অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কাংগিলু

কাংগিলু বা কাংগীলু ( Kangilu) দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ উড়ুপি আৰু দক্ষিণ কানাড়া অঞ্চলৰ এক পৰম্পৰাগত লোকনৃত্য। তুলু পঞ্জিকাৰ মে’ মাহৰ পূৰ্ণিমাৰ দিনা পৰিৱেশন কৰা ই এক আধ্যাত্মিক নৃত্য।

হালনাগাদ: ১১ অক্টোবৰ ২০২৪ ৩৯৬ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কাংগিলু বা কাংগীলু ( Kangilu) দক্ষিণ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ উড়ুপি আৰু দক্ষিণ কানাড়া অঞ্চলৰ এক পৰম্পৰাগত লোকনৃত্য। তুলু পঞ্জিকাৰ মে’ মাহৰ পূৰ্ণিমাৰ দিনা পৰিৱেশন কৰা ই এক আধ্যাত্মিক নৃত্য। ই ৰোগ, প্ৰেতাত্মা আৰু অন্যান্য নেতিবাচক শক্তিক আঁতৰাই ৰাখে আৰু শান্তি, সম্প্ৰীতি আৰু সম্প্ৰদায়ৰ মনোভাৱ গঢ়ি তোলাৰ কাম কৰে বুলি বিশ্বাস কৰা হয়। খৰ্গেশ্বৰী দেৱী আৰু শিৱ দেৱতাৰ ৰূপ হিচাপে গণ্য কৰা আত্মা কোৰাগাজ্জাক সন্তুষ্ট কৰিবলৈ সাতদিনীয়া কাংগিলু কুনিঠাৰ অংশ হিচাপে এই নৃত্য পৰিবেশন কৰা হয়।

ব্যুৎপত্তি

তুলু ভাষাত কাং মানে নাৰিকল। প্ৰাচীন তুলু ভাষাৰ কাংগুৰ পৰা ই উৎপন্ন হৈছে। নৃত্যশিল্পীসকলে নাৰিকল গছৰ ওপৰৰ কোমল অংশ সংগ্ৰহ কৰি তামোল বা কলপাতেৰে তৈয়াৰী পোছাকৰ পিন্ধি নিজৰ মাজত লুকুৱাই ৰাখে।১

পশ্চাদৱলোকন

গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰৰ মাৰ্চ মাহৰ লগত মিল থকা তুলু কেলেণ্ডাৰৰ মে’ মাহৰ পূৰ্ণিমাৰ দিনা পৰিৱেশন কৰা ই এক আধ্যাত্মিক নৃত্য।১ সাধাৰণতে উড়ুপি আৰু দক্ষিণ কানাড়াত বাস কৰা মুণ্ডালা সম্প্ৰদায়ে এই নৃত্য পৰিৱেশন কৰে।১ সাতদিনীয়া কাংগিলু কুনিঠাৰ এক অংশ হিচাপে এই নৃত্য পৰিৱেশন কৰা হয়, দেৱী খৰ্গেশ্বৰীক স্তুতি কৰিবলৈ।২ ইয়াক দক্ষিণ কানাড়াত পুৰুষে কৰে আৰু উড়ুপি অঞ্চলত মহিলাসকলেও একে নৃত্য পৰিৱেশন কৰে।৩৪ দুষ্ট শক্তিক গাঁৱৰ বাহিৰলৈ পঠিয়াবলৈ আৰু গাঁৱৰ মানুহ আৰু গৰু-ম’হৰ সাধাৰণ মংগলৰ বাবে, ৰোগৰ পৰা সুৰক্ষা আৰু প্ৰচুৰ শস্য উৎপাদনৰ বাবে এই নৃত্য অনুষ্ঠান অনুষ্ঠিত কৰা হয়।১ বিশ্বাস অনুসৰি ৰোগৰ অন্ত পেলাবলৈ আধ্যাত্মিক নৃত্যৰ জৰিয়তে শিৱ দেৱতাৰ এটা ৰূপ কোৰাগাজ্জাক আমন্ত্ৰণ কৰা হয়।৫ কোৰাগাজ্জাক আটাইতকৈ শক্তিশালী আৰু পবিত্ৰ আত্মাসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়, যাক মানুহে প্ৰাৰ্থনা কৰে আৰু বিপদৰ সম্মুখীন হ'লে বিপদৰ পৰা ৰক্ষা পৰিবলৈ বা কিছুমান মানসিক ইচ্ছা পূৰণৰ প্ৰয়োজন হ'লে এই পৱিত্ৰ আত্মাৰ আগত শৰাই প্ৰদান কৰাৰ মানস কৰে।৬

পৰিৱেশন শৈলী

প্ৰতিটো নৃত্য গোটত ৫ৰ পৰা ১২জন সদস্য থাকে আৰু নৃত্যশিল্পীসকলৰ সকলোৱেই একে সাজ-পোছাক আৰু অলংকাৰ পৰিধান কৰি বৃত্তৰ দৰে থিয় হয়।৫৬ নৃত্যশিল্পীসকলে অতি জাকজমকীয়া ৰঙীন সাজ-পোছাক পৰিধান কৰাৰ লগতে মুখত আকৰ্ষণীয় ৰঙেৰে প্ৰসাধন কৰে।৭

কাছে বা ধোলু নামৰ বাদ্যযন্ত্ৰৰ বজাই তাৰ তালে তালে তেওঁলোকে নৃত্য কৰে।১ বৃত্তৰ মাজত ঘণ্টা পিন্ধা চাৰিজন গায়কে লোকগীত গায় আৰু বাকী নৃত্য দলটোৱে তেওঁলোকক ঘেৰি গীতৰ সুৰত নাচি থাকে।১ নৃত্যত সংগত কৰা পৰম্পৰাগত গীতটোক কৰুংগিলো বুলি কোৱা হয় আৰু নৃত্যৰ শেষত আতি কালেঞ্জে নামৰ এটা গীত পৰিৱেশন কৰা হয়।[7] নৃত্যৰ মাজতে এগৰাকী নৃত্যশিল্পীয়ে আত্মা দেৱতা কোৰাগাজ্জাৰ অনুকৰণত শৰীৰৰ ওপৰত মাস্ক আৰু ক'লা ৰং পিন্ধি দেখা দিয়ে আৰু জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এক বিশেষ ধৰণে নৃত্য কৰে।১ উপস্থিতসকলে নৃত্যশিল্পীসকলক আগুৰি থাকে আৰু আনন্দোল্লাস কৰি মুখেৰে কু শব্দ কৰে।১

নৃত্যশিল্পীসকলে ৰাতিপুৱাৰ পৰা নাচি থাকে আৰু ৰাতি সমাজৰ নিৰ্দিষ্ট ঘৰবোৰলৈ গৈ দান-বৰঙণি, মূলতঃ শস্য আৰু অন্যান্য প্ৰসাদ সংগ্ৰহ কৰে।১ সংগ্ৰহ কৰা শস্যৰ সৈতে একেলগে মিলি সাম্প্ৰদায়িক ভোজ প্ৰস্তুত কৰে। কেতিয়াবা নৃত্য শেষ হোৱাৰ পিছত ঘৰৰ বাহিৰত মানুহে ভাত আৰু নাৰিকল ৰান্ধে।৭ এই আনুষ্ঠানিক খাদ্য খৰ্গেশ্বৰী দেৱীক আগবঢ়োৱা হয় আৰু তেওঁৰ কাঠৰ মূৰ্তিটো শোভাযাত্ৰা কৰি গাঁৱৰ বাহিৰৰ অঞ্চললৈ লৈ যোৱা হয়।১ ইয়াৰ পিছত তেওঁলোকে সাজ-পোছাক আঁতৰাই গাঁৱৰ পুখুৰীত কলপাত আৰু তামোলৰ পাত ডুবাই দিয়ে। তাৰ পিছত গাঁৱৰ ৰাইজে মিলি ৰন্ধা খাদ্য ভোজন কৰে।১

তথ্যসূত্ৰ

  1. ↑ Kangilu Kunitha. Janapada, Government of Karnataka
  2. ↑ (2000). Proceedings of the Session of Indian Art History Congress. Indian Art History Congress. পৃ. 246
  3. ↑ Hiriyanna, Ambalike. (2003). Studies in Kannada Folklore. Prasaranga, University of Mysore. পৃ. 125
  4. ↑ Alva, Ashok. (2001). Olasari: Essays on Folk Rituals and Dances of Tulunadu and Kodagu. Regional Resources Centre for Folk Performing Arts. পৃ. 9
  5. ↑ (27 January 2022). In perfect sync: Dancers step up to steal the show. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ Kangilu Nalike. Mangalore Heritage
  7. ↑ Kangilu: the traditional dance form of Udupi

সম্পৰ্কিত শ্ৰেণী

লোক-নৃত্যভাৰতকেৰালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাংগিলু” প্ৰবন্ধৰ সংশোধন ৪৩৬৮৪৭ (১১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।