অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ওম জয় জগদীশ হৰে

ওম জয় জগদীশ হৰে (ॐ जय जगदीश हरे) শ্বৰ্ধা ৰাম ফিলাউৰীৰদ্বাৰা ৰচিত এটা হিন্দু ধৰ্মীয় গীত। ই বিষ্ণু দেৱতাৰ প্ৰতি উৎসৰ্গিত হিন্দী ভাষাৰ ৰচনা, জনপ্ৰিয়ভাৱে আৰতি অনুষ্ঠানৰ সময়ত গোৱা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ওম জয় জগদীশ হৰে (ॐ जय जगदीश हरे) শ্বৰ্ধা ৰাম ফিলাউৰীৰদ্বাৰা ৰচিত এটা হিন্দু ধৰ্মীয় গীত।১ ই বিষ্ণু দেৱতাৰ প্ৰতি উৎসৰ্গিত হিন্দী ভাষাৰ ৰচনা, জনপ্ৰিয়ভাৱে আৰতি অনুষ্ঠানৰ সময়ত গোৱা হয়।

পূৰব আৰু পশ্চিম (১৯৭০) ছবিত ইয়াক অন্তৰ্ভুক্ত কৰাৰ সময়ত ইয়াক "চলচ্চিত্ৰ আৰতি" বুলি বৰ্ণনা কৰা হৈছে, তাৰ পিছত ই ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে ই মন্দিৰৰ পূজাত প্ৰৱেশ কৰিছিল।২ বলীউডী চিনেমাৰ জনপ্ৰিয়তাৰ বাবে ইয়াক যিকোনো ধৰ্মীয় অনুষ্ঠানত গোৱা "ৰাষ্ট্ৰীয় আৰতি গীত" বুলি অভিহিত কৰা হৈছে। ১৯৮০ চনৰ শেষৰফালে ই কম বয়সীয়া শিক্ষিতচামৰ মাজত অধিক জনপ্ৰিয় হৈছিল, যিসকলে চিনেমাৰ প্ৰভাবেৰে পুষ্ট হৈ ধৰ্মীয় আচাৰ-অনুষ্ঠানতো এই গীত আৰতিৰ সময়ত পৰিৱেশন কৰিছিল।৩

জনপ্ৰিয় সংস্কৃতিত

  • ১৯৫২ চনৰ আনন্দমঠ নামৰ চিনেমাখনত শ্ৰীবিল্বমংগলা ঠাকুৰৰ গোবিন্দ দামোদৰ স্তোত্ৰম৪ জয় জগদীশ হৰে ৰেফ্ৰেইনৰ সৈতে অভিযোজিত কৰা হৈছে। (ভিডিঅ' সন্ধান)
  • পূৰব ঔৰ পাচ্চিম (১৯৭০)ত এই প্ৰাৰ্থনাই ভাৰতৰ স্বাধীনতাৰ পূৰ্বে আৰু পিছত ভাৰতীয় পৰম্পৰাৰ ধাৰাবাহিকতাৰ প্ৰতীক। .(ভিডিঅ' সন্ধান)
  • ২০০১ চনৰ ফ্ৰেডী গট ফিংগাৰড নামৰ চিনেমাখনত ২৪:৪৫ বজাত প্ৰাৰ্থনা কৰা হয়।
  • এই প্ৰাৰ্থনাই ২০০২ চনত "ওম জয় জগদীশ" চিনেমাখনক অনুপ্ৰাণিত কৰিছিল।
  • "বাঘবন (২০০৩ ছবি)" চিনামাত, প্ৰাৰ্থনা হিচাপে (আৰতি) "ওম জয় জগদীশ" উদিত নাৰায়ণ আৰু স্নেহা পন্তৰ কণ্ঠত গোৱা হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kaura, Ashok. Hometown recalls creator of timeless bhajan 'Om Jai Jagdish Hare'. The Tribune
  2. ↑ Manuel, Peter. (1993). Cassette Culture: Popular Music and Technology in North India. University of Chicago Press. পৃ. 108-109
  3. ↑ Sen, Mala. (2002). Death by Fire: Sati, Dowry Death, and Female Infanticide in Modern India. Rutgers University Press. পৃ. 35-36
  4. ↑ Stotram, Govinda D. Govinda Damodra Stotram

সম্পৰ্কিত শ্ৰেণী

সংগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওম জয় জগদীশ হৰে” প্ৰবন্ধৰ সংশোধন ৬৩১১৫৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।