কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
তীজ
তীজ (Teej) হৈছে ভাৰতৰ বহুতো প্ৰান্তত (মুখ্যতঃ উত্তৰ আৰু মধ্য ভাৰতত) আৰু নেপালত বিবাহিতা মহিলাসকলে উদযাপন কৰা হিন্দু উৎসৱ। তীজ শ্ৰাৱণ মাহৰ (জুলাই-আগষ্ট) তৃতীয় আৰু চতুৰ্থ দিন উদযাপন কৰা হয়। তীজ মহিলাসকলৰ বাবে দেৱী পাৰ্বতীৰ উপাসনা কৰাৰ দিন। মহিলাসকলে প্ৰায়ে তীজ উদযাপনত উপবাস কৰে।
-
দিলৱালে দুলহনিয়া লে জায়েংগে
দিলৱালে দুলহনিয়া লে জায়েংগে (DDLJ) হৈছে আদিত্য চোপ্ৰাৰ পৰিচালনাত ১৯৯৫ চনৰ ২০ অক্টোবৰত মুক্তি পোৱা এখন হিন্দী ছবি। প্ৰযোজক যশ চোপ্ৰা৷ এই ছবিখনত শ্বাহৰুখ খান আৰু কাজল মূল চৰিত্ৰত অভিনয় কৰিছে৷ দিলৱালে দুলহনিয়া লে জায়েংগে ভাৰতৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ছবি।
-
দুৱাৰ (চলচ্চিত্ৰ)
দুৱাৰ - The Voyage Out হৈছে ২০১৩ চনৰ ৪ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। সঞ্জীৱ নাৰায়ণ আৰু বিদ্যুৎ চক্ৰৱৰ্তীয়ে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে বিদ্যুৎ চক্ৰৱৰ্তীয়ে।
-
দৃশ্য কলা
দৃশ্য কলা হৈছে চিত্ৰাংকন, অংকন, প্ৰিণ্টমেকিং, ভাস্কৰ্য, মাটিৰ শিল্প, ফটোগ্ৰাফি, ভিডিঅ', প্ৰতিচ্ছবি, চিত্ৰনাট্য, আঁচনি, কাৰিকৰী আৰু স্থাপত্যৰ দৰে কলা শৈলীসমূহ। বহুতো শিল্প শাখা যেনে প্ৰদৰ্শনী কলা, ধাৰণাগত কলা, আৰু বস্ত্ৰ কলাত দৃশ্য কলাৰ উপাদান থাকে, লগতে আন শৈলীসমূহতো থাকে।
-
ন-খোৱা উৎসৱ
ন-খোৱা হৈছে অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ। আঘোণমাহত ধান কাটি মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খোৱা কাৰ্যকে ন-খোৱা বুলি কোৱা হয়। এই উৎসৱক কৃষিজীৱি লোকসকলৰ কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়।
-
নৰক চতুৰ্দশী
নৰক চতুৰ্দশী ( Naraka Chaturdashi), যাক কালি চৌদাস, নৰক চৌদাস, ৰূপ চৌদাস, ছোটি দীপাৱলী, নৰক নিবাৰণ চতুৰ্দশী আৰু ভুত চতুৰ্দশী নামেও জনা যায়, হিন্দু পঞ্জিকা মতে(অমন্ত পৰম্পৰা অনুসৰি) আহিন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী(১৪ তম দিন)ত আৰু (পূৰ্ণিমন্ত পৰম্পৰা অনুসৰি) কাতি মাহত পৰে।
-
পদ্মাৱত (২০১৮ চনৰ চলচ্চিত্ৰ)
পদ্মাৱত (হিন্দী: पद्मावत) সঞ্জয় লীলা ভণশালীৰ দ্বাৰা পৰিচালিত ২০১৮ চনত মুত্তি লাভ কৰা হিন্দী ভাষাৰ এখন ভাৰতীয় ঐতিহাসিক নাট্য ছবি। মালিক মহম্মদ জায়চীৰ একে নামৰ মহাকাব্যৰ আধাৰত নিৰ্মিত এই ছবিখনৰ মুখ্য চৰিত্ৰ, সৌন্দৰ্য্যৰ বাবে পৰিচিত সিংহলীত জন্মগ্ৰহণ কৰা ৰাজপুত ৰাণী তথা মহাৰাৱল ৰতন সিংহৰ পত্নী…
-
পানী (২০১৪ চলচ্চিত্ৰ)
পানী ( Pani) হৈছে ২০১৪ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। যদুমণি দত্তই পৰিচালনা কৰা বোলছবিখনৰ প্ৰযোজনা যুটীয়াভাৱে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু জে পি ফিল্ম্ছৰ বেনাৰত যদুমণি দত্তৰ।
-
পোছাক
পোছাক (Poshak; पोशाक), যাক বস্ত্ৰ বুলিও কোৱা হয় হৈছে বৈদিক যুগত ব্যৱহৃত সম্পূৰ্ণ সাজ-পোছাকৰ বাবে ব্যৱহৃত হিন্দী শব্দ। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত সংস্কৃত সাহিত্য আৰু বৌদ্ধ পালি সাহিত্যত উল্লেখ কৰা অনুসৰি খ্ৰীষ্টপূৰ্ব ১৫০০ৰ পৰা খ্ৰীষ্টপূৰ্ব ৩৫০ চনলৈকে বৈদিক আৰু উত্তৰ-বৈদিক যুগৰ অন্তৰ্গত সাজ-পোছাকত…
-
প্ৰণৱ বৰুৱা শিল্পী বঁটা
প্ৰণৱ বৰুৱা শিল্পী বঁটা চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত গুৰুত্ব্পূৰ্ণ বৰঙণিৰ বাবে ব্যক্তিবিশেষক প্ৰদান কৰা এটা বঁটা। প্ৰয়াত যশস্বী শিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰতিবছৰে তেওঁৰ জন্মদিন ২২ ফেব্ৰুৱাৰীত এই বঁটাৰ প্ৰদান কৰা হয়।
-
প্ৰেটৱা
প্ৰেটৱা ভাৰতৰ বিহাৰৰ দুজনীয়া বিমূৰ্ত কৌশলগত খেল, আৰু ইয়াৰ বৰ্ণনা এইচ.জে.আৰ. মাৰে ইন এ হিষ্ট্ৰী অৱ ব'ৰ্ড-গেমছ অদাৰ দেন চেছ (১৯৫২)ত কৰিছিল। খেলখনৰ ফলকখন তিনিটা সমকেন্দ্ৰিক বৃত্তৰদ্বাৰা গঠিত আৰু তিনিটা ব্যাসৰদ্বাৰা ভাগ কৰা হয়।
-
ফেশ্বন (চলচ্চিত্ৰ)
ফেশ্বন (Fashion) হ'ল মধুৰ ভাণ্ডাৰকাৰৰ দ্বাৰা নিৰ্দেশিত, সহ-প্ৰযোজিত, সহ-ৰচিত ২০০৮ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চলচ্চিত্ৰ। ইয়াত প্ৰিয়ংকা চোপ্ৰা, কংগণা ৰাণাৱট, নৱাগতা মুগ্ধা গডছে, অৰ্জন বজৱা আদিয়ে অভিনয় কৰিছে। ছবিখনে মূল নায়িকা প্ৰিয়ংকা চোপ্ৰাৰ চকুৰে ফেশ্বন বিশ্বৰ এক অন্ধকাৰ দিশৰ ছবি দাঙি ধৰে।
-
বঙ্কিম পুৰস্কাৰ
বঙ্কিম পুৰস্কাৰ বা বঙ্কিম স্মাৰক পুৰস্কাৰ হ'ল পশ্চিমবঙ্গ চৰকাৰে বাংলা কথাসাহিত্যলৈ আগ বঢে়াৱা অৱদানৰ বাবে প্ৰদান কৰা সৰ্বোচ্চ পুৰস্কাৰ। ১৯৭৫ চনত বিখ্যাত বাঙালী সাহিত্যিক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ স্মৃতিত এই বঁটাটো প্ৰতিষ্ঠা কৰা হৈছিল।
-
বদন বৰফুকন (চলচ্চিত্ৰ)
বদন বৰফুকন (Badan Borphukan) পঞ্চম অসমীয়া বোলছবি। কমল নাৰায়ণ চৌধুৰী প্ৰমুখ্যে গুৱাহাটীৰ কেইগৰাকীমান লোকৰ প্ৰচেষ্টাত ‘ইষ্টাৰ্ণ মুভিজ লিমিটেড’ নামৰ এটা কোম্পানী খুলি ছবিখন নিৰ্মাণ কৰা হৈছিল। ১৯৪৭ চনৰ ১৫ এপ্ৰিলত মুক্তি পোৱা এই ছবিখনৰ পৰিচালনা আৰু সঙ্গীত আছিল কমল নাৰায়ণ চৌধুৰীৰ।
-
বনছাই
বনছাই (Bonsai) গছ টাবত লগাই নান্দনিকভাৱে বৃদ্ধি হ’বলৈ দিয়া এক জাপানী কলা। এই কলাত গছজোপা অতি সৰু পাত্ৰত বৃদ্ধি হ’বলৈ দিয়া হয় আৰু সময়ে সময়ে ডাল আৰু শিপা কাটি থকা হয়। বনছাসমূহ অতি সুন্দৰভাৱে বিভিন্ন আকাৰ আৰু আকৃতিত বৃদ্ধি হ’বলৈ দিয়া হয়।
-
বাৰমাহী গীত
বাৰমাহী গীত হৈছে এবিধ মালিতা। ই বৰ্ণনামূলক গীত। মালিতাৰ অন্য নাম বেলাড। 'ফুলমতী কন্যাৰ শান্তি বাৰমাহী গীত','শান্তি বাৰমাহী','মধুমতী গীত' আদি হৈছে কিছুমান বাৰমাহী গীতৰ উদাহৰণ।
-
বাৰেচহৰীয়া ভাওনা মহোৎসৱ
বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। 'বাৰে' মানে অনেক আৰু 'চহৰীয়া' মানে ৰাইজ। গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুষ্ঠিত হৈ আহিছে।
-
বিভাগ (সংগীত)
বিভাগ হৈছে ভাৰতীয় ধ্ৰুপদী সংগীতত নিৰ্দিষ্টসংখ্যক বিটৰে গঠিত ছন্দময় বাক্যাংশৰ এক সময়কাল। ই পশ্চিমীয়া সংগীতৰবাৰৰ সমতুল্য, কিন্তু তালৰ (ছন্দময় চক্ৰ - যেনে ১২ বাৰ ব্লুজ) সদায় সমান উপবিভাগ হোৱাৰ পৰিৱৰ্তে, ই অসমান হ’ব পাৰে। ভাৰতীয় সংগীতৰ কিছুমান পৰম্পৰাত, যিকোনোসংখ্যক বিটৰে এটা বিভাগ গঠন হ’ব পাৰে।
-
বুলবুলি চৰাইৰ যুঁজ
বুলবুলি চৰাইৰ যুঁজ অসমৰ হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়ত অনুষ্ঠিত হোৱা এক ঐতিহ্যবাহী খেল। দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱেই জয়লাভ কৰে।
-
বৈচাগু
বৈচাগু (बैसागु; Bwisagu) অসমৰ বড়ো জনগোষ্ঠীৰ এটা জনপ্ৰিয় ঋতুকালীন উৎসৱ। বৈচাগু মানে হ’ল নৱবৰ্ষৰ আৰম্ভণি। ইয়াৰে ‘বৈচা’ শব্দই নতুন বছৰ আৰু ‘আগে’ বা ‘আগু’ শব্দই আৰম্ভণি বুজায়। এই উৎসৱ চ’ত মাহৰ শেষৰ দিনাৰ পৰা বহাগ মাহৰ ষষ্ঠদিনালৈ (এপ্ৰিল মাহৰ মাজভাগত) সাতদিন জুৰি চলে।
-
বৰনদী ভটিয়ায়
বৰনদী ভটিয়ায় (Bornodi Bhotiai) হৈছে ২০১৯ চনৰ ৩ মে' তাৰিখে মুক্তি লাভ কৰা এখন সামাজিক বিদ্ৰুপাত্মক অসমীয়া চলচ্চিত্ৰ। মাজুলীৰ পটভূমিত নিৰ্মিত ছবিখন ভাৱৰীয়া টি পজিটিভ প্ৰডাকশ্যনৰ বেনাৰত অনুপম কৌশিক বৰাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত।
-
ভাইমন দা (চলচ্চিত্ৰ)
ভাইমন দা (Bhaimon Da) হৈছে শশাংক সমীৰ পৰিচালিত, ২০২৫ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ এখন জীৱনীমূলক নাট্য চলচ্চিত্ৰ। ছবিখনত বন্দীপ শৰ্মা, যশশ্ৰী ভূঞা, নিৰুপম শইকীয়া, নিলিম দত্ত আৰু অৰ্ঘদীপ বৰুৱাকে ধৰি ভালেসংখ্যক অভিনয়-শিল্পীয়ে অভিনয় কৰিছে।
-
ভাগ্যদেৱী থিয়েটাৰ
ভাগ্যদেৱী থিয়েটাৰ অসমৰ এটি প্ৰসিদ্ধ ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী, যি ১৯৬৭ চনৰ পৰা ২০২৪ চনলৈকে ৫৭ বছৰ ধৰি অসমৰ নাট্য জগতত অৰিহণা যোগাই আহিছিল। প্ৰয়াত শৰৎ মজুমদাৰে প্ৰতিষ্ঠা কৰা থিয়েটাৰ ভাগ্যদেৱী অসমৰ কেইবাজনো বিখ্যাত অভিনেতাৰ বাবে এক আৰম্ভণি আছিল।
-
ভাৰতীয় চলচ্চিত্ৰৰ অভিনেতাসকল
এইটো উল্লেখযোগ্য ভাৰতীয় চলচ্চিত্ৰ পুৰষ অভিনেতাসকলৰ এখন তালিকা।
-
ভাৱাইয়া
ভাৱাইয়া (ইংৰাজী: Bhawaiya) উত্তৰ বংগ বিশেষকৈ বাংলাদেশৰ ৰংপুৰ সংমণ্ডল, ভাৰতৰ পশ্চিম বংগৰ কোচ বেহাৰ জিলা আৰু অসমৰ অবিভক্ত গোৱালপাৰা জিলাত উৎপত্তি আৰু প্ৰচলিত হোৱা এক প্ৰকাৰৰ সংগীতৰ ৰূপ বা জনপ্ৰিয় লোক-সংগীত।
-
ভুৱন সোম
ভুৱন সোম ( Bhuvan Shome ) ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত হিন্দী ভাষাৰ এখন ড্ৰামা চলচ্চিত্ৰ। পৰিচালক মৃণাল সেন। মূল ভূমিকাত অভিনয় কৰিছে উৎপল দত্ত আৰু সুহাসিনী মুলেই। বনফুল ছদ্মনামেৰে জনাজাত বলাই চান্দ মুখোপাধ্যায় ৰচিত বঙালী চুটিগল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। এইখন সুহাসিনী মুলেৰ প্ৰথম ছবি।
-
ভোৰতাল নৃত্য
ভোৰতাল নৃত্য বৰপেটা সত্ৰৰ সৈতে সম্পৰ্ক যুক্ত ই এবিধ প্ৰখ্যাত নৃত্য। বিখ্যাত সত্ৰীয়া নৃত্যশিল্পী নৰহৰি বুঢ়া ভকতে এই পদ নৃত্যৰ বিকাশত যত্ন কৰি সফল হয়। এই নৃত্যই সত্ৰৰ চাৰিবেৰৰ ভিতৰতে আৱদ্ধ হৈ নাথাকি ভাৰত ভূমিৰ বিভিন্ন মঞ্চত প্ৰদৰ্শিত হৈ কলা ৰসিকসকলৰ পৰা প্ৰশংসা বুটলিবলৈ সমৰ্থ হোৱাটো উল্লেখ…
-
ভৱাই
ভৱাই (Bhavai) হ’ল পশ্চিম ভাৰতৰ গুজৰাটৰ এবিধ জনপ্ৰিয় লোকনাট্য। ইয়াক বেশ বা স্বং নামেৰেও জনা যায়।
-
মঞ্চৰূপা থিয়েটাৰ
মঞ্চৰূপা থিয়েটাৰ ১৯৬৯ চনত প্ৰতিষ্ঠা হোৱা এটা ভ্ৰাম্যমাণ থিয়েটাৰ-ৰ দল। নটৰাজ থিয়েটাৰ প্ৰতিষ্ঠাৰ ছয় বছৰ পিছত পাঠশালা নগৰত এই নাট্যদলটি গঠিত হয়। পাঠশালাৰ নিকটৱৰ্তী মুগুৰীয়া গাঁৱত শ্ৰীহেমকান্ত তালুকদাৰৰ নেতৃত্বত এই থিয়েটাৰ দলটোৰ প্ৰতিষ্ঠা হয় মঞ্চৰূপা থিয়েটাৰেই প্ৰথমে 'টু ডাইমেনছনেল মঞ্চ' বা…
-
মনালিছা
মনালিছা (Monalisa) ষষ্ঠদশ শতিকাৰ বিখ্যাত চিত্ৰশিল্পী ইটালীৰ লিঅ'নাৰ্ডো ডা-ভিন্সিয়ে (Leonardo da Vinci, ১৪৫২-১৫১৯) অংকন কৰা এখন প্ৰসিদ্ধ শিল্পকৃতি, নাম 'মনালিছা'। লিঅনাৰ্ডোৱে ১৫০৩ চনৰ পৰা ১৫০৭ চনৰ ভিতৰত এই ছবিখন সম্পূৰ্ণ কৰিছিল। ছবিখনৰ দৈৰ্ঘ্য ৭৭ চেণ্টিমিটাৰ আৰু প্ৰস্থ ৫৩ চেণ্টিমিটাৰ।