কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
উৎসৱ প্লাছ
উৎসৱ প্লাছ (পূৰ্বতে ষ্টাৰ প্লাছ ইউ.কে নামেৰে জনাজাত) হৈছে দ্য ৱাল্ট ডিজনী কোম্পানী ইণ্ডিয়াৰ মালিকানাধীন ডিজনী ষ্টাৰৰ দ্বাৰা পৰিচালিত ইউৰোপীয় হিন্দী সাধাৰণ মনোৰঞ্জনমূলক মাছুল পৰিশোধযোগ্য টেলিভিছন চেনেল। ইয়াৰ প্ৰগ্ৰেমিংসমূহ পৰিয়ালকেন্দ্ৰিক নাটক, কমেডী, ৰিয়েলিটি শ্ব', অপৰাধ আৰু ছবিৰ দ্বাৰা গঠিত।
-
ঊণকো চুৱেটাৰ
ঊণকো চুৱেটাৰ (Unko Sweater, নেপালী: ऊनको स्वीटर) ২০২৫ চনত মুক্তিপ্ৰাপ্ত, নবীন চৌহানৰ দ্বাৰা ৰচিত আৰু পৰিচালিত, এখন সামাজিক নাট্যধৰ্মী চলচ্চিত্ৰ। এই ছবিখন আৰ্টমাণ্ডু নেপাল প্ৰাইভেট লিমিটেডৰ দ্বাৰা প্ৰযোজিত হৈছে। লিমিটেডে কেন্দ্ৰ মোচন পিকচাৰ্ছৰ সহযোগত ছবিখন নিৰ্মাণ কৰিছে।
-
এ ডিফাৰেণ্ট ষ্ট'ৰী
এ ডিফাৰেণ্ট ষ্ট'ৰী ১৯৭৮ চনত পল এৰনৰ দ্বাৰা পৰিচালিত আৰু মেগ ফষ্টাৰ আৰু পেৰী কিঙে অভিনয় কৰা এখন আমেৰিকান চলচ্চিত্ৰ। লছ এঞ্জেলছত পৰিৱেশিত এই ছবিখনত এজন সমকামী পুৰুষ (কিং) আৰু এগৰাকী লেচবিয়ান (ফষ্টাৰ)ৰ কাহিনী কোৱা হৈছে যিসকল অস্থায়ী ঘৰুৱা সতীৰ্থ হৈ পৰে কিন্তু শেষত ইজনে সিজনৰ প্ৰেমত পৰে।
-
এ পেকুলিয়াৰ ফেমিলি
এ পেকুলিয়াৰ ফেমিলি'(এটা অদ্ভুত পৰিয়াল) হৈছে ১৮৬৫ চনত ইংৰাজ নাট্যকাৰ উইলিয়াম ব্ৰাফৰ দ্বাৰা ৰচিত এখন হাস্যৰসাত্মক নাটক। ইয়াৰ সংগীত যুগুতাইছিল থমাছ জাৰ্মান ৰিডে, আৰু অভিনয় কৰিছিল জাৰ্মান ৰিড, তেওঁৰ পত্নী প্ৰিচিলা জাৰ্মান ৰিড আৰু জন পাৰিয়ে।
-
এ. আৰ. ৰহমানে লাভ কৰা তথা মনোনয়নপ্ৰাপ্ত পুৰস্কাৰসমূহৰ তালিকা
{| ! বৰ্ষ !! বঁটা !! সন্মানিত কৰা সংস্থা !! টোকা |- | ১৯৯৫ || কালাইমামণি || তামিলনাডু চৰকাৰ || সংগীতজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পুৰস্কিত কৰা হৈছে |- | ২০০০ || পদ্মশ্ৰী || ভাৰত চৰকাৰ || চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা |- | ২০০১ || আৱধ সম্মান || উত্তৰ প্ৰদেশ চৰকাৰ || সংগীতজগতলৈ আগবঢ়োৱা ব্যতিক্ৰমী তথা…
-
এংগ্ৰী ইণ্ডিয়ান গডেছ
এংগ্ৰী ইণ্ডিয়ান গডেছ হৈছে পান নলিনৰ দ্বাৰা পৰিচালিত আৰু জংগল বুক এণ্টাৰটেইনমেণ্টৰ বেনাৰত গৌৰৱ ধিংৰা আৰু পান নলিনৰ প্ৰযোজনাৰে ২০১৫ চনত নিৰ্মিত এখন হিন্দী ভাষাৰ ড্ৰামা ছবি।
-
এক চালিছ কি লাষ্ট লোকেল
এক চালিছ কি লাষ্ট লোকেল ( Ek Chalis Ki Last Local ) ২০০৭ চনৰ সঞ্জয় খাণ্ডুৰীৰ পৰিচালনাত নিৰ্মিত বলীউডৰ এখন দুঃসাহসিক কমেডী থ্ৰিলাৰ, য'ত অভয় দেওল আৰু নেহা ধুপিয়াই অভিনয় কৰিছে। ২০০৭ চনৰ ১৮ মে'ত ছবিখন মুক্তি পায়।
-
এক থি ৰাণী আইচি ভি
এক থি ৰাণী আইচি ভি (; Ek Thi Rani Aisi Bhi, অসমীয়া অনুবাদ; এসময়ত এগৰাকী ৰাণী আছিল) হৈছে ২০১৭ চনৰ এখন হিন্দী জীৱনীমূলক চলচ্চিত্ৰ, যাক গুল বাহাৰ সিংহই পৰিচালনা কৰিছিল। এই ছবিখনত হেমা মালিনীয়ে বিজয়া ৰাজে সিন্ধিয়াৰ চৰিত্ৰ ৰূপায়ণ কৰিছে।
-
একিকিবি
একিকিবি (ইংৰাজী: Ekikibi) হৈছে বাকোঞ্জো জনগোষ্ঠীৰ এটা পৰম্পৰাগত প্ৰেমমূলক নৃত্য। এই জনগোষ্ঠী পশ্চিম উগাণ্ডা আৰু পূৰ্ব গণতান্ত্ৰিক কংগো প্ৰজাতন্ত্ৰত অৱস্থিত ৰুৱেনজোৰি পৰ্বতমালা অঞ্চলত বসবাস কৰে।
-
একিজিনো
একিজিনো (ইংৰাজী: Ekizino), যাক কিজিনো বুলিও কোৱা হয়, হৈছে উগাণ্ডাৰ দক্ষিণ-পশ্চিমাঞ্চলৰ কিগেজি অঞ্চলত বসবাস কৰা বাকিগা জনগোষ্ঠীৰ এটা পৰম্পৰাগত সামাজিক নৃত্য।
-
একিটাগুৰিৰো
একিটাগুৰিৰো (ইংৰাজী: Ekitaguriro), যাক গৰু নৃত্য বুলিও জনা যায়, হ’ল দক্ষিণ-পশ্চিম উগাণ্ডাত অৱস্থিত এনকোৰে বা আনকোলে অঞ্চলৰ এক পৰম্পৰাগত নৃত্য। ই এক আনন্দ উদ্যাপনৰ নৃত্য যিটো পুৰুষ আৰু মহিলা উভয়ে পৰিৱেশন কৰে।
-
এক্স ভিডিঅ'চ (চলচ্চিত্ৰ)
X Videos হ'ল ২০১৮ চনৰ ভাৰতীয় তামিল ভাষাৰ চাইবৰ অপৰাধভিত্তিক থ্ৰিলাৰ নাট্য চলচ্চিত্ৰ যি চাজো সুন্দৰে পৰিচালনা কৰিছিল। এই চলচ্চিত্ৰখন তেওঁৰ প্ৰথম পৰিচালিত চলচ্চিত্ৰ।
-
এক্স-মেন চলচ্চিত্ৰ শৃংখলা
এক্স-মেন চলচ্চিত্ৰ শৃংখলা হৈছে মাৰ্ভেল কমিক্চৰ আধাৰত নিৰ্মাণ কৰা কেইখনমান ছুপাৰহিৰো চলচ্চিত্ৰৰ সমষ্টি। এই চলচ্চিত্ৰকেইখনে ৱলভেৰিন (হিউগ জেকমেন), অধ্যাপক জেভিয়াৰ (পেট্ৰিক ষ্টুৱাৰ্ট আৰু জেমছ মেকাভয়) আৰু মেগনিটকে (ইয়ান মেককেলেন আৰু মাইকেল ফাছবেণ্ডাৰ) প্ৰমুখ্য কৰি এটা সমূহীয়া গোটক চিত্ৰিত কৰা হৈছে।
-
এক্সএক্স/এক্সৱাই
এক্সএক্স/এক্সৱাই (ইংৰাজী: XX/XY) হৈছে ২০০২ চনৰ এখন আমেৰিকান ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। অষ্টিন চিকৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত এই ছবিখনত মাৰ্ক ৰাফেলো, কেথলিন ৰবাৰ্টছন আৰু মায়া ষ্টেঞ্জে অভিনয় কৰিছে। ছবিখনৰ শীৰ্ষকটোৱে পুৰুষ আৰু মহিলাৰ দেহত থকা পৃথক যৌন ক্ৰম’জমৰ যুটিক বুজাইছে।
-
এক্সএক্সএক্সএক্স (এলবাম)
এক্সএক্সএক্সএক্স (XXXX) হৈছে কানাডাৰ ডান্স-পাংক বেণ্ড ইউ চে পাৰ্টি (পূৰ্বতে ইউ চে পাৰ্টি! উই চে ডাই!)ৰ তৃতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ এলবাম। এলবামখন ২০০৯ চনৰ ২৯ ছেপ্টেম্বৰ তাৰিখে মুক্তি পাইছিল।
-
এছিয়ান একাডেমী ক্ৰিয়েটিভ বঁটা
এছিয়ান একাডেমী ক্ৰিয়েটিভ বঁটা প্ৰতি বছৰে ডিচেম্বৰ মাহত ছিংগাপুৰ মিডিয়া ফেষ্টিভেলৰ অংশ হিচাপে প্ৰদান কৰা হয়। এছিয়া-পেচিফিক অঞ্চলৰ ১৬খন দেশৰ চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগত তেওঁলোকে উৎকৃষ্টতাক বাবে এই বঁটা প্ৰদান কৰি স্বীকৃতি দিয়া হয়।
-
এছিয়ান ৰন্ধনশৈলী
এছিয়ান ৰন্ধনশৈলীয়ে এছিয়াৰ কেইবাটাও উল্লেখযোগ্য আঞ্চলিক ৰন্ধনশৈলীক সামৰি লয়: মধ্য এছিয়ান, পূব এছিয়ান, উত্তৰ এছিয়ান, দক্ষিণ এছিয়ান, দক্ষিণ-পূব এছিয়ান, আৰু পশ্চিম এছিয়ান। ৰান্ধনীশাল হৈছে সাধাৰণতে একোটা নিৰ্দিষ্ট সংস্কৃতিৰ সৈতে জড়িত ৰন্ধনপ্ৰথা আৰু ৰীতি-নীতিৰ এক সুকীয়া পদ্ধতি।
-
এছিয়াৰ শংকু আকৃতিৰ শিৰোধান
এছিয়াৰ শংকু আকৃতিৰ শিৰোধান বা টুপী হৈছে পূব, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া আৰু বিশেষকৈ ভিয়েটনামৰ হিউত উদ্ভৱ হোৱা শংকু আকৃতিৰ এক সৰল শৈলীৰ শিৰোধান। ইয়াক সাধাৰণতে এছিয়াৰ ধানৰ টুপী, বা কেৱল ধানৰ টুপী (বিশেষকৈ আমেৰিকাত), কুলি টুপী (যুক্তৰাষ্ট্ৰত), প্ৰাচ্যৰ টুপী, বা কৃষকৰ টুপী নামেৰেও জনা যায়।
-
এছৰাজ/দিলৰুবা
এছৰাজ (পঞ্জাবী: ਇਸਰਾਜ, শাহমুখী: اسراج, বাংলা: এসব়াজ) হৈছে দক্ষিণ এছিয়াৰ দুটা ৰূপত পোৱা এটা তাঁৰৰ যন্ত্ৰ। ই এটা তুলনামূলকভাৱে শেহতীয়া যন্ত্ৰ, প্ৰায় ৩০০ বছৰ পুৰণি।
-
এঞ্জেলছ অৱ ছেক্স (চলচ্চিত্ৰ)
এঞ্জেলছ অৱ ছেক্স (El Sexo de los Ángeles) হৈছে জেভিয়াৰ ভিলাভাৰ্ডেৰ এখন স্পেনিছ ছবি য'ত আলভাৰো চাৰ্ভান্টেছ, আষ্ট্ৰিড বাৰ্গেছ-ফ্ৰিছবে আৰু ল'ৰেন্স গনজালেজে অভিনয় কৰিছে। ২০১২ চনত এইখন চলচ্চিত্ৰ মুক্তি লাভ কৰে। তাৰোপৰি ইয়াক কাটালন ভাষাতো ডাব কৰা হৈছে।
-
এটা চোলাৰ কাহিনী (নাটক)
এটা চোলাৰ কাহিনী আলি হাইদৰে ৰচনা কৰা এখন অসমীয়া ভাষাৰ সামাজিক নাটক। নাটকখনত এক প্ৰবল সমাজ চেতনাৰ চিত্ৰণ হিচাপে সমাজত যুগ যুগ ধৰি চলি অহা শ্ৰেণী সংগ্ৰাম তথা শোষিত শ্ৰেণীৰ ওপৰত কৰা শোষক শ্ৰেণীৰ অত্যাচাৰ, দৰিদ্ৰতাৰ দুখ-বেদনা, শোষক শ্ৰেণীৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আদি বিভিন্ন দিশৰ জৰিয়তে প্ৰকাশ পাইছে।
-
এডোংগা নৃত্য
এডোংগা নৃত্য (ইংৰাজী: Edonga Dance, সংক্ষিপ্তভাৱে এডোংগা) হৈছে উগাণ্ডাৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত কাৰামোজং জনগোষ্ঠীৰ এটা পৰম্পৰাগত সাংস্কৃতিক নৃত্য। এই জনগোষ্ঠী নিলোটিক জনগোষ্ঠীৰ অন্তৰ্গত আৰু বিশেষকৈ কোটিডো জিলা আৰু মোৰোটো জিলাত বসবাস কৰে।
-
এন্দোপ (ভাস্কৰ্য)
এন্দোপ (Ndop) আছিল কুবা ৰাজ্যৰ বিভিন্ন ৰজা (nyim)ক প্ৰতিনিধিত্ব কৰা ৰূপক ভাস্কৰ্য।
-
এন্নু নিন্তে মইদিন
এন্নু নিন্তে মইদিন (অৰ্থ: আপোনাৰ সঁচাকৈয়ে, মইডেন) হৈছে ২০১৫ বৰ্ষত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় মালায়ালম ভাষাৰ জীৱনীমূলক ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। আৰ. এছ. বিমলৰদ্বাৰা লিখিত আৰু পৰিচালিত এই ছবিখন ১৯৬০-ৰ দশকত কোঝিকোড়ৰ মুক্কামত সংঘটিত কাঞ্চনমালা আৰু বি. পি. মইদিনৰ বাস্তৱ জীৱনৰ কাহিনীৰ ওপৰত আধাৰিত।
-
এম্পায়াৰ ষ্টেট বিল্ডিং
এম্পায়াৰ ষ্টেট বিল্ডিং হৈছে আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ মানহাটানৰ মিডটাউন চাউথ চুবুৰীত অৱস্থিত ১০২ মহলীয়া আৰ্ট ডেকো শৈলীৰ ছুপাৰটাল আকাশচুম্বী ঘৰ। ১৯৩০ চনৰ পৰা ১৯৩১ চনলৈকে নিৰ্মাণ কৰা এই ভৱনটোৰ ডিজাইন নিউয়ৰ্ক ৰাজ্যৰ ডাকনাম " এম্পায়াৰ ষ্টেট " ৰ পৰা লোৱা হৈছে।
-
এলন
এলন (ফৰাচী: Seuls) হৈছে ২০২১ চনৰ এখন কানাডিয়ান তথ্যচিত্ৰ, যিখন পৰিচালনা কৰিছে পল টমে। বাস্তৱ দৃশ্যৰ লগতে এনিমেচনৰ সংমিশ্ৰণত নিৰ্মিত এই ছবিখনে আফচিন, এলেন আৰু পেট্ৰিচিয়া নামৰ তিনিগৰাকী যুৱক-যুৱতীৰ কাহিনী বৰ্ণনা কৰিছে। তেওঁলোকে পৰিয়াল অবিহনে অকলে শৰণাৰ্থী হিচাপে কানাডালৈ আহিছিল।
-
এলাহাবাদ সংগ্ৰহালয়
এলাহাবাদ সংগ্ৰহালয় ( Allahabad Museum ) উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অৱস্থিত আৰু ১৯৩১ চনত স্থাপিত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগ্ৰহালয়। সমৃদ্ধ শিল্প সংগ্ৰহ বাবে জনাজাত এই সংগ্ৰহালয়ক সংস্কৃতিক মন্ত্ৰালয়ে পুঁজি যোগান ধৰি সহায় কৰে।
-
এলিপ্পাথায়ম
এলিপ্পাথায়ম (Elippathayam) হৈছে ১৯৮২ চনত মুক্তিপ্ৰাপ্ত এখন মালায়ালম চলচ্চিত্ৰ। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে বিশিষ্ট চলচ্চিত্ৰকাৰ আদূৰ গোপালকৃষ্ণনে। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে কৰামানা জনাৰ্দনন নায়াৰ, শাৰদা, জলজা আৰু ৰাজম কে. নায়াৰে।
-
এল২: এমপুৰান
এল২: এমপুৰান (ইংৰাজী: L2: Empuraan) হৈছে ২০২৫ চনত মুক্তি লাভ কৰা এখন ভাৰতীয় মালায়ালম ভাষাৰ মহাকাব্যিক ৰাজনৈতিক একচন থ্ৰীলাৰ চলচ্চিত্ৰ। পৃথ্বীৰাজ সুকুমাৰনৰ পৰিচালনা আৰু মুৰুলী গোপীৰ কাহিনীৰে নিৰ্মিত এই ছবিখন আশীৰ্বাদ চিনেমাছ, লাইকা প্ৰডাকচঞ্চ আৰু শ্ৰী গোকুলম মুভিজৰ বেনাৰত অণ্টনি পেৰুম্বাভুৰ,…
-
ঐক্যতান
ঐক্যতান হ'ল এটা প্ৰগতিশীল নাট্যগোষ্ঠী। হাস্যৰসাত্মক লেখক তথা চলচ্চিত্ৰ সমালোচক পবিত্ৰ কুমাৰ ডেকা, ইতিহাসবিদ তথা কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী, সাহিত্যিক অনিল কুমাৰ ডেকা, অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক নিত্য বৰা আদিয়ে ১৯৭৬ চনত অসমৰ গুৱাহাটীত এই নাট্যগোষ্ঠী প্ৰতিষ্ঠা কৰে।