনৰ্জন্মৰ প্ৰতীক আছিল কণী আৰু প্ৰাচীন খ্ৰীষ্টানসকলে ইষ্টাৰত মানুহৰ পুনৰ্জন্মৰ প্ৰতীক হিচাপে ইয়াক গ্ৰহণ কৰিছিল।২

কণী নৃত্যৰ আন এটা ৰূপ দেখা গৈছিল, পিটাৰ এৰ্টচেনৰ চিত্ৰত চিত্ৰিত বসন্তকালীন খেলৰ ছবিত। লক্ষ্য আছিল এডাল চকেৰে অংকন কৰা এটা বৃত্তৰ ভিতৰত এটা বাতিৰ পৰা কণী এটা ভৰিৰে উলিওৱা আৰু তাৰ পিছত বাটিটো উলোটাই কণীটো পুনৰ ঢাকি দিয়া। এই কামটো মজিয়াত ৰখা আন বস্তুবোৰ স্পৰ্শ নকৰাকৈ কেৱল ভৰিৰে কৰিব লাগিছিল।৩৪

১৪৯৮ চনৰ ইষ্টাৰ সোমবাৰে অষ্ট্ৰিয়াৰ মাৰ্গাৰেট আৰু চেভয়ৰ ফিলিবাৰ্টৰ বিয়াৰ প্ৰাৰম্ভিক কালৰ বৰ্ণনাত কণী নৃত্যৰ উল্লেখ কৰা হৈছিল।১ ১৮৯৫ চনৰ দ্য আমেৰিকান আলোচনীৰ এটা সংখ্যাত এই পৰিঘটনাৰ বিষয়ে তলত দিয়া ধৰণে বৰ্ণনা কৰা হৈছিল।৫

তেতিয়াই আৰম্ভ হ’ল মহান কণী নৃত্য, ঋতুৰ বিশেষ নৃত্য। বালিৰে আবৃত সমতল ঠাইত এশটা কণী সিঁচৰতি হৈ পৰিল আৰু এহাল ডেকা গাভৰুৱে হতে-হাত ধৰি নাচ আৰম্ভ কৰিলে। যদি তেওঁলোকে এটাও কণী নভঙাকৈ নৃত্য শেষ কৰে তেন্তে তেওঁলোকৰ বাগ্দান হ’ব আৰু তেতিয়া কঠোৰ পিতৃ-মাতৃয়েও বিবাহৰ বিৰোধিতা কৰিব নোৱাৰিব। তিনিযোৰা ডেকা-গাভৰু বিফল হোৱাৰ পিছত, দৰ্শকৰ হাঁহি আৰু টিটকাৰীৰ মাজত, মাৰ্গাৰেটৰ আগত আঁঠু লৈ চেভয়ৰ ফিলিবাৰ্টে তেওঁৰ সৈতে নৃত্যটো এবাৰ চেষ্টা কৰিবলৈ তেওঁৰ সন্মতি বিচাৰিলে। উপস্থিত দৰ্শকে স-প্ৰশংসিত চিঞৰেৰে অনুমোদন জনালে, "চেভয় আৰু অষ্ট্ৰিয়া!" যেতিয়া নৃত্য শেষ হৈছিল আৰু কোনো কণী ভাঙি যোৱা নাছিল, তেতিয়া পাৰভঙা উৎসাহ ঢল বৈছিল। ফিলিবাৰ্টে ক'লে, "আহা আমি ব্ৰেছৰ প্ৰথা গ্ৰহণ কৰোঁ", আৰু তাৰ কিছু সময়ৰ পিছতে তেওঁলোকৰ বিয়া হ’ল।

১৮৬৭ চনৰ দ্য স্প’ৰ্টছ এণ্ড পেষ্টাইমছ অৱ দ্য পিপল অৱ ইংলেণ্ড নামৰ কিতাপখনতো কণী নৃত্যৰ বিষয়ে পোৱা যায়৷৬

যুক্তৰাজ্যত এই নৃত্যই উজ্জীৱীত ৰূপ লয় আৰু কেতিয়াবা ইয়াক নিৰাশাৰ মাজত আশা বুলিও কোৱা হয়। কণী-নৃত্যৰ ৰূপ বিভিন্ন ধৰণৰ আছিল যদিও মাৰ্ক ন’লেছে লিখিছে যে, ৫ম শতিকাৰ পৰাই ইয়াক জাৰ্মানীৰ পৰা ইংলেণ্ডলৈ চেক্সনসকলে আনিছিল। চেক্সন শব্দ hoppe ৰ অৰ্থ হৈছে "নৃত্য কৰা"।৭ ১৮৬৭ চনৰ দ্য স্প'ৰ্টছ এণ্ড পেষ্টাইমছ অৱ দ্য পিপল অৱ ইংলেণ্ড নামৰ কিতাপখনত লিখা আছে৮ যে, “এনে অভিনয়ৰ ইংগিত ৰাণী এলিজাবেথৰ ৰাজত্বকালত উইলিয়াম ৱেগাৰৰ এখন পুৰণি কমেডীত দেখা যায়, যাৰ শিৰোনাম হৈছে The longer thou livest, the more Foole thou art; এখন ভৰিৰ ওপৰত নৃত্য কৰাটো চেক্সন গ্লিমেনসকলে আৰু সম্ভৱতঃ নৰ্মান মিনষ্ট্ৰেলসকলেও প্ৰদৰ্শন কৰিছিল, কিন্তু বিশেষকৈ মহিলা-নৃত্যশিল্পীসকলে, যিসকলে তাৰ পৰা হপেষ্টেৰেছ নাম লাভ কৰিব পাৰে,৯ যিটো নাম চ'চাৰে দিছে। এই ধৰ্মগোষ্ঠীৰ এটা অৱশেষ বৈশিষ্ট্য এতিয়াও আছে, যিটো নৃত্যৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে, অৱশ্যে কিছু অৱজ্ঞাসূচকভাৱে; কাৰণ নীচ নৃত্য-সভাক সাধাৰণতে হপ বুলি কোৱা হয়।

নিউ আৰ্ট গেলেৰী ৱালচালত জন ক’লিয়াৰৰ কণী নৃত্য
নিউ আৰ্ট গেলেৰী ৱালচালত জন ক’লিয়াৰৰ কণী নৃত্যছবি: John Collier · Public domain

কণী নৃত্যৰ কেইবাটাও ৰূপ আছিল৷ তাৰ ভিতৰত হৰ্ণপাইপ আছিল কণীৰ নৃত্য হিচাপে পৰিবেশন কৰা নৃত্যৰ অন্যতম প্ৰকাৰ। এই নৃত্য কেতিয়াবা চকুত পটি বান্ধি নাচিছিল। উদাহৰণস্বৰূপে, বিখ্যাত আমেৰিকান হৰ্ণপাইপ নৃত্যশিল্পী জন ডুৰাঙে কণীৰে এটা বৃত্তৰ মাজত আবৃত হৈ চকুত পটি বান্ধি নিজৰ এটা হৰ্ণপাইপ বজাই পৰিৱেশন কৰিছিল,১০ কণী আৰু চাহৰ সামগ্ৰীৰে ভৰা মঞ্চত বাৰ্নেট নাথানেও নৃত্য পৰিৱেশন কৰিছিল।১১

১৮০০ চনৰ আগৰ জুলিয়ান মেটেছে তেওঁৰ গ্ৰন্থ দ্য আমেৰিকান ষ্টেজত উল্লেখ কৰিছে যে, ১৮ শতিকাৰ সময়ছোৱাত ইউৰোপ আৰু আমেৰিকা উভয়তে চকুত পটি বান্ধি কৰা কণী নৃত্য আছিল এক জনপ্ৰিয় সাংগীতিক অভিনয়।১২

তথ্যসূত্ৰ

  1. ↑ Newall, Venetia. (1971). An Egg at Easter: A Folklore Study. Routledge & Paul. পৃ. 344. ISBN 071006845X
  2. ↑ The history of the Easter egg. Warwickshire County Council
  3. ↑ Aertsen's The Egg Dance
  4. ↑ The Egg Dance, Pieter Aertsen, 1552. Rijksmuseum
  5. ↑ Addis, M. E. Leicester. (1895). Easter Eggs. The American Magazine. Crowell-Collier Publishing Company. পৃ. 390
  6. ↑ Strutt, Joseph; Hone, William. (1867). The Sports and Pastimes of the People of England From the Earliest Period; Including the Rural and Domestic Recreations, May Games, Mummeries, Pageants, Processions and Pompous Spectacles. William Tegg. পৃ. 225
  7. ↑ Tyrwhitt, Thomas. (1882). The Canterbury Tales of Chaucer: With an Essay Upon His Language. W. Pickering. পৃ. 175
  8. ↑ Strutt, Joseph; Hone, William. (1867). The Sports and Pastimes of the People of England From the Earliest Period; Including the Rural and Domestic Recreations, May Games, Mummeries, Pageants, Processions and Pompous Spectacles. William Tegg. পৃ. 225
  9. ↑ In fact there has been a scholastic discussion among Chaucer commenters about the word hoppesteres used in the expression "shippes hoppesteres"; see T. Tyrwhitt's reference
  10. ↑ Knowles, Mark. (2002). Tap Roots: The Early History of Tap Dancing. McFarland & Co. পৃ. 18. ISBN 0-7864-1267-4
  11. ↑ Boast, Frederic. (1897). Nathan, Baron. Modern English Biography. Netherton & Worth. পৃ. 1086
  12. ↑ Aloff, Mindy. (2004). Dance Anecdotes: Stories from the Worlds of Ballet, Broadway, the Ballroom, and Modern Dance. Oxford University Press. পৃ. 132. ISBN 0-19-505411-3

সম্পৰ্কিত শ্ৰেণী

লোক-নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কণী নৃত্য” প্ৰবন্ধৰ সংশোধন ৪০৯৬৭৭ (৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।