ওলাভুম তীৰাভুম হৈছে ১৯৭০ চনৰ এখন ভাৰতীয় মালায়ালম ড্ৰামা চলচ্চিত্ৰ। পি. এন. মেননে চলচ্চিত্ৰখন পৰিচালনা কৰিছিল। এম. টি. বাসুদেৱন নায়াৰে ইয়াৰ কাহিনী লিখিছিল আৰু পি. এ. বক্কাৰে প্ৰযোজনা কৰিছিল। ইয়াত মধু আৰু ঊষা নন্দিনীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। লগতে জোজ প্ৰকাশ, ফিলোমিনা আৰু নীলাম্বুৰ বালনে পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল এম. এছ. বাবুৰাজে। মানকদা ৰবি বৰ্মাই চিনেমাটোগ্ৰাফীৰ কাম কৰিছিল।
১৯৫৭ চনত প্ৰকাশিত এম. টি. বাসুদেৱন নায়াৰৰ একে নামৰ নিজা চুটিগল্পৰ ওপৰত ভিত্তি কৰি চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল। কাহিনীটো এজন মুছলমান ব্যৱসায়ীৰ বিষয়ে। তেওঁ নিজৰ মৃত বন্ধুৰ ভনীয়েকৰ প্ৰেমত পৰে। তাই এগৰাকী বেশ্যাৰ জীয়েক আছিল।১ কিন্তু ছোৱালীজনীৰ মাক তাইক এজন ধনী মানুহৰ লগত বিয়া হ'বলৈ বাধ্য কৰায়। সেই মানুহজনৰ তাইৰ ওপৰত চকু আছিল।১
১৯৭০ চনৰ ২৭ ফেব্ৰুৱাৰীত ওলাভুম তীৰাভুম মুক্তি পায় আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে। চলচ্চিত্ৰখন বাণিজ্যিকভাৱেও সফল হয়। ই সেই বছৰৰ সৰ্বাধিক উপাৰ্জনকাৰী মালায়ালম চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম হৈ পৰে। চলচ্চিত্ৰখনে সেই বছৰ চাৰিটা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে। সেইবোৰ হ'ল শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ চিত্ৰনাট্য (নায়াৰ), শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী (বৰ্মা), আৰু দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী (ফিলোমিনা)।২
বৰ্তমান এই চলচ্চিত্ৰখনক মালায়ালম চলচ্চিত্ৰৰ ইতিহাসত এখন মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়। সত্তৰৰ দশকত মালায়ালম চলচ্চিত্ৰ উদ্যোগত আৰ্ট হাউচ চলচ্চিত্ৰৰ বিকাশ ঘটিছিল। এই চলচ্চিত্ৰখনক তাৰেই অনুঘটক বুলি কোৱা হয়। কোৱা হয়, স্বয়ম্বৰম আৰু পেৰুবাজিয়াম্বালমৰ দৰে চলচ্চিত্ৰই ইয়াৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল।৩ চলচ্চিত্ৰখন পৰৱৰ্তী সময়ত এখন ফিউচাৰেট হিচাপে পুনৰ্নিৰ্মাণ কৰা হয়। জীফাইভৰ ৱেব চিৰিজ মনোৰথঙ্গলৰ (২০২৪) অংশ হিচাপে ইয়াক ওলাভুম তীৰাভুম নামৰে পুনৰ্নিৰ্মাণ কৰা হয়।
কাহিনী
কাঠৰ ব্যৱসায়ী বাপ্পুট্টি আৰু আব্দু বন্ধু আছিল। দেউতাকৰ মৃত্যুৰ পিছত মাক বিভাতুৰ অনৈতিক জীৱনৰ বাবে আব্দু লজ্জিত হয়। তেওঁ নিজৰ গাঁও ভাঝাক্কাডাভুৰ পৰা পলাই গৈ কাঠৰ ব্যৱসায়ত লিপ্ত হয়। ইয়াৰ পিছত আব্দু কেতিয়াও নিজৰ ঘৰলৈ ঘূৰি নাহে। হাবিত কাঠ বোজাই কৰি ব্যৱসায়িক কেন্দ্ৰলৈ যোৱাৰ পথত আব্দু অসুস্থ হৈ পৰে আৰু পথতে মৃত্যুবৰণ কৰে। আব্দুৰ মৃতদেহ লৈ বাপ্পুট্টি গৈ বিভাতুৰ জুপুৰী পায়। বাপ্পুট্টিয়ে পৰিয়ালটোৰ প্ৰতি পুতৌ অনুভৱ কৰে আৰু তেওঁলোকক সহায় কৰাৰ সিদ্ধান্ত লয়।
ইয়াত বাপ্পুট্টি আব্দুৰ একমাত্ৰ ভনীয়েক নবীছাৰ প্ৰেমত পৰে। নবীছায়ো মাকৰ জীৱনধাৰণৰ ধৰণক ঘৃণা কৰিছিল। কিন্তু তাই নিৰুপায় আছিল। বাপ্পুট্টিয়ে পৰ্যাপ্ত ধন উপাৰ্জন কৰি নবীছাক বিয়া কৰাই সুখেৰে জীৱন কটোৱাৰ সিদ্ধান্ত লয়। এই সপোন পূৰণৰ বাবে তেওঁ গাঁও এৰি দূৰৈৰ কাঠৰ ডিপোলৈ গুচি যায়।
ইফালে, কুঞ্জলি নামৰ এজন ধনী ব্যৱসায়ী বহুদিনৰ মূৰত নিজৰ গাঁৱলৈ ঘূৰি আহে। তেওঁ নবীছাক দেখি তাইৰ প্ৰতি আকৰ্ষিত হয়। বিভাতুৱে কেৱল ধন উপাৰ্জনৰ কথা চিন্তা কৰিছিল। তাই নবীছাক কুঞ্জলিৰ সৈতে বন্ধুত্ব কৰিবলৈ উৎসাহিত কৰে। কিন্তু নবীছায় তাৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকে। তাই বাপ্পুট্টিৰ উভতি অহাৰ বাবে আৰু তাইক লৈ যোৱাৰ অপেক্ষাত থাকে।
এদিন বিভাতুৰ সমৰ্থনত কুঞ্জলিয়ে নবীছাক নিৰ্যাতন চলায়। সেই দুৰ্ভাগ্যজনক দিনটোতে বাপ্পুট্টি গাঁৱলৈ আহে আৰু এই ঘটনাবোৰ দেখি ভাগি পৰে। কিন্তু দয়ালু বাপ্পুট্টিয়ে নবীছাক আন্তৰিকতাৰে ভাল পাইছিল। তেওঁ তাইক বিয়া কৰোৱাৰ সিদ্ধান্তত অটল থাকে। নবীছায় অমান্তি হয় আৰু তেওঁক এৰি যাবলৈ অনুৰোধ কৰে। চলচ্চিত্ৰখনৰ শেষত নবীছায় আত্মহত্যা কৰে। বাপ্পুট্টিয়ে গাঁও এৰি যোৱাৰ সময়ত পাৰত উঠি অহা তাইৰ ফুলি যোৱা মৃতদেহটোলৈ চাই থাকে।
অভিনয়শিল্পী
- মধু (বাপ্পুট্টিৰ চৰিত্ৰত)
- ঊষানন্দিনী (নবীছাৰ চৰিত্ৰত)
- জোজ প্ৰকাশ (কুঞ্জলিৰ চৰিত্ৰত)
- নীলাম্বুৰ বালন (মুপ্পানৰ চৰিত্ৰত)
- আব্বাছ (কচাই মুছাৰ চৰিত্ৰত)
- আলুম্মুদান (নাৰায়ণনৰ চৰিত্ৰত)
- কুঞ্জাভা
- মালা অৰবিন্দন
- নেলিকোড ভাস্কৰণ (আব্দুক্কাৰ চৰিত্ৰত)
- নীলাম্বুৰ আয়েশা (আয়েশাৰ চৰিত্ৰত)
- পাৰাভূৰ ভৰতন (সুলেইমানৰ চৰিত্ৰত)
- পৰিয়ানাম্পাত্তা কুঞ্জুন্নি নাম্বুদিৰিপ্পাদ (কাদাট্টুকাৰণ মাম্মাতুৰ চৰিত্ৰত)
- ফিলোমিনা (বিভাথুৰ চৰিত্ৰত)
- সুজাতা
- টি. দামোদৰন
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল এম. এছ. বাবুৰাজে। গীতৰ কথা লিখিছিল পি. ভাস্কৰণ আৰু মইনকুট্টি বৈদ্যৰে।৩
| নং | গীত | গায়ক | গীতিকাৰ | দৈৰ্ঘ্য (মি:ছে) |
|---|---|---|---|---|
| ১ | "চাম্পাক্কাম চোলায়িল" | এছ. জানকী | পি. ভাস্কৰণ | |
| ২ | "ইদাক্কোন্নু চিৰিচু" | এছ. জানকী | পি. ভাস্কৰণ | |
| ৩ | "কান্দাৰাক্কাট্টুম্মেল" | এম. এছ. বাবুৰাজ | মইনকুট্টি বৈদ্যৰ | |
| ৪ | "কাভিলিলুল্লা মাৰিভিলিনু" | পি. লীলা, কোৰাছ | পি. ভাস্কৰণ | |
| ৫ | "মণিমাৰণ থান্নাথু" | কে. জে. যেচুদাস, মচাদ বাসন্তী | পি. ভাস্কৰণ | |
| ৬ | "অয়্যে এনিক্কোণ্ডু" | এম. এছ. বাবুৰাজ, চি. এ. অবুবক্কৰ | মইনকুট্টি বৈদ্যৰ | |
| ৭ | "থাদাকি মানাথে" | এম. এছ. বাবুৰাজ | মইনকুট্টি বৈদ্যৰ |
আদৰণি
সমালোচকৰ সঁহাৰি
দ্য হিন্দুৰ বি. বিজয়কুমাৰে এক পৰ্যালোচনাত উল্লেখ কৰিছে, "মধু আৰু ফিলোমিনাই নিজৰ চৰিত্ৰত অসামান্য অভিনয় কৰিছে। আচলতে বিভাতুক ফিলোমিনাৰ অন্যতম শ্ৰেষ্ঠ অভিনয় হিচাপে গণ্য কৰা হয়। ইয়াৰ বাবে তেওঁ সেই বছৰৰ দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাজ্যিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। পি. ভাস্কৰণৰ ৰচিত আৰু বাবুৰাজৰ সুৰ দিয়া গীতবোৰ মনোগ্ৰাহী আছিল। চলচ্চিত্ৰখনৰ পৰম্পৰাগত মাপিলা গীতবোৰো অতি সুন্দৰকৈ পৰিৱেশন কৰা হৈছিল। শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী (মানকদা ৰবি বৰ্মা), চিত্ৰনাট্য (এম. টি. বাসুদেৱন নায়াৰ) আৰু দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ (ফিলোমিনা) বাবে ৰাজ্যিক বঁটা লাভ কৰা চলচ্চিত্ৰ হিচাপে ই সদায় স্মৰণীয় হৈ থাকিব। ইয়াৰ মনোগ্ৰাহী সংগীতৰ বাবেও ইয়াক মনত ৰখা হ'ব।"৪
বক্স অফিচ
চলচ্চিত্ৰখন বাণিজ্যিকভাৱে সফল আছিল।১
বঁটাসমূহ
কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা
- শ্ৰেষ্ঠ চলচ্চিত্ৰ
- শ্ৰেষ্ঠ চিত্ৰনাট্য (নায়াৰ)
- শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী (বৰ্মা)
- দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী (ফিলোমিনা)
উত্তৰাধিকাৰ
ওলাভুম তীৰাভুম চলচ্চিত্ৰখনক "আৰ্ট-হাউচ চলচ্চিত্ৰৰ বিকাশ"ত সহায় কৰাৰ কৃতিত্ব দিয়া হয়, যি বৰ্তমান মালায়ালম চলচ্চিত্ৰৰ এক নিৰ্ণায়ক গুণ হৈ পৰিছে।৫ লগতে ইয়াক মালায়ালম চলচ্চিত্ৰৰ "বাস্তৱবাদৰ দিশত এক যুগান্তকাৰী পদক্ষেপ"৬ আৰু "মালায়ালম চলচ্চিত্ৰৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ" হিচাপে গণ্য কৰা হয়।৭ এই আৰ্ট-হাউচ চলচ্চিত্ৰখনৰ কৰুণ বাস্তৱবাদ পাছলৈ পি. এ. বক্কাৰকে ধৰি সমগ্ৰ প্ৰজন্মৰ মালায়ালম পৰিচালকৰ বাবে এক নিৰ্দিষ্ট সূত্ৰ হৈ পৰিছিল। চলচ্চিত্ৰখন বাণিজ্যিকভাৱেও সফল আছিল। এগৰাকী যৌনকৰ্মীৰ জীয়েকৰ সৈতে এজন ব্যৱসায়ীৰ প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰি এম. টিৰ নিখুঁত চিত্ৰনাট্য ৰচিত হৈছিল। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই পি. এন. মেননে এই ক্লাছিক চলচ্চিত্ৰখন নিৰ্মাণ কৰিছিল। ই মালায়ালম চলচ্চিত্ৰত বাস্তৱিক ধৰণে চলচ্চিত্ৰ নিৰ্মাণৰ এক নতুন ধাৰা আৰম্ভ কৰিছিল। সেয়েহে ইয়াক মালায়ালম চলচ্চিত্ৰৰ অন্যতম মাইলৰ খুঁটি বুলি সঠিকভাৱে গণ্য কৰা হয়।৩
পুনৰ্নিৰ্মাণ
চলচ্চিত্ৰখনক জীফাইভৰ মনোৰথঙ্গল (২০২৪) নামৰ মালায়ালম ভাষাৰ এন্থলজী চিৰিজৰ অংশ হিচাপে একে নামেৰে এখন ফিউচাৰেট ৰূপত পুনৰ্নিৰ্মাণ কৰা হয়। ইয়াত মোহনলাল আৰু দুৰ্গা কৃষ্ণাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই খণ্ডটো প্ৰিয়দৰ্শনে পৰিচালনা কৰিছিল।৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Ray, Bibekananda; Naveen Joshi. (2005). Conscience of the race: India's offbeat cinema. পাব্লিকেশ্বনছ ডিভিজন, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, ভাৰত চৰকাৰ. পৃ. ১১২. ISBN 978-81-230-1298-8
- ↑ (2016-03-03). +++++++++++++ official website of INFORMATION AND PUBLIC RELATION DEPARTMENT OF KERALA +++++++++++++
- ↑ (26 September 2014). Screenplays for ever. দ্য হিন্দু
- ↑ Vijayakumar, B. (2014-03-02). Old is Gold: Olavum Theeravum (1970). The Hindu
- ↑ Kasbekar, Asha. (2006). Pop culture India!: media, arts, and lifestyle. এবিচি-ক্লিঅ'. পৃ. ২৩৫. ISBN 978-1-85109-636-7
- ↑ Baviskar, Amita. (2003). Waterlines, the Penguin book of river writings. পেংগুইন বুকছ. পৃ. ২০৬. ISBN 978-0-14-303038-6
- ↑ (2001). South Asian Cinema. South Asian Cinema Foundation. পৃ. ৪৭
- ↑ Priyadarshan's 'Olavum Theeravum' shot in black and white
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওলাভুম তীৰাভুম” প্ৰবন্ধৰ সংশোধন ৬৩২৮৬৯ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।