অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কনাই

হেমকোষৰ মতে কনাই হৈছে ডিমৰু গুটি, আৰৈ চাউল আৰু দুৰ্বাৰ টোপোলা; তাক তোলনি বিয়াত সন্তান স্বৰূপ ছোৱালীৰ কোলাত দিয়া যায় আৰু শান্তি বিয়াৰ অন্তত দৰা- কন্যা দুয়ো দুইৰ কোলাত দিয়া দি কৰে। '

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২১ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

হেমকোষৰ মতে কনাই হৈছে ডিমৰু গুটি, আৰৈ চাউল আৰু দুৰ্বাৰ টোপোলা; তাক তোলনি বিয়াত সন্তান স্বৰূপ ছোৱালীৰ কোলাত দিয়া যায় আৰু শান্তি বিয়াৰ অন্তত দৰা- কন্যা দুয়ো দুইৰ কোলাত দিয়া দি কৰে। '

বৰ্ণনা

নামনি অসমত কনাইক কোৱা হয়- জননী বা গাজী। কনাই (কা.কানাই) শব্দটো কৃষ্ণৰ পৰা অহা। জননী শব্দই মাতৃক আৰু গাজীয়ে অংকুৰ বা গজালি অৰ্থ সূচায়। কনাই ছোৱালীৰ কোলাত দুটা উৎসৱ দিয়া হয়, ক) তোলনি বিয়া আৰু খ) শান্তি বিয়া। দুয়োটা নাৰী উৎসৱত দিয়া হয় - ছোৱালীৰ প্ৰথম কন্যা কাল হোৱাত। হʼলেও তাৰ কিঞ্চিৎ পাৰ্থক্য দেখা যায়। মাক - বাপেকৰ ঘৰত থকা অবিবাহিতা কন্যাৰ পুষ্পোৎসৱেই তোলনি বা নোৱাই -তোলনি বিয়া। আনহাতে বাল্য বিবাহৰ দেউনা পাৰ হৈ মাক- বাপেকৰ ঘৰত থকা ছোৱালীৰ পুষ্পোৎসৱেই হ'ল শান্তি বিয়া। অতীত কালত আগবিয়া হোৱা ছোৱালীজনী যদি নিজৰ মাক- বাপেকৰ ঘৰত থাকোঁতে পুষ্পিতা হয়, তেনেহলে কন্যাঘৰে বাঁহ- বেতৰ জপাৰ ভিতৰত কনাই ভৰাই কেইজনীমান ছোৱালী আৰু তিৰোতাক দৰা ঘৰলৈ পঠিয়াই দি সেই সংবাদটো দিছিল। আনহাতে দৰা ঘৰত পুষ্পিতা হ'লে দৰাঘৰে কনাইৰ যোগেদি কন্যাঘৰলৈ সংবাদ প্ৰেৰণ কৰাটো উল্লেখযোগ্য। জপাৰ ভিতৰত পঠিওৱা বাবে নামনি অসমত ইয়াক জপা থোৱা বোলা হয়। সময় পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত বাল্য- বিবাহ নাইকিয়া হ'ল যদিও তোলনি বিয়াৰ জৰিয়তে জপাৰ ভিতৰত কনাই অনা নিয়া পদ্ধতিৰ যতি পৰা নাই। জপা এতিয়া দৰা ঘৰৰ পৰিৱৰ্তে কন্যাৰ মোমায়েক অথবা ওচৰ সম্পৰ্কীয় লোকৰ ঘৰত ৰখা হয়। কইনা ধুওৱাৰ পিছত টকা বা আঙঠি হাতত দি জয়জয়তে মাকে কনাইটো জীয়েকৰ কোঁচত দিয়ে। অনুক্ৰমে আন সম্পৰ্কীয় আইসকলে পা - পইচা দি কইনাৰ কোঁচত কনাই দিয়া নিয়ম।

নামনি অসমত কনাইত থাকে - যজ্ঞ ডিমৰু গুটি, ডালিমৰ কলি, আৰৈ চাউল এমুঠি, দূৱৰি বন এমুঠি, ধানৰ শীহ এটা, তামোল- পাণ এযোৰ, বাৰমহীয়া বেঙেনাৰ ফুল, বগা বা ৰঙা ফুলৰ মালা এধাৰ, মুদ্ৰা (এটকা) এটা, আঙুঠি বা খাৰু এপাত আৰু পহু-শিঙৰ ডবুৱা কটাৰী এখন। এই আটাইবোৰ সম্ভাৰ অনাকটা কাপোৰ এখন বন্ধা নিয়ম।

নামনি উভয়তে কনাই, জননী বা গাজী লৈ ভালেখিনি গীত- মাতৰ সৃষ্টি হৈছে। ১ces />

তথ্যসূত্ৰ

  1. ↑ ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী. (জুলাই,২০১৪). কানাই. দ্বিতীয় প্ৰকাশ. জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-১. পৃ. ১১২

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনাই” প্ৰবন্ধৰ সংশোধন ২৯৭৬৬৫ (১৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।