
কাক্কাৰিচ্ছি নাটকম দক্ষিণ ভাৰতৰ এবিধ পৰম্পৰাগত লোকনাট্য বা নৃত্য-নাটিকা। ইয়াত সংগীতৰ প্ৰয়োগ অতি গুৰুত্বপূৰ্ণ। এই শিল্পৰ উৎপত্তি ঘাইকৈ কেৰালা আৰু তামিলনাডু ৰাজ্যৰপৰা হৈছিল। ই মূলত কেৰালা ৰাজ্যৰ সৈতে আটাইতকৈ বেছি জড়িত।
ইতিহাস
কাক্কাৰিচ্ছি নাটকমৰ জন্ম দক্ষিণ কেৰালা১ আৰু তামিলনাডু অঞ্চলত হৈছিল।২ আৰম্ভণিৰ কালছোৱাত এই নাটকম কেৱল সৰু সৰু হিন্দু দেৱ-দেৱীৰ থান বা মন্দিৰৰ সন্মুখতহে প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ দৰ্শসকল মূলত সমাজৰ নিম্ন আৰ্থ-সামাজিক শ্ৰেণী আৰু বিভিন্ন পিছপৰা জাতিৰ লোক আছিল। ইয়াৰ প্ৰদৰ্শনসমূহ বহুত দীঘলীয়া আছিল। সাধাৰণতে গোটেই ৰাতি ধৰি এই নাট প্ৰদৰ্শন কৰা হৈছিল।১
চমু আভাস
এই কলাবিধ কেৰালাৰ দক্ষিণ অঞ্চলত আটাইতকৈ বেছি জনপ্ৰিয়। ই এবিধ সংগীতপ্ৰধান নাটক। ইয়াত ব্যৱহাৰ হোৱা ভাষাটো মূলত তামিল আৰু মালয়ালম ভাষাৰ এক সুন্দৰ মিশ্ৰণ।২ ইয়াত পৰম্পৰাগত ভাৰতীয় নাট্যশৈলীৰ সকলো উপাদান পোৱা যায়। ই গীত, নৃত্য আৰু মূকাভিনয়ৰ এক সুন্দৰ সমাহাৰ। ইয়াৰ প্ৰদৰ্শনসমূহ প্ৰায়ে কৌতুকপূৰ্ণ হয়। কাহিনীৰ মাজত ব্যংগ আৰু সামাজিক বাৰ্তা সুন্দৰকৈ মিলাই দিয়া হয়।১ এই নাটকখন গীত আৰু নৃত্যৰ মাধ্যমেৰে পৰিৱেশন কৰা হয়। ইয়াত সহযোগী বাদ্য হিচাপে মৃদংগম, হাৰমনিয়াম, গেনচিৰা, চেণ্ডা আৰু কাইমণি ব্যৱহাৰ কৰা হয়।৩৪
ইয়াৰ মূল কাহিনীভাগ ভগৱান শিৱ আৰু তেওঁৰ পত্নী পাৰ্বতী দেৱীক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। লোককথা অনুসৰি তেওঁলোকে মঙল চোৱা যাযাবৰী জনগোষ্ঠী কাক্কালান আৰু কাক্কাৰিচ্ছিৰ ৰূপ লৈ মৰ্ত্যলৈ আহিছিল।২১ সুন্দৰা কাক্কন, কাক্কাৰিচ্ছি, বেদন আৰু থাম্পুৰান হৈছে এই নাট্যৰূপৰ কেইটামান ঘাই চৰিত্ৰ।২
প্ৰসিদ্ধ শিল্পীসকল
মালয়ালম চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰী পি. কে. ৰজী ১৯২০ৰ দশকত এগৰাকী সুদক্ষ কাক্কাৰিচ্ছি নাটকম শিল্পী আছিল। ইয়াৰ পিছতহে তেওঁ ১৯২৮ চনত জে. চি. ডেনিয়েলৰ 'বিগথকুমাৰন' নামৰ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।৫৬৭
শ্ৰীধৰণ আছান (জন্ম ১৯২৩) এই শিল্পৰ এজন জনাজাত শিল্পী আৰু শিক্ষক আছিল। তেওঁ গোপালন আছানৰ অধীনত শিক্ষা লাভ কৰিছিল। তেওঁ 'নটনা কৈৰালী' নামৰ এটা নিজা নাট্য দল পৰিচালনা কৰিছিল। যেতিয়া ট্ৰাংকুৰ এখন সুকীয়া ৰাজ্য আছিল, তেতিয়া এই দলটোৱে মহাৰাজৰ সন্মুখত তিৰুৱনন্তপুৰমৰ পদ্মনাভস্বামী মন্দিৰৰ উৎসৱত নাট পৰিৱেশন কৰিছিল। তেওঁলোকে বিশ্ব মালয়ালম সন্মিলনৰ উপৰি দিল্লীত ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ সন্মুখতো এই কলা প্ৰদৰ্শন কৰিছিল। ৮৯ বছৰ বয়সত সূৰ্য ষ্টেজ এণ্ড ফিল্ম ছ'চাইটীয়ে তেওঁক বিশেষভাৱে সন্মানিত কৰে।১ ২০১১ চনত তেওঁ লোককলা শ্ৰেণীত কেৰালা সংগীত নাটক একাডেমী বঁটা লাভ কৰে।৮
সাহিত্যিক কৃতি
কেৰালাৰ লোক সংস্কৃতিৰ এজন বিশিষ্ট লেখক জি. ভাৰ্গৱন পিল্লায়ে ১৯৭৬ চনত এই শিল্পকলাৰ ওপৰত এখন কিতাপ প্ৰকাশ কৰিছিল। কিতাপখনৰ নাম আছিল 'কাক্কাৰিচ্ছি নাটকম'।৯১০১১
অধিক পঢ়ক
- V.R. Renjitha (2013). Folk tradition of Sanskrit theatre: a study of "kutiyattam" in medieval Kerala. Proceedings of the Indian History Congress. Volume 74. pages 313–322.
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ Ramnath, Ambili. (11 October 2012). Keeping the torch burning. দ্য হিন্দু
- ↑ Bringing Kakkarissi to life. The New Indian Express
- ↑ Kakkarissi Natakam - a folk theatrical art form. www.keralaculture.org
- ↑ Kakkarissi Natakam - a satirical dance-drama, Performing art. Kerala Tourism
- ↑ Rajendran, Sowmya. (19 September 2019). PK Rosy's story: How Malayalam cinema's first woman actor was forced to leave the state. The News Minute
- ↑ Shaji, K A. (10 February 2023). As Google honours Dalit heroine PK Rosy, Kerala film academy struggles to name award after her. The South First
- ↑ Pillai, Geetha Sunil. (3 April 2025). Dalit History Month: How the Caste System Buried Kerala's First Christian Filmmaker & Dalit Actress 97 Years Ago. The Mooknayak English - Voice Of The Voiceless
- ↑ (11 January 2012). Sangeetha Nataka Akademi Awards announced. The New Indian Express
- ↑ Kakkarissi Natakam - a satirical dance-drama, Performing art
- ↑ (28 August 2008). Ji Bhārggavanpiḷḷa. Open Library
- ↑ Kakkarissi Natakam, library catalogue entry at the University of Calicut
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাক্কাৰিচ্ছি নাটকম” প্ৰবন্ধৰ সংশোধন ৬২৮৬৯২ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।