অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কʼলাট্টম নৃত্য

ক'লাট্টম হৈছে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, আৰু তামিলনাডু ৰাজ্যৰ এক পৰম্পৰাগত লোকনৃত্য। কেৰালাত এই নৃত্য কুম্মী (Kummi) নামেৰে জনজাত। গুজৰাট ৰাজ্যৰ দাণ্ডিয়া ৰাসৰ দৰে, ৰঙীন লাঠি হাতত লৈ এই নৃত্য প্ৰদৰ্শন কৰা হয়।

হালনাগাদ: ২১ জুলাই ২০২৫ ৩৪৭ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ক'লাট্টম হৈছে অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, আৰু তামিলনাডু ৰাজ্যৰ এক পৰম্পৰাগত লোকনৃত্য।১ কেৰালাত এই নৃত্য কুম্মী (Kummi) নামেৰে জনজাত। গুজৰাট ৰাজ্যৰ দাণ্ডিয়া ৰাসৰ দৰে, ৰঙীন লাঠি হাতত লৈ এই নৃত্য প্ৰদৰ্শন কৰা হয়। ক'লাট্টম শব্দটো দুটা পৃথক শব্দৰ পৰা উদ্ভৱ হৈছে- 'কোলা'ৰ অৰ্থ হৈছে এটা সৰু লাঠি আৰু 'অট্টাম'ৰ অৰ্থ হৈছে নৃত্য। নৃত্যৰ সময়ত প্ৰদৰ্শকসকলে প্ৰতিটো হাতত ধৰি থকা লাঠি বজাই নৃত্যটো প্ৰদৰ্শন কৰে। সাধাৰণতে যুৱতীসকলৰ দ্বাৰা অনুশীলন কৰা, এই নৃত্যটো বিশেষকৈ তামিলনাডু ৰাজ্যত আটাইতকৈ জনপ্ৰিয় আৰু মনোৰঞ্জক নৃত্য।২ পুৰণি কালত এই নৃত্যটো কেৱল মহিলাসকলে কৰিছিল যদিও লাহে লাহে এই নৃত্যত পৰিৱৰ্তন হৈছে আৰু এতিয়া নৃত্যটো পুৰুষ আৰু মহিলা উভয়ে কৰাও দেখা যায়।৩

ক'লাট্টম নৃত্যক ভাৰতীয় উপমহাদেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামৰ দ্বাৰা জনা যায়। দক্ষিণ ভাৰতীয় ৰাজ্য অন্ধ্ৰপ্ৰদেশত এই নৃত্যপ্ৰকাৰক কোলান্নলু, কোলাট্টাম আৰু কোলান্নালু বুলি কোৱা হয়। নৃত্যটো কিছুমান অঞ্চলত কোলাদি, কলি আৰু কামবাদি কালী হিচাপেও পৰিচিত।৪ সাধাৰণতে, এই নৃত্য উৎসৱৰ সময়ত প্ৰদৰ্শন কৰা হয়। বহু সংখ্যক কোলাটাম নৃত্যশিল্পীয়ে গংগা গৌৰী সংবাদ এই নৃত্যৰ বিষয়বস্তু হিছাপে লয়। বিষয়বস্তুটো ভগৱান শিৱৰ দুই পত্নী দেৱী গঙ্গা আৰু দেৱী পাৰ্বতীৰ মাজৰ যুঁজৰ ওপৰত আধাৰিত।৫

মূলতঃ ই এটা ধৰ্মীয় নৃত্য, আৰু কিছুমান ঠাইত এই নৃত্য কোলাট্টাম উৎসৱৰ সময়ত পৰিবেশন কৰা হয়, যি দিৱালী উৎসৱৰ পিছত অক্টোবৰ-নৱেম্বৰ মাহৰ পূৰ্ণিমাত আৰম্ভ হয়।২ কোলাট্টামত অন্তৰ্ভুক্ত কৰা বিভিন্ন পদক্ষেপক কপুলু বুলি কোৱা হয়। ৫০ প্ৰকাৰৰ কপুলু সাধাৰণতে এই লোকনৃত্যত ব্যৱহাৰ কৰা হয়। যেতিয়া দলনেতাই সংকেত দিয়ে,যোৰ বান্ধি নৃত্যশিল্পীসকলে প্ৰথমে ভগৱান গণেশক প্ৰাৰ্থনা কৰি নৃত্য আৰম্ভ কৰে।৬ মহিলাসকলে সাধাৰণতে ৰঙা বোৰ্ডাৰৰ সৈতে হালধীয়া ৰঙৰ শাৰী পিন্ধে। এই নৃত্য প্ৰদৰ্শনৰ সময়ত, সংগীতজ্ঞসকলে মৃদঙ্গ, হেৰমনিয়ম আদি বাদ্যযন্ত্ৰ বজায়। নৃত্যশিল্পীসকলে সংগীতৰ ছন্দেৰে বৃত্তাকাৰ গতিত আগবাঢ়ি যোৱাৰ লগে লগে লাঠিবোৰ টুকুৰিয়ায়।৫

কʼলাট্টম নৃত্য চেন্নাই, ২০১১
কʼলাট্টম নৃত্য চেন্নাই, ২০১১ছবি: Sivananthan2001 · CC BY-SA 3.0

ইতিহাস

ঐতিহাসিক প্ৰমাণ অনুসৰি, কʼলাট্টম নৃত্য সপ্তম শতিকাত উদ্ভৱ হৈছে। প্ৰাচীন কালৰ পৰা কʼলাট্টমৰ ধৰ্মীয় গুৰুত্ব আছে। কিংবদন্তী অনুসৰি, ৰাক্ষস বাসৱসুৰা নাম এটা ভয়াৱহ দানৱ বাস কৰিছিল যাক কোনেও নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। তেওঁৰ দুষ্টতা আৰু অত্যাচাৰৰ বাবে সকলোৱে ভয় কৰিছিল। এবাৰ গাভৰু ছোৱালীৰ এটা দল এটা অসুৰ ওচৰলৈ গৈছিল আৰু মৰমৰ সংগীতৰ সৈতে কোলাট্টাম নৃত্য কৰিছিল। মনোমোহা পৰিৱেশ আৰু সংগীতে ৰাক্ষসক সন্তুষ্ট কৰিছিল। এই সুন্দৰ নৃত্যই বাসৱসুৰক ইমান প্ৰভাৱিত কৰিছিল যে তেওঁ তেওঁৰ অশুভ কামবোৰ এৰি দিছিল। লোকবিশ্বাস অনুসৰি, বাসৱসুৰ কিংবদন্তিৰ সময়ৰ পৰা নৃত্যটো প্ৰদৰ্শন আৰম্ভ হৈছিল। পৌৰাণিক কাহিনীবোৰে কয় যে বাসৱসুৰা আন কোনো নহয়, কিন্তু কোলাট্টাম লোকনৃত্যৰ জৰিয়তে শ্ৰদ্ধা কৰা ভগৱান শিৱৰ এক প্ৰদৰ্শিত ৰূপ। 'বাসৱ'ৰ অৰ্থ হৈছে 'ষাঁড় গৰু' আৰু হিন্দু ধৰ্মৰ শাস্ত্ৰত ইয়াক শিৱৰ এক ৰূপ হিচাপে সন্মানিত কৰা হয়।২

তথ্যসূত্ৰ

  1. ↑ Definition of kolattam. www.merriam-webster.com
  2. ↑ Kolattam Dance. beautyspotsofindia.com
  3. ↑ Kolattam- Stick Dance of Andhra Pradesh. www.auchitya.com
  4. ↑ Kolattam Dance - Andhra Pradesh. www.schoolchalao.com/
  5. ↑ Pendem Srinivas. Kolattam Folk Dance. India the Destiny
  6. ↑ Mr. S. Swamy. A STUDY ON HANDICRAFTS IN ANDHRA PRADESH. A Publication of TRANS Asian Research Journals

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কʼলাট্টম নৃত্য” প্ৰবন্ধৰ সংশোধন ৫২৫৭০৮ (২১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।