বনছাই (Bonsai)১ গছ টাবত লগাই নান্দনিকভাৱে বৃদ্ধি হ’বলৈ দিয়া এক জাপানী কলা।২ এই কলাত গছজোপা অতি সৰু পাত্ৰত বৃদ্ধি হ’বলৈ দিয়া হয় আৰু সময়ে সময়ে ডাল আৰু শিপা কাটি থকা হয়। বনছাসমূহ অতি সুন্দৰভাৱে বিভিন্ন আকাৰ আৰু আকৃতিত বৃদ্ধি হ’বলৈ দিয়া হয়। সৰ্বকৃষ্ট বনছাই আকৃতিৰ পৰা প্ৰাকৃতিক গছৰ দৰেই দেখে, কিন্তু উচ্চতা অতি কম। বহুতে ইয়াক বাওঁনা গছ শিল্প বুলিও কয়।
বনছাই এটি জাপানী শব্দ। ইয়াৰ অৰ্থ হ’ল সৰু পাত্ৰত থকা গছ। ই জাপানৰ অন্যতম পুৰণি শিল্প। বনছাইৰ উৎপত্তি ইয়াতকৈ পুৰণি চীনা শিল্প পেনজিংৰ পৰা হৈছে। পেনজিং টাব বা পাত্ৰত গছ বৃদ্ধি হ’বলৈ দিয়া এক চীনা কলা। আন আন দেশতো বনছাই আৰু পেনজিংৰ দৰে শিল্প দেখিবলৈ পোৱা যায়।
নান্দনিক আকাৰ আকৃতি আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে মানুহে বনছাই ভাল পায়। তদুপৰি বনছাইক ৰক্ষণাবেক্ষণ দিয়া আৰু যত্ন লোৱা কাম যথেষ্ট আমোদজনক। বনছাই প্ৰস্তুত কৰিবলৈ বহুত বছৰ লাগে। আৰু ভালকৈ যত্ন ল’লে ই বহু বছৰ জীয়াই থাকে। কিছুমান ঠাইত বনছাই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্ময়ে উত্তৰাধিকাৰ হিচাপে পায়।
এটি সৰু পুলিৰ পৰা বনছাই আৰম্ভ কৰা হয়। এই পুলি যি কোনো উৎসৰ পৰা সংগ্ৰহ কৰিব পাৰি।
বনছাই প্ৰস্তুত কৰিবলৈ প্ৰথমে পুলিটো মাটিৰ পৰা আনি শিপাসমূহ পৰিষ্কাৰ কৰা হয়। তাৰ পিছত ইয়াৰ শিপা আৰু ডালসমূহ প্ৰয়োজন মতে কাটি লোৱা লোৱা হয়। গছ জোপা পাত্ৰত থব পৰাকৈ শিপসমূহ কাটি পাত্ৰটো মাটিৰে ঢাকি দিয়া হয়। সেইদৰে গছ জোপা সৰু দেখাবলৈ ডাল সমূহ অলপ কাটি দিয়া হয়। তাৰ পিছত গছ জোপা ঘৰৰ ভিতৰত বা বাহিৰত বাঢ়িবলৈ দিয়া হয়। পাত্ৰটো পৰা পক্ষত সৰু হোৱা ভাল। মাজে মাজে পানী দিয়া আৰু আৰু আন আন পৰিচৰ্য্যাৰ লগতে অদৰকাৰী ডাল পাত কাটি থকা হয়। গছ জোপা বাঢ়ি থাকোঁতে নিজৰ ইচ্ছা অনুযায়ী ভিন ভিন আকাৰ আকৃতি দিব পাৰি। কেইবাবছৰৰ মূৰে মূৰে পাত্ৰটো সলনি কৰিব পাৰি।
সাধাৰণতে সৰু পাতৰ গছ বোৰেৰে বনছাই ভাল হয়। পাত বোৰ বেছি ডাঙৰ হ’লে বনছাইক সৰু যেন নেদেখাব। এটি ভাল বনছাইৰ পুৰণি যেন দেখা বাকলি আৰু শিপা থাকে।

আকাৰ
বনছাই কলাত সৌন্দৰ্যবোধ, ধৈৰ্য আৰু যত্নৰ অতি প্ৰয়োজন। গছ জোপা, গছ জোপাৰ আকাৰ, মাটিৰ সজ্জা আৰু পাত্ৰৰ এই আটাইবোৰ অতি গুৰুত্বপূৰ্ণ।
প্ৰতিটো বনছাইৰ এক সুকীয়া আকাৰ থাকে। গা গছৰ দিশ আৰু ডাল পাতৰ আকাৰে ইয়াক মূল আকাৰ দিয়ে। কেইটামান অতি সাধাৰণ তথাজনপ্ৰিয় শৈলী হ’ল:
উলম্ব শৈলী (Upright-style)
উলম্ব শৈলীত গা গছ উলম্ব। গা গছৰ গুৰিৰ ফালে ডাল বোৰ ডাঙৰ আৰু ক্ৰমে শীৰ্ষৰ ফালে চুটি হৈ আহে।৩
অনানুষ্ঠানিক শৈলী (Informal-style)
এই শৈলীত গা গছ ডাল ভাঁজ লগা বা সৰ্পিল আকৃতিৰ। গা গছৰ গুৰিৰ ফালে ডাল বোৰ ডাঙৰ আৰু ক্ৰমে শীৰ্ষৰ ফালে চুটি হৈ আহে।৪
হেলনীয়া শৈলী (Stanting Style)
এই শৈলীত গা-গছ জোপা উলম্ব নহয়। ই সাধাৰণতে এক নিৰ্দিষ্ট কোণত বাঁওফালে বা সোঁফালে হেলনীয়া।৫
জলপ্ৰপাত শৈলী (Cascade-style
জলপ্ৰপাত শৈলীৰ বনছাই দেখিবলৈ পাহাৰৰ পৰা পৰি থকা জলপ্ৰপাতৰ দৰে দেখি। এই শৈলীত গা গছ বৰ বেছি কৈ হেলনীয়া আৰু ডাল পাত বোৰ প্ৰায়ে পাত্ৰটোৰ তললৈ পৰি থাকে।৬
জোপোহা শৈলী (Broom-style)
জোপোহা শৈলীৰ গছজোপা জোপোহা, দেখিবলৈ ঝাড়ুৰ নিচিনা। ইয়াৰ তলৰ সকলো ডাল কাটি কেৱল এক তৃতীয়াংশ ভাগত ডাল পাত হ’বলৈ দিয়া হয়। ই ঘাইকৈ উলম্ব আৰু থিয়।৭
অৰণ্য শৈলী (Forest-style)
অৰণ্য শৈলী বা "একত্ৰিত পদ্ধতি" একেলগে কেইবাটাও গছ একে পাত্ৰ বা চেপেটা শিলত ৰোৱা হয়। দেখিবলৈ একে সৰু অৰণ্যৰ দৰে লগা বাবে ইয়াক অৰণ্য শৈলী বোলে।৮
অন্যান্য শৈলী
ইয়াৰ উপৰি আন আন বহুতো শৈলীৰ জাপানী বনছাই দেখা যায়। তদুপৰি বনছাই প্ৰস্তুত কৰ্তাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ ৰূপ বিভিন্ন হ’ব পাৰে। বনছাইৰ বিক্ৰী বা প্ৰদৰ্শনৰ সময়ত ইয়াৰ আকাৰৰ এক বিৱৰণ আগত দাঙি ধৰা হয়।
বহিঃসংযোগ
- "Viewing Stones" at National Bonsai Foundation
- All you need to know about Bonsai History,styles,pictures gallery
তথ্যসূত্ৰ
- ↑ Gustafson, Herbert L. (1995). Miniature Bonsai. Sterling Publishing Company, Inc. পৃ. 9. ISBN 0-8069-0982-X
- ↑ "Timeless Trees" at US National Arboretum; retrieved 2012-12-20
- ↑ Zane, Upright-syle Cypress L. (2003). "Formal Upright Style Bonsai," Intermediate Bonsai; retrieved 2012-12-20
- ↑ Zane, "Informal Upright Style Bonsai"; retrieved 2012-12-20
- ↑ Zane, "Stanting Style Bonsai"; retrieved 2012-12-20
- ↑ Zane, "Semi-Cascade Style Bonsai"; "Cascade Style Bonsai"; retrieved 2012-12-20
- ↑ Zane, "Broom Style Bonsai"; retrieved 2012-12-20
- ↑ Zane, "Forest Style Bonsai"; retrieved 2012-12-20
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনছাই” প্ৰবন্ধৰ সংশোধন ৬৩২৬২৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।