কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কুমকুম ভাগ্য
কুমকুম ভাগ্য (ইংৰাজী: Kumkum Bhagya; অনুবাদ: মোৰ ভাগ্যৰ সেন্দূৰ) হ’ল বালাজী টেলিফিল্মছৰ অধীনত একতা কাপুৰৰদ্বাৰা নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ধাৰাবাহিক। ২০১৪ চনৰ ১৫ এপ্ৰিলৰপৰা ২০২৫ চনৰ ২১ ছেপ্টেম্বৰলৈ জী টিভিত সম্প্ৰচাৰিত হোৱা এই ধাৰাবাহিকখন ডিজিটেল মাধ্যম ZEE5-তো উপলব্ধ।
-
কুম্পো নৃত্য
কুম্পো নৃত্য( Kumpo) আফ্ৰিকা মহাদেশৰ এক লোকনৃত্য৷ আফ্ৰিকা মহাদেশৰ ’চেনেগাল’ আৰু ’গাম্বিয়া’ প্ৰদেশৰ “কাচামেন্সা’’ নৈৰ উপত্যকা নিবাসী “জোলা জনগোষ্ঠী’’ৰ মানুহৰ পৰম্পৰাগত পৌৰাণিক কাহিনীৰ তিনিটা চৰিত্ৰ কুম্পো, সময় আৰু নিয়াছে৷ এইসকলক কেন্দ্ৰ কৰি বছৰত একাধিকবাৰ অনুষ্ঠিত হোৱা লোকউৎসৱ Journees…
-
কুম্বালাংগী নাইটছ
কুম্বালাংগী নাইটছ হৈছে ২০১৯ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালয়ালম ভাষাৰ ৰোমাণ্টিক কমেডী ড্ৰামা চলচ্চিত্ৰ। ছবিখনৰ মুখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে শেন নিগম, ফাহাদ ফাচিল, চৌবিন চাহিৰ আৰু শ্ৰীনাথ ভাষীয়ে। ইয়াৰ উপৰি ন-শিকাৰু আন্না বেন, গ্ৰেচ এণ্টনি আৰু মেথিউ থমাছে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
-
কুম্মাট্টি (চলচ্চিত্ৰ)
কুম্মাট্টি (Kummatty) হৈছে ১৯৭৯ চনত মুক্তিপ্ৰাপ্ত এখন মালয়ালম ভাষাৰ ফেণ্টাছি চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনীকাৰ আৰু পৰিচালক হৈছে জি. অৰবিন্দ। ইয়াত ৰামুন্নি, মাষ্টাৰ অশোক আৰু বিলাসিনী ৰীমাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
কুম্মি নৃত্য
কুম্মি নৃত্য ( Kummi Dance) ভাৰতৰ তামিলনাডু আৰু কেৰালাত প্ৰচলিত এবিধ লোকনৃত্য। সেই অঞ্চলত এই নৃত্য বেছ জনপ্ৰিয়। পুৰুষ-মহিলা উভয়েই এই নৃত্যত অংশগ্ৰহণ কৰে। তামিল পুৰুষ আৰু মহিলাই এটা বৃত্তত এই নৃত্য কৰে। অঞ্চল ভেদে নৃত্যৰ ধৰণ বেলেগ বেলেগ হ’ব পাৰে।
-
কুলাথুপুড়া অৰণ্য সংগ্ৰহালয়
কুলাথুপুড়া অৰণ্য সংগ্ৰহালয় হ’ল ভাৰতৰ এক বিশেষ সংগ্ৰহালয়। এই সংগ্ৰহালয়টো কেৰালা ৰাজ্যৰ কোল্লাম জিলাৰ কুলাথুপুড়াত অৱস্থিত। এইখন কেৰালাৰ প্ৰথম তথা সৰ্ববৃহৎ অৰণ্য সংগ্ৰহালয়।
-
কুৰুম্বা চিত্ৰকলা
কুৰুম্বা চিত্ৰকলা বা কুৰুম্বাৰ চিত্ৰকলা হ’ল এক প্ৰাগৈতিহাসিক কলা যিয়ে আধুনিক তামিলনাডুৰ নীলগিৰি পৰ্বতমালাত বাস কৰা কুৰুম্বা জনজাতীয় লোকসকলৰ জীৱনৰ বিভিন্ন দিশ চিত্ৰিত কৰে।
-
কুৰ্দিচ নৃত্য
কুৰ্দিচ নৃত্য (ইংৰাজী: Kurdish dances) হ’ল কুৰ্দিচসকলৰ মাজত প্ৰচলিত এক ধৰণৰ পৰম্পৰাগত লোকনৃত্য। ই এক প্ৰকাৰৰ বৃত্তাকাৰ নৃত্য, য’ত প্ৰায়ে নৃত্যৰ বৃত্তটোৰ জ্যামিতিক কেন্দ্ৰত এজন বা এহাল মুখ্য নৃত্যশিল্পী থাকে।
-
কেউ বলে বিপ্লবী কেউ বলে ডাকাত
কেউ বলে বিপ্লবী কেউ বলে ডাকাত ২০২৬ চনৰ ভাৰতীয় বাংলা ভাষাৰ জীৱনীমূলক একচন ড্ৰামা ছবিখন পথিকৃৎ বসুৰ পৰিচালনাত। প্ৰদীপ কুমাৰ নন্দী আৰু জিৎ নন্দী মুভিজ আৰু জিৎজ ফিল্মৱৰ্কছৰ বেনাৰত প্ৰযোজনা কৰা এই ছবিখন ভাৰতীয় বিপ্লৱী অনন্ত সিঙৰ জীৱনৰ ওপৰত আধাৰিত।
-
কেগনী লিন কাৰ্টাৰ
কেগনী লিন কাৰ্টাৰ (ইংৰাজী: Kagney Linn Karter; ২৮ মাৰ্চ ১৯৮৭ – ১৫ ফেব্ৰুৱাৰী ২০২৪) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু 'এক্সটিক ডান্সাৰ' আছিল। অভিনয় আৰু সংগীতৰ কেৰিয়াৰ গঢ়িবলৈ মিজুৰীৰ পৰা কেলিফৰ্ণিয়ালৈ অহাৰ পিছত তেওঁ কামোদ্দীপক ফটোগ্ৰাফাৰ হলী ৰেণ্ডেলৰ বাবে পোজ দিছিল আৰু 'নটি আমেৰিকা' তথা…
-
কেন'ট টেক দিচ শ্বিট এনিম'ৰ
কেন'ট টেক দিচ শ্বিট এনিম'ৰ (Can't Take This Shit Anymore) হ'ল বিনোদ কাপৰিৰ ২০১৪ চনৰ এখন ভাৰতীয় তথ্যচিত্ৰ। এইখনে ৬২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সামাজিক বিষয়ৰ ওপৰত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰিয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
কেনমেয়াৰ জৰী
কেনমেয়াৰ জৰী হৈছে প্ৰথমে আয়াৰলেণ্ডৰ কেনমেয়াৰত নিৰ্মিত হাতেৰে বেজীৰ আগেৰে নিৰ্মিত জৰী। ১৯ শতিকাত মেৰী অ'হেগানৰ নেতৃত্বত পূৰ ক্লেয়াৰ কনভেণ্টৰ ভগ্নীসকলে স্থানীয় মহিলা আৰু ছোৱালীসকলক বেজীৰ আগৰ জৰী প্ৰৱৰ্তন কৰে। ই আছিল মহা দুৰ্ভিক্ষৰ পিছত হোৱা দৰিদ্ৰতাৰ প্ৰতি সঁহাৰি।
-
কেলগাৰী ষ্টেম্পেড
কেলগাৰী ষ্টেম্পেড হৈছে প্ৰতি জুলাই মাহত কানাডাৰ আলবাৰ্টাৰ কেলগাৰীত অনুষ্ঠিত হোৱা বাৰ্ষিক ৰ'ডিঅ', প্ৰদৰ্শনী আৰু উৎসৱ। দহদিনীয়া এই অনুষ্ঠানটোৱে নিজকে "পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আউটড'ৰ শ্ব'" বুলি মান্য়তা দিয়ে।
-
কেলন আৰং
কেলন আৰং দ্বাদশ শতিকাৰ জাভা আৰু বালি লোককথাৰ এটা চৰিত্ৰ। পৰম্পৰামতে তেওঁ ক’লা যাদুৰ নিপুণ ডাইনী। কাহিনীটো কোনে ৰচনা কৰিছিল সেয়া জনা নাযায় যদিও কেলন আৰং গ্ৰন্থৰ এখন পাণ্ডুলিপি (লেটিন বৰ্ণমালাত লিখা) ৰয়েল নেদাৰলেণ্ড ইনষ্টিটিউট অৱ চাউথইষ্ট এছিয়ান এণ্ড কেৰিবিয়ান ষ্টাডিজত ৰখা হৈছে।
-
কেৰালা ভূমি সংগ্ৰহালয়
কেৰালা ভূমি সংগ্ৰহালয় ভাৰতৰ কেৰালা ৰাজ্যৰ তিৰুৱনন্তপুৰম জিলাৰ পৰোট্টুকোণমত অৱস্থিত কেন্দ্ৰীয় মৃত্তিকা বিশ্লেষণ পৰীক্ষাগাৰ (Central Soil Analytical Laboratory) চৌহদৰ এখন সংগ্ৰহালয়। এই সংগ্ৰহালয়টোত ৰাজ্যখনত পোৱা বিভিন্নপ্ৰকাৰৰ মাটি প্ৰদৰ্শন কৰা হৈছে।
-
কেৰালাৰ দেৱাল চিত্ৰকলা
কেৰালাৰ দেৱাল চিত্ৰকলা কেৰালাৰ হিন্দু পুৰাণৰ আখ্যানসমূহক ফুটাই তোলা এক বিশেষ ধৰণৰ ফ্ৰেছক’ বা ভিত্তিচিত্ৰ। [ভাৰত]]ৰ কেৰালাত থকা প্ৰাচীন মন্দিৰ আৰু প্ৰাসাদসমূহত এই দেৱাল চিত্ৰকলাৰ এক চহকী পৰম্পৰা দেখিবলৈ পোৱা যায়। এই চিত্ৰসমূহ মূলতঃ নৱম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰৰ।
-
কেৰালাৰ সংস্কৃতিত হাতী
কেৰালাৰ থলুৱা হাতীবোৰ হৈছে ভাৰতীয় হাতী (Elephas maximus indicus)। ই এছিয়ান হাতীৰ তিনিটা স্বীকৃত উপপ্ৰজাতিৰ ভিতৰত অন্যতম। ১৯৮৬ চনৰপৰা এছিয়ান হাতীক আইইউচিএন (IUCN)ৰদ্বাৰা বিলুপ্তপ্ৰায় প্ৰজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিগত তিনিটা প্ৰজন্মত বিশ্বজুৰি এই হাতীৰ জনসংখ্যা প্ৰায় ৫০% হ্ৰাস পাইছে।
-
কোকেছি
কোকেছি (Kokeshi; こけし, 小芥子) হৈছে হাত বা ভৰি নথকা কাঠৰ সৰল জাপানী পুতলা। এই পুতলাসমূহ শিশুৰ বাবে খেলনা হিচাপে ১৫০ বছৰতকৈ অধিক সময় ধৰি নিৰ্মাণ কৰা হৈছে। কোকেছি মূলতঃ উত্তৰ হনছুৰ টোহোকু অঞ্চলৰ পৰা অহা কাঠৰ পৰা হাতেৰে নিৰ্মিত, ইয়াৰ এটা সাধাৰণ দেহাৱয়ব আৰু শিৰ থাকে আৰু মুখখনক সংজ্ঞায়িত কৰিবলৈ…
-
কোচিন কাৰ্নিভেল
কোচিন কাৰ্নিভেল হৈছে প্ৰতি বছৰে ডিচেম্বৰ মাহৰ শেষ সপ্তাহত কেৰালাৰ কোচি চহৰৰ ফ’ৰ্ট কোচিত অনুষ্ঠিত হোৱা এক মনোৰঞ্জনমূলক অনুষ্ঠান। এই অনুষ্ঠানটো বেছিভাগেই ডিচেম্বৰৰ শেষৰ দুসপ্তাহত অনুষ্ঠিত হয় আৰু শেষত ১ জানুৱাৰীত শেষ হয়। ভাস্কো দা গামা চৌহদত ভাৰতৰ পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।
-
কোট্টাই মৰিয়াম্মান
কোট্টাই মৰিয়াম্মান ২০০১ চনত ৰচিত আৰু পৰিচালিত তামিল ভাষাৰ হিন্দু ভক্তিমূলক চলচ্চিত্ৰ। ছবিখনত কৰণ আৰু দেৱাযানীৰ সৈতে ৰোজাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল৷ দেৱাই সংগীত নিৰ্মাণ কৰা ছবিখন ২০০১ চনৰ ডিচেম্বৰ মাহত মুক্তি পায়।
-
কোডিয়েট্টম (চলচ্চিত্ৰ)
কোডিয়েট্টম (Kodiyettam) হৈছে আদূৰ গোপালকৃষ্ণনে ৰচনা আৰু পৰিচালনা কৰা এখন মালায়ালম ভাষাৰ চলচ্চিত্ৰ। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ভাৰত গোপীয়ে। আন উল্লেখযোগ্য সৰু চৰিত্ৰত কে. পি. এ. চি.
-
কোলকালি
কোলকালি হৈছে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ উত্তৰ মালাবাৰ অঞ্চলত প্ৰচলিত এবিধ অত্যন্ত জনপ্ৰিয় পৰম্পৰাগত লোকনৃত্য আৰু ছন্দময় পৰিৱেশ্য কলা। এই নৃত্য শৈলীত নৰ্তকসকলে হাতত চুটি কাঠৰ লাঠী লৈ এটা বৃত্তাকাৰ পৰিৱেশত ঘূৰি ঘূৰি ইজনে সিজনৰ লাঠীত আঘাত কৰি এক সুকীয়া ছন্দময় পৰিৱেশৰ সৃষ্টি কৰে।
-
কোৰিয়াল শাৰী
কোৰিয়াল শাৰী ( Korial Saree) পশ্চিম বংগৰ পৰম্পৰাগত হাতে বোৱা শাৰী। এই হস্ততাঁত শাৰীবোৰ ৰঙা পাৰি, নক্সাৰ অভিনৱত্ব, অলংকাৰযুক্ত আঁচল, বয়নত প্ৰাকৃতিক আঁহৰ (পাটসূতা) ব্যৱহাৰৰ বাবে বিখ্যাত। শাৰীখন আছিল পবিত্ৰতা, বিশুদ্ধতা আৰু মংগলৰ প্ৰতীক।
-
কৌন বনেগা ক্ৰৌড়পতি
কৌন বনেগা ক্ৰৌড়পতি (Kaun Banega Crorepati (KBC)) হৈছে ভাৰতীয় হিন্দী ভাষাৰ টেলিভিছন গেম শ্ব'। এই অনুষ্ঠানটো ইংৰাজী ভাষাত হু ৱাণ্টছ টু বি এ মিলিয়নাৰ? ফ্ৰেঞ্চাইজিৰ ভাৰতীয় সংস্কৰণ। ভাৰতীয় অভিনেতা অমিতাভ বচ্চনে কেবিচিত উপস্থাপন, প্ৰশ্নকৰ্তা আৰু হোষ্ট হিচাপে জড়িত হৈ আছে।
-
ক্যা কুচুৰ হ্যায় অমলা কা?
ক্যা কুচুৰ হ্যায় অমলা কা? (ইংৰাজী: Kya Qusoor Hai Amala Ka?; হিন্দী: क्या कुसूर है अमला का; অৰ্থ: অমলাৰ দোষ কি?) এখন ভাৰতীয় হিন্দী ভাষাৰ নাটকীয় দূৰদৰ্শন ধাৰাবাহিক, যিখন ২০১৭ চনৰ ৩ এপ্ৰিলৰপৰা ষ্টাৰ প্লাছত সম্প্ৰচাৰিত হৈছিল।
-
ক্লাছমেটছ (২০০৬ চনৰ চলচ্চিত্ৰ)
ক্লাছমেটছ (ইংৰাজী: Classmates) হৈছে ২০০৬ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ কেম্পাছ জীৱনভিত্তিক ড্ৰামা চলচ্চিত্ৰ। এই ছবিখন পৰিচালনা কৰিছে লাল জোছে আৰু কাহিনী লিখিছে জেমছ এলবাৰ্টে।
-
কৰদৈয়ান ননবু
কৰদৈয়ান ননবু (ইংৰাজী: Karadaiyan Nonbu) তামিল হিন্দু সম্প্ৰদায়ৰ মহিলাসকলে স্বামীৰ লগতে হ’বলগীয়া স্বামীৰ কল্যাণৰ বাবে পালন কৰা এক উৎসৱ। এই উৎসৱৰ সৈতে সবিত্ৰীয়ে নিজৰ স্বামীক যমধৰ্ম ৰজাৰ পৰা ৰক্ষা কৰা আখ্যানৰ সৈতে সম্পৰ্ক আছে। দক্ষিণ ভাৰতীয় পঞ্জিকাৰ পাংগুনী মাহৰ প্ৰথম দিনটোত এই উৎসৱ পালন কৰা হয়।
-
কৰম নাচ
কৰম নাচ বা কৰম নৃত্য হৈছে প্ৰতি বছৰে কৰম উৎসৱৰ সময়ত পৰিবেশন কৰা মধ্য আৰু পূব ভাৰতৰ এক পৰম্পৰাগত নৃত্য। কৰম উৎসৱ হৈছে ভাদ মাহৰ শুক্ল পক্ষৰ একাদশীৰ পৰা আৰম্ভ হোৱা এটা শৰৎকালীন উৎসৱ। ইয়াক ছত্তীসগঢ়, ঝাড়খণ্ড, মধ্য প্ৰদেশ, ওড়িশা আৰু পশ্চিমবংগত উদ্যাপন কৰা হয়। কৰম বা কৰ্মৰ অৰ্থ হৈছে ‘ভাগ্য’।
-
কৰিডিনহো
কৰিডিনহো (ইংৰাজী: Corridinho) হ’ল পৰ্তুগীজ লোক-নৃত্যৰ এটা ৰূপ, যাৰ প্ৰচলন বিশেষকৈ আলগাৰ্ভ অঞ্চলত দেখা যায়। এই নৃত্যৰ উৎপত্তিৰ সঠিক সময় স্পষ্ট নহয় যদিও ই অতি প্ৰাচীন বুলি বিশ্বাস কৰা হয়। ১৮০০ চনৰ পৰা ই জনপ্ৰিয়তা লাভ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ নামটো correr শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল 'দৌৰা'।
-
কৰুথম্মা
কৰুথম্মা ( Karuthamma ) হৈছে ১৯৯৪ চনৰ ভাৰতীয় তামিল ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ, যাৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছে ভাৰতী ৰাজাই। ছবিৰ কাহিনী এম ৰথ্নাকুমাৰৰ এটা গল্পৰ পৰা লোৱা হৈছে। ছবিখনৰ তাৰকা অভিনয় শিল্পী ৰাজা, ৰাজাশ্ৰী আৰু মহেশ্বৰী।