অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কনজুৱেল ভিজিট

কনজুৱেল ভিজিট (ফাৰ্চী:ملاقات خصوصی) হৈছে ২০২২ চনত নিৰ্মিত এখন ইৰানী ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। এই ছবিখন ওমিদ শ্বামছে পৰিচালনা কৰিছে আৰু ওমিদ শ্বামছ, বাহমান আৰ্ক তথা আলী ছাৰাহাঙ্গে যুটীয়াভাৱে ইয়াৰ কাহিনী লিখিছে।

হালনাগাদ: ১৭ জুন ২০২৬ ৩৭৭ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

কনজুৱেল ভিজিট (ফাৰ্চী ভাষা:ملاقات خصوصی) হৈছে ২০২২ চনত নিৰ্মিত এখন ইৰানী ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। এই ছবিখন ওমিদ শ্বামছে পৰিচালনা কৰিছে আৰু ওমিদ শ্বামছ, বাহমান আৰ্ক তথা আলী ছাৰাহাঙ্গে যুটীয়াভাৱে ইয়াৰ কাহিনী লিখিছে।১২ ছবিখনত পৰিনাজ ইজাদ্যাৰ আৰু হুতান শ্বাকীবাই ক্ৰমে পৰভানেহ আৰু ফাৰহাদৰ চৰিত্ৰত অভিনয় কৰিছে। ফাৰহাদ কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত তেওঁৰ ফোনৰ জৰিয়তে দুয়োৰে মাজত গোপন চিনাকি হয়। ফাৰহাদে কাৰাগাৰত তেওঁৰ সৈতে থকা পৰভানেহৰ দেউতাকক কেতিয়াবা নিজৰ জীয়েকৰ সৈতে কথা পাতিবলৈ ফোনটো ধাৰলৈ দিছিল আৰু ইয়াৰপৰাই তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে।

কনজুৱেল ভিজিট ছবিখনৰ প্ৰথম প্ৰদৰ্শনী ২০২২ চনৰ ১ ফেব্ৰুৱাৰীত ৪০ তম ফাজৰ চলচ্চিত্ৰ উৎসৱৰ প্ৰতিযোগিতা শাখাত হৈছিল আৰু ই দুটা মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল।৩৪৫ পিছলৈ ছবিখন ২০২২ চনৰ ২৯ ছেপ্টেম্বৰত চিনেমাগৃহত মুক্তি দিয়াৰ কথা আছিল যদিও ইৰাণত চলি থকা মাহছা আমিনীৰ প্ৰতিবাদৰ বাবে ইয়াৰ মুক্তি ২০২৩ চনৰ ৪ জানুৱাৰীলৈ পিছুৱাই দিয়া হয়।

মূলভাৱ

চলচ্চিত্ৰখনৰ কাহিনী পৰভানেহ নামৰ এজনী ছোৱালীক কেন্দ্ৰ কৰি গঢ়ি উঠিছে, যাৰ তেহৰানৰ উপকণ্ঠ অঞ্চলত এটা সুগন্ধিৰ দোকান আছে। পৰভানেহৰ দেউতাক চুৰিৰ অপৰাধত কাৰাগাৰত বন্দী হৈ আছে। ফাৰহাদ নামৰ এজন ডেকা শিক্ষক যি পৰভানেহৰ দেউতাকৰ কাৰাগাৰৰ সংগী আছিল তেওঁ দেউতাক ইৰাজৰ কিছুমান কাম কৰাৰ বাবে মাজে-মাজে পৰভানেহৰ সৈতে যোগাযোগ কৰিছিল। এদিন ফাৰহাদে পৰভানেহৰ প্ৰতি থকা তেওঁৰ প্ৰেম প্ৰকাশ কৰে আৰু তাইক কাৰাগাৰলৈ আহি তেওঁক লগ ধৰিবলৈ আমন্ত্ৰণ জনায়।

অভিনয় শিল্পী

  • পৰিনাজ ইজাদ্যাৰ — পৰভানেহ চৰিত্ৰত
  • হুতান শ্বাকীবা — ফাৰহাদ চৰিত্ৰত
  • ৰীমা ৰামীনফাৰ — ফৰীবা চৰিত্ৰত
  • ৰোয়া তেইমুৰিয়ান — পৰভানেহৰ মাকৰ চৰিত্ৰত
  • সিয়াভাশ চেৰাঘী পুৰ — ইৰাজ (পৰভানেহৰ দেউতাক) চৰিত্ৰত
  • নাদেৰ ফাল্লাহ
  • প্যাম আহমদিনিয়া
  • চিৰিন আঘাৰেজাকাশী
  • হুছেইন পাৰ্ছাঈ
  • জাভাদ ঘামাতি
  • ইমান শ্বামছ — ইমান (পৰভানেহৰ ভাতৃ) চৰিত্ৰত
  • আমিৰ হুছেইন বায়াত
  • আলীৰেজা জাৰেপাৰাষ্ট
  • মাছৌমেহ আহমদজাদেহ
  • ফাৰহাদ শ্বাহবাজী
  • হুছেইন শাফিঈ৬

মুক্তি

কনজুৱেল ভিজিট ছবিখন ২০২২ চনৰ ১ ফেব্ৰুৱাৰীত ৪০ তম ফাজৰ চলচ্চিত্ৰ উৎসৱৰ প্ৰতিযোগিতা শাখাত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল। য’ত প্যাম আহমদিনিয়াই শ্ৰেষ্ঠ সহ-অভিনেতাৰ ক্ৰিষ্টেল চিমৰ্গ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল আৰু ছবিখন শ্ৰেষ্ঠ প্ৰথম চলচ্চিত্ৰ বঁটাৰ বাবেও মনোনীত হৈছিল।৭৮

চলচ্চিত্ৰখন ২০২২ চনৰ ২৩ ছেপ্টেম্বৰলৈকে নিষিদ্ধ কৰা হৈছিল আৰু ২০২২ চনৰ ২৯ ছেপ্টেম্বৰত মুক্তি দিয়াৰ কথা আছিল; কিন্তু ইৰাণত চলি থকা মাহছা আমিনীৰ প্ৰতিবাদৰ বাবে ইয়াৰ মুক্তি ২০২৩ চনৰ ৪ জানুৱাৰীলৈ পিছুৱাই দিয়া হয়।৯ পৰিচালক ওমিদ শ্বামছে ইৰাণৰ সংবাদ সংস্থা 'ইৰ্না'ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কয় যে সেই সময়ত ছবিখন বহুলভাৱে মুক্তি দিয়াৰ তেওঁৰ কোনো ইচ্ছা নাছিল। তেওঁ লগতে কয় যে ছবিখনত কোনো ধৰণৰ চেন্সৰশ্বিপ চলোৱা হোৱা নাছিল আৰু ই প্ৰায় ফাজৰ চলচ্চিত্ৰ উৎসৱত প্ৰদৰ্শিত হোৱা সংস্কৰণটোৰ দৰেই আছিল।

তথ্যসূত্ৰ

  1. ↑ ফাজৰ উৎসৱত উপনীত হ’বলৈ হুতান শ্বাকীবা আৰু পৰিনাজ ইজাদ্যাৰৰ 'প্ৰাইভেট মিটিঙ'ৰ তৎপৰতা www.irna.ir/news/84563904/
  2. ↑ ফাজৰ চলচ্চিত্ৰ উৎসৱৰ পথত 'প্ৰাইভেট মিটিং' www.ilna.news
  3. ↑ ছবি: 'প্ৰাইভেট মিটিং'ত হুতান শ্বাকীবা আৰু পৰিনাজ ইজাদ্যাৰৰ বিষাদগ্ৰস্ত মুখমণ্ডল উন্মোচন www.khabaronline.ir/news/1578997/
  4. ↑ চলচ্চিত্ৰ 'প্ৰাইভেট মিটিং'ৰ কাম আৰম্ভ হৈছে sourehcinema.ir
  5. ↑ হুতান শ্বাকীবা আৰু পৰিনাজ ইজাদ্যাৰৰ সৈতে 'প্ৰাইভেট মিটিং' www.isna.ir/news/1400050905849/
  6. ↑ পৰিনাজ ইজাদ্যাৰ 'প্ৰাইভেট মিটিঙ'ত www.salamcinama.ir/news/70754/{{Dead link|date=June 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
  7. ↑ ফাজৰ চলচ্চিত্ৰ উৎসৱৰ পথত 'প্ৰাইভেট মিটিং' www.ilna.ir
  8. ↑ ৪০ তম ফাজৰ চলচ্চিত্ৰ উৎসৱৰ চূড়ান্ত মনোনীতসকলৰ নাম ঘোষণা কৰা হৈছে www.irna.ir/news/84646779/
  9. ↑ 'প্ৰাইভেট মিটিং' চিনেমাগৃহলৈ আহিছে cinemacinema.ir/news/

সম্পৰ্কিত শ্ৰেণী

২০২২ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কনজুৱেল ভিজিট” প্ৰবন্ধৰ সংশোধন ৬১২৬২৫ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।