কম্পিউটাৰ ক্ৰনিকল্চ হ'ল এলানী আধা-ঘণ্টীয়া আমেৰিকাৰ দূৰদৰ্শন অনুষ্ঠান, যি ১৯৮৩ৰ পৰা ২০০২লৈ সম্প্ৰচাৰিত হৈছিল, 'পাব্লিক্ ব্ৰডকাষ্টিং চাৰ্ভিচ ৰাজহুৱা দূৰদৰ্শনত,ই ব্যক্তিগত গণক যন্ত্ৰৰ উত্থানক আৰম্ভণিৰ পৰা ২১শতিকাৰ আৰম্ভণিত বিশাল বজাৰলৈকে দাঙি ধৰি প্ৰদৰ্শন কৰিছিল। এই শ্ৰেণী তেতিয়াৰ কেচিএচএম-টিভিৰ মহাবিদ্যালয়ৰ আস্থান প্ৰবন্ধক ষ্টিৱাৰ্ট চিফেটে (পিছলৈ সহ-পোষক) আৰম্ভ কৰিছিল। এই দৰ্শনী পেঞ্চিলভেনিয়াৰ হেৰিচ্বাৰ্গৰ ডাব্লিউআইটিএফ-টিভিয়ে সহ প্ৰযোজনা কৰিছিল। ই ১৯৮৩ৰ শেষৰ ফালে ৰাষ্ট্ৰীয় শ্ৰেণী হিচাবে পৰিগণিত হয়। ১৯৮১-১৯৮২লৈ জিম ৱাৰেন পোষক আছিল। ইয়াক ১৯৮১ চনৰ ৰ পৰা ২০০২ চনলৈ অবিৰতভাবে দেখুওৱা হৈছিল।১
পোষক
গেৰি কিল্ডাল্ ১৯৮৩ৰ পৰা ২০০২লৈ সহ-পোষক আছিল, তেওঁ ব্যক্তিগত গণক যন্ত্ৰৰ বিভিন্ন দিশৰ বিষয়ে কৈছিল আৰু গণক যন্ত্ৰৰ ভৱিষ্যতৰ বিষয়েও কৈছিল।
১৯৮০ৰ দশকত এই দৰ্শনীত কেইবাজনো সহযোগী প্ৰদৰ্শক আছিল, যেনে জৰ্জ্ ম'ৰ', পল স্কিণ্ডাৰ্, ৱেণ্ডি ৱুড্চ্ আদি।
আৰ্হি
সমগ্ৰ প্ৰদৰ্শন কালত, কম্পিউটাৰ্ ক্ৰনিক্ল্চৰ আৰ্হি প্ৰায় একেই থাকিল, প্ৰদৰ্শনৰ ধৰণক বাদ দি, আৰম্ভণিতে ইয়াৰ প্ৰদৰ্শনৰ ধৰণ অতিকৈ আনুষ্ঠানিক আছিল, কিন্তু পিছলৈ সহজ সৰল হ'বলৈ ধৰিলে। ১৯৮৪ৰ পৰা, শেষৰ ৫ মিনিটত, বা ৰেণ্ডম্ এক্সেচত গণক যন্ত্ৰৰ জগতৰ বিভিন্ন বাতৰি দিয়া হৈছিল। এই ব্যৱস্থা ১৯৯৭ৰ পৰা দেখুৱা বন্ধ হ'ল। 'অনলাইন মিনিট' ১৯৯৫ত আৰম্ভ হ'ল, যিয়ে খণ্ডটোৰ বিষয়ত আধাৰিত বিভিন্ন ৱেব্ চাইটৰ বিষয়ে জনাইছিল।
১৯৮৯ত লেখাসমূহ সলনি কৰা হ'ল আৰু নামটো 'দা কম্পিউটাৰ্ ক্ৰনিকলচ্'ৰ পৰা 'কম্পিউটাৰ্ ক্ৰনিকলচ্'লৈ সলনি কৰা হ'ল। লেখাসমূহ ১৯৯৫ত পুনৰ নতুনকৈ তৈয়াৰ কৰা হ'ল, বিল্ বেট্স্মেনৰ ৱেব্ চাইটৰ লেখাৰ সৈতে ১৯৯৮ত পুনৰ সজা হয়।
আটাইতকৈ জনপ্ৰিয় অংশ আছিল ষ্টিৱাৰ্টৰ "পিক্ অৱ্ দা ৱিক্" যিয়ে সেই সময়ৰ জনপ্ৰিয় গণক যন্ত্ৰৰ যতন আদিৰ বিষয়ে দেখুৱাইছিল।
প্ৰযোজনা
১৯৯৪ৰ পৰা ১৯৯৭লৈ দৰ্শনীখন পিচিটিভিয়ে প্ৰযোজনা কৰে, যি নতুন হেমস্পায়ত প্ৰতিষ্ঠিত আছিল, কেচিএচএম-টিভিৰ সহযোগত। ১৯৯৭ৰ পতনৰ পৰা আৰম্ভ কৰি শেষলৈকে দৰ্শনীখন কেচিএচ এম-টিভি চেন জ'চ আৰু ষ্টিৱাৰ্ট চিফেট প্ৰডাকচনে প্ৰযোজনা কৰে।
তথ্য সংগ্ৰহ
বহিঃ সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কম্পিউটাৰ ক্ৰনিকল্চ” প্ৰবন্ধৰ সংশোধন ৬১৩৪৩৪ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।