কমলা (Kamla ) ১৯৮৪ৰ চনত জগমোহন মুন্ধ্ৰে প্ৰযোজিত আৰু পৰিচালিত এখন হিন্দী ছবি, য'ত দীপ্তি নাভাল, শাবানা আজমী, মাৰ্ক জুবেৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। নাভালৰ চৰিত্ৰৰ নামেৰে ছবিখনৰ নামকৰণ কৰা হৈছে।১ বিজয় তেণ্ডুলকাৰে ১৯৮১ চনত তেওঁৰে ৰচিত একে নামৰ নাটকৰ আধাৰত কমলাৰ চিত্ৰনাট্য ৰচনা কৰে।
প্লট
দিল্লীৰ সাংবাদিক জয়সিংহ যাদৱে (মাৰ্ক জুবেৰ) গম পায় যে আজিলৈকে মধ্যপ্ৰদেশৰ এখন গাঁৱত দেহৰ ব্যৱসায় চলি আছে, আৰু ভুক্তভোগীসকল ভীল জনগোষ্ঠীৰ ছোৱালী। যিকোনো উৎসুক সাংবাদিকৰ দৰেই তেওঁ গাঁওখনলৈ যাত্ৰা কৰে; তাৰ পিছত সঁচাকৈয়ে কমলা (দীপ্তি নাৱাল) নামৰ ছোৱালী এজনী কিনি দিল্লীত থকা নিজৰ ঘৰলৈ লৈ আহে। যিহেতু তেওঁৰ উদ্দেশ্য সৎ, সেয়েহে কিছুদিন পিছত তেওঁ এখন সংবাদমেল অনুষ্ঠিত কৰে, য'ত তেওঁ গাঁওখনত চলি থকা প্ৰকৃত অন্যায়ৰ বিষয়ে প্ৰকাশ কৰে।২
সমালোচকৰ প্ৰতিক্ৰিয়া
মুক্তিৰ লগে লগে কমলাই উচ্চ প্ৰশংসা লাভ কৰে। টাইমছ অফ ইণ্ডিয়াই এটা লেখাত কয় যে, "দীপ্তী নাভালক চকু দুটা ডাঙৰ কৰিবলৈ, ভয় খোৱা শহাপহুৰ দৰে কঁপিবলৈ আৰু মুকুতাৰ দৰে হাঁহি মাৰিবলৈ মাতি অনা হৈছে। তেওঁ এই কামবোৰ দক্ষতাৰে কৰে।" ইণ্ডিয়ান এক্সপ্ৰেছত লিখিছে, "দীপ্তি নাভাল আৰু মাৰ্ক জুবেৰৰ পৰা বিশ্বাসযোগ্য – হয়তো উল্লেখযোগ্য – অভিনয় আদায় কৰাৰ বাবে মুন্ধৰাক প্ৰশংসা কৰা উচিত – যাৰ প্ৰতিভা এতিয়ালৈকে লুকাই আছে।"৩
তথ্যসূত্ৰ
- ↑ Somaaya, Bhawana. (2004). Cinema: Images & Issues. Rupa&Co. পৃ. 389. ISBN 9788129103703
- ↑ Deepti Naval Filmography - Kamla
- ↑ Kamla Reviews
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা (১৯৮৪ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৯৫৯৫৬ (২৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।