অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ককাদেউতা নাতি আৰু হাতী ২

ককাদেউতা নাতি আৰু হাতী ২ (Koka Deuta Nati Aru Hati 2) হৈছে বিশ্বজিৎ বৰা পৰিচালিত, ২০২৬ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ এখন নাট্যধৰ্মী চলচ্চিত্ৰ। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ বেনাৰৰ অধীনত ৰিণিকি ভূঞা শৰ্মাই এই ছবিখনৰ প্ৰযোজনা কৰিছে।

হালনাগাদ: ২৮ আগষ্ট ২০২৬ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

ককাদেউতা নাতি আৰু হাতী ২ (Koka Deuta Nati Aru Hati 2) হৈছে বিশ্বজিৎ বৰা পৰিচালিত, ২০২৬ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ এখন নাট্যধৰ্মী চলচ্চিত্ৰ। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ বেনাৰৰ অধীনত ৰিণিকি ভূঞা শৰ্মাই এই ছবিখনৰ প্ৰযোজনা কৰিছে।১২ অসমীয়া ছবি জগতৰ ক্লাছিক চলচ্চিত্ৰ ককাদেউতা নাতি আৰু হাতীৰ চিকুৱেল হিচাপে নিৰ্মিত এই ছবিখনত প্ৰাঞ্জল শইকীয়া, তপন দাস, যতীন বৰা, উৎপল দাস, প্ৰীতি কংকণা আৰু আদিল হুছেইনকে ধৰি বহুতো আগশাৰীৰ শিল্পীয়ে অভিনয় কৰিছে। ইয়াৰ উপৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াত শিশু শিল্পী হিচাপে এক বিশেষ চৰিত্ৰত ভূমুকি মাৰিছে।৩ গ্ৰাম্য অসমৰ প্ৰেক্ষাপটত প্ৰজন্মৰ ব্যৱধান, সাংস্কৃতিক শিপা আৰু মানুহ-প্ৰকৃতিৰ সম্পৰ্কক মূল বিষয়-বস্তু হিচাপে লৈ নিৰ্মাণ কৰা এই চলচ্চিত্ৰখন ২০২৬ চনৰ ৩ জুলাইত ছবিগৃহত মুক্তি দিয়া হয়।৪৫

কাহিনীভাগ

আমেৰিকাত কেইবাবছৰো কটোৱাৰ পিছত প্ৰশান্ত শইকীয়া নিজৰ শৈশৱৰ হাতী সংগীজনৰ স্মৃতি বুকুত বান্ধি অসমৰ পুৰণি গাঁৱৰ ভেটিলৈ ঘূৰি আহে।৬ পৰৱৰ্তী সময়ত আমেৰিকাত ডাঙৰ-দীঘল হোৱা তেওঁৰ নাতি অংকুৰেও গাঁওখনলৈ আহে, যাৰ ফলত ককাক আৰু নাতিয়েকৰ মাজত থকা এক গভীৰ প্ৰজন্মগত তথা সাংস্কৃতিক ব্যৱধান প্ৰকাশ পায়।৬ অংকুৰে লাহে লাহে নিজৰ থলুৱা শিপাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰম্ভ কৰে আৰু গাঁৱৰ জীৱন-শৈলীৰ অভিজ্ঞতা লাভ কৰে। ইয়াৰ মাজতে পাৰিবাৰিক সম্পৰ্ক, মৰম-স্নেহ আৰু আত্ম-আৱিষ্কাৰক কেন্দ্ৰ কৰি পৰিয়ালটো এক আৱেগিক যাত্ৰাৰ মাজেৰে ছবিখনৰ কাহিনী আগবাঢ়ে।৬৭

অভিনয় শিল্পী

নিৰ্মাণ

২০২৪ চনৰ মেʼ মাহত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰদ্বাৰা এই প্ৰকল্পটো ঘোষণা কৰা হৈছিল, য’ত ছৈয়দ জৰিৰ হুছেইনে কাৰ্যবাহী প্ৰযোজক হিচাপে দায়িত্ব পালন কৰিছিল।৮৩ পূৰ্বৰ ছবি ৰৈ ৰৈ বিনালেৰ অভূতপূৰ্ব সফলতাৰ বাবে এই ছবিখনৰ মুক্তি ২০২৫ চনৰ শেষৰফালৰপৰা ২০২৬ চনৰ জুলাই মাহলৈ পিছুৱাই দিয়া হৈছিল।৫

মুক্তি

২০২৬ চনৰ জুলাই মাহৰ আৰম্ভণিতে গুৱাহাটীত এই ছবিখনৰ ৰেড কাৰ্পেট প্ৰিমিয়াৰ অনুষ্ঠিত হয়, য’ত বহুতো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।৯ ছবিখনে UA13+ ৰেটিং লাভ কৰে আৰু ২০২৬ চনৰ ৩ জুলাইত আনুষ্ঠানিকভাৱে ছবিগৃহত মুক্তি লাভ কৰে।৭২

সঁহাৰি

মুক্তিৰ পিছৰেপৰা ছবিখনে দৰ্শকৰপৰা ইতিবাচক সঁহাৰি লাভ কৰিছে। দৰ্শকে ইয়াৰ পাৰিবাৰিক কাহিনী আৰু অভিনয়ক, বিশেষকৈ প্ৰাঞ্জল শইকীয়াৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰিছে।২৪ ইয়াৰ উপৰি ছবিখনৰ কাৰিকৰী দিশ আৰু সংগীতৰো ভূয়সী প্ৰশংসা কৰা হৈছে।৪

তথ্যসূত্ৰ

  1. ↑ Kokadeuta Nati Aru Hati 2 Movie. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (July 3, 2026). 'Koka Deuta Nati Aru Hati 2' releases in packed theatres. News Live
  3. ↑ (June 8, 2026). Koka Deuta Nati Aru Hati 2 (Official Trailer). ইউটিউব. Pride East Entertainments
  4. ↑ (July 4, 2026). Koka Deuta Nati Aru Hati 2 User Reviews & Ratings in India. BookMyShow
  5. ↑ Kokadeuta Nati Aru Hati 2 (2026). ইণ্টাৰনেট মুভি ডাটাবেছ
  6. ↑ (July 3, 2026). Koka Deuta Nati Aru Hati 2 (2026). Dailymotion
  7. ↑ (July 2, 2026). Koka Deuta Nati Aru Hati 2 (2026) - Cast, Reviews. District.in
  8. ↑ (May 29, 2024). Officially the movie Koka Deuta Nati Aru Hati 2 by Pride East Entertainments on roll. ফেইচবুক. Riniki Bhuyan Sharma Official
  9. ↑ (July 1, 2026). All Eyes on Koka Deuta Nati Aru Hati 2 as Star-Studded Premiere Unfolds in Guwahati. ফেইচবুক. NorthEast Live

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰভাৰতৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ককাদেউতা নাতি আৰু হাতী ২” প্ৰবন্ধৰ সংশোধন ৬৩৩০১৮ (২৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।